ফাগুন

 ফাগুন

উদাস মুহূৰ্তৰ হালধীয়া পাতবোৰ গছকি

কোনোবাই  দুৱাৰত টুকুৰিয়ালে 

অনুভৱৰ উত্তাপত বাগৰ সলাই

কোন বুলি সোধাত কলে 'মই ফাগুন' 


খিৰিকীৰে দেখিলোঁ দুহাতত ৰঙৰ সম্ভাৰ

চুলিত বহুদিনৰ ধূসৰতা

ওঁ‌ঠত বৰষুণৰ তৃষ্ণা

শুকান কাঁইটৰ আচোৰত ফটা -ছিটা কাপোৰ 


ঈশ্বৰৰ ঘৰত প্ৰৰ্থনাৰ পিছত

চকুত জ্বলি উঠা বিশ্বাসৰ দৰেই

দুচকুত সম্ভাৱনাময় আবেলিৰ  পোহৰ 

আচৰিতভাৱে অনুভৱ কৰিলোঁ‌ সেই পোহৰৰ উত্তাপ

ৰন্ধ্ৰে ৰন্ধ্ৰে দৌৰিবলৈ ধৰিলে যন্ত্ৰণাময় অনাহুত বিহ 


অন্তহীন যাদুকৰী পোহৰৰ মুগ্ধতাত এতিয়া মই বন্দী

এতিয়া মোৰ  প্ৰতিবাদ অৰ্থহীন অপচয় মাত্ৰ 


তেওঁ‌ দুৱাৰ খুলি সোমাই আহিল ধুমুহা গতিৰে

নিজ খেয়াল খুচি মতে দুগালত ৰঙবোৰ সানি দি

বেৰত আউজি থিয় হৈ নিৰন্তৰ চাই ৰ'ল মোলৈ 


তেওঁ‌ৰ ওঁ‌ঠে আওৰাই গল বিপ্লৱৰ গোপন মন্ত্ৰ

পাবলো নেৰুদা,গুৱেভাৰাতকৈও দুৰ্দান্ত বিপ্লৱী

বিপ্লৱী মানেইতো প্ৰেমিক

যুগে যুগে প্ৰেমিকবোৰেই বিপ্লৱৰ ৰঙা নিচান উৰায় 


ঘৰৰ প্ৰতিটো চুকত পৰি থকা নিৰ্জনতাবোৰত

বাজি উঠিল বিপ্লৱৰ শ্লোগান

বিষাদৰ পখিটোয়ে সাৰ পাই উৰি থাকিল

এতিয়া মোৰ বুকুৰ শস্যডৰা খুটি খুটি খাব 


বিপ্লৱী ফাগুনে  উকা বেৰত আউজি ৰৈ

কলাফুল ওলাই থকা ভৰি দুখনলৈ চাই আছিল 

হয়তো ভৰিৰ আঙুলিৰ পৰা নৈ বোৱাৰ অপেক্ষাত

মই ভৰি দুখন কোঁচাই অনিলোঁ‌ 


অঘোষিত প্ৰতিবাদৰ ফিৰঙতি জ্বলাই

পুৰণি বিবৰ্ণ পকেটৰ পৰা 

ৰঙামাদাৰৰ নুপুৰ উলিয়াই পিন্ধাই দিলে 

এতিয়া প্ৰতিটো খোজত জ্বলি উঠে ৰঙাজুই

ক্ৰমে বাঢ়ি যায় জুইৰ তিব্ৰতা .. .. ।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু