কাঠৰ দলং


 
          
  ববুলৰ আজি স্কুললৈ যোৱাৰ মন একেবাৰে নাছিল৷ মাকক এৰি থৈ আজি যাব মন নাই যদিও মাকৰ মৰম সনা বুজনিত একপ্ৰকাৰ অনিচ্ছা স্বত্বেও সি সমনীয়াহঁতৰ লগত স্কুললৈ বুলি খোজ ললে৷ নৈপৰীয়া গাৱৰ লৰা বুবুল৷
লুইতৰ পাৰৰ এখন গাঁও৷গাওঁখন খৰালী কালত শুকায় আকৌ বাৰিষা কালত বানত তিতে৷ সেই গাৱৰে ল’ৰা বাবুল৷ ওচৰতে আৰু কেইবাখনো গাঁও আছে৷ গাঁওখনত ঘনে ঘনে আছে জুপুৰিবোৰ৷ গাঁও কেইখন মিলি এখন স্কুল৷ বৰ্তমান স্কুলৰ সময়ত সকলো ল’ৰা ছোৱালীবোৰ স্কুলত যোৱা দেখা যায়, যিটো কিছুদিন আগতে প্ৰত্যক্ষ নহৈছিল৷ দৰিদ্ৰ পৰিয়াল হোৱা বাবে পঢ়াৰ আগ্ৰহতকৈ দুপৰীয়া আহাৰৰ প্ৰতিহে আগ্ৰহ বেচি, তথাপিও প্ৰায়বোৰ ল’ৰা ছোৱালী স্কুললৈ আহোতে যাওতে একলগ হৈ হূলুস্থুলকৈ আগবাঢ়ি যোৱাটোও এক আনন্দ৷ এই আনন্দক কোনো আনন্দৰ লগতে ৰিজাব নোৱাৰি৷ গোটেই জীৱনতকৈ সেই সময়কণ অতুলনীয়৷ গাঁওবোৰৰ মাজেৰে কেচাঁ বাট৷বাটৰ একাষে ঘৰবোৰ আৰু আনকাষে বাটৰ তলত খেতিপথাৰ যদিও এতিয়া পানীৰে ভৰা৷ 
 এসময়ত ইয়াত এখন নদী আছিল৷ নৈখনে গতি সলাই কিছু দূৰৈত গৈছে৷ খেতিপথাৰৰ পৰা গাঁওখন কিছু টিলা ঠাই৷ তথাপিও বানপানীৰ সময়ত গাঁওখনত পানীৰে ভৰি যায়৷ গাঁওখন পাৰহৈ অলপদূৰ আগবাঢ়ি বাটৰ দুয়োকাষে খেতিপথাৰ৷ পথাৰখন পাৰহৈ এখন কাঠৰ দলং৷ কাঠৰ দলংখনৰ পৰা আকৌ ওখ ঠাই৷ বাট পথবোৰ কেচা যদিও অলপ ভাল ৷ দলং পোৱাৰ আগতে গাঁওবোৰ দ লুইতৰ জলপৃষ্ঠতকৈ ওলপ ওখ৷ গাঁওৰ মানুহবোৰৰ কাৰণে লুইতখন যেনেকৈ আশীৰ্বাদ, আকৌ লুইতখনেই আভিশাপ হৈ পৰে৷ বাবুলে এই নৈখনৰ কথা ভাৱি ভাৱি নিৰ্বিকাৰ চিত্তে লগৰ ল’ৰা ছোৱালী বিলাকৰ  সৈতে খোজ ললে স্কুললৈ৷ সি পঢ়াশুনাত বৰ চোকা৷ প্ৰতিবাৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ ভদ্ৰ অমায়িক স্বভাৱৰ ল’ৰা৷ শ্ৰেণীকোঠাত চুপচাপ বহি শিক্ষকৰ পাঠদান মনোযোগ দি শুনে৷ আজি তাৰ মনত অপাৰ দু:চিন্তা৷ মাকৰ মুখখন ঘনে ঘনে তাৰ মনসপটত ভাহি আহিছে৷ স্কুললৈ অহাৰ পৰত মাকে কৈছিল –‘ নৈৰ পানী যেনেকৈ বাঢ়িছে,কেতিয়া ঘৰত সোমাবহি কি ঠিক, ইফালে পানী বেচিকৈ বঢ়া দেখিলে  সৌ কাঠৰ দলংখনতে ৰৈ থাকিবি মোলৈ৷ অলপ পলম হলেও বাবা ভয় নকৰিবি৷ মই গৈ লৈ আহিম৷ ’ এইষাৰ কথাৰ প্ৰতিধ্বনি বাৰ বাৰ তাৰ কোমল কলিজাত আঘাত হানিবলৈ ধৰিলে৷       
:অ’ই তোৰ কি হৈছে? আজি ইমান মন বেয়া কিয়? – বাবুলে মন মাৰি অহা বাবে সহপাঠী ৰিংকিয়ে তাক সুধিলে৷ 
ৰিংকিৰ মাততে ভাৱনা জগতৰ পৰা সি হঠাৎ বাস্তৱৰ জগতখনলৈ ঘূৰি আহিল৷      
: নাই, একো হোৱা নাই ৷       
: নকঅ’ কিয়, আজি মায়ে গালি পাৰিলে নেকি?
এটা দীঘলীয়া হুমুনীয়াহ বোৱাই দি বাবুলে ক’লে-
: নহয় ও, আজি দেউতাৰ কথা বৰকৈ মনত পঢ়িছে অ’৷ তহঁতৰ দৰে মোৰ দেউতাও জীয়াই থকা হ’লে! কি ভুল আছিল দেউতাক যে আল্লাহই লৈ গ’ল আমাৰ পৰা কাঢ়ি?
: দুখ নকৰিবি৷ জানানে, মোৰ আইতাই কয় যাক আল্লাই বেচি ভাল পায় তাক আল্লাহই নিজৰ ওচৰত মাতি লৈ যায়৷ আল্লাহই তাক তৰা বনাই দিয়ে৷ আমাৰ ককাও বোলে তৰা হৈছে৷        
: মই জানোঁ৷ মোৰ মায়েও কয় ৰাতিৰ আকাশৰ ডাঙৰ তৰাটোৱে বোলে মোৰ দেউতা আৰু কাষৰ সৰু তৰাটো বোলে মোৰ ভাইটি৷ আমাক চাই হাঁহি থাকে৷ জানা, মই কেতিয়াও দেউতাৰ বাবে নাকান্দো৷ মায়ে কৈছে কান্দিলে দেউতাই দুখ পায়৷       
কথাখিনি কৈ বাবুল কিছুসময় মৌন হৈ ৰ’ল৷ ৰিংকিয়ে সমবেদনা জনাই হাতখন ধৰিলে৷ বাবুলৰ চকু চলচলীয়া৷ কিয় জানো আজি তাৰ দেউতাকৰ কথা বাৰ বাৰ মনত পৰি আছে৷ চিঞৰি চিঞৰি কান্দিব মন গ’ল যদিও নাকান্দিলে৷ নিজকে চম্ভালি সি আকৌ কলে-
: জানানে, মই মাজ ৰাতি টোপনীৰ পৰা সাৰ পাই বহুদিন দেখিছোঁ , মায়ে লুকাই লুকাই কান্দি থাকে৷ মই উঠা বুলি জানিলেই আচঁলেৰে মুচি চুপ হৈ থাকে৷ কেতিবা মই সুধিলে কয়- চকুত কিবা পৰিছিল৷ জানা, মোৰ বৰ দুখ লাগে মালৈ৷       
: তইয়ো মাৰক বুজাবি৷ মাৰক কবি কান্দিলে দেউতাৰাই বেয়া পাব৷       
:হুঁ৷       
সিহঁতৰ কথা লাহে লাহে ক্ষীণ হৈ আহিল৷ সিহঁত স্কুল গৈ পালে৷       
স্কুল চুটিৰ পিছত আটায়ে দৌৰি স্কুলৰ পৰা ওলাই আহিয়ে দেখিলে বাটত কিছু হুৱাদুৱা লাগিছে৷ সিহঁতে ভবিলে বৰষুন আহিব বুলিয়ে গৰু ছাগলী লৈ হুৱাদুৱা লাগিছে৷ এসপ্তাহৰ পৰাই নেৰা নেপেৰা বৰষুণ৷ ৰাতিও বহুত বৰষুণ দিছিল, আজি অলপ ৰক্ষা৷ ৰাতিপুৱাৰ পৰা বৰষুণে এৰা দিছে৷ এতিয়া আকৌ আহিব যেন লাগি আছে৷ মেঘে গুমগুমাই আছে৷ বাবুলৰ মাকৰ কথাষাৰ মনত পৰাৰ লগে লগে দৌৰি গৈ কাঠৰ দলং পালে৷ সচাঁকৈয়ে পানী বাঢ়িছে৷ দলঙৰ পৰা সিহঁতৰ ঘৰবোৰ পানীৰ ওপৰত ভাহি থকা যেন লাগিল৷ বাবুলে দলংখনতে ৰৈ মাকলৈ অপেক্ষা কৰি থাকিল৷       
সিহঁতৰ ঘৰখন পথাৰবোৰৰ সিপাৰে যদিও দলংখন ওখ হোৱা বাবে ঘৰখন দেখা যায়৷       
‘ যেনেকৈ নৈৰ পানী বাঢ়ি আছে আৰু বালি খহা দি খহিছে নৈৰ পাৰ, এইবাৰ দেখিছো আমাৰ ৰক্ষা নাই৷’ কাষেৰে পাৰ হৈ যোৱা মানুহ কেইজনৰ কথা কাণত পৰিল৷ বানপানী তেওঁ আগতেও দেখি আহিছে আৰু গৰু ছাগলী লৈ আলাই-আথানি হোৱাও বহুবাৰ দেখিছে, গতিকে সেই লৈ তাৰ ভয় নাই, কিন্তু পাৰ ভঙাৰ কথা শুনি তাৰ বুকুখন ধপধপাই উঠিল৷ লুইতৰ পাৰ দেখোন সিহঁতৰ ঘৰৰ পৰা অলপ দূৰ! যদি খহি যায়, সিহঁত ক’ত যাব, কি কৰিব? মাকে ইমান কষ্ট কৰি আনৰ ঘৰত কাম কৰি সিহঁত দুটাৰ বাবে খোৱাৰ যোগাৰ কৰে৷ যদি থাকিবলৈ ঘৰ নাথাকে তেন্তে সিঁহত কলৈ যাব? কোমল মনটি কঠিন চিন্তাত চটফটাই উঠিল৷       
: বাবা, মই আহি আছো, ভয় নাখাবি৷       
মাকৰ মাতত তাৰ তত্ ঘূৰি আহিল৷ মনতে কিছু সকাহ অনুভৱ কৰিলে৷ তৎক্ষনাত সি মাকে অহাৰ ফালে ঘূৰি চালে৷ মাকে দূৰৈৰ পৰাই তাক মাতি মাতি আঠুৱনীয়া পানী নেউচি আহি আছে৷ আঢ়ৈ বছৰীয়া ভনীজনীক কোলাত লৈ আঁঠুলৈকে পানী নেওচি আহি আছে৷ সি একেথৰে মাকে অহালৈ চাই থাকিল৷ মায়ে আহিয়ে সুধিলে-
: ভয় খাইছা নেকি? ঘৰৰ খাটখন দাঙোতে অলপ পলম হ’ল৷ কল গছ কাটিলোঁ ভূৰ বনাম বুলি, সময়কনে নাপালোঁ৷        
:মা তুমি নাহিলেও দেখোন মই যাব পাৰিলোঁহেতেন৷ তুমি মিচাতে চিন্তা কৰা মাঁ৷       
: হ’ব হ’ব, পিছত যাবি বাৰু ৷ এতিয়া পিঠিত উঠ, ব’ল৷       
:মা মই এতিয়া খোজ কাঢ়ি যাব পৰা হৈছোঁ৷ মই খোজ কাঢ়ি যাও তোমাৰ লগত৷ তুমিয়ে দেখোন কোৱা জীৱনত ভয় খাব নালাগে বুলি৷ সাহসেৰে আগবাঢ়ি যাব লাগে৷       
:ঠিক আছে ব’ল তেনেহ’লে৷ মোক ধৰ ভালকৈ৷       
সি মাকৰ ককালত ভালকৈ ধৰিলে৷ মাকেও তাক এখন হাতেৰে সাবটি ধৰাৰ দৰে ধৰিলে৷ দুয়ো লাহে লাহে খুপি খুপি বাট ল’লে৷ যাওঁতে ৰাস্তাৰ পাৰত ভাহি থকা কলমৌ শাককেইডালৰ আগ ছিঙি আচলত মেৰিয়াই কঁকালত গুঁজি ল’লে৷       
 সেইদিনাৰ পৰাই আৰু স্কুলত যাব পৰা নাই৷ সেইদিনাৰ পৰাই ঘৰৰ ভিতৰত খাটখনতে দিন ৰাতি কটাই আছে৷ কেতিয়াবা অলপ সময় কলগছৰ ভূৰটোত উঠি চোতাললৈ ওলায়৷ চতালৰ পৰা ঘৰ কিছু পৰিমানে ওখ৷ তথাপিও ঘৰৰ আধালৈ পানী৷ মৰাপাটৰ ঘৰ৷ উৱলি গৈছে প্ৰায়৷ তাতে আকৌ পানী৷ পানীত হাঁহ নচৰা অৱস্থা৷ ঘৰৰ মজিয়াৰ পৰা খাটখন গাঁৱৰে এজনক মাতি আনি লগে-ভাগে ওপৰত তুলি ঘৰৰ মূধচৰ লগত বান্ধি লৈছে৷ তাতে বাবুল আৰু সৰু ভনীয়েকক বহাই বা শুৱাই থয়৷  খোৱা বুলিবলৈ ভাতকেইটা ভূৰৰ ওপৰত মাটিৰে বনোৱা চুলাটোতে বনায়৷        বৰশীৰে দুই এটা মাছ পালে সিজাই ভৰতা বনাই দিয়ে সিহঁতক৷ মাকে নিমখ আৰু শুকান জলকীয়াৰে খাই উঠে৷ লেতেৰা পানীয়ে সিহঁতৰ খোৱা পানী৷ মাকে সিহঁতৰ কাষতে ভূৰখনত বহি অনবৰত জাল গুঁথি থাকে৷ বাবুলৰ দেউতাক শ্ৰমিকৰ লগতে মাছমৰীয়াও আছিল৷ খৰালি দিনত দিন হাজিৰা আৰু মাছৰ দিনত মাছ মাৰি বিক্ৰি কৰিছিল, লগতে বিভিন্ন ধৰণৰ জাল গুঁথাত পাকৈত আছিল৷ জাল গুঁথি বিক্ৰিও কৰিছিল৷ বাবুলৰ দেউতাকৰ পৰা মাকেও শিকিছে জাল গুঁথা৷ কেতিয়াবা গিৰিয়েকক সহায়ক হৈ লগে ভাগে গুঁথি দিছিল৷ এতিয়া সেয়াই সম্বল৷ এতিয়া আনৰ ঘৰত কাম কৰাৰ লগতে জাল গুঁথি গুঁথি বিক্ৰি কৰিয়েই ঘৰখন চলাই আছে৷ যোৱা এসপ্তাহৰ পৰা প্ৰায় গোটেই ৰাতি ঢিমিক-ঢামাক চাকিৰ পোহৰত জাল গুঁথি থাকে৷ বাবুলে টোপনিৰ পৰা হঠাৎ সাৰ পাই চালে চাকিৰ পোহৰত মাকে জাল গুঁথি আছি৷       
: মা তুমি নুশুৱা কিয়? চাইচানে এইকেইদিনত তোমাৰ চকুদুটা কেনে ৰঙা পৰি গৈছে৷       
বাবুলে দুবাৰমান সোধাৰ পিছত হুমুনিয়াহ কাঢ়ি উত্তৰ দিলে-
: দেখিছানে পানীৰ কি অৱস্থা! কমাৰ নাম নাই,আৰু বাঢ়িব যেন পাইছোঁ৷ মইনাক দেখিছানে কিমান অকনমানি৷ মই টোপনী গ’লে তাই যদি বাগৰি পানীত যায়? তাতে যোৱা বানত……..৷       
মাকে কিছুসময় স্তব্ধ হ’ল৷ শোক এটাই বুকুত হেঁচা মাৰি ধৰিলে৷ নিজক চম্ভালি আকো ক’লে-
: ঘৰখনৰ যি অৱস্থা, জালকেইখন গুঁথি থওঁ৷ পানী কমিলে বিক্ৰি কৰি ঘৰখনকে ঠিক কৰিব লাগিব৷       
: মা, মই বহি থাকোঁ৷ তুমি অলপ শুই লোৱা৷       
তাৰ কথাত মাকে সন্তোষৰ হাঁহি এটা মাৰি আশ্বাসেৰে ক’লে৷       
: নালাগে বাবা, মোৰ একো নহয়৷ তুমি শুই থাকা ভনীয়েৰাৰ লগত৷       
-কৈ মাকে আকৌ জাল গুথাত লাগিল৷ বাবুল একেথৰে কিছুপৰ মাকৰ মুখলৈ চাই ৰ’ল৷ তাৰ মাকলৈ বৰ দুখ লাগিল৷ আজি দেউতা থকাহেঁতেন! ভাবি ভাবি সি আকৌ টোপনি গ’ল৷ ৰাতিপুৱা উঠিয়ে বাবুলে চিঞৰ বাখৰৰ শব্দ পালে৷ মাকৰ পৰা জানিব পাৰিলে নৈৰ পাৰ ভাঙি ইতিমধ্যে দুই তিনিঘৰ উঠি গ:ল নৈৰ সোতত৷ বাবুলে লক্ষ্য কৰিলে মাকৰ মুখখনো চিন্তামগ্ন৷ সি একো নকৈ চুপ চাপ থাকিল৷ মাকে ভাতসাঁজ বনাই সিহঁতক খুৱাই দুপৰীয়া মানত আৰু এঘৰ খহি যোৱা শুনি টালি টোপোলা বান্ধিবলৈ ল’লে৷ সিহঁতক লৈ ক’ত যাব, কি কৰিব, ভাবি নাপাই এটা সময়ত বাবলুক ভুৰত বহাই কোলাল ভনীয়েকক দি বাহৰ আগখনেৰে বঠাৰ দৰে ভূৰ বাই কাঠৰ দলংখনলৈ উজাই গ’ল৷ দলং পাই বাবলুক নমাই  কোলাত ভনীয়েকক দি তাত থাকিবলৈ ক’লে৷ মাকে বান্ধি থোৱা প্ৰয়োজনীয় বস্তুবোৰৰ টোপোলাকেইটা আনিবলৈ উভতি গ’ল৷ মাকে যোৱালৈ চাই তিনি বছৰীয়া সৰু ভনীয়ে কান্দোন জুৰিলে৷ সি মাকক দেখুৱাই দেখুৱাই মায়ে এতিয়াই আহিব বুলি ভনীয়েকক চুপ কৰালে৷ দুয়ো চাই থাকিল মাকলৈ৷ মাকে গৈ ঘৰত সোমাল৷ চকুৰ পচাৰতে ঘৰবোৰ পানীত মিলি গ’ল৷       
:মা…………..
বাবুলে চিঞৰিলে৷ তাৰ কান্দোনত আকাশ বতাহ কপি উঠিল৷ সি দৌৰি যাব বিচাৰিলে মাকৰ কাষলৈ৷ সি যাব মাকৰ কাষত৷ খোজ বঢ়াওঁতেই কোলাত কান্দি থকা ভনীয়েকৰ কথা মনত পৰিল৷ সি মূৰ ঘূৰোৱা যেন পাই বহি পৰিল৷ ভনীয়েকক চুপ কৰাই বুকুত সাবটি ধৰি একেথৰে চাই ৰ’ল নাঙঠ পানীলৈ, য’ত সিহঁতৰ ঘৰ আছিল৷        দুচকুৰে অশ্ৰধাৰা বৈ থাকিল৷  লাহে লাহে সন্ধিয়াৰ আন্ধাৰে আকাশ ছানিবলৈ ধৰিলে৷        মুখেৰে অস্ফুষ্টভাবে ওলাই থাকিল- মোৰ ভয় লাগি আছে মা,মা, মা…………৷       




Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)