প্ৰেম পত্ৰ2



এখোজ দুখোজকৈ আহিছা
মোৰ নাঙঠ অৰণ্যত
ওঁঠত মদাৰৰ  ৰং
বুকুতো সৃষ্টিৰ অফুৰন্ত অনিমেষ
অৰণ্যত এতিয়া ৰঙা জুই৷


ফাগুন হৈ বহিলাহি
কাঞ্চন ফুলা খোপাত
এতিয়া ধুমুহা বলিছে,
চুলিৰ ভাজেৰেই ব’হাগ নামিব
অথবা ব’হাগৰ প্ৰথমজাক বৰষু৷

আকাশ সেউজীয়া হ’ব
ডাল পাত সকলো সেউজীয়া হ’ব
সেউজীয়া এটি নৈ বব
মোৰ প্ৰিয়তম
তোমাৰ হৃদয়খনো সেউজীয়া হ’বনে??
--


দুপৰীয়া কমলাৰঙী ৰ’দত
সাগৰীয় উপকূলত দুয়ো
আকুল দৃষ্টি স্বপ্নবিভোৰ
সাগৰীয় টৌবোৰ চাই থাকোতেই
সময় গলি সৰিল ...৷

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)