স্বীকাৰউক্তি


           
  

 : ঐ কি হ’ল এনেকৈ বহি আছা যে?
: নাই এনে কিবা ভাবি আছিলোঁ৷
: মই জানোঁ তই কি ভাবিছ ….. কৈ আগন্তুকে হাঁহিলে৷
: কি জানিলি?
: তই প্ৰেমত পৰিলি, নহলেনো ইমান ভিৰৰ মাজত অকলে বহি ভাবি থাকনে?
: নাই নাই মই প্ৰেমত পৰা নাই৷ কাৰোবাৰ চকুৱে আমনি কৰি আছে, কথা পাতি আছে , হাঁহি আছে৷ সেয়া প্ৰেম নে আকৰ্ষণ নে মোৰ ভুল?
:চকু হ’ল মন সাগৰৰ ঢৌ, সাগৰত ঢৌ উঠিলে চকুত দেখাটো নিচ্ছিত৷ চকুয়ে কেতিয়াও মিছা কথা নকয়৷ তয়ে সুধি চা৷
: ঠিক আছে এতিয়াই গৈ কলাৰত ধৰি সুধিমগৈ ….. ধেমালিৰ সুৰত কৈ ৰিতিমাই হাঁহিলে৷
নিজে নিজে হাঁহি আগন্তুকৰ ফালে চকু ঘূৰাই চালে৷ নাই কোনো নাই , তাৰ মানে ইমান সময় ৰিতিমাই নিজৰ প্ৰতিবিম্বৰ লগতে কথা পাতি আছিল৷
: ধেৎ .. কৈ নিজৰ মূৰত হাতেৰে লাহেকৈ খুন্দা মাৰি নিজে নিজেই হাঁহিলে৷ ৰিতিমাই চাৰিওফালে ঘূৰি চালে ওচৰত কোনো নাইতো৷ নাই নাই কোনো নাই৷  বিয়াঘৰত মানুহৰে ভৰা যদিও এই ৰুমত কোনো নাই বৰ্তমান সকলোৱে বাহিৰৰ পেণ্ডেলত৷ তাইয়ো বাহিৰত ওলাল৷ বাহিৰত ওলাওতে সেই দুটি চকুয়ে আগভেটি ধৰিলে৷ এতিয়াই কথাষাৰ সুধিম বুলি মনস্তাপ লৈয়ে এখোজ দিওতেই ৰৈ গ’ল৷ ‘চকুৰ ভাষা মই কিয় পঢ়িব যাম? তাৰ চকুত যদি মোৰ ছবি তেন্তে প্ৰকাশ কৰক৷ পুৰুষ হৈ যদি নিজৰ মনৰ কথা প্ৰকাশ কৰিব নোৱাৰে সেয়া কেনে প্ৰেম?’
স্বভিমানেৰে ভৰি পৰিল ৰিতিমাৰ বুকু৷ নিজকে নিজে বুজনি দি তাক আওকান কৰি ৰিতিমাই কইনাজনীৰ ওচৰলৈ গ’ল৷ তেতিয়া আকাশত সন্ধ্যা তৰাই ভুমুকি মাৰিছে যদিও কৰবাৰ পৰা মেঘৰ টুকুৰাবোৰ আহি জমা হৈ আছে আকাশত৷ ৰিতিমাৰ তৰাভৰা আকাশখন ভাল পায় তথাপিও আজি তাইৰ মেঘবোৰকো ভাল লাগিল৷ তাই মনে মনে বৰষুণ নামি অহা কামনা কৰিলে৷ বৰষুণ ৰিতিমাৰ বৰ প্ৰিয়৷ বৰষুণ তাইৰ প্ৰিয় বন্ধু৷ বিয়া বা সভাত বৰষুণ আহিলে কিয়ে আলাই অথনি হয় সেয়া ৰিতিমাই জানে তথাপিও কিয় বৰষুণৰ কামণা কৰিলে কব নোৱাৰে৷ ভাবি থাকোতেই শুনিবলৈ পালে এঘন্টা পিছত দৰাঘৰ আহি পাব৷ সকলোৱে সাজোঁন কাচোঁনত ব্যস্ত হৈ পৰিল৷ ৰিতিমায়ো ঘৰত গৈ সাজু হৈ অহাৰ কথাই ভাবিলে৷ ৰিতিমাৰ ঘৰ বিয়াঘৰৰ পৰা অলপ দূৰত৷ তাই সৰু ছোৱালী এজনী লগত লৈ ওলাল৷ সন্মুখত পৰিল সাগৰৰ ঢৌ খেলি থকা দুচকুৰ গৰাকি আৰ্শিদ৷ ওঁঠত হাঁহি, চঞ্চল দুচকু, বতাহৰ লগত ঢৌ খেলি থকা বাদামি ৰঙৰ চুলি, সুদৰ্শন চেহেৰাৰ ডেকা ল’ৰা৷ গাভুৰুৰ বুকু ভেদ কৰিব পৰা দুচকুৰ চাওঁনি৷ সেই চাওঁনিৰ মোহতে কিজানি আৰ্শিদক মাতিলে লগত যাবলৈ৷ আৰ্শিদ হাঁহিৰে সহমত জনাই আগবাঢ়ি আহি কলে – ব’লা৷
ৰিতিমাৰ অজান আনন্দত মন ভৰি পাৰিল কিন্তু প্ৰকাশ নকৰিলে৷ কিয়জানো ৰিতিমাৰ মনে বিছাৰিলে আৰ্শিদে অকলসৰীয়াকৈ মনৰ কথা প্ৰকাশ কৰক আজিয়েই৷
: এতিয়া ঘৰত কিয় যাব লাগে? – ৰিতিমাই ভাবি থাকোতেই আৰ্শিদে প্ৰশ্ন কৰিলে৷
: অলপ ৰেডি হৈ আহোঁ৷
: এনেই ধুনীয়া আৰু সাজোঁন কাচোঁন নকৰিলেও হ’ব৷
: জানোঁ নহয় কিমান ধুনীয়া, মিছা কথা কব নালাগে৷
: মই ক’ত মিছা মাতিলোঁ৷
: হ’ব হ’ব…৷
এনেকৈয়ে সিহঁতৰ মাজত কথা বাঢ়ি গ’ল৷ খোজবোৰো আগবাঢ়ি গ’ল৷ ঘৰ পাই তাইৰ ৰুমতে বহিব দি হাতমুখ ধুবলৈ ওলাই গ’ল৷ সৰু ছোৱালীজনী আন এটা ৰুমত গৈ ঘৰৰ এলবাম চাব ধৰিলে৷ ৰিতিমাই হাত মুখ ধুই আহিয়ে চালে আৰ্শিদ তাইৰ বিচনাৰ সোমাজত বহি থকাৰ পৰাই দুহাত মেলি শুই আছে৷ সুঠাম দুবাহুৰ মাজত উমাল বুকুৰ উত্তাপে তাইক চুই গ’ল৷ তাই একো নকৈ আইনাৰ সন্মুখত থিয় দিলে৷ আয়নাত চাওঁতেই দেখলে আৰ্শিদ তাইৰ পিছফালে৷ ৰিতিমাই কোনো কথা কোৱাৰ আগতেই আৰ্শিদে তাইলৈ লক্ষ্য কৰি কলে- আয়নাক সুধি চোৱা তুমি কিমান ধুনীয়া৷
: আয়নাক সুধিব নালাগে, মই জানোঁ নহয়৷ – ধেমালিৰ সুৰত কথাষাৰ কৈ তাৰ পৰা যাব ধৰাত আৰ্শিদে ৰিতিমাক বাধা দিলে৷ হাতত ধৰি টানি আনিলে নিজৰ কাষলৈ৷ ইমান কাষত যে আৰ্শিদৰ বুকুৰ স্পন্দন শুনিবলৈ পালে৷ ৰিতিমাই লাজতে তলমুখ কৰি আছিল৷ ‘ মোৰ চকুত চোৱাচোন তুমি কিমান ধুনীয়া৷’ কৈ আৰ্শিদে ৰিতিমাৰ গালত আলফুলে ধৰি বাধ্য কৰিলে তাৰ চকুত চাবলৈ৷ ৰিতিমা একো উত্তৰ দিবলৈ সাহস নাপালে নিশব্দে ৰৈ মাথোঁ দুচকুৰ গভীৰলৈ ডুবি গৈ থাকিল৷ আৰ্শিদে নিৰৱতা আতৰাই আকৌ কলে- মোৰ চকুৰ ভাষাবোৰ পঢ়ি চোৱা , মই তোমাক কিমান ভালপাওঁ বুজিবা৷ দুয়োৰে বুকুৰ স্পন্দন তীব্ৰ হৈ পৰিল ৷ দুয়োৰে চকুৰ ভাষা দুয়ো বুজি উঠিল৷ ৰিতিমাই আনন্দত দুচকু জপাই আৰ্শিদৰ বুকুৰ মাজত মুখ গুজি দিলে৷ আৰ্শিদে তাইক সুঠাম দুবাহুৰ মাজত সাৱটি ধৰিলে৷
: বা আপোনাৰ ওলোৱা হৈছেনে? – সিটো ৰুমৰ পৰা সৰু ছোৱালীজনী মাত দিয়াত ৰিতিমাই উচপ খাই উঠল৷ তাই পিছফালে ঘূৰি চালে আৰ্শিদ সেই একে ঠাইতে শুই আছে৷ তাৰমানে ইমান সময় ভাৱনাত বিলিন হৈ আছিল৷ ৰিতিমাৰ মন সেমেকি উঠিল৷ এইবোৰ মিছাই কিয় ভাবি আছে? ৰিতিমাই নিজৰ মনকে প্ৰশ্ন কৰিলে৷ সন্মুখৰ আইনাই চিঞৰি চিঞৰি উত্তৰ দিলে- তুমি প্ৰেমত পৰিছা, তুমি প্ৰেমত পৰিছা৷
ৰিতিমাই আয়নাৰ সন্মুখৰ পৰা আতৰি গ’ল৷ ইতিমধ্যে ৰিতিমাৰ দেউতাই আগবাঢ়ি আহি সোণকালে বিয়াঘৰৰ পৰা ঘূৰি আহিব কলে৷ ৰিতিমাৰ দেউতাৰ গা ভাল নহয় বাবে আৰু নাযায়৷ মাক আৰু ককায়েকৰ লগত সোণকালে ঘূৰি আহিব কলে৷ ৰিতিমাই হ’ব বুলি কৈ তিনিও ওলাল যাবলৈ৷ ৰিতিমাই হঠাৎ ঘূৰি ৰুমত সোমাল৷ সকলোৰে অজানিতে হাতত মুঠি মাৰি কিবা লৈ আহিল৷ চাৰিওফালে ঘৰ অন্ধকাৰ৷ নিৰ্জন বাটেৰে তিনিও আগবাঢ়িল৷ আৰ্শিদৰ হাতত মোবালৰ লাইট৷ কিছুদূৰ গৈ ৰিতিমাই নিজৰ হাতত কি চাব বিচাৰিলে৷ তাই জানে হাতত কি তথাপিও আৰ্শিদৰ মনৰ কথা বুজিবলৈ শেষ চেষ্টা এটা কৰিলে৷ লাইটৰ পোহৰ পৰিল ৰিতিমাৰ হাতত৷ অষ্ট্ৰিন ডায়মন্ড লগোৱা কানৰ দুল এটা জ্বলিকি উঠিল৷
: মোক দিয়া মই থৈ দিও৷ – আৰ্শিদে কলে৷
: নালাগে থাকক৷ – কৈ ৰিতিমাই হাত তলফালে দি আগবাঢ়ি গৈ থাকিল৷ আন্ধাৰৰ মাজত আৰ্শিদে ৰিতিমাৰ হাতখন ধৰিলে৷ মৰমৰ স্পৰ্শই ৰিতিমাৰ মনত শিহৰণ জগাই তুলিলে৷ হঠাৎ মেঘৰ গজনিত ৰিতিমা দিঠকৰ শিলত ঠেকা খাই দুখ পালে৷ ৰিতিমাই একো নামাতি খৰধৰকৈ বিয়াঘৰ পালে৷ ইতিমধ্যে বৰষুণ আহি পালে৷ ৰিতিমা কয়না ৰেহেনাৰ ওচৰত গ’ল৷ ৰেহেনা ৰিতিমাতকৈ কিছু ডাঙৰ যদিও দুয়ো বান্ধৱী৷ একে লগে খেলা-ধূলা, ফুৰিবলৈ যোৱা এইবোৰত দুয়ো সংগী আছিল৷ ৰেহেনাৰ কাষত কিছুসময় থাকি বিয়া আহে নাকি খৱৰ লবলৈ বাহিৰত ওলাল৷ ইতিমধ্যে বৰষুণ আহিছে৷ তিৰ্ফালৰ চাল থকা বাবে পদুলিত বৰষুণ পৰা নাই কিন্তু জমা হৈ এফালে দি বেছিকৈ পৰি আছে৷ সেইফালে দৃষ্টি ঘূৰাওতেই চালে আৰ্শিদ তাই পিন্ধা কলা ৰঙৰ চেলৱাৰ চুইটৰ লগত ৰং মিলাই কলা ৰঙৰ স্লিম ফিট সাৰ্ট এটা পিন্ধি তাইলৈ চাই আছে৷ সেই তীখ্ন চাওঁনিত তাইৰ বুকুত আঘাত কৰিলে৷ তথাপিও তাই আতৰি আহিল এবুকু অভিমান লৈ৷ কি নাম এই চাওঁনিৰ? যদি মৰমৰ চাওঁনি সুযোগ পায়ো প্ৰকাশ নকৰিলে কিয়? ময়ো তাৰ আগত ধৰা নিদিও৷ সচাঁকৈয়ে যদি মৰমৰ চাওঁনি এদিন নহয় এদিন প্ৰকাশ কৰিবই৷ ৰিতিমাই নিজকে বুজনি দিলে যদিও তাইৰ মন অস্থিৰ হৈ থাকিল৷ বিয়া শেষ হোৱালৈকে কোনোমতে থাকি গুচি আহিছিল৷ সেই ৰাতি উজাগৰে পাৰ হ’ল ৰিতিমাৰ৷ নতুন পুৱাই আন্ধাৰবোৰ বুকুত সামৰি লোৱাৰ দৰে ৰিতিমায়ো আগৰ কথাবোৰ সামৰি থৈ দিলে৷ তাৰ পিছত দুই তিনিবাৰ কিছুসময়ৰ বাবে আৰ্শিদক লগ পালে কিন্তু কোনেও একো প্ৰকাশ নকৰিলে৷ কিছুদিন পিছত হঠাৎ বান্ধৱীজনীৰ মুখত শুনিবলৈ পালে আৰ্শিদে কয়না চাই আছে৷ এজনীৰ লগত কথাবৰ্তা চলি আছে৷ আৰ্শিদৰে মাহীৰ ছোৱালী৷ কথাষাৰ  শুনাৰ পিছতে নিস্তব্ধ হৈ পৰিল ৰিতিমা৷ সেই নিশা আৰ্শিদ শুই থকা ঠাইখিনিত বহুত সময়লৈকে বৰষুণ পৰিল৷ ৰিতিমাই বৰষুণৰ পানীৰে সকলো স্মৃতি ধুই দিলে৷ মাথোঁ এটা প্ৰশ্ন মনৰ মাজত চিৰদিনলৈ গুজি থাকিল – সেই দুচকুৰ চাওঁনিত জানোঁ প্ৰকৃত মৰমে উশাহ লৈ আছে?
পিছদিনা শুনা পালে আৰ্শিদৰ ঘৰৰ পৰা তাইলৈ বিয়াৰ প্ৰস্তাৱ দিছে৷ ৰিতিমাই পাৰিলেহেঁতেন আৰ্শিদক নিজৰ কৰি ল’ব৷ কিন্তু ৰিতিমাই এনে সম্পৰ্ক নিবিচাৰে য’ত প্ৰেম নাই৷ মনত কষ্ট হ’লেও ৰিতিমাই লগে লগেই মানা কৰি দিলে৷ মাথোঁ দুচকু বন্ধ কৰি মনতে আওৰালে- আপুনি সুখি হওঁক……………………………….৷  



Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু