শেহতীয়া লেখা

যুদ্ধৰ মৰণবেদিত ঈশ্বৰৰ আৰ্তনাদ

হুটুঙা-হুটুঙ শব্দৰে
লোহোৰা -লোহোৰ দুহাত মেলি
পৰ্ণদাহ যেন দহি যায় গাওঁবোৰ,চহৰবোৰ
ধুম-নাঙঠ কৰি,
হিংস্ৰ মিচাইলবোৰো আকাশখন ধ্বংস কৰে।
.
যুদ্ধই সকলোকে মৰণবেদিত সজায়
বিষ্ময়ত কপি উঠে গধূলি ,
ৰহস্যময় ভয়াবহতাৰ চেকা লৈ
দিগন্তৰ বালিত মুৰ্চা যায় বেলি,
ধ্বংসস্তুপ বতাহত ওলমি ৰয়
আন্ধাৰৰ অসহায় চকুবোৰ
প্ৰাৰ্থনাৰত হাতবোৰ।
.
কহুৱা-কোমল শিশুদেহৰ সুগন্ধি ,
লবনুকোমল দেহত
গোলাপৰ পাহ যেন ওঁঠত হাঁহি ,
চাই ঈশ্বৰেও আত্মসমৰ্পণ কৰে,
কিন্তু যুদ্ধই দৌৰি আহে হাঁহি আজুৰিবলৈ।
যুদ্ধই নেদেখে
কোন--- হিন্দু
কোন -- মুছলমান
কোন -- খৃষ্টান
যুদ্ধই সোমাব পাৰে মদজিত,মন্দিৰ অথবা গীৰ্জাত।
.
হিৰোচিমাৰ পৰা পেলেষ্টাইনলৈ
কাৰ্গিলৰ পৰা চিৰিয়ালৈ
আফগানৰ পৰা আমেৰিকালৈ
কত কাল কত দেশ ঘূৰি নাপালোঁ
যুদ্ধই দিয়া শান্তিৰ বতৰা,
মাথোঁ বিষ্ফৰণত কপি উঠিল
মোৰ বিপ্ৰলব্ধ বিলাপ।
.
যুদ্ধৰ আখৰা কৰা সীমান্তৰ সৈনিকজনে কয়
'শতৰুৰ বুকু ভেদি আগবাঢ়ি যাম'
সেই সৈনিকজনক কোনে কব
মৃত্যুয়ে মৃত্যুৰ কথা কয়,
কোনে দিব সেই মাতৃজনৰ বাৰ্তা ?
যাক স্বাধীনতাৰ নামত উপহাৰ দিয়ে
এটা কাঠৰ বাকচ,
যাৰ মাজত যুদ্ধত ৰক্তাক্ত সৈনিক পুত্ৰ,
পলকতে স্তব্ধ হৈ পৰে পৃথিৱী ।
.
ক্ষমতা পিপাসুবোৰে যুদ্ধক স্ত্যন্যদান কৰে
আদেশ দিয়ে সীমাৰেখাবোৰ জীয়াই তুলিবলৈ,
যুদ্ধই মৃত্যুক আশীৰ্বাদ দিয়ে
সেউজী অৰণ্য টুকুৰা টুকুৰ হয়,
ৰ'দৰ চিঠিয়ে মেলি দিয়ে তেজৰ ৰং।
চদ্মবেশীবোৰে পোহৰত এটি এটি
বকুলমালা দিয়ে মৰিশালীত,কবৰ অথবা গীৰ্জাত।
.
আপুনি বাৰু চাইছিনে যুদ্ধ বিধ্বস্ত চনপৰা পথাৰ
যত তেজতিতা মাটিত পৰি ৰয়
মাতৃৰ ৰক্তহীন হাতৰ চেপাত
কনমানি শিশুটি পিয়াহ বিচাৰি!!!
মাতৃৰ বুকুত আত্মগোপিত শিশুৰ
আতঙ্কৰ চিত্র অঙ্কিত নিস্তেজ স্হিৰ চকুহালত!!!
তথাপিও কিয় বাৰু আপুনি যুদ্ধৰ বাবে উদ্মাদ??