শেহতীয়া লেখা

স্বাধীন ভাৰতৰ স্বপ্ন

১৯৩৯ চন, গোৱালপাৰা কাছাৰিত হুলস্থূল লাগি গ’ল৷ চৌদিশে ধৰ-ধৰ মাৰ-মাৰ ধ্বনিত উত্তপ্ত পৰিস্থতি৷ পুলিচৰ লাঠিচালনা নিৰ্বচাৰে চলিল৷ মানুহৰ জুম ভাঙিবলৈ শূন্যলৈ গুলিও চলিল৷ বহু ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰা হ’ল৷ তাৰ ভিতৰত এজন ছাত্ৰ গোলাম মওলা বখশ৷ ঘৰ বেঁকী আৰু চাউলখোৱা নদীৰ চাপৰিত চানমামা গাঁৱত৷ জন্মৰ দুবছৰ পিছতেই পিতৃৰ বিয়োগ হয়৷ যাৰ বাবে শিক্ষাৰ দিশত পিছপৰি ৰয় যদিও নিজৰ একাগ্ৰতাৰ বলত দহ বছৰ বয়সত নিতে তিনি মাইল পথ খোজ কাঢ়ি প্ৰাথমিক স্কুলৰ শিক্ষাৰ পাতনি মেলে৷ এই শিক্ষা সম্পূৰ্ণ হোৱাত ১৯৩৫ চনত মোমায়েকৰ ঘৰত থাকি পূৰ্ববংগৰ ছিৰাজগঞ্জত জুনিয়ৰ মাদ্ৰাচাত অধ্যায়ন আৰম্ভ কৰে৷ ইয়াত সুখ্যাতিৰে উত্তিৰ্ণ হৈ নিজ গাঁৱলৈ ঘূৰি আহিল৷
ঃ শুনিছো গাঁৱৰ কেইজনমানে মিলি স্কুল স্থাপন কৰিব হেনো, হয়নে? – মাকে ভাতৰ কাঁহীখন বখশৰ সন্মুখত দি তাক উদ্দেশ্য কৰি সুধিলে৷
ঃ হয়, ভালেই ভাবিছে সিহঁতে৷ কেইবাখনো গাঁৱৰ মাজত এথনো স্কুল নাই, দূৰৈত আছে যদিও অহা-যোৱাৰ ব্যৱস্থা নাই। সেই কাৰণেই প্ৰয়বোৰ ল’ৰা-ছোৱালী অশিক্ষিত৷ –বখশই হাত ধুই থাকোতে ক’লে৷
ঃ ভালেই হ’ব, শুনিছোঁ তোকো মাষ্টৰি কৰিবলৈ ল’ব হেনো৷ তাতেই সোমাই ল, দু পইচা আহিবও আৰু ঘৰৰ ল’ৰা ঘৰতে থাকিব পাৰিবি, দিনকালো বৰ বেয়া হ’ল৷ ক’ৰ পানী ক’লৈ যায় কোনে জানে! 
ঃ মা, মই আৰু পঢ়িম৷ দেশৰ অৱস্থা ভালৰ বাবেই আমি পঢ়িব লাগিব, আমি শিক্ষা-দীক্ষাত আগবাঢ়ি যাব পৰা নাই বাবেই বগা বঙালৰ দলে আমাৰ মূৰত বহি নাচিবলৈ সাহস পাইছে৷ নিৰীহ মানুহবোৰৰ ওপৰত কেনেকুৱা অত্যচাৰ আৰু হত্যালীলা চলাই আছে নিতে শুনা নাই জানো ? সন্মুখত পালে গোটেইবোৰক এফালৰ পৰা ফাঁচি- কাঠত ওলোমাবলৈ মন যায়৷ – বখশৰ দুচকু ৰঙা পৰিল খং আৰু  ঘৃণাত৷
ঃ নাজানো তই কি ভাবিছ, তোৰ মতি গতি চাই ভয় লাগে, তয়েই কচোন তোৰ বাহিৰে মোৰ আৰু কোননো আছে? আজিকালি বাহিৰলৈ গ’লেই ভয় লাগে৷ কাৰ গুলিত কাৰ নাম লিখা একো ঠিক নাই৷ তই যি ভাল দেখ তাকেই কৰ৷ 
ঃ মা, তই চিন্তা নকৰিবি, তোৰ আশীৰ্বাদ আছে নহয়৷- বখশই ভাত খাই উঠি যাওতে মাকৰ সান্তনাৰ উদ্দেশ্যে কৈ গ’ল৷ কিন্তু তাৰ বুকুৰ জুইকুৰা দাউ দাউকৈ জ্বলি আছে৷ অকল তাৰে নহয় তাৰ দৰে দেশৰ হাজাৰ হাজাৰ ডেকাৰ বুকুত জুই৷ দেশত স্বাধীনতাৰ আন্দোলন তুঙ্গত৷ সেই সময়ত ‘ৰায়তাৱাতী’ আইন অনুসৰি অধিক হাৰত খাজনা তুলি, জমিদাৰী প্ৰথাৰ ব্যৱস্থা কৰি ভাৰতীয় কৃষক সকলোক শোষণ আৰু অত্যচাৰৰ বিৰুদ্ধে বহু সংগঠন গঢ়ি উঠিছে আৰু কৃষক আন্দোলন তীব্ৰতৰ কৰি তুলিছে৷ অসমতো মৌলনা ভাষানীৰ নেতৃত্বত কৃষক আন্দোলন গঢ়ি উঠিলে৷ কৃষক আন্দোলন আৰু স্বাধীনতা আন্দোলন একাকাৰ হৈ পৰিল৷ ডেকাসকলৰ মনত আন্দোলনৰ জুই জ্বলিল কৃষক আৰু জনতাৰ দূৰ্দশা দেখি৷
ঃ অই বখশ শুনি আছো জিন্নাই মুছলমান সকলৰহৈ মাত মাতি আছে৷ নতুনকৈ মুছলমান ৰাষ্ট্ৰ গঠন হ’বই যেন পাইছোঁ৷ সিহঁতে আমাক বিদেশী বোলে নহয় এতিয়া বুজাই দিব লাগিব আমাৰ অধিকাৰ৷ –বখশই আবেলি কাচাৰী ঘৰত কেইজনমান বন্ধু মিলি আড্ডা দিওতে এজনে জিন্নাৰ প্ৰসংগ তুলিলে৷ 
ঃ তই এইবোৰ বুজা নাই ৰাজনীতিৰ খেল৷ এইবোৰ বহুত কথা৷
ঃ তই লিখা পঢ়া জনা গতিকে আমাক বুজাই ক৷ 
ঃ শুন তেন্তে,১৭৫৭ চনত সিৰাজৰ পৰাজয়ৰ পিছত মুচলমানসকলে বাৰম্বাৰ নানা ধৰণে স্বাধীনতাৰ বাবে সংগ্ৰাম চলাই যায় কিন্তু ইংৰাজৰ কঠিন শক্তিৰ সন্মুখত পৰাস্ত হয়৷ ১৭৬৫ চনত ‘ ফকিৰ বিদ্ৰহ ’( উলামা বিপ্লৱ) হয় আৰু ১৮৬৪ চনত এই বিপ্লৱ সমাপ্ত হয়৷ এই বিপ্লৱত মাওলানা সৈয়দ আহমদ ব্ৰেলবী আৰু মাওলানা ইসমাইল