কবিতা - শতিকাৰ শপত

সেইসকল ধ্বংসগামী
যিসকলে সত্যৰ আসনত
অসত্য প্ৰতিষ্ঠিত কৰি 
খোজবোৰ ৰাজসিংহাসনৰ
দিশে আগবঢ়ায় ৷
.
শতিকাৰ শপত
সেইসকল ধ্বংসগামী যিয়ে
আত্মগুণ অৰ্জনৰ পৰা বিৰত থাকি
মানৱতা হত্যাৰ চক্ৰান্ত কৰে 
আৰু প্ৰাচুৰ্যৰ লালসাত 
মাতাল হৈ থাকে ৷
.
তুমি দেখিছানে 
সিহঁতে শোচনাক আহাৰ দিয়া ?
বা অনুভূতিক শিতানত স্থান দিয়া ?
সিহঁতে গাৰুৰ তলত হেচি
বিবেকক নিচুকনি নিয়ায়৷
.
শতিকাৰ শপত
সেইসকল ধ্বংসগামী যিয়ে
যিসকল ঘৃণ্যবস্তবোৰৰ আকৰ্ষণনত
অন্ধত্বক আকোৱালী লয় ,
জেদি পাপবোৰে 
পোহৰ আগুচি ধৰে ৷
.
শতিকাৰ শপত
সেইসকল ধ্বংসগামী 
যিসকলে ৰক্ষকৰ পদত 
অধিষ্ঠিত হৈ ব্যভীচাৰ কৰে ,
ক্ষমতাৰ মোহাছন্নতাত
পৰাভূত বিচাৰ ক্ষমতা ৷
.
শতিকাৰ শপত
সেইসকল ধ্বংসগামী যিয়ে. . . . . .৷


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু