চান্দা

     
   


আজি বজাৰত বৰ ভীৰ৷ দুপৰীয়াৰ প্ৰখৰ ৰ’দকো নেওচি সকলোৱে ব্যস্ত বিহুৰ বজাৰ কৰাত।বিহুৰ আগতে আৰু এইখিনি ঠাইত বজাৰ নবহে।গাঁৱলীয়া ঠাই, সেইবাবে সপ্তাহত দুদিনহে সমূহীয়া বজাৰ বহে।আজি বিহুৰ শেষ বজাৰ,সেয়েহ বেহেৰুৱা আৰু গ্ৰাহকৰ ভীৰ লাগিছে,তাতে ন-দহখন গাঁৱৰ মানুহ একেখন বজাৰতে সমাগম হয়। খগেন মাষ্টাৰে ভিৰৰ মাজেৰে গৈ বিহুটি তৰিবলৈ লাগতীয়াল বস্তুকেইপদ কিনি মোনাত ভৰালে।মোনাটো আধাহে ভৰিল, আধাখিনি খালীহৈয়ে ৰ'ল। বজাৰত যিহে জুই! সাধাৰণ দুখীয়া মানুহৰ বিহুটি তৰিবলৈ লাগতিয়াল বস্তুকেইপদ কিনাৰো সামৰ্থ নাইকিয়া হৈ গৈছে। সেয়েহ মাষ্টাৰৰ মনো অসন্তষ্ট। ডাঙৰ চিতল মাছ এটালৈ লোভ লাগিছিল যদিও সৰু মাছ আধাকিলো লৈ বজাৰৰ পৰা ওলাল।
দোকান এখনৰ কাষতে চাইকেলখন পুৰণি গছএজোপাৰ লগত আউজাই থোৱা আছিল। বজাৰৰ মোনাটো চাইকেলৰ হেণ্ডেলত ওলোমাই থৈ কান্ধৰ গামোচাখন ঠিক কৰি লৈ ঘৰলৈ বুলি ৰাওনা হ'বলৈ চাইকেলৰ পেডেলত ভৰি থৈছেহে মাত্ৰ,এনেতে পিছফালৰ পৰা কাৰোবাৰ মাত শুনি আকৌ ৰৈ দিলে ।তেখেতে পিছফালে ঘূৰি চাই দেখে চাৰি পাঁ‌চজনমান ডেকা লৰা তেখেতৰ সন্মুখত হাজিৰ ।এই অঞ্চলৰে চিনাকি মুখ। এসময়ত মাষ্টৰৰে ছাত্ৰ আছিল। সিহঁতক চাই মাষ্টাৰে পেডেলৰ পৰা ভৰি নমাই মাত লগালে—
ঃ ও তোমালোক! ভালনে তোমালোকৰ?
ঃ  আমাৰ ভাল ছাৰ•— দলৰ পৰা এজনে ক’লে।
ঃ  ছাৰ, আমি বিহু সন্মিলন পাতিম, আপুনি সহায় কৰিব লাগিব।— আন এজনে ক’লে।
ঃ  হ’ব বাৰু— মাষ্টাৰে ক’লে
ঃ  ছাৰ, এই এইখন লওঁক।
বিহু উন্মোচনৰ চিঠি বুলি ভাবি মাষ্টৰে কাগজৰ টুকুৰাটো উৎসাহেৰে হাতত তুলি ললে।কাগজৰটুকুৰাটো পঢ়ি মাষ্টৰৰ চকু কপালত উঠিল।
খং ক্ষোভ ,দুখ আৰু বেদনাবিলাক একলগ হৈ বহি:প্ৰকাশ ঘটিব খুজিছিল যদিও অৱশেষত তেখেতে সেইবোৰক বাট ভেটি ধৰিলে ।কাৰণ, এনে দুষ্কৃতি বিলাককে সকলোৱে যেতিয়া সংস্কৃতি বুলি মূৰ পাতি লৈছে তেনে ক্ষেত্ৰত তেখেতে অকলে মাত মাতিলেনো কি লাভ হব । মৰমৰ বিহুটি এইদৰে বিজতৰীয়া কৰিলে আমাৰ সংস্কৃতিৰ অস্তিত্ব থাকিবগৈ জানো ! কিন্তু, এইবোৰ কথা ইহতক বুজায়ো একো লাভ নাই ---ইহত অবুজ ,নুবুজে একো ।কথাখিনি ভাৱি ভাৱি তেখেতে পাঞ্জাবী চোলাটোৰ জেপত হাত ভৰালে ---কিন্তু হাতটো ওলিয়াই আনিবলৈ তেখেতে কোনোমতেই সাহস নকৰিলে ।অৱশেষত জেপতে হাতখন ভৰায়েই থতমত খাই তেখেতে সিহঁ‌তলৈ চাই কলে "কাইলৈ লগ ধৰিবা দেই "
ঃ  হ’ব ছাৰ, কাইলৈ পুৱা আপোনাৰ ঘৰতে যাম দিয়ক।— কৈ সিহঁতে গুছি গ’ল।
মাষ্টৰে মৃদু হাঁহিৰে সিহঁতক বিদায় দি চাইকেলত উঠি ঘৰ অভিমূখে ৰাওনা হ’ল। মাষ্টাৰৰ মনো চাইকেলৰ চকাৰ দৰেই ঘূৰিবলৈ ধৰিলে।
জীৱনৰ মৌবন স্বৰূপ ভৰ যৌৱনতে ভেঞ্চাৰ স্কুল এখনত সোমাই শিক্ষকতা কৰিলো ।বিনা বেতনে--ছাত্ৰ ছাত্ৰী সকলৰ ধুনীয়া নিষ্পাপ মুখবিলাক চাই চয়েই আত্মসন্তুষ্টিৰে দিনবোৰ পাৰ কৰি দিলো । সিহঁতক শিক্ষিত কৰাৰ্থে আন একো নাভাবিলোঁ‌ । সৰু এটা জুপুৰিৰ পৰা বহু কষ্টৰে পকী বিদ্যালয় বনালোঁ। ভৰিৰ চেণ্ডেল চিঙি অফিচে-অফিচে ঘূৰি বিদ্যালয়খন চৰকাৰীকৰন কৰিলোঁ। এই বুঢ়া বয়সত দুবছৰমান দৰমহা পায়েই অৱসৰ লবৰ সময় হল ।পেন্সনৰ বাবেও অফিচে-অফিচে দৌৰিব লগা হ’ল। সেই পেন্সনেৰে কোনোমতে ঘৰখন চলে। ডাঙৰ ল’ৰাজনো ডলাৰ বগৰী। ছোৱালী তিনিজনী। এজনীৰ বিয়া হৈছে। দুজনী ঘৰতে আছে।সিহঁত দুয়োৰো বিয়াৰ বয়স উকলি যাবৰ হল।দোয়ো বি.এ . পাছ কৰি ঘৰতে বহি আছে।দৰিদ্ৰ্তা আৰু সিহঁতৰ গাৰ বৰণে আৰ কাপোৰ দি ৰাখিছে সিহঁতক।
 ল’ৰাটোও অলগধ। মেট্ৰিকত দুবাৰ ফেইল কৰি তৃতীয়বাৰ পাছ কৰি উচ্চতৰ মাধ্যমিকত দুবাৰ পৰীক্ষা দি উত্তীৰ্ণ হ’ব নোৱাৰিলে। বাইকখনলৈ লৈ দিনে-ৰাতিয়ে বন্ধুৰ স’তে আড্ডা।ঘৰত থকা সময়খিনি মোবাইল লৈ ব্যস্ত হৈ থাকে।কাম বন একো নাই, এতিয়া আকৌ পলিটিক্স কৰাৰ মন। নেতা-পালিনেতাৰ চামচা হৈ ঘূৰে।বৰ্তমান সেই আগৰ ৰাজনীতি থকা হ’লে কথা নাছিল৷ এতিয়াৰ ৰাজনীতি বৰ লেতেৰা৷
 নিৰ্বাচন গণতন্ত্ৰৰ এটা স্তম্ভ যদিও বৰ্তমান গণতান্ত্ৰিক ভেটিত আঘাত কৰি খেলা হয় ৰাজনীতি৷ বৰ্তমান ৰাইজেও নেতাৰ দক্ষতা পৰ্য্যালোচনা নকৰি ভোট দিয়ে। নিজৰ বিবেক বন্দকত থৈ যিয়ে টকা বেচি বিলায় তাকহে নিৰ্বাচিত কৰে৷ নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিয়েই হিন্দু মুছলমান,দেশী - বিদেশীৰ নামত অসহিষ্ণুতা বিয়পাই দিয়ে, ৰাইজেও সেই লৈ মল্লযুদ্ধত লাগি থাকে৷ চৰকাৰেও সেই সুযোগ লয়৷ গোটেই  শাসণকালত কোনো উন্নয়নমূলক কাম কাজ নকৰি নিজৰ স্বাৰ্থসিদ্ধি কৰি থাকে।
এই লেতেৰা, স্বাৰ্থপৰ ৰাজনীতিত মোৰ ল’ৰা!
ছিঃ এয়াই আছিল মোৰ কষ্টৰ ফলনে?- মাষ্টৰে দীঘলকৈ হুমুনীয়াহ এৰিলে।
ৰাজনীতিৰ কথা শুনিলেই মাষ্টাৰৰ খং উঠে। লৰাক লৈ মাষ্টাৰে ঘৈনীয়েকৰ লগত বহু সময়ত খং কৰে। কেতিয়াবা ভাবে খং কৰিনো কি হ’ব? দোষ নিজৰে, সিহঁত সৰু থাকোতে স্কুলখন আৰু ছাত্ৰ-ছাত্ৰীক লৈ ইমান ব্যস্ত আছিল, নিজৰ ল’ৰা-ছোৱালীৰ কথা ভাবিবলৈ আহৰি নাছিল। মাকেও ঘৰুৱা কামত ব্যস্ত।গতিকে এতিয়া জানো খং কৰি কিবা লাভ আছে?
  মাষ্টৰে এইবোৰ ভাবি ভাবি নিজকে পৰাস্ত অনুভৱ কৰে মাজে মাজে।
 স্কুলত শিক্ষাদান কৰিও সফলনে? নাই, চকুৰ সন্মুখতে অসফলতাৰ শ-শ ছবি। ভাল নম্বৰ অৰ্জন কৰি চাকৰীয়াল বা টকা অৰ্জন কৰি ধনী হ’লেই মানুহৰ সাফলতা নুবুজায়৷ প্ৰকৃত মানুহ হোৱাহে আচল৷ এৰা! প্ৰকৃত মানুহ। নৈতিক চিষ্টাচাৰ, মানৱীয় গুন আদি মানুহৰ মাজত নাথাকিলে সি অসফল।
 অলপ আগতে লগ হোৱা ল’ৰা কেইজন আৰু বাটে বাটে ৰচি টানি গাড়ী,বাইক আদি ৰখাই বিহুৰ নামত চান্দা তুলি মানুহক কৰা লৰাবোৰো মাষ্টৰৰে ছাত্ৰ। ইহঁ‌তৰ নৈতিক চিষ্টাচাৰ আছে জানোঁ‌? কোনোবাই দিব নুখুজিলে তাক ৰখাই থোৱা হয়,গালি গলাজ পৰা হয়।এইবোৰ সফল সমাজ এখনৰ চিত্ৰনে? চকুৰ সন্মুখতে এনেকৈ চান্দাৰাজ চলি থাকা দেখি মাষ্টৰৰ অসহায় অনুভৱ হৈ আছে। পকেটৰ পঞ্চাচ টকাটো বাটত দি অহাটো ডাঙৰ কথা নহয়।ডাঙৰ কথাটো হল অপসংস্কৃতি।তাৰোপৰি দেখা যায় বিভিন্ন অনুষ্ঠানৰ নামত চান্দা তুলি তাৰে কিছু অংশৰে ৰাতি মদৰ পাৰ্টি হয়।এয়া সমাজৰ বাবে শুভ লক্ষণ নহয়। সমাজৰ এনে উশৃঙ্খলতাৰ বাবে দায়ী কোন? নিশ্চিয় আমিয়েই।
