শেহতীয়া লেখা

আন্তৰ্জাতিক #নাৰী দিৱসৰ পেক্ষাপটত বৰ্তমান নাৰী

 আন্তৰ্জাতিক নাৰী দিৱসৰ পেক্ষাপটত বৰ্তমান নাৰী

-----------

8 মাৰ্চ 1857 চনত নিউয়ৰ্ক চহৰত বস্ত্ৰ কাৰখানাত জড়িত শ শ নাৰী শ্ৰমিকে তেওঁলোকৰ কৰ্মস্থানৰ অমানৱীয় পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল , কামৰ সময়সীমা কমাবলৈ আৰু উপযুক্ত মজুৰিৰ দাবীত 8 মাৰ্চ 1968 চন নিউয়ৰ্ক চহৰত পোন্ধৰ হাজাৰ নাৰীয়ে প্ৰতিবাদী সমদল উলিয়ায় কাম ,ভোটৰ অধিকাৰ আৰু শিশু শ্ৰম বন্ধৰ দাবীত ।

1911 চনৰ 25 মাৰ্চত নিউয়ৰ্কত জুই লাগি এশ চল্লিশ গৰাকী নাৰী শ্ৰমিকৰ মৃত্যু ঘটে।এই ঘটনাৰ পিছত আমেৰিকাত প্ৰবল শ্ৰমিক আন্দোলন আৰম্ভ হয় । 8 মাৰ্চ 1913-14 চনত ইউৰোপ আমেৰিকাত এই দিনটোতেই পালিত হ'বলৈ ধৰে আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ।

এইদৰে ত্যাগ , সংঘাত আৰু প্ৰতিবাদৰ ফলত 1974 চনত 8 মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ঘোষণা কৰিছিল ৰাষ্ট্ৰসংঘই । ভাৰতবৰ্ষতো সংবিধানত নাৰীৰ সপক্ষে বহুতো আইন সন্নিবিষ্ট হ'ল , কিন্তু কাৰ্যকৰী হোৱা দেখা নগল বৰ্তমানলৈকে । আজিও নাৰী নিৰ্যাতন চলিয়ে আছে । নিৰ্যাতন কম হোৱাতকৈ দিনে দিনে বাঢ়িহে গৈ আছে । কোৱা হয় নাৰী অৰ্ধ আকাশ, বাস্তৱক্ষেত্ৰত নাৰীৰ স্থান অতি নিম্ন ।

ৰাতিপুৱাতে খবৰ কাগজ আৰু নিউজ চেনেলৰ হেডলাইন - নাৰী ধৰ্ষণ , যৌতুকৰ বাবে নিৰ্যাতন বা হত্যা  , ভ্ৰুণ হত্যা , কিন্তু এইবোৰ কেতিয়াও পুৰুষৰ লগত নহয় । আমি কেতিয়াও নুশুনো পুৰুষক যৌতুকৰ বাবে হত্যা , ধৰ্ষণ বা বেয়া ব্যৱহাৰৰ বাবে হত্যা আদি নহয় কাৰণ পুৰুষ যিমানে দোষী নাথাকক কিয় , পুৰুষতান্ত্ৰিক সমাজত পুৰুষ দোষমুক্ত । নাৰীক প্ৰতিটো ঘটনাৰ বাবে দোষাৰোপ কৰা হয় । নাৰী ধৰ্ষণৰ কথা কলে পোছাকৰ কথা কোৱা হয় । পোছাক কিছু পৰিমানে জগৰীয়া যদিও সেয়া ধৰ্ষণৰ কাৰণ নহয় । যদি পোচাক পৰিধানৰ বাবে হ'লহেঁতেন ,তেন্তে কুমলীয়া শিশু ,যাৰ শৰীৰ ভালকৈ গঠন প্ৰক্ৰিয়াই সম্পূৰ্ণ হোৱা নাই , সেই শিশুবোৰক বলাৎকাৰ কৰি হত্যা কৰা ঘটনা সমাজত কম নহয় । তেনেদৰে ভাল পোচাক পৰিহিতা মাতৃসম মহিলাক বলাৎকাৰ কৰি পেলাই থোৱা ঘটনাও কম নহয় । এনেকি কেইবছৰমান আগতে হাৰিয়ানাত সন্তান জন্ম হোৱাৰ পিছত মাতৃক ৰিক'ভাৰীৰ কাৰণে আই চি ইউত থোৱা হয় ,তাতে সেই মাতৃগৰাকী বলাৎকাৰৰ বলি হব লগা হয় ।কি পাষণ্ডতা ? সেয়েহ কও পুৰুষৰ মানসিকতা , পুৰুষৰ মনৰ মাজত পুঁহি ৰখা হিংস্ৰ জন্তুটোহে ধৰ্ষণৰ প্ৰধান কাৰণ । অৱশ্য মই চুটি পোচাক পৰিধান কৰি আধুনিকতাত লীন গৈ নাৰী স্বাধীনতা অনা বুলি কোৱা সকলোৰ লগতো একমত নহয় ।স্বল্প বস্ত্ৰৰ প্ৰৱনতা আধুনিকতা নহয় , আদিম যুগৰ ফালেহে গতি কৰাৰ নিদৰ্শন বুলি কলেও ভুল নহ’ব ।হিজাব পিন্ধিও আধুনিক হ’ব পাৰি ৷ আচলতে পোছাক পৰিধানকাৰীৰ পোচাকযোৰে নুবুজায় তেওঁ কিমান প্ৰগতিশীল ।

সংবিধানৰ ২১ (৩) নং অনুচ্ছেদত ধৰ্ষণ বিৰোধী আইন সন্নিবিষ্ট আছে যদিও আইনে জানো ঢুকি পাইছে অপৰাধীক ?

যাৰ বাবে পুৰুষৰ অপৰাধ প্ৰৱনতা বাঢ়ি গৈছে । পুৰুষৰ অপৰাধ প্ৰৱণতাৰ বাবে সমাজখনৰ লগতে অভিভাৱক সকলো দায়ী ।কাৰণ সন্তানক সৰুৰে পৰা এনে মানসিকতা গঢ় দি তোলা উচিত যি মানসিকতাই মানৱতাৰ কাম কৰে , মানৱ কল্যানৰ হকে চিন্তা কৰে , কিন্তু দেখা যায় সন্তানৰ প্ৰতি পিতৃ মাতৃৰ অন্ধ অপত্য স্নেহ ৷ এনে বহুতো অভিভাৱক আছে নিজৰ সন্তানৰ দোষ লুকাই ৰাখে , উপযুক্ত শাস্তি নিদিয়ে ৷ মাতৃ মমতাময়ী , কিন্তু এনে মমতাৰ কি লাভ যি মমতাই অন্যায়ৰ ৰাস্তাত চলাত সন্তানক উৎসাহিত কৰে ৷ ঘৰখন সৰ্বশ্ৰেষ্ঠ বিদ্যালয় আৰু মাতৃ হৈছে সৰ্বশ্ৰেষ্ঠ শিক্ষক ৷ তেনেদৰে ঘৰখন শিশুৰ উৎকৃষ্ঠ ন্যায়ালয়,য’ত মাতৃ প্ৰধান ন্যায়াধীশ৷

নাৰী নিৰ্যাতনৰ আন এক কাৰণ হ’ল যৌতুক ৷ যৌতুকৰ বাবে সমাজত চলি আছে নাৰী নিৰ্যাতন৷ যৌতুকৰ বাবে নিৰ্যাতনৰ লগতে হত্যা কৰিবলৈও কুন্ঠবোধ নকৰে সমাজৰ কাপুৰুষ সকলে ৷ অত্যাচাৰ সহিব নোৱাৰি বহু নাৰীয়ে আত্মহত্যা কৰাও দেখা যায় ৷ লজ্জাবোধহীন ল’ৰাবোৰে যৌতুক খুজিলেও অভিভাৱকে অনুধাৱন নকৰে নিজৰ যোগ্যহীনতাৰ কথা৷ যৌতুক লোৱাটো আত্মসন্মান হানি হোৱা বুলি নাভাবি আত্মগৌৰৱ বুলিহে ভাবে৷ সেয়েহে সমাজত যৌতুকৰ ভয়াবহতা দিনে দিনে বাঢ়ি গৈছে ৷ ইয়াৰ বাবে ছোৱালীৰ অভিভাৱক সকলো কিছু পৰিমানে দায়ী ৷ হয়তো তেওঁলোকে ছোৱালীক আত্মসন্মান বা আত্মগৌৰৱ বুলি নাভাৱে৷ যিদৰে এজন ল’ৰাক পঢ়াই-লিখাই আত্মনিৰ্ভৰশীল হোৱাৰ পিছতহে বিয়াৰ কথা ভাবে, তেনেদৰে এজনী ছোৱালীৰ ক্ষেত্ৰত কেতিয়াও নাভাৱে৷ লগতে যৌতুক দি নিজৰ ছোৱালীক হীন বুলি প্ৰতিপন্ন কৰে৷

কিছুমান অভিভাৱকে অৱশ্যে বাধ্যত পৰিহে দিয়ে৷ বহুক্ষেত্ৰত দেখা যায় বিয়াৰ আগত মুখা পিন্ধা দৰাঘৰে বিয়াৰ পিছতহে আচল ৰূপ দেখুৱায়৷ আৰম্ভ হয় যৌতুকৰ দাবী আৰু নিৰ্জাতন৷ জীয়েকৰ মমতাত দাবীবোৰ মানি এসময়ত অভিভাৱক কঙাল হৈ পৰে৷ যদিও ছোৱালীজনীক ঘুৰাই অনাৰ কথা নাভাৱে, কাৰণ বিবাহিত কন্যান ঘূৰাই আনিলে সমাজে ছোৱালীকহে দোষাৰোপ কৰে আৰু ভাল ভাৱে গ্ৰহণ নকৰে৷ সমাজৰ এনে মানসিকতা ক’ত এনে মানসিকতা কাৰ যিয়ে বিনা স্বাৰ্থত তেনে ছোৱালীক জীৱন লগৰী কৰি লোৱাৰ? ওলোটা এনে ছোৱালী কোনোবাই বিয়া কৰিবলৈ আগবাঢ়িলেও যৌতুকৰ দাবী দুগুণহে বাঢ়ে৷

আচলতে আমাৰ সমাজত যৌতুক প্ৰথা, নাৰী নিৰ্যাতন, যৌন আতিশয্যক অন্যায় বুলিয়েই নাভাৱে, কাৰণ এইবোৰ প্ৰতি ঘৰে ঘৰে নিতৌ ঘটা ঘটনা৷ তাৰোপৰিও দেখা যায় পুৰুষে বিয়াৰ পিছত নাৰীক বজাৰৰ পৰা কিনি অনা নিজৰ দাসী বুলিয়ে ভাৱে,তাক যেনেকৈ ইচ্ছা তেনেকৈয়ে ব্যৱহাৰ কৰিব বিচাৰে৷ নাৰীয়েও সেইবোৰ সহ্য কৰি কৰি নিজৰ অস্তিত্ব পাহৰি যায়৷ যাৰ বাবেই নাৰী নিৰ্যাতনৰ ঘটনাই চৰম সীমা পায়৷

 নাৰী নিৰ্যাতনৰ বিৰুদ্ধে বহুত আইন আছে কিন্তু কাৰ্যকাৰিতা নাই৷ কাৰণ দেখা যায় দুষ্ট প্ৰকৃতিৰ মানুহৰ লগতহে আইনৰ লগত জড়িত মানুহৰ উঠা বহা , তদুপৰি এটা কেছৰ বাবে বছৰ পৰ বছৰ ন্যায়ালয়ত ঘূৰিব লাগে, পানীৰ দৰে টকা খৰচ কৰিব লাগে৷ নাৰী যিহেতু আৰ্থিকভাৱে পঙ্গু গতিকে ন্যায়ৰ কথা ভৱাতকৈ আত্মহত্যা কৰাই উচিত হ’ব বুলি ভাৱে৷ অতীতৰে পৰা নাৰীয়ে স্বামীৰ ইনকাম থকা স্বত্বেও আত্মনিৰ্ভৰশীল হোৱাটো লাজৰ কথা ভাৱে বা ভাৱিবলৈ বাধ্য কৰাইছে সমাজে৷ কিছুমানে আত্মনিৰ্ভৰশীল হ’ব বিচাৰিলেও বাধাৰ প্ৰাচিৰ গঢ়ি দিয়া হয় ৷ যাৰ বাবে আত্মনিৰ্ভৰ হোৱাৰ কথা নাভাৱে৷ অৱশ্যে বৰ্তমান বহু নাৰীয়ে আত্মনিৰ্ভৰশিলতাৰ দিশে আগবাঢ়িছে৷ তেওলোকে বুজি উঠিছে যে আত্মনিৰ্ভৰশীল হোৱাটো লাজৰ কথা নহয়,পৰনিৰ্ভৰশীল হৈ থকাটোহে লাজৰ কথা৷ নাৰী সদায় এজোপা বৃক্ষ হ’বলৈ চেষ্টা কৰিব লাগে ৷ লতা হৈ পৰনিৰ্ভৰশীল হৈ থকাৰ দিন উকলিল৷ নাৰী যোগ্যতা আছে, শক্তি আছে৷ নাৰীয়ে ইচ্ছা কৰিলে সকলো কামকে কৰিব পাৰে৷

অকল ভাৰততে নহয় সমগ্ৰ বিশ্বতে লিংগ বৈষম্যৰ বাবে চলি আহিছে ভ্ৰুণ হত্যা৷ অতীতত নানা কুসংস্কাৰ যেনে কন্যা সন্তান হ’লে জীৱন্তে গাখীৰত ডুবাই, পানীত উঠুৱাই দি নাইবা মাটিৰ তলত পুতি হত্যা কৰি ঈশ্বৰৰ সন্তান ঈশ্বৰক ঘূৰাই দি পুত্ৰ সন্তান বিচৰা এটা পৰম্পৰা আছিল৷ ইয়াৰ একমাত্ৰ কাৰণ হ’ল পুত্ৰ সন্তানক অগ্ৰাধিকাৰ দিয়া৷

বৰ্তমান আকৌ বিজ্ঞানৰ সম্প্ৰসাৰণে বাঢ়ি গৈছে ভ্ৰণ হত্যা৷ ভ্ৰুণ হত্যা আইনগত ভৱে নিষিদ্ধ যদিও গোপনে আজিও চলি আছে এই কাম৷ কিছুমান ডক্টৰ আৰু নাৰ্চৰ বাবে এইবোৰ হৈ পৰিছে সহজলভ্য ব্যৱসায়৷ কিছুমান পৰিয়ালত আকৌ পুত্ৰ সন্তান যেতিয়ালৈকে নহয় সন্তান জন্ম দিবলৈ বাধ্য কৰোৱা হয়৷ যাৰ বাবে জনবিস্ফৰণ ঘটে৷ পুত্ৰ সন্তান ভাল,পুত্ৰ সন্তানে হাতৰ লাখুটি হ’ব- এই মানসিকতা কেতিয়া আঁতৰ হ’ব সেয়া কল্পনাৰ অতীত৷

এজনী নাৰী জন্মৰ পৰাই মুখামুখি হয় ভেদভাৱৰ,সেয়া মৃত্যুলৈকে চলিয়ে থাকে৷ নাৰীয়ে সেৱা কৰিব পাৰে কিন্তু সেৱা পোৱাৰ আশা কেতিয়াও কল্পনাই কৰিব নোৱাৰে৷

নাৰী – পুৰুষ ভেদভাৱৰ বাবে বহুতো ঠাইত বৃদ্ধি হৈছে নাৰী পুৰুষৰ আনুপাতিক ব্যৱধান , যাৰ বাবে নানা ঠাইত গৰু ছাগলীৰ দৰে নাৰীক বিক্ৰী আৰু কিনাৰ প্ৰচলন৷ তাৰোপৰি পুৰুষৰ যৌন আতিশয্যাৰ বাবে নাৰী বিক্ৰীৰ ৰমৰমীয়া বজাৰ গঢ়ি উঠিছে দেশে বিদেশে , যিবোৰত পশুতকৈয়ো নিৰ্মম নিৰ্যাতন চলোৱা হয়৷ যাৰ বাবে নাৰী বাধ্য হয় নিজক বিক্ৰী কৰিবলৈ৷

ইয়াতকৈ লাজৰ বিষয় কি হ’ব পাৰে আমাৰ সমাজত? য’ত নাৰীক পণ্য বস্তু বুলি ভৱা হয়, তাত আমি ক’ব পাৰোনে নাৰীয়ে স্বাধীনতা পাইছে?

বৰ্তমান সমাজত নাৰী আৰু পুৰুষৰ মাজত ইমান ব্যৱধান আহি পৰিছে যে নাৰীয়ে পুৰুষৰ লগত কথা কলেই বা পুৰুষৰ কান্ধৰ লগত কান্ধ মিলাই আগবাঢ়ি গলেই বেয়া দৃষ্টিৰে চোৱা হয়৷ এয়া নাৰীক পনবন্দী কৰি ৰখাৰ ষড়যন্ত্ৰ৷ ইয়াৰ বাবে অকল পুৰুষেই দায়ী নহয় নাৰীও বহুপৰিমানে দায়ী৷ অৱশ্যে নাৰীৰ ক্ষেত্ৰত পুৰুষৰ বিশ্বাসঘাতকতাই নাৰীক সন্দেহবাদী কৰি গঢ়ি তোলাত অৰিহণা যোগাই আহিছে৷

বৰ্তমান সমাজত নাৰীৰ বাবে পোতাশালা গঢ়ি থকা হৈছে৷ একাংশ পুৰুষৰ দুষ্কৰ্মৰ বাবে জীয়ৰি- বোৱাৰী ঘৰৰ পৰা অকলে বাহিৰ হ’ব নোৱাৰে৷ আনহাতে এই আধুনিক যুগতো পুৰুষ নামৰ পহৰাদাৰ নহ’লে নাৰী অকলে ঘৰৰ পৰা ওলালে দোষনীয় হৈ পৰে বহু পৰিয়ালত৷ নাৰীয়েও নিজকে পৰজীৱিৰ দৰে ভাৱে , অকলে যেন একো এটা নোৱাৰে কৰিব৷ আমাৰ ভাৰতবৰ্ষত ৪৮ শতাংশ মহিলা৷ যদি প্ৰত্যেকগৰাকীৰ লগত এজনকৈ পহৰাদাৰ থাকে তেন্তে প্ৰতিদিন উন্নতিৰ পথ অৱৰুদ্ধহে হ’ব , সেয়া কেতিয়াও নাভাবে ৷ পুৰুষ সকলে বিচাৰে নাৰী চাৰিবেৰৰ মাজত আৱদ্ধ থাকক , বিবেক বুদ্ধিক ঘূণে ধৰক৷ বিষেশকৈ মুছলমান সমাজত ধৰ্মৰ নামত নাৰীক শোষণ কৰা হয়৷ কিন্তু প্ৰকৃতাৰ্থত ইছলামে সেয়া নকয়৷ প্ৰাচীন যুগ অৰ্থাৎ হজৰত মহম্মদ (ছ:)ৰ দিনত নাৰীৰ মৰ্য্যাদা উচ্চ আছিল৷ তেতিয়াৰ দিনতে নাৰীয়ে পুৰুষৰ লগত যুদ্ধত ভাগ লোৱা সৈণিকৰ সুশ্ৰূষা,ঘোৰাত উঠি যাত্ৰা কৰা, সাহিত্য, ব্যৱসায় আদিৰ লগত জড়িত থকাৰ তথ্য পোৱা যায়৷ তাৰোপৰি হজৰত মহম্মদ (ছ:) য়ে নাৰী সম অধিকাৰৰ কথা কৈ গৈছে৷ এনেকি কোৰাণ শ্বৰিফতো নাৰী পুৰুষক সম অধিকাৰ তথা সন্মানৰ অধিকাৰী বুলি উল্লেখ আছে৷ তেতিয়াৰ দিনতে হজৰত মহম্মদ (ছ:) য়ে নাৰীক যিমান সন্মান দি চলিছে তাৰ তুলনাত বৰ্তমান পুৰুষে নাৰীক সন্মানে নকৰে৷

নাৰীয়ে পুৰুষৰ মানসিকতাক নিজৰ অকৰমন্যতাহে প্ৰকাশ কৰে, অথবা বিয়াৰ পিছত পুৰুষৰ মানসিকতাৰ হেঁচাত নিজৰ আত্মবিশ্বাস হেৰুৱাই পেলায়৷

