শেহতীয়া লেখা

অসমৰ সৰ্বাংগীন উন্নতিৰ অন্যতম অন্তৰায় সুৰা

সুস্থ সমাজ সুস্থ দেশৰ ৰূপৰেখা। সুস্থ সমাজ এখন দেশৰ অগ্ৰগতিত সহায়ক। আমাৰ সমাজখন অশৃঙ্খল আৰু অসুস্থ হলে দেশৰ অগ্ৰগতিত প্ৰাচীৰ হৈ থিয় দিয়ে। সমাজত সুৰাই সদ্যজাত শিশুৰ পৰা বৃদ্ধলৈ সকলোকে এই ব্যাধিগ্ৰস্থ কৰি সমাজ অস্হিৰ কৰি তুলিছে। এই ব্যাধি শিলত শেলাই বঢ়াদি বাঢ়ি গৈ আছে। ই মানৱ সমাজ তথা দেশৰ বাবে অত্যন্ত বিপজনক। 

সুৰা অতীতৰ পৰা চলি অহা এক পানীয়। অতীতত মানুহে প্ৰকৃতিক ভাবে ফলমূলৰ ৰস বা গছৰ পাতেৰে প্ৰস্তুত কৰিছিল আৰু নিদৃষ্ট কোনো উৎসৱত পান কৰিছিল। সময়ৰ সোতত ফলমূলৰ ৰসৰ লগত বিষাক্ত ৰাসায়নিক দ্ৰব্য মিশ্ৰিত কৰি সুৰাক বিষাক্ত কৰি তুলিছে আৰু ইয়াক দৈনন্দিন সেৱনৰ বাবে আসক্ত কৰিবলৈ দ্ৰব্য মিহলি কৰি ক্ৰমে সুৰাসক্ত কৰি মানুহক পঙ্গু কৰি তুলিছে। বহুজাতিক কোম্পানী সমুহৰ ওপৰিও দেশত দেশী সুৰা প্ৰস্তুত আৰু বিক্ৰী পূৰ্ণ গতিত চলি আছে। অসমো ইয়াৰ ব্যতিক্রম নহয়। বিদেশী সুৰাৰ দোকানেৰে অসম পৰিপূৰ্ণ, যাৰ বাবে অসমৰ খাটি খোৱা মানুহৰ পৰিশ্ৰমৰ কৌটি কৌটি টকা বিদেশত গৈ আছে। লগতে সুৰাসক্ত মানুহবোৰ পৰিয়াল তথা দেশৰ উন্নতিত প্ৰাচীৰ হৈ পৰিছে। অসমৰ গাওঁসমুহত কাঠফুলাৰ দৰে গঢ়ি উঠা সুৰাৰ ঘৰুৱা প্ৰস্ততকৰণ আৰু বিক্ৰীকৰণে অসমৰ জন জীৱন তীব্ৰগতিত ধ্বংসৰ ফালে লৈ গৈ আছে সেয়া নুই কৰিব নোৱাৰি। যাৰ বাবেসমাজত বাঢ়ি গৈছে অনৈতিক কাম কাজ সমূহ, যেনে_ চুৰি, ডকাইতি, ধৰ্ষণ, হত্যা, আত্মহত্যা, সংসাৰিক অশান্তি ইত্যাদি। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বাস কৰে। তাৰে বিভিন্ন জনগোষ্ঠী সমুহত অতীতৰে পৰা পৰম্পৰা হিচাপে চলি আহিছে সুৰা প্ৰস্ততকৰণ আৰু সুৰাপান। কোনো কোনো জনগোষ্ঠীৰ সুৰা জনপ্ৰিয় পানীয়। সুৰা বিভিন্ন জনগোষ্ঠীৰ মাজত বিভিন্ন নামেৰে জনাজাত। যেনে— মিচিং সকলোৰ 'আপাং', কাৰ্বি সকলোৰ 'হৰনং', বড়ো সকলোৰ 'জৌ' ইত্যাদি। জনগোষ্ঠীসমূহে বিভিন্ন প্ৰকাৰে ভাত, আপেল, আঙুৰ, আদা আদিৰে সুৰা তৈয়াৰ কৰি পান কৰে। কিন্ত চিন্তনীয় দিশ হৈছে— পৰম্পৰাৰ নামত ভবিষ্যৎ প্ৰজন্মক অন্ধকাৰলৈ ঠেলি দিয়া কিমানদূৰ সমীচিন হব? অসম কৃষিপ্ৰধান ৰাজ্য। অসমৰ ৯০% মানুহে কৃষি কৰ্মৰ সৈতে জড়িত। সুৰাই এই মানুহখিনিক বাৰুকৈয়ে প্ৰভাৱাম্বিত কৰিছে। স্বাধীনতাৰ পূৰ্বে ইংৰাজসকলে অসমীয়া মানুহক নিষ্কৰ্মা আৰু মানসিকভাৱে অসুস্থ ৰাখিবলৈ কানি, গাঞ্জাৰ নিশাত আসক্ত কৰিছিল। তেতিয়া অসমত পূৰ্ণ গতিত প্ৰচলিত হৈছিল 'কাণিয়া সভা'ৰ। ইয়াক মাদাক নামেৰেও জনা যায়। এই সভাত ভাগ লোৱা কৃষক মানুহৰ কি দূৰ্দশা হৈছিল সেয়া বিভিন্ন কিতাপ পত্ৰ বা মানুহৰ মুখত শুনা যায়। নিশাসক্ত জমিদাৰ মানুহো মাটি-ভেটি বিক্ৰী কৰি ৰুগীয়া দেহাৰে বাটত পৰি থাকিছিল মৃত্যুলৈকে। সেই দূৰ্দশাৰ ছবি অতীত হৈ যোৱা নাই। এতিয়াও বাটে-ঘাটে পৰি থকা দেখা যায় নিশাসক্ত মানুহ। মাথোঁ কানিৰ পৰিৱৰ্তে সুৰাই ঠাই পাইছে। কিয়নো বৰ্তমান অতি সহজলভ্য সুৰা। যাৰ বাবে বহুতো যুৱক, কৃষক সুৰাৰ ৰাগীত নিষ্কৰ্মা আৰু বেমাৰী হৈ মাটি বাঢ়ি বিক্ৰী কৰিবলগীয়া হৈছে। তদুপৰি সুৰাসক্তৰ ঘৰত ঘৰুৱা অত্যাচাৰ আৰু অশান্তি যে শিশুৰ মানসিক বিকাশক বাধাগ্ৰস্থ কৰি তোলে, লগতে শিক্ষাৰ ক্ষেত্ৰখনতো পিছ পৰি থাকিবলগীয়া হয়, তেনেক্ষেত্ৰত সমাজ তথা দেশৰ উন্নতি কেনেকৈ সম্ভৱ? অসমত সুৰাসক্তৰ ফলত বিভিন্ন পাপ কাৰ্য্য সংঘটিত হৈ আহিছে, বৰ্তমান সঘনাই টিভিৰ পৰ্দাত ভাহি উঠে সুৰাপায়ী অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ পিতৃহত্যা কৰা অসহায় হাতদুখন। কেতিয়াবা দেখা যায় অভিভাৱকক অনুসৰণ কৰি কম বয়সীয়া শিশুও সুৰাৰ আসক্ত হৈ পৰে। শিশুৰ কাম কাজ সদায় chain system হোৱা দেখা যায়, অৰ্থাত গাঁৱৰ এজন লৰা সুৰাসক্ত হ’লে চাওঁতে চাওঁতে তাৰ বন্ধু বৰ্গৰ মাজত বিয়পি যায়। National Survey on Drug use and health-ৰ এক তথ্য মতে ভাৰতত ১২-১৭ বছৰৰ শিশু সুৰাসক্তৰ সংখ্যা ২৪.৪০%, ১৪-২৫ বছৰীয়া সকলৰ সংখ্যা ৮২.৪%, আৰু ২৬-ৰ পৰা ওপৰৰ বয়সীয়া সকলৰ সংখ্যা ৮৭.১০৮%।

সমাজৰ সৰু ডাঙৰ সকলোকে সুৰা পান কৰি উদ্ভণ্ডলি কৰা দেখা যায়। এই ক্ষেত্রত স্কুল কলেজীয়া শিক্ষাৰ্থীসকল অন্যতম। প্ৰায়ে দেখা যায় আধুনিকতাৰ নামত মাজ ৰাতিলৈ পাৰ্টী কৰি ৰাজপথত উদ্ভাণ্ডালি কৰি আমাৰ বাপতি সাহোন সংস্কৃতি ভৰিৰে গছকা। ইয়ে জীৱনলৈ অনিশ্চয়তা কঢ়িয়াই অনে লগতে ই দূৰ্ঘটনাৰো অন্যতম কাৰক। এক তথ্য মতে ২৫% ৰাস্তাৰ দূৰ্ঘটনাৰ বাবে দায়ি সুৰা। অকল পুৰুষেই নহয় বৰ্তমান নাৰীসকলোৰ মাজতো প্ৰসাৰিত সুৰা। অপ্ৰিয় হ’লেও সত্য, ভাৰতৰ ভিতৰত অসমত সুৰাপায়ি নাৰী সৰ্বাধিক। RGI-ৰ অনুসন্ধানৰ তথ্য অনুসৰি কেইখনমান আগশাৰীৰ ৰাজ্যৰ সুৰাপায়ি পুৰুষ মহিলাৰ সংখ্যাৰ অনুপাত এনে ধৰণৰ—

ছত্তিচগড়— পুৰুষ— ৩১.৬%, মহিলা—৭.৪%, ঝাৰখণ্ড— পুৰুষ— ২৪.৬১%, মহিলা— ৮.২%, অসম— পুৰুষ— ২৩.৮%, মহিলা— ৯.৫%, উৰিষ্যা— পুৰুষ— ২১.৪%, মহিলা— ৪.৫%। সৰ্ব ভাৰতীয় হিচাপে মহিলাৰ সুৰা পানৰ সংখ্যা তুলনা কৰিলে দেখা যায়— প্ৰতি ছয়জন পুৰুষৰ বিপৰীতে এজন মহিলা সুৰাসক্ত। ইয়াৰ বাবে কাক দোষাৰোপ কৰিব? সকলোৰে জ্ঞাত সুৰাপায়ী মহিলা এজনে গৰ্ভধাৰণ কৰিলে গৰ্ভজাত শিশুও ইয়াৰ কুফলৰ পৰা ৰক্ষা পাব নোৱাৰে, তথাপি চলি আছে সুৰাৰ ৰমৰমীয়া বজাৰ। চৰকাৰেও নেদেখা কুলিৰ ভাও দিয়ে, মানুৰ জীৱন লৈ হেতালি খেলা সুৰাৰ দোকানৰ বাবে প্ৰশাসন তথা চৰকাৰে অতি সহজে অনুমতি দি দিয়ে। সুৰাসক্ত মানুহৰ চিকিৎসা ব্যৱস্থা কৰা উচিত, তাকে নকৰি সুৰাৰ নিচাত মাতাল হৈ থাকিবলৈ সুৰাৰ ব্যৱসায়ৰ অনুমতিদি ইয়াকে সুচায় যা সমাজ পংগু হ, নিচাত ডুব হৈ থাক আমি তহঁতৰ তেজ শুহি খাম। এয়াই বৰ্তমান অসমৰ অৱস্থা, নহলেনো বিহাৰৰ নীতিশ কুমাৰৰ দৰে চৰকাৰে সুৰা নিষিদ্ধ নকৰে কিয়? কোনো নিষেধাগ্যা নপোৱাৰ ফলত অতি সহজে কম বয়সীয়া সকলোৰ পৰা আৰাম্ভ কৰি বৃদ্ধ লৈ সকলোৱে হাতৰ আগত সুৰা পাই আৰু তীব্ৰ গতিত সুৰাসক্ত হৈ আছে। এনে ক্ষেত্ৰত অসমৰ সৰ্বাংগীন উন্নতি কেনেকৈ সম্ভৱ?সুৰা সেৱনৰ ফলত পাচনতন্ত্ৰৰ বিকৃতি, যকৃতৰ মেদবহুলতা। মুখ, কন্ঠনলী, যকৃত, স্তনৰ কেঞ্চাৰ ইত্যাদি বেমাৰে দেখা দিয়ে। মদে মানুহক কেতিয়া গ্ৰাস কৰে সুৰাসক্তজনে বুজিয়ে নাপায়। নিশাসক্তজনৰ Breathing slow হৈ পৰি মৃত্যুকো সাৱটি লয়। তাৰোপৰি সুৰাপায়ীৰ Hyptherma, Hallucination, Etereme agitation or Anxiety, Naurea or Vomiting, persistent Insamnia, Sezures ইত্যাদি সমস্যাবোৰৰ প্ৰভাৱত মানুহক তীব্ৰ গতিৰে মৃত্যুমুখত ঠেলি দিয়ে। WHO ৰ তথ্য মতে সুৰাপানৰ বাবে ২.৫ মিলিয়ন মানুহৰ মৃত্যু হয় এটা বছৰত, তৰে ৩২০, ০০০ হাজাৰ ১৫_২৯ বছৰৰ যুৱকৰ মৃত্যু হয়। এজন সুৰাসক্ত ব্যক্তি নিজৰ লগতে আনৰ বাবেও বিপদজনক। সুৰা শৰীৰৰ ভিতৰত যোৱাৰ লগে লগে মানুহজনৰ মতিভ্ৰম(Hallucination) হৈ নিজৰ বিবেক বুদ্ধি হেৰুৱাই পেলায় লগতে আক্ৰমণাত্মক (Sejiures) হৈ পৰে। লগতে নিজৰ কৰ্ম চালিকা শক্তি হেৰুৱাই পেলায়। সুৰা সেৱনৰ ফলত মানুহৰ চিন্তা শক্তি লোপ পায়, গতিকে সৃষ্টিশীলতা নোহোৱা হৈ পৰে। কৰ্মশক্তিহীন আৰু সৃষ্টিশীলতাহীন মানুহৰ দ্বাৰা কেনেকৈ প্ৰগতি সম্ভৱ?উদাহৰণস্বৰূপে অসমৰচাহ জনগোষ্ঠীৰ কথা ধৰি লও— এজন শ্ৰমিকে গটেই দিন চাহ বাগিচাত শ্ৰমিকৰ কাম কৰি নূন্যতম হাজিৰাৰে ঘৰখনে নচলে ভালকৈ, তেনেক্ষেত্ৰত যিসকল সুৰাসক্ত তেওঁলোকে সেই নূন্যতম মজুৰিৰ পৰা প্ৰতি ৰাতি ৪০-৫০ টকাৰ সুৰা খাই ঘৰখনত অপ্ৰীতিকৰপৰিস্থিতি সৃষ্টি কৰি এটা সময়ত মৃতদেহৰ দৰে পৰি থাকে। পৰিয়ালৰ লগতে সুৰাপায়ীজনক বেমাৰৰ লগতে দৰিদ্ৰতাই গ্ৰাস কৰে। লৰা ছোৱালীৰ শিক্ষাৰ কথা ভাবিবই নোৱাৰে। ল’ৰা-ছোৱালীৰ দেহত ফটা কাপোৰ আৰু চকুত ভোকৰ ছবিৰে পুষ্টিহীনতাত ভোগা দেহ। সুস্থ শিশুক দেশৰ সোণালী ভবিষ্যত বুলি কোৱা হয়। কিন্তু পুষ্টিহীন দেহ আৰু মানসিক বিকাশত বাধা পোৱা শিশুৱে কিমানদূৰ আগবঢ়াই লৈ যাব পাৰিব দেশৰ উন্নতি সেয়া চিন্তনীয়। এজন মানুহে সুৰাপানৰ বাবে যি টকা ব্যয় কৰে সেই টকাৰে ভাল খাদ্য খাই শৰীৰৰ সুস্থ ৰাখি দেহৰ কৰ্ম চালিকা শক্তি অটুট ৰাখিব পাৰে, নাইবা লৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্রতব্যয় কৰিব পাৰে। প্ৰতিজন মানুহক দেশৰ মানৱ সম্পদ। দেশৰ প্ৰতিজন মানুহ সুস্থ, কৰ্মক্ষম আৰু শিক্ষিত হলে দেশৰ ভবিষ্যত উজ্জ্বল হয়। কিন্তু সুৰা পান কৰা মানুহ কৰ্ম চালিকা শক্তি হেৰুৱাই সংসাৰ তথা দেশৰ উন্নতিৰ ঠাইত প্ৰচীৰ হৈ থিয় দিয়ে। সেয়েহ আমি কব পাৰোঁ অসমৰ সৰ্বাংগীন উন্নতিৰঅন্যতম অন্তৰায় সুৰা। ইয়াক সমাজৰ পৰা নিৰ্মূল কৰিবৰ বাবেসজাগতাৰ সৃষ্টি কৰা প্ৰয়োজন আৰু চৰকাৰেও ইয়াক কঠোৰ ভাবে নিষিদ্ধ কৰা উচিত। তাৰ বাবে নিচাজাতীয় দ্ৰব্য নিষিদ্ধ আইন প্ৰকৃতাৰ্থত কাৰ্যকৰী কৰা প্ৰয়োজন।