ক্ৰমশ: এগৰাকী নাৰী

কোমল ভৰিৰৰ খোজবোৰ
ভূমণ্ডলত পৰো নপৰোতেই
সমাজে পিন্ধাই দিয়া
পৰম্পৰা, সংস্কাৰৰ শিকলি চিঙি
লেলিহান পোহৰৰ পম খেদি
আন্ধাৰত আগবাঢ়িল
ক্ৰমশ: এগৰাকী নাৰী৷

বাটত তয়াময়া যুদ্ধ
চৌদিশে মহামাৰি দূৰ্ভীক্ষ
ঘৰ সংসাৰত বিপৰ্যস্থ পথ
তাৰ মাজেৰে
বগা ঘৰাটি চেকুৰালে
চিকমিক তৰোৱালৰ দুফাল হৈ৷

বহু বিনিদ্ৰ ৰজনীত
অৱহেলিত দুচকুত
হেজাৰ তৰাফুলৰ স্বপ্ন গুথি
চনপৰা পথাৰ উৰ্বৰ কৰি
সিচি যায় সৃষ্টৰ বীজ
বীজবোৰ অংকুৰিত হয়
 বতাহত বিয়পে ফুলৰ সুবাস৷৷


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)