নিষিদ্ধ প্ৰেম

ঘড়ীয়ে টিং টিং টিং কৈ ৰাতি দহটা বজাৰ সংকেত দিলে৷ বাহিৰত ধুমুহা বৰষুণৰ আগজাননি দি বতাহজাকে বাৰ বাৰ খিৰকীত কোবাই গৈছে৷ খিৰিকীৰ কব্জাবোৰ বাৰ বাৰ কেৰকেৰাই উঠিছে৷ আনদিনা হ’লে জিয়াই ভয়ত প্ৰথমে খিৰিকী বন্ধ কৰি ললেঁহেতেন৷ আজি জিয়াৰ সেইফালে ধ্যান নাই ৷ জিয়াই গাৰুত মূৰ গুজি শুই আছে৷ আবেলিৰ পৰা তেনেকৈয়ে আছে৷ জিয়াই গুৱাহাটী কটন কলেজৰ ছাত্ৰী৷ ঘৰ ধুবুৰীত৷ জিয়াৰ দেউতাক এজন শিক্ষক৷ জিয়া পঢ়া শুনাত বৰ ভাল৷ হায়াৰ চেকেণ্ডাৰীত ৯০% পাই উত্তীৰ্ণ হৈছে৷ ডাঙৰ পৰিয়াল চলোৱা দেতাকৰ এটা চাকৰিৰ টকাৰে ডক্টৰ, ইঞ্জিনিয়ৰ আদি পঢ়াতকৈ চাইঞ্চত অনাৰ্চলৈ পঢ়াই ভাল বুলি গুৱাহাটী ঢাপলি মেলিলে৷ প্ৰায় তিনিবছৰে হ’ল জিয়াই ঘৰ এৰি এই হোষ্টেলত থকা৷ জিয়া বৰ ভাবুক ধৰণৰ, অমায়িক৷ কথাও খুব কম কয়৷ প্ৰয়োজনত কথা কয় নহলে কথা কমে কয়৷ অৱশ্যে গুৱাহাটি অহাৰ পিছত বহুখিনি পৰিবৰ্তন হৈছে৷ হোৱাটো স্বাভাৱিক৷ গুৱাহাটি মহানগৰীৰ মায়াজালত পৰিলে সকলোয়ে পৰিবৰ্তন হয়৷ এটা সময়ত মানুহৰ আগত কথা ক’বলৈ লাজ কৰা ছোৱালিজনী সকলোৰে লগত হাঁহি মাতি কথা ক’ব পৰা হ’ল৷ অকলে ক’ৰবালৈ যাব লাগিলে যাব পৰা হ’ল৷ প্ৰথমে প্ৰথমে ঘৰত যাবলৈ হ’লে দেউতাকে আহি লৈ গৈছিল৷ এতিয়া জিয়াই অকলে ঘৰলৈ অহা যোৱা কৰা হ’ল৷ চেলৱাৰ কামিজ পিন্ধা ছোৱালীজনী জিঞ্চ পেন্ট , টি শাৰ্ট পিন্ধা হ’ল৷ তাৰ স্বাধীনতাত কোনেও বাধা দিয়া নাই৷ সকলোৰে নিজৰ নিজৰ স্বাধীনতা থাকিব লাগে৷
  আবেলিৰ পৰা পেটৰ বিষটোৱে তাক অচেতন কৰাৰ দৰে অৱস্থা৷ আবেলিৰ পৰা কুচিমুচি হৈ শুই আছে জিয়াই৷ উঠি গৈ বিষৰ টেবলেট খোৱাৰো সাহস কন নাই আজি তাইৰ৷ জিয়াৰ বাৰ বাৰ মাকলৈ মনত পঢ়িল৷ আজি কাষত থকা হ’লে শুশ্ৰুষা কৰিলেহঁতেন৷ মাকলৈ মনত পঢ়িলেও আজি মাকলৈ ফোন কৰিবলৈ সাহস গোটাব নোৱাৰিলে৷হঠাৎ জিয়াৰ মবাইলৰ ৰিং টন বাজি উঠিল৷ জিয়াই ঘূৰি মবাইনৰ ফালে চালে৷ মবাইল ডিচপ্লেত  ৰিয়াজৰ নাম উজ্বলি আছে৷ তাই ফোনটো বিৰক্তিৰে দলিয়াই দিলে৷ ফোনটো দেৱালৰ লগত লাগি মবাইল কভাৰ, বেটাৰি খুলি তিনিটা তিনিফালে গ’ল৷ জিয়াৰ মনো অতীতলৈ চিটিকি গ’ল৷
