জীৱন আৰু জীৱিকাৰ সংগ্ৰামত চৰ-চাপৰিৰ নাৰীৰ জীৱনপঞ্জী


নাৰী আৰু পুৰুষ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। নাৰীক বাদ দি মানৱজাতি বা সমাজ কল্পনাৰ অতীত, তথাপিও পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ মূল্য একেবাৰে নিম্ন বুলি ক'লেও ভুল নহ'ব। প্ৰতিপলে পুৰুষৰ হাতত নাৰী শোষিত, নিৰ্যাতিত। অসমৰ চৰ-চাপৰিবোৰতো নাৰীৰ একেই অৱস্থা। কিছুক্ষেত্ৰত বেছিহে দেখা যায় বৈষম্য শোষণ আৰু নিৰ্যাতন।

চৰ-চাপৰি কি? এয়াও হয়তো বহুতে নাজানে। চৰ হ'ল চৌপাশে পানীৰে আৱৰি থকা অলপ ওখ বালিচহীয়া ভূ-খণ্ড। সাধাৰণতে নদীৰ গতি পথ পৰিবৰ্তন হৈ কিছু অংশত বালি জমা হৈ ওখ ভূ-খণ্ডৰ সৃষ্টি হয়, সেই ভূ-খণ্ডক চৰ বুলি কোৱা হয়। আনহাতে চাপৰি বুলি কলে নৈপৰীয়া ভূ-খণ্ডবোৰক কোৱা হয়। চৰ-চাপৰিৰ মানুহৰ নৈখনক কেন্দ্র কৰিয়েই গঢ়ি উঠে চৰ-চাপৰিৰ জীৱন সংগ্রাম বা জীৱন প্ৰণালী। বালিচহীয়া ঠাইবোৰ কঠোৰ শ্ৰম আৰু সংগ্ৰামেৰে কৃষি উপযোগী কৰি কৃষি কৰাই চৰ-চাপৰিৰ মানুহৰ অন্যতম কাম। এই কৰ্মত নাৰীসকলে সমভাৱে কাম কৰে পুৰুষৰ লগত। এফালে পুষ্টিহীন শৰীৰ লৈ দিনযোৰা কৰ্মৰ সমাহাৰ আনফালে পুৰুষৰ শোষণ, চৰকাৰৰ শোষণ। চৰ-চাপৰিত দৰিদ্ৰতাই আৰু পুৰুষতান্ত্ৰিক মৌলবাদীসকলে ধৰ্মৰ দোহাই দি এনে সমাজ ব্যৱস্থা গঢ়ি তুলিছে য'ত নাৰীয়ে সেইবোৰ সহ্য কৰিবলৈ বাধ্য। এখন সমাজৰ উন্নতি সামগ্ৰিকভাৱে নাৰীৰ হাতত থাকে যদিও পুৰুষতান্ত্ৰিক সমাজে এয়া স্বীকাৰ কৰিবলৈ টান পায়। অসমৰ চৰ-চাপৰিৰ সামাজিক, অৰ্থনৈতিক দিশত পিছপৰি থকাৰ মূল কাৰণ হ'ল নাৰীক উপযুক্ত মূল্য নিদিয়া, সম অধিকাৰ নিদিয়া, সেয়া শিক্ষাৰ ক্ষেত্রত, সামাজিক স্বীকৃতি বা স্বাস্থ্যজনিত ক্ষেত্রতেই হওঁক। চৰ-চাপৰিৰ নাৰীয়ে দিনযোৰা কৰ্ম কৰে যদিও নাৰী স্বাৱলম্বী নহয়। নিজ কৰ্মৰ বাবে এটকাও নাপায়, লগতে স্বীকৃতিও নাই। আনকি দিন হাজিৰা কৰা নাৰীয়ে পুৰুষতকৈ আধা মজুৰি দিয়া নিয়ম আদিৰো বলি নাৰী।

জীৱন আৰু জীৱিকাৰ সংগ্ৰামত চৰ-চাপৰিৰ প্ৰতিগৰাকী নাৰী একো একোগৰাকী সংগ্ৰামী যোদ্ধা। প্ৰতিদিন নাৰীয়ে পুৰুষৰ কান্ধত কান্ধ মিলাই সংগ্ৰাম কৰি যায়। ধল পুৱাতে উঠি ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি ৰ'দে বৰষুণে পথাৰত ধান ৰোৱা, বন নিৰোৱা, শস্য চপাই শুকুৱাই ভড়ালত তোলা, মৰাপাট ধোৱা, শুকুওৱা আদি সকলো ধৰণৰ কৃষি-কৰ্ম কৰাৰ উপৰি বিভিন্ন আনুসংগিক ক্ষেত্ৰ, যেনে- গো-পালন, হাঁহ, কুকুৰা, ছাগলী পালন ইত্যাদি বিভিন্ন কৰ্মত দিনৰ দিনটো ব্যস্ত হৈ থাকিবলগীয়া হয়। তথাপিও চৰ-চাপৰিৰ নাৰীয়ে উপযুক্ত মৰ্যাদা আজিলৈকে নাপালে। দেশৰ অৰ্থনীতিত চৰ-চাপৰিৰ ভূমিকা অপৰিসীম। ইয়াৰে বেছি ভূমিকা নাৰীয়েহে পালন কৰে। চৰ-চাপৰিৰ নাৰীয়ে কৃষিকৰ্ম বা অইন যিকোনো কৰ্মতে নিজৰ অৱদান আগবঢ়াই আহিছে যদিও কৃষক হিচাপে আজিলৈকে স্বীকৃতি পোৱাৰ পৰা বঞ্চিত, আৰ্থিক ভাবে জুৰুলা এই নাৰীসকল। প্ৰতিবছৰে বানে কঙাল কৰি থৈ যোৱা ঘৰখন ঠিক কৰি নিজ হাতে লেপি ম’চি ঠিক কৰা, ল'ৰা-ছোৱালী, স্বামীৰ যত্ন আদি নাৰীয়েই চম্ভালিব লাগে। তথাপিও অলপ হেৰফেৰ হলেই হালোৱা লাঠিৰ কোব নিশ্চিত। চৰ-চাপৰিৰ নাৰীৰ আত্মসন্মান বা নিজৰ ইচ্ছা অনিচ্ছাৰ কোনো গুৰুত্ব নাই। ছোৱালী এজনী কোনো পুৰুষৰ দ্বাৰা বলাৎকাৰ হলেও বলাৎকাৰীৰ লগতে বিয়া দিয়ে, অঞ্চলৰ মাতব্বৰ, জমিদাৰে কোনো ছোৱালী পছন্দ হ'লে জোৰকৈ বিয়া পাতে, লাগিলে ছোৱালীজনী নিজৰ সন্তানৰ বয়সৰে নহওঁক কিয়। মুঠৰ ওপৰত চৰ-চাপৰিৰ নাৰীয়ে মৌলিক আধিকাৰসমূহ ন্যূনতম হাৰতো নাপায় বুলিয়েই কব পাৰি। চৰ-চাপৰিৰ নাৰীক যেতিয়ালৈকে উপযুক্ত শিক্ষাৰে শিক্ষিত কৰা নহ'ব, তেতিয়ালৈকে চৰ-চাপৰিৰ সমাজ পিছ পৰিয়ে থাকিব, নানা সমস্যা সমূহ চক্ৰবৃদ্ধি হাৰতে বাঢ়ি গৈ থাকিব।

চৰ চাপৰিত শিক্ষাৰ প্ৰভাৱ অতি নিম্ন। অভিভাৱকে সন্তান হলেই কামৰ মানুহ বাঢ়িল বুলি ভাবে নাইবা বিয়া দিয়াটোহে লক্ষ্য হিচাপে লয়। ছোৱালীক শিক্ষিত কৰাৰ আগ্ৰহ বা লক্ষ্য নাই। কিছুসংখ্যক অভিভাৱকে স্কুললৈ পঠিয়ায় যদিও এল.পি. স্কুলৰ দেওনা পাৰ হওঁতেই নহওঁতেই বাদ দিয়ে। ইয়াৰ মূল কাৰণ অভিভাৱকসকলো নিৰক্ষৰ, যাৰ বাবে সন্তানক পঢ়ুৱাব নোৱাৰে। স্কুলত কি পঢ়ালে নপঢ়ালে বুজি নাপায়। তাতকৈ ডাঙৰ কথা শিক্ষাৰ মূল্য উপলব্ধি কৰিব নোৱাৰে। সেয়েহে ল’ৰা ছোৱালীয়ে পঢ়া বাদ দি ঘৰুৱা বা কৃষি কৰ্মত লাগি যোৱাতহে ভাল পায়। কিছুমানক এম.ই .স্কুল পাৰ হওঁতে নহওঁতেই বিয়া দি দিয়ে। চৰ-চাপৰিৰ শিক্ষাব্যৱস্থা ইমানেই নিম্ন যে এম.ই স্কুলত পঢ়িও প্ৰায়েই নিজৰ নাম পৰ্যন্ত লিখিব নোৱাৰে। উচ্চশিক্ষা দিয়াৰ প্ৰতি অভিভাৱকৰ কোনো গুৰুত্ব নাই। অৱশ্যে বৰ্তমান কিছু সংখ্যক অভিভাৱক শিক্ষাৰ প্ৰতি সজাগ হৈছে। কিন্তু এই সজাগতা সীমিত সংখ্যকৰ মাজতহে। এই অভিভাৱকসকলে ছোৱালীক উচ্চশিক্ষা দিব খুজিলেও ওচৰে-পাজৰে ভাল স্কুল কলেজ নথকাত, যাতায়ত ব্যৱস্থা সূচল নোহোৱা, ছমাহে খৰাং, ছমাহে বান পানীত ককবকাই থকা, সামাজিক, আৰ্থিক অৱস্থা বেয়া হোৱা ইত্যাদি কাৰণত অভিভাৱকে ছোৱালীক কম বয়সতে বিয়া দিয়াটো উচিত বুলি ভাবে। ল'ৰাকো সৰুতে বিয়া কৰাই দিয়ে। কিছুমানে ঘৰত কাম কৰা মানুহৰ অভাৱ বাবে আৰু কিছুমানে ফূৰ্তিতে সৰু ল'ৰাক বিয়া পাতি দিয়ে। চৰ-চাপৰিত বাল্যবিবাহ অতীতৰে পৰা চলি অহা এবিধ কু-প্ৰথা।

বাল্যবিবাহ প্ৰথাই চৰ-চাপৰিৰ জনজীৱনক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে। কিছুমানে ধৰ্মৰ নামত কু-প্ৰথাৰ সপক্ষে মতামত দিয়ে যে সৰুতে বিয়া দিয়া ফৰজ। অথচ কোৰাণ-হাদীচত উপযুক্ত হ'লেহে বিয়া দিবৰ আদেশ দিছে। উপযুক্ত হ'বলৈ শিক্ষাৰ প্ৰয়োজন। লাগিলে শিক্ষাৰ বাবে চীন দেশলৈ যাবলৈ আদেশ দিছে। তথাপি মানুহে অন্ধভাৱে সমাজৰ প্ৰচলিত প্ৰথা মানি ছোৱালীক শিক্ষিত নকৰি অন্ধকাৰ যুগলৈ লৈ গৈ আছে বাল্য বিবাহৰ জৰিয়তে। বাল্যবিবাহে দেশৰ অৰ্থনৈতিক, সামাজিক সকলো দিশতে প্ৰভাৱ পেলায়। যেতিয়ালৈকে নাৰীসমাজ আৰু শিশুসকল সুস্থ সৱল নহয় তেতিয়ালৈকে দেশৰ অৰ্থনৈতিক, সামাজিক দিশত উন্নতি নহয়। আহকচোন আমি চাওঁ বাল্যবিবাহৰ বাবে হোৱা বিভিন্ন সমস্যা সমূহ-


  1. বাল্য বিবাহৰ ফলত অপ্ৰাপ্তবয়স্ক অৱস্থাতে গৰ্ভধাৰণ কৰাৰ লগতে সংসাৰৰ ভাৰ বহন কৰে। অশিক্ষিত হোৱা বাবে পৰিয়াল পৰিকল্পনাৰ কথাও নাভাবে বা গৰ্ভনিৰোধকৰ বিষয়ে অজ্ঞ। যাৰ ফলত জনসংখ্যা বৃদ্ধিৰ লগতে এবছৰ দুবছৰ পিছে পিছে সন্তান জন্ম দি ফুল এটি কলিতেই লেৰেলি যোৱাৰ দৰে চৰ চাপৰিৰ নাৰী কম বয়সতেই বয়সৰ ছাপ পৰে বা অকালতে মৃত্যু হয়, যাৰ বাবে দেখা যায় চৰ-চাপৰিৰ বহু পুৰুষে দ্বিতীয় বা বহু বিবাহ কৰে।
  2. বাল্য বিবাহে শিশুৰ মৌলিক অধিকাৰ খৰ্ব কৰে।শিশুৰ শাৰীৰিক ,মানসিক, ভাবাবেগ বিকাশত বাধা দিয়ে।
  3. অপ্ৰাপ্তবয়স্কত গৰ্ভধাৰণ কৰিলে গৰ্ভৱতী অৱস্থাত নাইবা প্ৰসৱৰ সময়ত গৰ্ভাৱস্থা প্ৰৰোচিত উচ্চ ৰক্তচাপ (PIH), Eclampsia হোৱা বাবে বহুতো গৰ্ভৱতী মৃত্যুমুখত পৰে বা প্ৰসৱৰ সময়ত জটিল অৱস্থাত পৰে।
  4. অপ্ৰাপ্তবয়স্কত গৰ্ভধাৰণ নাইবা এবাৰ সন্তান জন্ম দি কিছুদিনৰ ভিতৰতে আকৌ গৰ্ভৱতী হৈ মাতৃগৰাকীৰ জীৱনলৈ ভাবুকি আহে যাৰ ফলত বহুতৰে গর্ভাবস্থাৰ মেডিকেল অৱসান (MTP) কৰিব লগীয়া হয়।
  5. দৰিদ্ৰতা আৰু বাল্য বিবাহৰ ফলত প্ৰায় সংখ্যক নাৰী ৰক্তহীনতাত ভোগা দেখা যায়, ইয়াৰ বাবেই ৯৫% নাৰীৰ হাত ভৰি ফুলি যায় গৰ্ভৱতী অৱস্থাত বহুতেই শৰীৰত পানী ধৰা বুলি কৈ কবিৰাজৰ চিকিৎসা কৰে। দেহৰ ৰং হালধীয়া হৈ যায়, তাৰ উপৰিও কামৰ বোজা। ইয়ে বহু নাৰীক মৃত্যুমুখলৈ ঠেলি দিয়ে। বহুতেই গৰ্ভৱতী মহিলাক কোৱা দেখা যায় আইৰণ বা ভিটামিন নাখাবা নহলে গৰ্ভত সন্তান ডাঙৰ হৈ যাব আৰু সন্তান প্ৰসৱ হওঁতে কষ্ট হ'ব। আচৰিত হলেওঁ এই প্ৰচলিত কথাবোৰ বহুতেই বিশ্বাস কৰে আৰু মানি চলে। তাৰ বাবেও বহুতে ৰক্তহীনতাত ভোগে।
  6. বহু ক্ষেত্রত দেখা যায় বাল্য বিবাহৰ ফলত গৰ্ভকালত পুষ্টিহীনতা, অপৈনত প্ৰসৱ আদি দেখা দিয়ে। ইয়াৰ উপৰিও অস্বাস্থ্যকৰ পৰিৱেশত থকা আৰু পেচাব, পায়খানা কৰাৰ বাবেও স্বাস্থ্যৰ অৱনতিয়ে মাৰাত্মক ৰূপ ধাৰণ কৰে। চৰ চাপৰিৰ যাতায়ত ব্যৱস্থা ভাল নোহোৱা বাবে ঘৰতে ধাইৰে প্ৰসৱ কৰোৱা হয়। ই বিজ্ঞান সন্মত নোহোৱা বাবে বহু সময়ত শিশু আৰু মাতৃ মৃত্যু সংকটত পৰে।
  7. অপ্ৰাপ্তবয়স্ক আৰু পুষ্টিহীনতাত ভোগা বাবে গৰ্ভস্থ শিশুৰ ওপৰতো প্ৰভাৱ পৰে। শিশুৰ বৃদ্ধিৰ সীমাবদ্ধতা, অপৈনত হাওঁফাওঁ, কম ওজনৰ শিশু জন্মা, ইত্যাদি। যাৰ বাবে বহু শিশুৰ জন্মৰ পিছতে বা দুই এমাহৰ ভিতৰতে মৃত্যু হয়। জীয়াই থকাবোৰৰো সম্পূৰ্ণ বিকাশ নহয়। ইহঁতেই হ'ব ভৱিষ্যতৰ মানৱ সম্পদ, গতিকে সুস্থ শিশুৰ চিন্তা নকৰিলে সুস্থ সমাজৰ সপোন দেখা নিৰৰ্থক।