কথাবোৰ পাগুলি থাকোতে মাষ্টাৰে ঘৰ পালে। পদুলিত চাইকেল থৈ চোতালৰ পৰাই সৰু জীয়েকক মাতিলে বজাৰৰ মোনাটো লবলৈ। জীয়েকে মোনাটো লৈ গ’ল। মাষ্টৰে জানে এই আনন্দৰ আৰত দুখ লুকাই আছে।সিহঁতে মুখেৰে একো নকলেও বুজা যায় বিহুৰ সময়ত নতুন কাপোৰ কানি নাপাই মনত দুখ পাইছে।ঘৰত পিন্ধা মেখেলা-চাদৰ ,গামোচা আদি তাতশালতে বৈ কাটি লয়।আজিকালি আকৌ সকলোৱে চকমকীয়া পিন্ধে!
কথাটো মনতে ভাবি মাষ্টাৰে কান্ধৰ গামোচাখনেৰে মুখ মুচি-মুচি পিৰালিতে চকী এখনত বহিলে। মুহূৰ্তে ইফাল সিফাল চাই জীয়েকক উদ্দশ্য কৰি কলে
ঃ  মাজনী ককায়েৰ ক’ত?
ঃ  লগৰবোৰৰ লগতে গৈছে, বিহু অনুষ্ঠান পাতিব বোলে, তাৰ বাবেই লাগি আছে।— ঘৰৰ ভিতৰৰ পৰাই মাজু জীয়ে উত্তৰ দিলে।
ঃ ভাতৰ ভতুৱাটোৱে আৰু কি কৰিব! কথাতে কয় নহয় ‘পৰৰ মূৰত খোৱা, ভটীয়া নাৱত যোৱা৷’
কাইলৈ যে গৰু বিহু সেই কথাটোও সি জানে জানো? আৰু জানিলেই বা কি হ'ব ! গৰু বিহুত কি কৰিব লাগিব তাক জানো সি জানে ! বিহুৰ নাম দি সাংস্কৃতিক সন্ধিয়া পাতিবলৈ ওলাইছে ।— মাষ্টৰে ইতিকিং ভৰা সুৰত ক’লে।
ঃ খং কৰিছে কেলেই। নতুন যুগৰ ডেকা, ইহঁতে জানোঁ আগৰ মতে চলিব? ঘৈনিয়েকে পাক ঘৰৰ পৰা হাতখন মুচি-মুচি ওলাই আহি কাষতে পীৰাখনত বহিলে।
ঃ ডেকাচামেই জানোঁ আমাৰ কৃষ্টি- সংস্কৃতিৰ বহতীয়া নহয়? আমি জানোঁ আমাৰ পূৰ্ব পুৰুষৰ কলা-কৃষ্টি বহন কৰা নাই? এতিয়া বিহু সাংস্কৃতিক অনুষ্ঠানহে হৈ ৰ’লগৈ আৰু বিহু নাচ পুৰস্কাৰ পাবৰ বাবে প্ৰতিযোগিতা! শিক্ষকৰ ওচৰত নাচৰ মুদ্ৰা কেইটা শিকি ষ্টেজত নাচিলে সেয়া জানো প্ৰকৃত নাচ? তাত মাঁথো কৃত্ৰিমতা। আজি বিহুতলি নাই, ষ্টেজ হৈছে। আমাৰ দিনত ষ্টেজ নাচিল, মুকুলি পথাৰত বিহুতলি আছিল আৰু বহাগৰ পৰশত কুলি কেতেকীৰ মাতত নাচনীয়ে প্ৰাণ পাইছিল। আপোনা-আপুনি নৃত্যৰ মূৰ্চনা তুলিছিল। যেন এক বসন্ত সম্ভাৰ । চকুত চঞ্চল নিৰ্মল নিজৰা। নিজৰাত সাগৰৰ তৃষ্ণা । ওঁঠত নকৈ ফুলা ফুলৰ পাপৰি। নাচি-নাচি মেলি দিয়া হাতখন যেন নাঙঠ ডালত কুঁহিপাত । সমীৰে ন-ৰোৱাবোৰ ঢৌ তুলি নচুৱাৰ দৰে নাচনীৰ বুকুত উন্মক্ত ঢৌ । ঢোল, পেপা, গগনাৰ চেৱে-চেৱে ককাল ভাঙি নাচি থকা গাভৰুজনী যেন যৌৱনময়ী প্ৰকৃতিৰ উন্মুক্ত ৰূপ। যেতিয়া ককাল ঘুৰাই নাচে মনৰ ৰংত যেন প্ৰকৃতিয়ে প্ৰেমিক আকাশৰ মৰম স্বৰূপ বৰষুণৰ বাবে অধীৰ হৈ পৰে।
ঃ হ’ব-হ’ব বহুত শুনিছোঁ আপোনাৰ এই প্ৰকৃতি স্বৰূপা নাচনিৰ কথা আৰু ক’ব নালাগে এই বয়সত। —ঘৈনিয়েকে কথাৰ আঁত ধৰি কৈ হাঁহিলে।
ঃ হাঁহিছা কিয়? আগতে ককা আইতাহতে কি কৈছিল মনত নাইনে? বিহুৰ স’তে খেতিমাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে। আগৰ মানুহে কৈছিল ডেকা-গাভৰুয়ে মুকুলি পথাৰত গৈ প্ৰেমৰ গীতেৰে পুৰুষ স্বৰূপ আকাশক আৰু নাৰী স্বৰূপা প্ৰকৃতিক বৰষুণেৰে মিলন ঘটাই বসুমতীক শস্য সম্ভৱা কৰি তোলে।
ঃ এতিয়া এইবোৰ কথা ক’লে মানুহে হাঁহিব আৰু অন্ধবিশ্বাস বুলি ক’ব। এইবোৰ কথা সামৰি হাত ধুই আহক মই ভাত বাঢ়ি দিও।—কৈ ঘৈনিয়েকে উঠি পাকঘৰলৈ গ’ল।
: এৰা! জীৱনটোৱে সুখৰ মুখ নেদেখা মানুহজনীৰ এইবোৰ কথা মূল্যহীন হ’বই। অভাৱ-অনাটনৰ মাজত জীৱনটো পাৰ কৰিলে। কষ্টৰ বলিৰেখাবোৰ হাঁহিৰে ঢাকি ৰাখে যদিও মাষ্টৰে বুজে জীৱনৰ ধুমুহাই মানুহজনীক চুই গৈছে।
মাষ্টৰে বহাৰ পৰা উঠি নিজৰ কোঠাত সোমাই
পাঞ্জাবী চোলাটো গাৰ পৰা খুলিবলৈ লওতেই ৰছিদৰ টুকুৰাটোলৈ আকৌ মনত পৰিল ।সেইখন ওলিয়াই আকৌ এবাৰ চালে।টকা দিয়াৰ আগতে মূল্য নিৰ্ধাৰণ কৰি দিছে,তথাপিও পাঁ‌চ হাজাৰ টকা! এতিয়া পকেটত এটকাও নাই ক'ৰ পৰা দিব পাঁ‌চ হাজাৰ টকা? কাইলৈ সিহঁত আহিলে মানা কৰি দিব নেকি? নাই নাই একেবাৰে মানা কৰি দিয়া ঠিক নহ’ব।
 ৰিয়াজ.. হঠাৎ মাষ্টৰৰ ৰয়াজৰ কথা মনত পৰিল। ৰিয়াজো ছাত্ৰ আছিল। বৰ শিষ্টাচাৰি। বিপদে-আপদে ওচৰলৈ আহে, খা-খবৰ লয়। ৰহিমৰ কাপোৰৰ দোকান আছে সেয়েহ বিহু বুলি কিছুদিনৰ পৰা অহা নাই। বিহুৰ বজাৰৰ ভীৰ হোৱা বাবেই চাগে আজি ভালেদিনো সি চাগে আহিব পৰা নাই ।মাষ্টৰে সন্ধিয়া ৰিয়াজৰ ওচৰলৈ যাব বুলি থিৰাং কৰিলে।

ব'হাগৰ প্ৰথম ৰাতিপুৱা,তাতে বিহুৰো প্ৰথম দিন৷পুৱাতেই যেন ঠালি দিছে সঞ্জিৱনী শক্তি৷কপৌফুল,তগৰফুল,নাহৰফুলৰ সুবাসত আমোলমোল চৌদিশ৷কুলি,কেতেকী
 চৰাইবোৰেও প্ৰকৃতিক সুখি কৰি তুলিছে৷ মাষ্টৰে মুখহাত ধুয়ে গোহালিৰ ফালে গ’ল৷
কৃষি প্ৰধান ৰাইজৰ প্ৰদান অৱলম্বন হ’ল হালৰ গৰুহাল। গৰুহাল সুস্থ থাকিলেহে পথাৰৰ মাটি চহাই শস্য সিঁচিব পাৰিব। গৰুহালৰ মঙ্গল কামনাৰে চ’ত আৰু ব'হাগৰ সংক্ৰান্তিৰ দিনা অসমীয়াই গৰু বিহু পালন কৰে। গৰুহালক পুৱাই মাহ-হালধি দি গা-ধুৱায়। তেখেতে গোহালিত সোমাইয়ে গৰুহালক ওপৰফালে চাই থকা দেখি নিজে-নিজে ভৰভৰালে—‘বানপানী হ’ব চাগে এইবাৰ, খেতিডৰা চপাব পাৰিম নে নাই তাৰেহে চিন্তা।’
পুতেকক মাতি-মাতি গৰুহালক গোহালিৰ পৰা উলিয়াই আনিলে গা ধুৱাব লৈ যাবলৈ। এনেতে ঘৈনিয়েকে লাউ, বেঙেনা আদি পাচিত সৰু সৰুকৈ কাটি লৈ আহিল, লগতে বাহৰ মিহি শলত লাউ, বেঙেনা, কেৰেলা, থেকেৰা, তিয়হ আদি সী দিয়া চাঁটবাৰী ডাল আনি দিলে। মাষ্টৰে ৰ্চাটবাৰী ডাল হাতত লৈ ঘৈনিয়কক উদ্দেশ্য কৰি ক’লে—
ঃ আমাৰ বৰমহাজন উঠিল নে নাই চোৱাচোন, জাতি কুলৰ মান ধ্বংস কৰিব যেন পাইছোঁ।
ঃ এই ৰাতিপুৱাতেই আপোনাক কিহে পাইছে, কুলক্ষনীয় কথাবোৰ ক’বলৈ।— কৈ ঘৈনিয়েকে উচাৎ মাৰি গুচি গ’ল। মাষ্টৰে গৰুহালৰ ফালে উদাৰ দৃষ্টিৰে চাই গাই গ’ল— “দীঘলতিৰ দীঘল পাত
গৰু কোবাও জাত-জাত,
লাও খা, বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা....।”
কিছুসময় পিছত গৰুহালক গা ধুৱাই উভতি আহিল। ৰাতিয়ে তৰা আৰু মৰাপাটেৰে তৈয়াৰ কৰি থোৱা পাঘাৰে গৰুহালক বান্ধিলে। পঘাত তুলসী-দুৱৰিও গুজি দি মাখিয়তী পাতেৰে বিচি দি গাৱলৈ আৰম্ভ কৰিলে—
“মাখিয়তীৰ মাখিপাত
মাখি মাৰো জাত জাত....।”
ইতিমধ্যে যোৱাকালি লগ পোৱা ছাত্ৰ কেইজনে চাৰ চাৰ বুলি মাতি মাতি আহি চোতাল পালেহি।তেওঁলোকক বহিব কৈ মাষ্টৰে ততালিকে নিজেও গা-পা ধুই আহি সিহঁতৰ লগতে চাহ জলপান কৰিলে।তাৰ পিছত মাষ্টৰে ৰিয়াজৰ পৰা অনা এহেজাৰ টকাৰ পৰা পাঁ‌চশ টকা উলিয়াই দিলে।
ঃছাৰ ,আপোনাৰ পৰা পাঁ‌চশ টকা আশা কৰা নাছিলোঁ‌।এই অঞ্চলৰ মুৰব্বী হিচাপে আপোনাৰ দায়িত্ব বেচি।গতিকে. ..।- হাতত টকাটো লৈ দলৰ পৰা এজনে অৱজ্ঞাৰ সুৰত কলে। আটাইকেইজনেই এনেকৈয়ে কথা কৈ গুচি গ'ল।কথাবিলাকে তেখেতৰ বুকুত বিহসনা কাড়ৰ দৰে আঘাত হানিবলৈ ধৰিলে ।কাড়পাতৰ আঘাতত বুকুত তেজ ক্ষৰন হ'বলৈ ধৰিলে।
আবেলি কাম-বন সামৰি ছোৱালি দুজনীয়ে মেহেন্দি লৈ বহিল। মাকে পৰম্পৰা মতে বাৰীৰ পৰা এশ এবিধ শাক বিচাৰি আনি বাচিবলৈ বহিল। পৰম্পৰা মতে এশ এবিধ শাক যেনে—টেঙেচি টেঙা, কেহঁৰাজ,ঢেকীয়াশাক, মাটি কাঁদুৰী,কণা শিমলু, শেৱালীফুলৰ পাত,পকমৌ,পিপলি,শুকলতি,ভেঁকুৰী তিতা,মেথি শাক, মছোন্দৰী,ব্ৰাক্ষ্মী শাক, সৰিয়হ শাক,টেঙেচি টেঙা, লাইজাবৰি,কছুশাক,পাটশাক,লভা,বৃন্দাৱনী শাক,বন আমলখি,বন জালুক,গাখীৰতী বন,বন ধনীয়া,কেঞাবন,বৰালী বকুৱা,কেঞাবন,দুৱৰী বন,থুঠনী শাক,কপৌ লতা,পনৌনৌৱা,টুবুকি লতা,জেতেলি পকা পাত,টিকনি বন,দ্ৰণ বন, ওভতা শঠ, ভেদাই লতা, মধুৰী আমৰ কুমলীয়া পাত,লাচ কচি,বৰ মানিমুনি, সৰু মানিমুনি,লাচকচি, আদি খোৱাৰ নিয়ম৷ এইবোৰ বিহুৰ কেইদিন খালে ৰোগমুক্ত হয় বুলি জনবিশ্বাস৷
গৰুহাল লৈ আহোঁতে গো বাটৰ পৰাই ঢেকিয়া এমুঠি তুলি আনিলে মাষ্টৰে ৷ ঘৈনিয়েকক শাকমুঠি দি কাষতে থকা চকী এখনত বহিলে৷
: বজাৰৰ ৰাসায়নিক সাৰ দিয়া শাক পাচলি খাই বেমাৰ হোৱাতকৈ এইবোৰ শাক খোৱাই ভাল৷ পিছে আজিকালি এই শাকবোৰো পাবলৈ নাই ৷ দুখীয়াবোৰে দুটকা পোৱাৰ আশাৰে পথাৰ,বাৰীৰ শাক তুলি নিজে নাখাই বজাৰলৈ লৈ যায়৷
: সিহঁতৰো তো তেল নিমখ কিনিব লাগে! 
:উম!
মাষ্টৰে কিছুসময় মৌন হৈ ঘৈনিয়েকৰ শাক বচা চাই থাকি কিবা মনত পঢ়াৰ দৰে কলে-‘ আজি দেখোন ‘হুচুৰি ঘেতা ’ আছে৷তামোল-পানৰ শৰাই ঠিক কৰি থৈছা নে নাই?’
: কৰি থৈছো আগতেই৷
:ভাল বাৰু, সন্ধিয়া লাগিবৰে হ’ল৷ মই নামঘৰৰ পৰা ঘূৰি আহোগৈ৷ 
কথামতেই মাষ্টৰে পাঞ্জাৱী-চুৰিয়া পিন্ধি নামঘৰলৈ গৈ তামোল-পান দি সেৱা এটি আগবঢ়াই  সোণকালে উভতি আহিল৷ সন্ধিয়া ল’ৰাক বাদে পৰিয়ালৰ সকলোৰে সৈতে মাষ্টৰে হুঁচুৰি যোৰা সকলোক আদৰিবলৈ ৰৈ থাকিল৷প্ৰত্যেকবাৰে গাঁওৰ মুখীয়াল দিচাপে মাষ্টৰৰ ঘৰতে হুঁচুৰি আৰম্ভ কৰে৷
কিছুসময় পিছতে হুঁচুৰি যোৰা মানুহৰ মাত শুনিবলৈ পাই সকলোৱে পদূলিমূখত আগবাঢ়ি গ’ল৷ ৰাইজৰ পদধূলা চোতালত পৰিব, ৰাইজে আশিৰ্বাদ দিব৷ সেয়া কম আনন্দ নে মাষ্টৰৰ?
 চাওঁতে চাওঁতে মাষ্টৰৰ সন্মুখেৰে পাৰ হৈ গ’ল মানুহবোৰ! শিলত কপৌ পৰাৰ দৰেই অৱস্থা হ’ল মাষ্টৰৰ৷ সিহঁতৰ ঘৰ পাৰ হৈ মানুহবোৰ ৰাতুল মহাজনৰ ঘৰত সোমাল৷ ৰাতুল মাষ্টৰতকৈ সৰু যদিও অৰ্থপন্ন মানুহ৷ এইবেলি মাষ্টৰৰ নো কি ভুল হ’ল ভাবি থাকোতেই মানুহবোৰৰ পিছৰ পৰা এজনে চিঞৰিলে- ‘ ককাইদেও এইবেলি হুচুৰিৰ প্ৰথম ঘাত মহাজনৰ তাতে মাৰিব লাগিব।মহাজনে বিহু পাতিবলৈ দহ হেজাৰ টকা দিছে৷’
:‘ক’ত দহ হেজাৰ টকা ক’ত পাঁচশ টকা! মই পাহৰিলো ও টকায়হে মানুহৰ সন্মান বঢ়ায়৷’- কথাখিনি মনতে আওৰাই কান্ধত থকা গামোচাখন টানি হাতত লৈ পদূলিৰ পৰা পোনে পোনে নিজৰ কোঠালৈ গ’ল৷টেবুলত পৰি থাকা ৰচিদখনলৈ চাই মনতে ভাবিলে 'মৰমৰ বিহুটি এতিয়া চান্দা সংস্কৃতিহে হ'লগৈ!'
মাষ্টৰৰ পিছে পিছে ঘৈণিয়েকে গৈ কোঠাত সোমাল৷ মাষ্টৰে খিৰিকীৰে বাহিৰৰ আকাশখনলৈ চাই আছে৷ ঘৈণিয়েকে মাষ্টৰৰ মনৰ কথা বুজি  একো কবলৈ সাহস নকৰিলে মাথোঁ চাই ৰ’ল অন্ধকাৰৰ মাজত ডাৱৰে আৱৰি ৰখা আকাশখন৷

-----------------=------------------===


Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)