সুস্থ চিন্তা

 

1) সুস্থ সমাজ বিচাৰিলে প্ৰথমে নিজৰ মানসিকতা সুস্থ কৰক , নিজৰ ঘৰখন সুস্থ কৰক । সুস্থ মানসিকতা আৰু সুস্থ ঘৰেই সুস্থ সমাজৰ মূল ভেটি।

2) নিজৰ ঘৰখনৰ পৰিৱেশ উন্নত কৰিব বিচাৰিলে প্ৰথমে নিজৰ মনোভাৱ , নিজৰ চিন্তাশক্তিৰ উৎকৰ্ষ কৰক । 

3) এজন মানুহ বয়সত ডাঙৰ হলেই তেওঁ ডাঙৰ হৈ নাযায় , চিন্তাচৰ্চা আৰু কৰ্মইহে মানুহক সৰু বা ডাঙৰ কৰে ।

4) যিয়ে নিজৰ মাকক সন্মান কৰিব নাজানে , তেওঁ পৃথিৱীৰ আন কোনো মানুহকে সন্মান কৰিব নাজানে , এনেকি নিজকো সন্মান নকৰে । এনে মানুহৰ পৰা সদায় দূৰত থকাটোৱে শ্ৰেয়।

5) মইবৰ ভবা মানুহক কেতিয়াও মানুহে সন্মান নকৰে , আনহাতে হীনমান্যতাত ভুগি নিজৰ দোষবোৰ ঢাকি থৈ আনক দোষাৰোপ কৰি থাকিলেও মানুহে তাক ভাল নাপায় , সেয়েহ সদায় নিজৰ মানসিকতা উন্নত কৰাৰ চেষ্টা কৰক ।



 

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু