নেমুৰ উপকাৰিতা আৰু অপকাৰিতাসমূহ-

 

আমি সদায়ে দেখি থকা নেমু যে ভৰপুৰ গুণেৰে সমৃদ্ধ সেয়া হয়তো বহুতেই নাজানে । নানা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নেমুৰ ভূমিকা গুৰুত্বপূৰ্ণ। তদুপৰি সৌন্দৰ্যবৰ্ধক আৰু সজীৱতাৰ কাৰক নেমু। উল্লেখযোগ্য যে নেমুত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। মানৱ দেহৰ উপযোগী ভিটামিন ‘এ’, ‘বি’, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, ছিলিকা আদি বিভিন্ন উপাদান নেমুত পোৱা যায়। নেমুত থকা ভিটামিন চিয়ে সৌন্ধৰ্যবৰ্ধনত সহায়  কৰে ।  উপৰি দাঁতৰ ৰোগ প্ৰতিৰোধৰ উপৰিও ছালৰ বেমাৰ ভাল কৰে। বমি, কোষ্ঠকাঠিন্য আদি ৰোগ নিৰাময়ত নেমুৰ স্থান অতুলনীয়। ইয়াৰ ওপৰিও নেমুৰ বহুত গুণ আছে। আহকচোন জানোঁ  নেমুৰ উপকাৰিতা আৰু অপকাৰিতাসমূহ-

১। পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়।
২। মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়।
৩। চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰি চকুত ছানি পৰা ৰোগত গোল নেমুৰ ৰস অতি উপকাৰী।
৪। সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে।
৫। ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধত নেমুৰ যথেষ্ট ঔষধি গুণ আছে।
৬। আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে।
৭। আমিষভোজী লোকসকলে নিয়মীয়াকৈ নেমু খালে যকৃত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে।
৮। জণ্ডিচ ৰোগত ভোগা ব্যক্তিৰ শাৰীৰিক দুৰ্বলতা নাশ কৰাৰ বাবে নেমু পৰম উপকাৰী ফল।
৯। জিনৰ দুৰ্বলতাৰ কাৰণে হোৱা শৰীৰৰ সকলো ধৰণৰ ৰোগ নিৰাময়ত নেমু অতি উপকাৰী।
১০। ঘা আৰু চৰ্মৰোগ নিৰ্মূলত নেমুৰ ৰস, মিঠাতেল(সৰিয়হ)বা নাৰিকলৰ তেলৰ লগত মিহলাই লগালে সুফল পোৱা যায়।
১১। নেমুত থকা ভিটামিন চিয়ে ৰক্তহীনতাত ভোগা ব্যক্তিৰ দেহত হিম’গ্লবিন বৃদ্ধিত সহায় কৰে। এই ৰোগীয়ে প্ৰতিদিনৰ আহাৰত নিয়মীয়াকৈ নেমু খোৱা দৰকাৰ।
১২। মেদবহুলতাৰ সমস্যা আঁতৰাই দেহৰ গঠন সুন্দৰ আৰু আটিল কৰিবলৈ পুৱা খালী পেটত এগিলাছ পানীৰ লগত এটা নেমুৰ ৰস মিশ্ৰণ কৰি প্ৰতিদিনে খাব পাৰে।
১৩। দেহৰ যিকোনো অংগত পৰা ক’লা দাগ নাইকিয়া কৰিবলৈ নেমুৰ ৰসৰ লগত মৌ মিহলাই একেৰাহে এমাহ লগাব লাগে।
১৪। প্ৰতিদিনৰ আহাৰত এডোখৰকৈ নেমু খালে শাৰীৰিক দুৰ্বলতা নাশ হয়।
১৫। একাপ দৈৰ লগত এটা নেমুৰ ৰস মিহলাই মুখমণ্ডলত প্ৰলেপ দি ৩০ মিনিট সময় ৰাখিলে মুখৰ সৌন্দৰ্য বৃদ্ধিৰ উপৰি ছালখন শুকান হোৱাৰ পৰা ৰক্ষা পৰে।

১৬) নেমুৰ চৰবতে দেহত হ্ৰাস পোৱা খনিজ পদাৰ্থৰ অভাৱ হ'বলৈ নিদিয়ে দেহত কেলছিয়াম আৰু পটাছিয়াম হ্ৰাস পোৱাত বাধাৰ সৃষ্টি কৰে।
১৭) বেছিকৈ ঘমা লোকে নেমুৰ চৰবতৰ লগত পদিনাৰ পাতৰ ৰস আৰু অকণমান ক’লা নিমখ মিশ্ৰণ কৰি খালে দেহত শক্তি পায়।

১৮)নেমুত থকা পটেচিয়ামে হৃদপিণ্ডৰ কৰ্ম ক্ষমতা বৃদ্ধিত সহায় কৰে।
১৯)নেমুৰ ৰসে লিভাৰ পৰিস্কাৰ কৰাৰ লগতে হজম শক্তি বৃদ্ধি কৰে ।
২০) নিমখত দিয়া গোল নেমুৱে পেটৰ অসুখ নিৰাময় কৰে।


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)