ভোক

ভোক 
✍ বেগম আছমা 

মানুহৰ ভোকৰ মৃত্যু নহয়
আদিৰ পৰা অনাদিলৈ ভোক থাকিব
কিছু ভোক দমন হৈ থাকে 
কিছু ভোক সদায় জাগ্ৰত । 

বস্তিৰ ছোৱালীজনীৰ ভোক লাগিলে
মাকে কয় - কাণ উনাই শুন 
ছোৱালীজনীয়ে  কাণ উনাই শুনে
ভোকাতুৰ কেছুৱাৰ কান্দোন 
তাইৰ ভোক গুছি যায় । 

খেতিয়কৰ ল'ৰাজনৰ ভোক লাগিলে
দেউতাকে কয় পথাৰক স্মৰণ কৰ
ল'ৰজন ভাতৰ পাতত বহি
পথাৰক স্মৰণ কৰে
তাৰ ভোক গুছি যায় । 

বুকুত বিপ্লৱ স্পন্দিত ডেকাৰ ভোক লাগিলে
সন্মুখত লেলিন আহি কয়
অন্যায়ৰ পাৰ ভাঙি মুক্তিৰ গান শুনা
লেলিনৰ মুষ্টিবদ্ধ হাত 
আৰু উদত্ত  কন্ঠ শুনি
তাৰ পেটৰ ভোক গুচি যায়। 

সীমাহীন অভাৱ আচঁলত লৈ থকা 
মাকৰ পেটত ভোকে চিঞৰি থাকিলেও
মাকে সন্তানৰ চিঞৰ শুনে
- মা ভাত দিয়া , ভাত দিয়া না মা ভোক লাগিছে,--
এই লাগামহীন ভোকৰ চিঞৰত 
মাকৰ ভোক গুছি যায় । 

জ্ঞানী মানুহৰ ভোক লাগিলে 
কিতাপবোৰ চবাই খায় 
চাহত তিয়াই খায় বাতৰি কাকত 
ভাতৰ পাতত বহি 
সত্যৰ অপলাপ আৰু অন্যায়ৰ বাৰ্তা শুনি
সিহঁতৰ ভোক গুছি যায় । 

বন্ধ কুঠৰিতো ভোকে 
মানুহক আৱেদনময়ী কৰি তোলে
যন্ত্ৰণা আৰু সন্ত্ৰাসভৰা ৰাতিৰ অন্তত 
ভাতৰ পাতত বহিলেই 
ঘৃণাৰ দৃষ্টিয়ে কাঢ়ি নিয়ে সিহঁতৰ ভোক । 

কাহানিও শেষ নহোৱা ভোক আছে বহুতৰে
সিহঁতে দৰিদ্ৰৰ পেটৰ ভাত কাঢ়ি খায়
ৰোগীৰ ঔষধ কাঢ়ি খায়  
এনেকি কৃষকৰ পথাৰ , 
হাবি বননি , পাহাৰ,বাট পথ , 
নৈ - দলং ,  মানুহৰ পকেট , চুইটকেচ আদি 
সকলো খায় 
কিন্তু সিহঁতৰ ভোক নুগুছে । 

ঈশ্বৰে  আদম হাৱাক কৈছিল 
পেটৰ ভোক গুছাবলৈ
সিহঁতৰ ভোক পেটৰ ভোক নুগুছিল
বেহেস্তৰ পৰা বহিস্কাৰ হ'ল
ঠিক তেনেকৈ এই মঞ্চৰ আসনৰ ।
সিহঁতো বহিস্কৃত হ'ব ।
( অনুগ্ৰহ কৰি ভুল আঙুলিয়াই দিব ।)

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু