আপুনি জানেনে সফল জীৱনৰ মূল চাবিকাঠি কি? p-2

 আত্ম অনুসন্ধান

 # find oneself # search oneself#descover oneself

আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল নিজক বিচৰা অৰ্থাৎ আত্ম অনুসন্ধান। আমি খাই বৈ দিন ৰাতি পাৰ কৰি আছোঁ ঠিকেই কিন্তু আমি নিজক নিজে নাজানোঁ। আমি নিজক চিনি নাপাও বাবেই পৃথিৱীৰ সৌন্ধৰ্য্য আৰু সত্যৰ পোহৰক উপলব্ধি কৰিব নোৱাৰোঁ। সত্য আৰু সুন্দৰৰ উপলব্ধি কৰিবলৈ হলে প্ৰথমে আমি আত্ম অনুসন্ধান কৰিব লাগিব। আত্ম অনুসন্ধান কৰিব পাৰিলে পৰমাত্মাৰ সন্ধান কৰিব পাৰি। আত্ম অনুসন্ধানৰ দিশে আগবাঢ়ি যোৱা মানে আমি সত্যৰ সন্ধানত যোৱা। সত্যৰ পথত গলেহে আমি আমাক উন্নতি আৰু সফলতাৰ দিশে আগবঢ়াই লৈ যাব পাৰিম। সেয়ে চক্ৰেটিছে কৈছিল " know thyself"অৰ্থাৎ নিজক জানা । নিজক জানিব পাৰিলেই সৃষ্টিকৰ্তাৰ নৈকট্য লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে সৃষ্টিকৰ্তাই দিয়া শক্তিৰ মহত্ব বুজি উঠাৰ লগতে আমাৰ জীৱনটোযে মূল্যবান তাক উপলব্ধি কৰিব পাৰিব। আপুনি পোৱা মূল্যবান জীৱনটো অনাই বনাই থাকি , বেকাৰ জীৱন ভাবি ভাবি অভাৱত জীৱনৰ সময় অপচয় নকৰি নিজৰ জীৱনক মূল্য আপুনি দিব জানিব লাগিব। জীৱনক সদায় সূখী ৰাখিবলৈ চেষ্টা কৰিব লাগিব । তাৰ বাবে জীৱনত মহৎ উদ্দেশ্য থাকিব লাগিব । সেই উদেশ্যত তেতিয়াই উপনিত হ'ব পাৰিব যেতিয়া অকল নিজৰ স্বাৰ্থৰ কথা নাভাবি আনৰ বাবে ভাবিব পাৰিব , অৰ্থাৎ অসহায় আৰ্তজনক সহায় কৰিবলৈ মনতে থিৰাং কৰি লব। আনক সহায় তেতিয়াই কৰিব পাৰিব যেতিয়া আপুনি নিজেই সফল হ'ব পাৰিব । এই সফলতা প্ৰাপ্তি কৰিবলৈ আপোনাৰ আত্মবিশ্লেষণ , আত্ম অনুসন্ধান , আত্মবিশ্বাস , ধৈৰ্য্য আদি থাকিব লাগিব লগতে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।তাৰ বাবে প্ৰথমে নিজে নিজক প্ৰশ্ন কৰক -‘  মই কোন?’ এই প্ৰশ্নৰ মাজতে সকলো উত্তৰ পাই যাব৷নিজক বুজাৰ চেষ্টা কৰক , নিজৰ ভিতৰৰ শক্তি চিনাক্ত কৰক, তেতিয়া আপুনি ভৱা ধৰণেই জীৱনক সফলতাৰ দিশে আগবাঢ়িব পাৰিব৷

 সফলতাৰ দিশে আগবাঢ়িবলৈ ভুল পথ অৱলম্বন নকৰিব৷ভুল পথ অৱলম্বন কৰি কেতিয়াও সফলতা প্ৰাপ্তি কৰিব নোৱাৰে , কিছুমানে ভুল পথত গৈ আৰ্থিক উন্নতি কৰে যদিও তাক সফলতা কব নোৱাৰি ,তেনেকুৱা মানুহ কেতিয়াও জীৱনটোক সুখি কৰিব নোৱাৰে বা সুখি হ'ব নোৱাৰে । তেনেকুৱা মানুহক সমাজেও অৱজ্ঞা কৰে আৰু মৃত্যুৰ পিছত পাহৰি যায়। তেনে মানুহে কেতিয়াও আত্ম অনুসন্ধান নকৰে । আত্ম অনুসন্ধানে আপোনাক ভুল পথৰ পৰা আতৰাই ৰাখিবলৈ সহায় কৰিব। আপুনি কোন আৰু কি কৰিব পাৰিব সেয়া আত্ম অনুসন্ধান কৰিলেহে জানিব পাৰিব। মানৱ জীৱনৰ পৰম সত্য হ'ল মৃত্যু। আমি সকলোৱে মৃত্যুক আকোৱালী লবই লাগিব । কিন্তু তাৰ ভিতৰত অৰ্থাৎ জন্ম আৰু মৃত্যুলৈকে থকা সময়খিনি এক কঠিন বাস্তৱ। এই সময়খিনিৰ ভিতৰত আপুনি এনে কিছু কাম কৰি যাব লাগিব , যিটোৱে আপোনাৰ জন্মৰ কিছু হলেও এই পৃথিৱীত অৱদান ৰাখি যাব পাৰিব। তাৰ বাবে আমি ভাল কৰ্ম কৰি যাব লাগিব। মনত ৰাখিব অকল কৰ্ম কৰাই সকলো নহয় । উদ্দেশ্য মহৎ হ'ব লাগিব, উচ্চ আকাঙ্খা, কামত বিচক্ষণতা থাকিব লাগিব , নহলে সফল হ'ব নোৱাৰে। অকল পৰিশ্ৰমে সকলো হলে দিন হাজিৰা কৰা ব্যক্তি সকল পৃথিৱীৰ ভিতৰতে ধনী ব্যক্তি হলেহেঁতেন। তেওঁলোকে মাত্ৰ এটা উদেশ্য লৈয়ে কাম কৰে জীয়াই থাকিবলৈ প্ৰয়োজনীয়খিনি যাতে পাব পাৰে।

তাকে নকৰি কোনো মজদুৰে যদি ভাবি লয় মই এদিন মালিক পক্ষত থিয় হ'ম আৰু এই মজদুৰ ভাই সকলক খাদ্য বস্ত্ৰ, বাসস্থান বিনামূলীয়াকৈ দিম তেন্তে সি উপযুক্ত পৰিকল্পনা কৰি নিজে কাটি লোৱা বাটেৰে যদি আগবাঢ়ে তেন্তে এদিন নিশ্চয় সফলতাৰ উচ্চ শিখৰত উপস্থিত হ'ব পাৰিব। প্ৰথমে নিজক লৈ ভাবিব পাৰিব লাগিব তেতিয়াহে আপুনি আপোনাৰ ভিতৰৰ শক্তি উপলব্ধি কৰিব পাৰিব। পৃথিৱীৰ কোনেও সফলতা কান্ধত কঢ়িয়াই লৈ নাহে , আপোনাৰ ,আমাৰ মাজৰ পৰাই মানুহ সফলতা প্ৰাপ্তি কৰে। আপুনি ভাবিব পাৰে মই পঢ়ি শুনি সৰু সুৰা চাকৰি এটা পালে সংসাৰখন ভালে ভালে চলাব পাৰিলেই মই সফল । এয়া আপোনাৰ ভুল ধাৰণা । আপুনি তেতিয়া হে সফল হ'ব যেতিয়া আপোনাৰ পৰিয়ালৰ লগতে সমাজৰ আন দহজনৰ বাবে কাম কৰিব পাৰিব , দৰিদ্ৰজনক সহায়ৰ হাত আগবঢ়াব পাৰিব। তেতিয়াহে আপুনি জীৱনত নূন্যতম হলেও সফল বুলি ক'ব পাৰিব।

প্ৰথমে আপুনি আপোনাৰ সপোন পূৰণ কৰিবলৈ কেনেকৈ আগবাঢ়িব তাৰ পৰিকল্পনা কৰক । বৃহৎ সপোন দেখাটোও গুৰুত্বপূৰ্ণ কাম। আপোনাৰ জীৱনত কোনো সপোন নাথাকিলে কোনো লক্ষ্য বা উদ্দেশ্য নাথাকিব । উদ্দেশ্যহীন জীৱন মৃত্যুতুল্য। তেনে জীৱন লৈ এই পৃথিৱীত জীয়াই থকা নথকা একেই কথা , অৰ্থাৎ কোনো অস্তিত্ব নাথাকে আপোনাৰ । গতিকে নিজৰ মাজত লুকাই থকা প্ৰতিভাখিনি আৰু শক্তি চিনাক্ত কৰি সেই মতে নিজৰ বাট কাটি সফলতাৰ দিশে আগবাঢ়ক । এটা কথা সদায় মনত ৰাখিব , আপোনাৰ বাট আনে কাটি নিদিয়ে । সন্মুখত যিমানেই পাহাৰ , হাবি জংঙ্ঘল নাথাকক কিয় , নিজৰ বাট নিজেই কাটিব লাগিব। আনৰ সহায়লৈ ৰৈ নাথাকিব ।

নিজৰ উদ্দেশ্যৰ কথা আগতেই প্ৰকাশ নকৰি নিজৰ উদ্দেশ্যৰ দিশত নিজে চুপ চাপে আগবাঢ়ি যাওঁক, কাৰণ আপুনি কিবা এটা ভাল কাম কৰিব বিচাৰিলে বহুতেই অতিৰক্ত প্ৰশংসা কৰি পেলাব , তেতিয়া আপোনাৰ একাগ্ৰতা কমি যোৱাৰ লগতে অধ্যাৱসায়ো কমি যাব , কাৰণ অতিৰক্ত প্ৰশংসাই অত্যাধিক আত্মবিশ্বাসী কৰি তুলিব । যিকোনো বস্তু বা বিষয়ে অত্যধিক বেয়া ।

আনহাতে কিছুমানে আপোনাক তলত নমাবলৈ চেষ্টা কৰি থাকিব গোপনে । লগতে আন কিছুমানে আপোনাক অত্যাধিক সমালোচনা কৰিব , সমালোচনা গ্ৰহণ কৰিব পৰা ক্ষমতাটো ভাল কিন্তু অত্যাধিক সমালোচনাই আপোনাৰ মানসিক ভাৱে আঘাত কৰিব পাৰে। গতিকে আপুনি প্ৰথমেই সকলোৰে আগত উদ্দেশ্য বাখ্যা কৰাতকৈ তেনে দুই এজন মানুহৰ পৰা পৰামৰ্শ লব পাৰে যিয়ে আপুনি ভুল কৰিলে আঙুলিয়াই দিব লগতে পৰামৰ্শও দিব। বাকী উদ্দেশ্যৰ দিশে আগবাঢ়ি যোৱাটো আপোনাৰ কাম। তাৰ বাবে প্ৰথমে আত্ম অনুসন্ধান কৰি নিজৰ জীৱনৰ মহৎ উদ্দেশ্য ঠিক কৰি লওঁক।

মোৰ কথাকে কও - মোৰ সাহিত্যৰ প্ৰতি অনুৰাগ স্কুল কলেজীয়া দিনৰে পৰা । তেতিয়াৰ পৰাই নানা গল্প , উপন্যাস আদি পৰিছিলোঁ আৰু লিখিবলৈ চেষ্টা কৰি আহিছোঁ। যদিও সেয়া সাহিত্য বুলি ক'ব নোৱাৰি , অনুভৱবোৰ উকা কাগজত লিপিব্ধ হৈছিল । তথাপিও চেষ্টা কৰি আছিলোঁ যদিও সেয়া পৰিকল্পিত নহয় । কলেজীয়া শিক্ষা সমাপ্ত হোৱাৰ পিছতেই মোৰ বিয়া হ'ল । বিয়াৰ পিছত পৰিৱেশ সম্পূৰ্ণ সলনি হ'ল । মই যে লিখিব পাৰোঁ সেয়া পাহৰি গলোঁ। মোৰ অস্তিত্ব যেন পাহৰি পেলালোঁ। এনেকি মানসিকভাৱেও অসুস্থ হৈ পৰিলোঁ। কেইবছৰ তেনেকৈ পাৰ হ'ল । এদিন মই নিজক উদ্ধাৰ কৰিবলৈ নিজৰ সৈতে বহিলোঁ । আত্ম অনুসন্ধান কৰিলোঁ। মই মোৰ অস্তিত্ব অনুভৱ কৰিবলৈ ধৰিলোঁ। মোক মই বিচাৰি উলিয়াই আন্ধাৰবোৰ আতৰাই পোহৰৰ দিশে আগবঢ়াই লৈ যাবলৈ দৃঢ় কৰিলোঁ। সেই মতেই মই উদ্দেশ্য আগত ৰাখি কলম হাতত তুলি লৈছোঁ । যিমাদূৰ আগবাঢ়িব লাগিছিল যদিও সিমানদূৰ আগবাঢ়িব পৰা নাই তথাপিও মোৰ বিশ্বাস মই সফল হমেই । এতিয়লৈকে সফল হ'ব পৰা নাই যদিও নিজক লৈ সুখি , কাৰণ কিবা এটাতো কৰি আছো নিজৰ বাবে আনৰ বাবে ।এই সুখখিনিয়েই মোৰ প্ৰাপ্তি। ( আগলৈ......)

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)