ফাগুনৰ ৰং দুহাতত লৈ আহানা তিতোঁ ফাগুনৰ বলিয়া বৰষুণত

ৰিমঝিম ফাগুনৰ বলিয়া বৰষুণ
এই আহানা বৰষুণত তিতোঁ
বাকহীন অভিমানবোৰ
সেউজহীন সপোনবোৰ  পাহৰি
দুহাত প্ৰসাৰি দিওঁ দুয়ো একেলগে
নৈ এখন উজাই যাওঁক বুকুৰ পৰা বুকুলৈ।

পঞ্চ সুৰত বিভোৰ হৈ
বৰষুণজাকে  দুৱৰিৰ বুকুত ঢৌ খেলিছে
আমিও যাওঁ বলা
নি:শব্দে নিৰৱে
চঞ্চল ঢৌৱে ঢৌৱে
কোমল খোজবোৰ বঢ়াই
বুকুত উজাই আহা  কেচা সুবাসেৰে
কবিতাৰ  এটি এটি শব্দ  সিয়াই।

যাওঁ  বলা  কৃষ্ণচূৰা ফুলা আকাশত
মই হম মেঘবালিকা আৰু তুমি...
তুমি হবা মেঘমল্লাৰ
হাঁহি হাঁহি সূৰ্য্যক্ৰান্তি আহিব বকেয়াদি
ৰামধেনুৰ ৰংবোৰ হাতত লৈ,

এৰা!বেহিচাপি

সপোনবোৰ এনেকুৱাই
আশাবোৰক খুদকন দি
আন্ধাৰতো পাহাৰ বগায়।

আজি বেহিচাপি হব দিয়ানা
তুমিও হোৱা
 আৰু শুনানা
বৰষুণৰ  মধুৰ ৰাগ!
টিপ টিপ টিপ টিপ
পলাশৰ ৰং সানি
বলা আমিও গুণগুনাও এটি  গান,

বৰষুণে জীপাল কৰিব
তোমাৰ নিভাজ চাওঁনি আৰু উষ্ম উশাহ
যেন দুপৰীয়াৰ  ৰ'দ আৰু দক্ষিণা বতাহ
বুকুত মেলি দি
পোৱৰ দিম অনন্তকাল
এই আহানা তিতোঁ ফাগুণৰ বলিয়া বৰষুণত ।৷







Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)