প্ৰেম পত্ৰ 3



জোৱাৰভাটাই আমাক গিলিব পাৰে
আজি নহয় মৃত্যুক অৱহেলা কৰি
মূহুৰ্তবোৰ প্ৰেমৰ নামত উৎযাপন কৰোঁ
প্ৰেমৰ ভৰিৰ নুপুৰ
বাজি উঠক আকাশৰ বুকুত৷

১০
মৃত্যু চিৰশান্তিৰ নিৰ্মম বাস্তৱ
প্ৰেম হাজাৰ মৃত্যুৰ নক্ষত্ৰ
প্ৰেম নক্ষত্ৰতকৈও উজ্বল হয়
যেতিয়া তোমাৰ চকুত শুই থাকে
আৰু মই .
ওলমি থাকোঁ তোমাৰ চক্ষুপল্লৱত  ৷
   ১১
কি যে সাথৰ
আন্ধাৰেওঁ নক্ষত্ৰবোৰৰ প্ৰেমত পৰে
নক্ষত্ৰবোৰো আন্ধাৰৰ প্ৰেমত পৰে
নহলেনো অহোৰাত্ৰি উজাগৰে থাকি
দুয়ো প্ৰেমৰ মন্ত্ৰ আওৰায়নে?

১২
জোনাকীয়ে ৰাতিৰ বুকুতে কিয় নাচে?
ফুলবোৰে কাৰ বাবে আৱৰণ খুলি
নতুনকৈ সাজোন কাচোন কৰে?
আচলতে ৰাতিটোৱে দুষ্ট প্ৰেমিক
এয়া চঞ্চল বতাহেও জানে৷
(আগলৈ..)

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)