প্ৰভৃতি মুচলমান নেতাসকল শ্বহীহ হয়৷ ১৮৪৭ ৰ পৰা ১৮৭০ চনৰ আন্দোলনক ‘ওহাবী আন্দোলন’ নাম দিয়া হয়৷ এই আন্দোলনেই ভাৰতৰ প্ৰথম স্বাখীনতা সংগ্ৰাম ইংৰাজৰ বিৰুদ্ধে৷ এই বিদ্ৰহ চিপাহী সকলৰ মাজত বিয়পি পৰিছিল,যাক আমি ‘ চিপাহী বিদ্ৰহ’ বুলি জানোঁ৷ তাতেও বহু মানুহ শ্বহীদ হৈছিল৷ এনেকৈ কেইবা বছৰ ধৰি আন্দোলন কৰি চৰকাৰৰ দমন নীতি আৰু অত্যাচাৰ লাঘৱ কৰিবলৈ মুচলমান নেতাসকলৰ দাবীত ‘ স্বৰাজ’ পৰিবৰ্তে ‘পূৰ্ণ স্বাধীনতা’ৰ বাবে লক্ষ্নৌ অধিবেশনত সিদ্ধান্তক লোৱা হয়৷ সেই মৰ্মে ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনা নেহেৰুজী আৰু গান্ধীজীৰ নেতৃত্বত বিশাল ৰাজহুৱা সভাত ঘোষনা কৰা হ’ল ভাৰতৰ স্বাধীনতা আন্দোলনৰ উদ্দেশ্য হ’ব পূৰ্ণ স্বৰাজ৷ এই দিনাই ভাৰতৰ সকলো ঠাইতে প্ৰকাশ্যভাবে বহু সংখ্যক ৰাইজে সংকল্প লোৱা হ’ল৷ তেতিয়াৰ পৰাই আইন অমান্য আন্দোলন আৰম্ভ হয়৷ এই আন্দলোনৰ অংশ হিছাপে বিভিন্ন চৰ্ত আগত ৰাখি ১৯৩০ চনত গান্ধীজী আৰু ভাইচৰয় আৰউনে শান্তিপূৰ্ণ আলোচনাত মিলিত হৈ এখন চুক্তিপত্ৰত দুয়ো চহী কৰিলে৷ যিখনক আমি গান্ধী-আৰউইন চুক্তি কওঁ৷ এই আলোচনাত গান্ধীজীয়ে কিছুমান চৰ্তও ৰাখিছিল যেনে- হিংসাত্মক আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলোক জেলৰ পৰা এৰি দিব লাগে৷ যি সকলোৰ মাটি বাজেয়াপ্ত কৰা হৈছে সেইবোৰ ঘূৰাই দি ক্ষতিপূৰণ দিব লাগে, চৰকাৰে লোণৰ একচেতীয়া বেপাৰ বন্ধ কৰিব লাগে আৰু ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৰ প্ৰাণদণ্ডৰ আদেশ ৰেহাই দিব লাগে৷
ঃ তেন্তে সিহঁতক ফাঁচী দিয়া হ’ল কিয়? তেতিয়া দেখোন জুইৰ দৰে বিয়পিল সিহঁতৰ ফাঁচীৰ খৱৰ৷ সেইদিনা ককা দেউতাহতে কোৱা শুনিছিলো চৰকাৰে কি নিৰ্মমভাবে সিহঁতক ফাঁচী দিলে আৰু বহু মানুহক গুলিয়াই মাৰিলে – বখশই ঘটনাবোৰ বিবৰি থাকোতেই সিহঁতৰ মাজৰে এজনে ক’লে৷ আচলতে দেশত কি হৈ আছে ভিতৰুৱা এলেকাবোৰত টি.ভি.ৰ ব্যৱস্থা নথকা বাবে ভালকৈ নাজানে৷ দুই এটা পৰিয়ালত ৰেডিওৰ ব্যৱস্থা থকাত তাৰ পৰাই শুনি গাঁওবোৰত খৱৰ বন- জুইৰ দৰে বিয়পি যায়৷ 
ঃ ৰ চোন, প্ৰথমে শুনি ল৷ গান্ধীয়ে জনোৱা আবেদনবোৰ ভাইচৰয়ে নাকচ কৰিলে আৰু সিহঁতৰ প্ৰাণদণ্ডৰ আদেশ উঠাই লবলৈ দিয়া প্ৰধান আবেদনখনো নাকচ কৰিলে,আনকি মৃত্যুদণ্ড স্থগিত ৰাখিবলৈও মান্তি নহল৷ ২৩ মাৰ্চতে ফাঁচী দিয়া হ’ল৷
ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ ফাঁচীৰ পিছতে সমগ্ৰ ভাৰততে হেজাৰ হেজাৰ বীৰে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰহ তীব্ৰতৰ কৰি তুলিছে, কিছুমানে হিংসাত্মক পন্থা অৱলম্বন কৰিছে আৰু বেছিভাগেই গান্ধীজীৰ অহিংসা নীতিত আইন অমান্য আন্দোলন আৰম্ভ কৰিলে, যাৰ ফলত ইংৰাজ প্ৰশাসনৰ তৰপৰ পৰাও নিৰ্যাতন, হত্যা আৰম্ভ হ’ল৷ সভা সমিটি, সভাযাত্ৰবোৰত নিৰ্বিচাৰে গুলিচালনা, লাঠিচালনা কৰিল৷ গান্ধীজী,মাওলানা মহম্মদ আলি, চাওকত আলি, মৌলানা আজাদ আলি, বল্লভভাইকে ধৰি বহু নেতাক গ্ৰেপ্তাৰ কৰিলে৷ জেলৰ ভিতৰত সিহঁতৰ ওপৰত অকথ্য অত্যাচাৰ আৰম্ভ কৰিলে তথাপিও আন্দোলন স্তব্ধ নহল, তীব্ৰগতিত চলিল আন্দোলন পূৰ্ণ স্বৰাজৰ বাবে আৰু বিদেশী বস্তু বহিস্কাৰৰ বাবে৷ এই কালচোৱাত বহুতকে ঘুনীয়া কৰাৰ লগতে কেইবাহাজাৰ মহিলা আৰু ল’ৰা ছোৱালীকে ধৰি প্ৰায় এক লাখ বিশ হাজাৰ মানুহক গ্ৰেপ্তাৰ কৰি জেলত সোমোৱা হ’ল৷ গান্ধীজীয়ে জেলৰ ভিতৰতে ২১ দিনীয়া উপবাস আৰম্ভ কৰিলে৷ চৰকাৰে বাধ্য হৈ তেওঁক এৰি দিলে৷ তেখেতে ওলাই আইন অমান্য আন্দোলন বন্ধ কৰিলে৷ সেই সময়তে লৰ্ড আৰউনৰ পিছত লৰ্ড উইলিংডন নতুন ভাইচৰয় হৈ আহিল৷ তেওঁ উদাৰ মনোভাৱ গ্ৰহণ কৰা বিধৰ নাছিল৷ আগৰ জনতকৈ চৰা৷ গান্ধীজীক লণ্ডণত ঘূৰণীয়া মেজ মেলত যাবলৈ বাধ্য কৰি কৃষক, জনতাৰ ওপৰত দমন নীতি চলাই গ’ল লগতে চৰকাৰে ‘বিভেদ কৰি শাসন কৰা’ নীতি পৰিকল্পনা অনুসৰি সাম্প্ৰদায়িকতাবাদী সকলোৰ হাত শক্তিশালি কৰিলে৷ 
আনপিনে গান্ধীজী আৰু সহযোগীসকলে ভাৰতৰ বিধান সভাত ফেডাৰেল মূলনীতি স্বীকাৰ কৰিব লাগে বুলি কৰা আন্দোলনৰ ফলত এই নীতি মানি ললে যদিও ইয়াৰ প্ৰস্তাৱ সমূহ এনেকৈ সন্নিবিষ্ট কৰা হ’ল যে ‘দেশীয় ৰাজ্যবোৰক জাতীয়তাবাদৰ দাবীবোৰত বাধা জন্মাবলৈহে ব্যৱহাৰ কৰা হ’ব পাৰে৷ বিধেয়কখনত, কেন্দ্ৰত উচ্চ সদনৰ আসনৰ পাঁচ ভাগৰ দুভাগ আৰু নিম্ন সদনৰ আসনৰ তিনি ভাগৰ এভাগ দেশীয় ৰাজ্য সমূহৰ কাৰণে ৰখা হ’ব৷’ এনে ব্যৱস্থা সৰ্বসাধাৰণ আনুপাতিক প্ৰতিনিধিত্বৰ দ্বাৰা নহয়৷ দেশীয় ৰাজ্যৰ প্ৰতিনিধি সকলে আচলতে ৰাজ্যসমূহৰ প্ৰজাবৰ্গৰো প্ৰতিনিধিত্ব নকৰিব৷ তেওলোক মাথোঁ শাসক সকলৰ দ্বাৰা মনোনীত সভ্যহে৷ ইয়ে কংগ্ৰেছক সন্তুষ্ট কৰিব পৰা নোৱাৰিলে৷ বহু ৰাজ্যত গণতান্ত্ৰৰ মূলনীতিবোৰ পূনৰ গঠন আৰু চৰকাৰী প্ৰশাসনৰ পুনৰ গঠনৰ বাবে আন্দোলন তীব্ৰ হৈ উঠিল৷ এই সময়তে বৃটিছৰ‘ বিভেদ জগাই শাসন কৰা’ নীতিৰ চেৱে চেৱে নাচি থকা কিছুমানে কংগ্ৰেছৰ বিৰোধীতা কৰি নানা সংগঠন কৰি সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়োপায়৷ ১৯৩৫ চনৰ আগভাগত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংগঠনৰ জন্ম হয়৷
 এই সকলে বহু বছৰ ধৰি হিন্দু মুছলমানৰ মাজৰ সম্পৰ্ক তিক্ততৰ কৰি পেলাইছিল৷ তেওঁলোকে ভাৰতীয় বুলিলে হিন্দুকহে বুজায় আৰু মুছলমান সকল ‘বিদেশী’ এনে অভিজ্ঞান সন্মত মতবাদ থিয় কৰাইছিল৷ ইয়াৰ উদ্দেশ্য আছিল ভাৰতবাসীক বিভক্ত কৰি বিদেশীৰ বিৰুদ্ধে চলোৱা আন্দোলন দূৰ্বল কৰা৷ আনফালে শিক্ষাৰ দিশত পিছপৰি থকাৰ বাবে কোনো ধৰনৰ সা সুবিধা নপোৱাত আৰু এনে মন্তব্যই মুছলমান সকলোক সংকিত কৰি তুলিছিল৷ এই সুযোগতে মহাম্মদ আলি জিন্নাৰ প্ৰতিনিধিত্বত মুছলিম লীগে ঠন ধৰি উঠে আৰু পাকিস্থান গঠনৰ দাবীত আন্দোলন গঢ়ে উঠে৷ দুই তিনিবছৰ আগৰে পৰা অৰ্থাত ১৯৩৫ চনৰ পৰা এতিয়ালৈ উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ পঞ্জাব, সিন্ধু, বঙ্গদেশ আৰু অসম এই প্ৰদেশকেইখন পাকিস্থানৰ লগত সামৰাৰ দাবী কৰি আছে মুচলিম লীগে৷ পাঞ্জাব, সিন্ধু আদি ৰাজ্যই এই আন্দোলনত সমৰ্থন জনালেও অসমৰ দৰে ৰাজ্যই ইয়াৰ সমৰ্থন কৰা নাই৷ কাৰণ জনা বুজা সকলে বুজি উঠিছে যে গোড়া হিন্দুত্ববাদী সকলে মুছলমান সকলক উচটনি দি ভাৰতৰ জনতাক দুভাগ কৰি বৃটিছক সহায় কৰিব বছাৰিছে৷ কিছুমান হোজা অশিক্ষিত মানুহবোৰে ভয় আৰু শংকাত মুছলিম লীগক সমৰ্থন কৰি আছে৷ কিন্তু আমি শংকিত হ’ব নালাগে কাৰণ ভাৰত আমাৰ জন্মস্থান, আমাৰ মাতৃভূমি৷ 
ঃ হয়তু সিহঁতৰ যিমান অধিকাৰ আছে, আমাৰো সমানে অধিকাৰ আছে৷ হিন্দুসকলে ক’লেই আমাৰ মাতৃভূমি এৰিমনে? দেশৰ কাৰণে লাগিলে জীৱন দিম- নে কি কোৱা মতিন? —গ্ৰুপৰ মাজৰ পৰা আজাদে বখশক সমৰ্থন কৰি মতিনক উদ্দেশ্য কৰি ক’লে৷
ঃ হয় হয়...৷ —মতিনে বাক্যশাৰী সম্পূৰ্ণ কৰাৰ আগতেই বখশই মাজতে মাত দিলে।
ঃ মতিন তই ভুল বুজিছ, প্ৰকৃত হিন্দু ধৰ্মাৱলম্বীসকলে মুছলমানৰ বিৰোধিতা নকৰে৷ তেওঁলোকে নিজ ধৰ্মৰ লগতে আন ধৰ্মৰো সন্মান কৰে৷ বাকী যিসকল ধৰ্মৰ মুখা পিন্ধি থাকে তেওঁলোকেহে সাম্প্ৰদায়িকতাৰ বিষ বিয়পায়৷ গতিকে আমি অতীতৰে পৰা চলি অহা ভাতৃত্ব জীয়াই ৰাখি ভাৰত স্বাধীন হোৱাৰ সপোন দেখা উচিত৷ জাননে, ভাৰতত বহু বছৰ কাল মুছলমানৰ ৰাজত্ব আছিল৷ তেওঁলোকে কেতিয়াও ভাৰতৰ একচেটীয়া মুছলমানৰ হৈ কাম কৰা নাই, সকলোকে সম দৃষ্টিৰে চাই দেশ শাসন কৰিছিল আৰু ভাৰতৰ উন্নতিৰ হকে কাম কৰিছিল৷ তথাপি উগ্ৰবাদীসকলে শিৱাজী আৰু প্ৰতাপক জাতীয় বীৰ আৰু আকবৰ আৰু ঔৰঙ্গজেৱক পাকে-প্ৰকাৰে বিদেশী কয় কাৰণ সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ইতিহাস অৱলোকন৷
 তেওঁলোকৰ পৰস্পৰৰ মাজত ঘটা যুদ্ধবোৰ যে সেইসময়ৰ বিশেষ ঐতিহাসিক পৰিস্থতিৰ সন্দৰ্ভত ৰাজনৈতিক যুঁজ আছিল সেই কথা সেইসকলোৰ অনুধাৱন কৰাৰ শক্তি নাই৷ অৱশ্যে উগ্ৰপন্থীৰ মাজত কিছুমান মানুহ আছে যিবোৰে ঐক্যৰ শক্তি উপলব্ধি কৰে, তাৰ মাজত তিলক অন্যতম৷ তিলকজীকে ধৰি গান্ধীজী, নেহেৰুজীয়ে কংগ্ৰেছ আৰু মুছলীম লীগকক এক কৰিবলৈ উঠি পৰি লাগিছে৷ আমি আশাবাদী৷ আমাৰ একতাই হে স্বাধীনতা আনিব পাৰিব৷ আমি স্বাধীন হ’ম৷
ঃ হয়, আমাৰ লক্ষ্য মাতৃভমিক স্বাধীন কৰা হ’ব লাগে৷ তাৰ বাবে আমাৰো কিবা কৰা উচিত। —জয়নালে ক’লে৷ 
ঃ তহঁতে ক, খ পঢ়িয়ে পঢ়া বাদ দিছা এতিয়া অন্ততঃ গাঁৱৰ মানুবোৰৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখিবি, প্ৰকৃত শিক্ষাহে দেশক সৱল কৰিব আৰু আমাৰ সমাজবোৰক দৰিদ্ৰতাতকৈ নিৰক্ষতাই হে বেচি ক্ষতি কৰি আছে৷ মই আৰু পঢ়িবলৈ কাইলৈ অভায়াপুৰীলৈ ৰওনা হ’ম৷ চাওঁ তাত গৈ কি পৰিস্থতি হয়৷ সন্ধিয়া হলেই  ব’ল গাঁওত এপাক দি আহোঁ৷
চকুত তিৰবিৰ সপোন, মনত সাহস আৰু উচ্চশিক্ষাৰ প্ৰতি থকা হাবিয়াসৰ বলত নানা বাধা বিঘিনিৰ মাজেৰে ১৯৩৮ চনত অভায়াপুৰীস্থিত অভয়েশ্বৰী হাই স্কুলত ৭ম শ্ৰেণীত ভৰ্তি হয়৷ তেতিয়া শৰীৰত নতুন ডেকাৰ তেজ৷ দেশত স্বাধীনতা আন্দোলনৰ ঢৌ৷ এবছৰ পিছতেই বখশই স্বাধীনতা আন্দোলনৰ ভলন্টিয়াৰ হিছাপে ভৰ্তি হ’ল৷ বিভিন্ন সভা সমিটিত যোগ দিয়া আৰম্ভ কৰিলে৷ এই সময়তে ইউৰোপীয় দেশ সমূহত ফেছীষ্ট দৰ্শনত বৰ্ণ –শ্ৰেষ্ঠতাৰ গোৰামীকে ধৰি একপ্ৰকাৰ নিৰ্মম স্বেচ্ছাচাৰিতা আৰম্ভ হ’ল৷ এটা দেশে আন এটা দেশক আক্ৰমন কৰিবলৈ ধৰিলে৷ আৰম্ভ হ’ল বিশ্ব যুদ্ধ৷ 
(যদিও মিত্ৰশক্তয়ে চিঞৰিছিল গণতন্ত্ৰৰ কাৰণে বিশ্বক বচাবলৈ এই যুদ্ধ কিন্তু যুজ এফালে তেওঁলকৰ উপনিবেশ সমূহৰ দখল বজাই ৰাখিবলৈ আৰু এচিয়া আৰু আফ্ৰিকাৰ বহু দেশৰ ওপৰত ঔপনিবেশিক দখল কায়েম কৰিবলৈ আগ্ৰহাম্বিত আগৰ পৰাই সাম্ৰাজ্যবাদী শক্তি ৰাষ্টসমূহ আৰু নৱ গঠিত সাম্ৰাজ্যবাদী ফেছীষ্ট শক্তিবৰ্গৰ মাজত৷) তেওঁলোকক কোনে বুজাব যুদ্ধই মাথোঁ ধ্বংস মাতে, সৃষ্টিৰ কথা কেতিয়াও নকয়৷ এই যুদ্ধত ভাৰতৰ বিষয় ববীয়া সকলক নজনোৱাকৈ বৃটিছে একপক্ষীয়ভাবে ভাৰতক যুদ্ধৰ সমৰ্থক হিছাপে থিয় কৰালে৷ ভাৰতৰ সৈন্য বাহিনীক এই যুদ্ধত পঠিয়াব ধৰিলে৷ গান্ধীকে ধৰি ভাৰতৰ নেতৃবৃন্দই ইয়াৰ বিৰোধীতা কৰি আন্দোলন আৰম্ভ কৰিলে৷ সমগ্ৰ ভাৰতত এই আন্দোলন বিয়পি পৰিল৷ ঠায়ে ঠায়ে ইয়াৰ বিৰোধীতা কৰি সভাযাত্ৰা, সভা আৰু প্ৰতিবদী কাৰ্য্যসূচী লোৱা হ’ল৷ অসমৰ বহু ঠাইৰ লগতে গোৱালপাৰা বৃটিছৰ কাচাৰীত প্ৰতিবাদী আন্দোলনৰ কাৰ্য্যসূচী আৰম্ভ হ’ল৷ বখশৰ লগত একে কলেজত পঢ়া ১৬-১৭ জন ছাত্ৰই এই আন্দোলনত উঠি পৰি লাগিল৷ তৎকালে গোৱালপাৰা মহুকুমাধিপতিৰ নিৰ্দেশত আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈ পুলিচে লাঠিচালনাৰ লগতে গোৱালপাৰাৰ কগ্ৰেছী যুৱ নেতা আৰু ছাত্ৰনেতা সকলৰ লগতে বখশহঁতক গ্ৰেপ্তাৰ কৰি লৈ লোকাপত ভৰাই থলে৷ গোটেই দিন লক-আপত থকাৰ পিছত আবেলি ৫ মান বজাত অসম বিধান পৰিষদৰ সদস্য মহম্মদ আমজাদ খান আৰু স্থানীয় ব্যৱসায়ী মিজানুৰ ৰহমানৰ প্ৰচেষ্টাত সিহঁত মুক্তি লাভ কৰে৷ মিজানুৰ ৰহমান সেই এলেকাৰ এজন ডাঙৰ ব্যৱসায়ী, তাক সকলোৱে মহাজন বুলি মাতে৷ তেওঁ চহৰত থাকিলেও গাওঁবাসীৰ অৱস্থা অনুভৱ কৰে৷এই ক্ষেত্ৰত চহৰ নগৰৰ প্ৰায় মানুহে প্ৰয়ে উদাসীনতা দেখুৱাই আহিছে৷
 মহাত্মা গান্ধীয়েও এই বিষয়ে কোনো এক ভাষনত এইদৰে কৈছিল যে ‘মই অনিচ্ছকৃতভাবে হলেও এই সিদ্ধান্তলৈ আহিছো যে বৃটিছ সকলোৰ সংসৰ্গই ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতবৰ্ষক আগতকৈ বেছি অসহায় কৰিলে৷ অস্ত্ৰবিহীন ভাৰতৰ কোনো আক্ৰমনৰ বিপক্ষে বাধা দিবৰ ক্ষমতা নাই …ভাৰত মাতৃ ইমান দুখীয়া হৈ গৈছে যে দূৰ্ভিক্ষক ভেটা দিবলৈ তেওঁৰ শক্তি নাই….. অৰ্ধ অনাহাৰী ভাৰতীয়ই জনতা কেনেদৰে লাহে লাহে নিৰ্জীৱ হৈ গৈছে, নগৰবাসী সকলে তাৰ একো ভূ নাপায়৷ তেওঁলোক নাজানে যে তেওঁলোকৰ সামান্য ‘ আৰাম’ খিনী বিদেশী শোষণকাৰীৰ কাৰণে তেওঁলোকে কৰা কামৰ ‘ দালালী কমিচনহে’৷ এই মুনাফা আৰু দালালী কমিচন জনসাধাৰণৰ পৰা শুহি লোৱা হৈছে৷ বৃটিছ ভাৰতত আইন অনুসৰি স্থাপন কৰা চৰকাৰৰ উদ্দেশ্য যে জনসাধাৰনক শোষণ কৰা তাক নগৰবাসীসকলে উপলব্ধি নকৰে, ……………৷’
 এই ক্ষেত্ৰত মহাজন কিছু ভিন্ন, স্বাধীনতা আন্দোলনত পৰোক্ষভাবে জড়িত নহলেও প্ৰতক্ষভাবে জড়িত৷ স্বধীনতা আন্দোলনৰ সংগ্ৰমীসকলোক প্ৰায়ে সহায় কৰে৷ ৰাতি মহাজনৰ ঘৰতে সকলোকে খুৱাই বুৱাই তেওঁৰ মৰাপাটৰ গুদামত সকলোকে থাকিবলৈ দিলে৷ পুৱাতেই সকলোকে গুৰ চিৰাৰে জলপান কৰাই সকলোৰে যোৱাৰ ব্যৱস্থা কৰি দিলে৷ বখশয়ো মহাজনক ধন্যবাদ দি যাবলৈ ওলাল৷
ঃ এতিয়া পিছে কলৈ যাবা? কেইদিনৰ বাবে ঘৰলৈ যোৱাগৈ তোমাৰ নাম এতিয়া প্ৰশাসনে জানি গৈছে গতিকে মুকুলি ভাবে ঘূৰি নথকাই ভাল৷
ঃ আন্দোলনত যোগ দিছো যদি আৰু ঘূৰি নাযাও৷ প্ৰশাসনে কি কৰে কৰি থাকক৷ কাইলৈ ঘৰলৈ গৈ মাৰ লগত দেখা কৰি আহিম৷
ঃ হ’ব তেন্তে যোৱা৷ কেতিয়াবা অসুবিধা হলে জনাবা৷
বখশই তাৰ পৰা বিদায়লৈ অভায়াপুৰী ৰওনা হ’ল৷ আন্দোলনত ভাগলৈ বুকুত গৰ্ব কিন্তু আৰু পঢ়িব নোৱাৰিব ভাবি অলপ বেয়া লাগিল৷ গাড়ীৰ পৰা বাহিৰলৈ চালে নিজৰ জন্মভূমিৰ অৱস্থা৷ তাৰ মনৰ দূখ আতৰি গ’ল৷‘ পঢ়িব নোৱাৰিলো নাই- মোৰ জন্মভূমিক যিকোনো ত্যাগৰ বিনীময়ত স্বাধীন কৰিবই লাগিব৷’ বুকুত নতুন উদ্যাম লৈ, দুচকুত স্বাধীনতাৰ স্বপ্ন লৈ আগবাঢ়িল সি আগবাঢ়িল. . .৷
@বেগম আছমা