মাতৃয়ে হ'ল শিশুৰ প্ৰধান শিক্ষক। মাতৃৰ ওপৰতে শিশুৰ ভৱিষ্যত নিৰ্ভৰ কৰে। যেতিয়া মাতৃয়ে অসুস্থ তথা নিৰক্ষৰ হয় তেতিয়া শিশুক কেনেকৈ শিক্ষা দিব? মাতৃসকলৰ অত্যধিক কামৰ বাবে শিশুবোৰ গৰ্ভ অৱস্থাৰ পৰাই অসুস্থ , জন্মও হয় অসুস্থ পৰিৱেশত। মাতৃৰ অপুষ্টিৰ বাবে শিশুৱেও উপযুক্ত পুষ্টি নাপায়। মাকৰ কৰ্ম ব্যস্ততাৰ বাবে শিশুৱে বেছি সময় মাটিতে খেলি থাকে, বিজানুযুক্ত হাত মুখত দিয়ে। ফলত বিভিন্ন চৰ্মৰোগ, ডায়েৰীয়া, ক্ৰিমি আদি বেমাৰৰ আক্ৰমণ হৈ থাকে। পেলুৰ আক্ৰান্তত পেট ফুলি হাত ভৰি শুকাই পেটটো ওলাই পৰে। কেতিয়াবা শিশুৱে পেলুৰ আক্ৰমণ সহিব নোৱাৰি চকু ওলোটাই বেহুচ হয়। মানুহে ভাবে ভূতে ধৰিছে। সেয়েহে কবিৰাজৰ ওচৰলৈ যায়। কবিৰাজ সকলেও এই অভিজ্ঞতাৰ লাভ উঠায়।

পুষ্টিৰ অভাৱত মাতৃ, শিশু উভয়ে ৰক্তহীনতাৰ লগতে বিভিন্ন বেমাৰত ভোগা দেখা যায়। কিছুমান বেমাৰ যেনে- চৰ্দি ,জ্বৰ, পেটৰ বিষ আদি নিজে নিজে ভাল হয়, কিছুমানৰ লাহে লাহে জণ্ডিচ, টাইফয়ড আদি হয়। এনেকৈ বহু শিশু, মাতৃ মৃত্যুমুখত পৰে। সন্তান বেমাৰ হৈ থাকিলে মাতৃগৰাকীও অসুস্থ হৈ পৰে। এনেকৈ চৰ-চাপৰিৰ শিশু মাতৃৰ জীৱন বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ হয়। তেনেক্ষেত্ৰত মাতৃ , শিশুৰ বিকাশ কেনেকৈ সম্ভৱ? শিশুৰ বিকাশৰ লগতে জড়িত সমাজ তথা দেশৰ ভৱিষ্যত। গতিকে সমাজ আৰু দেশৰ উন্নতিৰ হকে চৰ-চাপৰিৰ প্ৰতিগৰাকী নাৰীক শিক্ষিত আৰু সুস্থ কৰি ৰাখিবলৈ ব্যৱস্থা হাতত লোৱা দৰকাৰ ।

চৰ-চাপৰিৰ সামাজিক, অৰ্থনৈতিক অৱস্থা উন্নত কৰিবলৈ হ'লে প্ৰথম প্ৰচেষ্টা হাতত লব লাগিব সেয়া হ'ল- শিক্ষাৰ ব্যৱস্থা। ঘৰে ঘৰে শিক্ষাৰ প্ৰচলন হ'ব লাগিব। শিক্ষাইহে অন্ধকাৰৰ মাজত পোহৰ বিলাব পাৰে। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল -'এজন পুৰুষক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া, এগৰাকী নাৰীক শিক্ষা দিয়া মানে দহগৰাকী ব্যক্তিক শিক্ষা দিয়া, এটা পৰিয়ালক শিক্ষিত কৰা, এখন সমাজক শিক্ষিত কৰা’। দ্বিতীয়তে, প্ৰয়োজনমতে স্কুল কলেজ স্থাপন আৰু উচ্চ মানদণ্ডৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। তৃতীয়তে যিকোনো মূল্যৰ বিনিময়ত বাল্য বিবাহ ৰোধ কৰিব লাগিব। চতুৰ্থতে যাতায়ত ব্যৱস্থা উন্নত, স্বাস্থ্য পৰীক্ষা আৰু উন্নত মানৰ চিকিৎসালয়ৰ ব্যৱস্থা কৰিব লাগিব, তেতিয়াহে চৰ-চাপৰিৰ নাৰী সকলৰ লগতে সামগ্ৰিক সমাজৰ উন্নতি সম্ভৱ।
@ Begum Asma

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু