শেহতীয়া লেখা

যেতিয়া মই বোকাৰ দৰে গলি সৰিছিলোঁ‌















বহুযোজন বাট ভ্ৰমি থাকোতেই
লগ পাইছিলোঁ তোমাক
তুমি প্ৰাচীন নৌকা
মই বিপাক সংশয়ত খোজ কঢ়া
ক্লান্ত বাটৰুৱা
যাক লৈ আহিছা সেই দ্বীপত
যি গন্তব্যস্থল আছিল
তোমৰ বুকুৰ ঢৌবোৰে
দ্বীপৰ বাটবোৰ আবিষ্কাৰ কৰিছিল,
তোমাৰ দুচকুৰ মায়াজালে
সেউজীয়া পাতেৰে দলিচা সাজিছিল
তাতে শুইছিলো মই
অপলক নেত্ৰে চাইছিলা তুমি
মই তোমাৰ চকুত দেখিছিলোঁ‌
তৰাফুলৰ আকাশ
তেতিয়া দূৰণিত শৰতৰ সন্ধিয়াবোৰ
জ্বলি আছিল,
তোমাৰ উশাহবোৰ লতাৰ দৰে
বগাইছিল মোৰ দেহত
মোৰ আত্মাই
শৰতৰ হালধীয়া পাতবোৰ
বিসৰ্জন দিছিল সমূদ্ৰ তীৰত,
তোমাৰ শৰীৰৰ ঘ্ৰাণ
ছায়াঘন ৰজনীগন্ধাৰ ৰহঘৰা
যাৰ উদ্দ্যশ্যে মোৰ খোজবোৰ
প্ৰব্ৰজন কৰিছিল
ৰহঘৰাত মোৰ চুমাবোৰ
এটা এটাকৈ সৰিছিল
মই দেখিছিলো চুমাবোৰত
প্ৰাণ পাই উঠিছিল
তোমাৰ হৃদয়ৰ কোঠাবোৰ,
কোঠাবোৰে অভিবাদন জনাইছিল
ক্ৰমাৎ সোমাই পৰিছিলোঁ‌ ভিতৰলৈ
য'ত একাকাৰ হৈছিল ভূত ভৱিষ্যত বৰ্তমান
সময়ৰ গতিও স্তব্ধ হৈছিল
তোমাৰ ওঁ‌ঠত বাজি আছিল
বৰষুণৰ গান
যি গানত শান্ত
সমাহিত হৈছিল প্ৰকৃতি
আৰু মই
বোকাৰ দৰে গলি সৰিছিলোঁ‌ . .. ..।