শেহতীয়া লেখা

মই তোমাৰ মাতৃ হ’ব বিচাৰোঁ

মৃত্যুৰ ভাস্কৰ্য্যসানিত
তোমাৰ মুখৰ মাধুৰ্য্যতাত
টোপনিত লালকাল শিশুৰ
মষৃণ মুখৰ সৌম্যতাও
আজি ম্লান পৰিছে,

তুমি মানৱীয়তাৰ নিদৰ্শন
অন্তৰৰ মানৱতা আৰু পবিত্ৰতাই
তোমাক উদ্বুদ্ধ কৰিলে
মুক্ত আৰু কৃতজ্ঞতাৰে
নিজকে উচৰ্গা কৰিৱলৈ,

এতিয়াও তোমাৰ চকুৰ পুন্যপ্ৰভাত
ভাতৃ জীয়াই ৰখাৰ হাবিয়াহ,
কোনে চাব এই উজ্বলতা ?
ফেচাঁবোৰে বেলিৰ পোহৰত অন্ধ
ৰাতিৰ অন্ধাৰত চিকাৰী৷


কি নাম বাৰু তোমাৰ
নাজিয়া নে নাজলিনা?
যি নামেই নহওঁক
মই তোমাৰ মাতৃ হ’ব বিচাৰোঁ
হয়,মই তোমাৰ মাতৃ হ’ম,

কোনো এক আবেলি
চেৰি ফুলৰ সুবাসমিশ্ৰিত
দ্বীপলৈ যাত্ৰা কৰিম
জোনাক সনা ক্ষণ এটিত
তোমাৰ বীজ থকা বীৰ্য্য
সিচঁম মোৰ গৰ্ভত৷

মোৰ উশ্বাহ লৈ লহপহ কৈ বাঢ়িবা
আৰু এদিন প্ৰসৱবেদনাত
আত্মহাৰা হৈ পৰিম
তুমি এমুঠি হাঁহিৰে সম্ভাষণ জনাবা
মই শান্তৰে বুকুত সামৰি
উৰাম বগা সেউজীয়া নিচান,

পৃথিৱৰ ই প্ৰান্তৰ পৰা সিপ্ৰান্তলৈ
খালি ভৰিৰে খোজ কাঢ়ি
আমি  নিচান লৈ আগবাঢ়িম
বিশ্ব ভাতৃত্বৰ দিশে৷

আমাৰ পথ অৱৰোধ কৰাসকল
চিতা বাঘৰ দৰে
তেজৰ গোন্ধ বিচাৰি যুদ্ধ কৰে
ঈগলৰ দৰে সংগ্ৰামী আৰু
নিজৰ লগত যুদ্ধ কৰি
নিজে জয়ী হ’বলৈ শিকা নাই সিহঁত,

প্ৰকৃতিৰ অন্তহীন ৰণক্ষেত্ৰত
নিজৰ সতে যুদ্ধ কৰি
নিজকে জয়ী কৰিৱলৈ শিকাবা তুমি,
সত্য নিষ্ঠা ,মানৱতা
এয়াই যে জীৱনৰ ধৰ্ম
বিশ্ব বিজ্ঞানগাৰত প্ৰতিষ্ঠিত কৰিবা৷