দেহক সুস্থ আৰু চালৰ যৌৱন ধৰি ৰাখিবলৈ কিছু খাদ্যৰ তালিকা

আমি সদায়  সুস্থ  আৰু যৌৱনময় হৈ থাকিব বিচাৰোঁ । প্ৰকৃতিৰ নিয়ম মতে সকলোৱে বৃদ্ধ/ বৃদ্ধা হ'বই  কিন্তু আমি ইয়াৰ গতিটো নিয়ন্ত্ৰণ কৰিব পাৰি । বয়সৰ চাপ পৰা বিষয়টো পৃথিৱীৰ কোনেও হয়তো নিবিচাৰে । সকলোৱে বিচাৰে নিৰোগী সুস্থ আৰু যৌৱনময় দেহ । ইয়াৰ বাবে নিয়মিত ব্যয়ামৰ লগতে আমাৰ খাদ্যাভাস সলনি কৰা । কিছুমান খাদ্য আমি সহজতে দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পৰি যিবোৰ খালে দেহক সুস্থ আৰু যৌৱনময় কৰি ৰাখিব পাৰি ।দেহক সুস্থ আৰু চালৰ যৌৱন ধৰি ৰাখিবলৈ কিছু খাদ্যৰ তালিকা-

১) খেজুৰ - খেজুৰৰ গুনাগুণৰ বিষয়ে আমি সকলোৱে অৱগত । খেজুৰত কেলছিয়াম , পটাছিয়াম , প্ৰটিন, কাৰ্বহাড্ৰেইট আদি পোৱা যায় । ইয়াৰ ওপৰিও খেজুৰে দেহৰ কোষবোৰক অক্সিজেন যোগান ধৰিব পাৰে । দেহ সুস্থ ৰাখিবলৈ প্ৰতিদিনে তিনিটা বা চাৰিটা কৈ খেজুৰ খাব । 

2) বেদেনা /ডালিম - ডালিমত যথেষ্ট পৰিমাণে আইৰণ আৰু এন্টি-অক্সডেন্ট  ভৰপূৰ । ডালিমে দেহৰ কোষবোৰক অক্সিজেন যোগান ধৰাৰ লগতে কলেজেন সৃষ্টি হোৱাত সহায় কৰে যাৰ বাবে চামৰা সদায় উজ্জ্বল আৰু যৌৱনপ্ৰাপ্ত কৰি ৰাখে ।
 
3) তৰমুজ- যথেষ্ট পৰিমাণৰ পানী আৰু লাইকোপেন নামৰ এন্টী-অক্সিডেণ্ট ৰে ভৰপূৰ হোৱা বাবে এই তৰমুজ খালে দেহৰ কোষবোৰে পৰ্যাপ্ত পৰিমানে অক্সিজেন লাভ কৰিবলৈ সক্ষম হয়।

4) মিঠা আলু- পৰ্যাপ্ত পৰিমাণৰ মেগনেছিয়াম, পতাচিয়াম আৰু এন্টী-অক্সিডেণ্ট থকা হেতুকে দেহৰ কোষক যথেষ্ট অক্সিজেন যোগান ধৰিব।

5)কল- প্ৰচুৰ মাত্ৰাত ভিটামিন, মিনাৰেল আৰু এন্টী-অক্সিডেণ্ট ভৰপুৰ এই কল পৃথিৱীৰ উত্তম ফল। এই ফল খালে দেহৰ কোষ সমূহে প্ৰচুৰ পৰিমাণে অক্সিজেন লাভ কৰে।

6) আনাৰস-  ভিটামিন C আৰু এন্টী-অক্সিডেণ্ট ৰ ভঁৰাল হৈছে আনাৰস। এই ভিটামিন C আৰু এন্টী-অক্সিডেণ্ট এ দেহৰ কোষত জমা হোৱা বিশাক্ত ফ্ৰি ৰেদিকেল সমূহ নিষ্কাষণ কৰি কোষ সমূহলৈ অক্সিজেন প্ৰবাহৰ গতি দৃঢ় কৰিব পাৰে।

7) নেমু -এস্কৰবিক এচিড অৰ্থত ভিটামিন C আৰু ঋণাত্মক আইনৰে ভৰপূৰ এই নেমু খালে কোষ সমূহত অক্সিজেনৰ মাত্ৰা বৃদ্ধি হয়। দিনটোৰ ভিতৰতে এবাৰ এগিলাচ নেমু পানীয়ে দেহৰ কোষক ভৰপূৰ অক্সিজেন প্ৰদান কৰিব।

7)মাছ - প্ৰটিন আৰু আইৰনৰ ভঁৰাল এই জলচৰ প্ৰাণী মাছ। ফলতে মাছ খালে দেহৰ কোষ সমূহে যথেষ্ট পৰিমানৰ অক্সিজেন লাভ কৰে।

8) ব্ৰুকলি- মিনাৰেল, ভিটামিন আৰু এন্টী-অক্সিডেণ্ট সকলো বোৰ পৰিপোষক দ্ৰব্য উপলব্ধ। সেই বাবে এই খাদ্যভাগে দেহৰ কোষক অধিক মাত্ৰাত অক্সিজেন প্ৰদান কৰিব পাৰে। 

9) ইস্কছ- ইয়াত যথেষ্ট পৰিমাণে ভিটামিন, মিনাৰেল আৰু এন্টী-অক্সিডেণ্ট পোৱা যায় যাৰ ফলত ই দেহৰ কোষ সমূহত প্ৰচুৰ পৰিমাণে অক্সিজেন যোগান ধৰিবলৈ সক্ষম হয়।

10) চৰ্বীহীন মাংস - প্ৰটিন আৰু আইৰনৰ ভঁৰাল হৈছে মাংস। আৰু আইৰন হৈছে দেহৰ কোষলৈ অক্সিজেন কঢ়িয়াই নিয়া ঘাই উপাদান।

11 ) পালেং শাক - আমি বসবাস কৰা পৃথিৱী গ্ৰহৰ আটাইতকৈ স্বাস্থ্যকৰ খাদ্য হ’ল পালেং শাক। এই শাকত যথেষ্ট পৰিমাণে আইৰন আছে সেয়ে ই মানৱ দেহত প্ৰচুৰ পৰিমাণে অক্সিজেন যোগান ধৰিবলৈ সক্ষম হয়।

12) আমলখি- আমলখিত ভিটামিন এ আৰু চি প্ৰচুৰ পৰিমাণে পোৱা যায় । তাৰ লগতে আমলখি ত  প্ৰচুৰ পৰিমাণে অন্টি- অক্সিডেন্ট থাকে । ইয়ে দেহত কলেজেন উৎপন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । 

13) বিট- ই স্বাস্থ্যৰ বাবে বৰ উপকাৰী । বিটে আইৰণৰ অভাৱ দূৰ কৰে । তাৰ লগতে বিটত অন্টি অক্সিডেন্ট থাকে । ইয়ে চামৰাক উজ্বল ৰাখে ।

14) এলোভেৰা- এলোভেৰা সতোতে আমি চালত লগাবলৈহে ব্যৱহাৰ কৰোঁ কিন্তু ইয়াক খাদ্যৰ তালিকা ৰাখাটো উত্তম । ইয়ে আমাৰ দেহত ভিটামিন- ই অভাৱ পূৰণ কৰে । 
 



Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু