প্ৰেম পত্ৰ১
. . ১
তোমাৰ চকুত
ভাপোৱাৰ উষ্ম আদৰণি পত্ৰ
পত্ৰটি পঢ়ি পঢ়ি
ক্ৰমশ: মই বিলিন হৈ যাওঁ
নিৰ্বাক শব্দমালাৰ মাজত৷
২
ৰাতিৰ বুকুত জাগ্ৰত অৰন্যবোৰ পাৰ হৈ
তুমি আহি বহিছা
পদুলিমূৰৰ কেঁকুৰিত,
অ মোৰ ফাল্গুজোন
মোৰ বুকুতো শিমলু ফুলিছে৷
৩
আকৌ শিমলুৰ ৰঙেৰে তুমিও হৈ পৰা ৰঙীন
মানুহে তোমাক ৰক্তব জোন
ৰঙা জোন বা আন্য নামেৰেও জকাব
সেয়া সিহঁতৰ বদ অভ্যাস৷
৪
প্ৰেম একুৰা জুই
প্ৰেমৰ জুইৰে জ্বলাই দিম
শব্দহীন আমানিশাৰ আন্ধাৰক ,
জুইৰ উত্তাপত গলি সৰিব আকাশ
তাতেই সিঁচিম শাওঁণৰ বীজ ৷৷