নাৰী সহনশীল৷ সেয়েহে পুৰুষে নাৰীক যেনেকৈ ৰাখিব বিচাৰে,যেনেকৈ ব্যৱহাৰ কৰে ঠিক তেনেদৰেই থাকে৷ পুৰুষৰবাবে নাৰী বিনা পাৰিশ্ৰমিকৰ কৰ্মৰত মেচিন৷ যাৰ কোনো দিনে বিৰতি নাই , বিশ্ৰাম নাই৷ প্ৰপ্ত মূল্য বা সন্মানতো নাপায়ে , সহানুভূতি বা অকনমান নিস্বাৰ্থ মৰমো নাপায়৷ প্ৰেম বা বিয়াৰ নামত নাৰীক শোষণহে কৰা হয়৷ নাৰীয়েও নিজৰ অধিকাৰৰ কথা ভাবিবলৈ সাহস নকৰে কাৰণ সমাজে নাৰীক মানসিক চিন্তা, বিবেক – বুদ্ধি ভোটা কৰি থৈছে৷

নাৰী নিৰ্যাতনৰ বিভিন্ন সমস্যা, সমাজত ইমানেই শিপাই গৈছে যে শিপায় মূলে উঘালি মষিমূৰ কৰা অসম্ভৱ কিন্তু শিপা উঘালি পেলোৱাৰ প্ৰচেষ্টা নিশ্চয় আমি কৰিব পাৰো৷ ইয়াৰ বাবে প্ৰথমে নাৰী শিক্ষিত আৰু নাৰী আত্ম-নিৰ্ভৰশীল হোৱাটো জৰুৰী৷ এই দায়িত্ব অভিভাৱক, সমাজ, চৰকাৰ সকলোৱে লোৱা উচিত৷ তেতিয়াহে নাৰীৰ বিকাশ হ’ব,দেশৰ বিকাশ হ’ব৷

‘ প্ৰবুদ্ধ নাৰী বিশেষকৈ ৰাষ্ট্ৰ নিৰ্মানৰ বাবে বহুত গুৰুত্বপূৰ্ণ , কাৰণ তেওঁলোকৰ চিন্তা ভাৱনা, কাম কৰা পদ্ধতি আৰু মূল্যবোধে এটা সৎ পৰিয়াল, এখন সুস্থ সমাজ আৰু আৰু উৎকৃষ্ট ৰাষ্ট্ৰ নিৰ্মানত ক্ষিপ্ৰ উন্নয়নৰ ফালে লৈ যাব৷’-( আদম্য শক্তি)ড০ এ পি জে আব্দুল কালাম৷

সেয়েহে নাৰী সকলেও আত্মবিশ্বাসেৰে থিয় দিব লাগিব নিজৰ অধিকাৰৰ বাবে৷ অৱশ্য স্বাধীনতা মানেই উগ্ৰতা নহয় ৷ তলৰ এই বিষয় সমূহৰ বাবে নাৰীৰ ন্যায়্য দাবী আৰু অধিকাৰ থকাটো অত্যান্ত দৰকাৰ ৷

১.নিজে বিবেক-বুদ্ধিৰে সঠিক সিদ্ধান্তক ল’ব পৰা স্বাধীনতা৷

২. মুক্তভাৱে চিন্তা-চৰ্চা কৰিব পৰা স্বাধীনতা৷

৩. সামূহিক বিষয়ত নাৰীৰ মত প্ৰকাশৰ স্বাধীনতা৷

৪. সামাজিক ক্ষেত্ৰত নাৰীক আগবাঢ়ি যোৱাৰ সুবিধা৷

৫.সামাজিক কু-সংস্কাৰৰ বিৰুদ্ধে শক্তিশালী হোৱাৰ সুবিধা৷

৬. সম্পত্তিৰ ওপৰত নাৰী-পুৰুষৰ সম অধিকাৰ৷

৭.যৌন নিৰ্যাতন,ঘৰুৱা নিৰ্যাতন নিৰ্মূল কৰা৷

৮. শিক্ষা, কৰ্ম আৰু সু স্বস্থৰ সমঅধিকাৰ৷

৯. নাৰীৰ সমূহীয়া মতামতৰ অধিকাৰ৷

১০. বাল্যবিবাহ পৰা নাৰীক মুক্তি দিয়া৷

----@ বেগম আছমা খাতুন
( #Happy #Women’s day   )