  জুলাই মাহৰ আবেলি ৷ আবেলি যদিও তীখ্ন ৰ’দজাকে কৃষ্ণচূড়া নগৰীৰ কৃষ্ণচূড়া পাতৰ ফাকেৰে লুকাভাকু খেলিছে৷ গৰমৰ লগতে আবেলিৰ ফেৰফেৰীয়া বতাহজাক গা চুই যায়৷ সচৰাচৰ সদায় ব্যৱহাৰ হৈ থকা গুৱাহাটীৰ চিনাকী পৰিবেশত চিনাকী ব্যস্ত  বাটেৰেই বাইকখন আগুৱাই গ’ল৷ বাইকত ৰিয়জ আৰু জিয়া৷ চিনাকী পৰিবেশ হ’লেও সকলোতে কৃষ্ণচূড়াৰ ছাঁ অনুভৱ কৰিলে জিয়াই ৷ চকুৰ সন্মুখত কৃষ্ণচূড়াৰ ৰং দেখিলে৷ অৱশ্যে কোনেও কাকো প্ৰেমৰ প্ৰস্তাৱ দিয়া নাই৷ দুয়োৰে মাজত বন্ধুত্বৰ সম্পৰ্ক৷ চিনাকী হোৱাৰে পৰা  দুয়ো বন্ধুৰ দৰেই কথা পাতিছে কিন্তু জিয়াই ৰিয়াজৰ কথাত, চাওঁনিত ধৰিব পাৰিছে ৰিয়াজে তাইক ভাল পায়৷ বন্ধু বান্ধৱীবোৰৰ মাজত তাইক গুৰুত্ব দি কথা কোৱা, সিহঁতৰ অজানিতে তাইলৈ চাই মিঠা হাঁহি দিয়া, এইবোৰে জিয়াক ৰিয়াজৰ ফালে আকৰ্ষিত কৰে৷ ৰিয়াজৰ হাঁহি ঢৌ খেলি থকা চাওঁনিত জিয়াৰো ভাল লাগে৷ জিয়াই ভাল লগাক কেতিয়াও প্ৰেমৰ ৰূপ দিয়া নাই৷
 ৰিয়াজ জিয়াৰ বান্ধৱী লিলিৰ বন্ধু৷ লিলিয়ে ৰিয়াজক চিনাকী কৰাই দিছিল জিয়াৰ লগত৷ ৰিয়াজ ইঞ্জিনিয়েৰিংৰ ২য় বৰ্ষৰ ছাত্ৰ৷ লিলিতকৈ ২-৩ বছৰ ডাঙৰ যদিও কিবা ৰিলেটিব হোৱা বাবে সৰুৰ পৰাই দুয়োৰে বন্ধুত্ব সম্পৰ্ক৷ বন্ধু হিচাপে চিনাকী কৰাই দিয়াত তাইয়ো বন্ধু হিচাপেই মানি আহিছে৷ দুয়োৰে মাজত বিশ্বাসৰ এনাজৰিও মজবুত হৈ আহিছে সেয়েহ আজি ঘূৰিবলৈ যাবলৈ ল’গ ধৰাত তাই মান্তি হ’ল৷ সিহঁত গৈ দীঘলী পুখুৰীৰ পাৰৰ পাৰ্কত গৈ চকী এখনত বহিলে৷ তেওলোকৰ কথা বৰ্তাত ঘাইকৈ পঢ়া শুনা, জীৱনৰ পৰিকল্পনাই ঠাই পালে৷পঢ়া শুনা কৰি কাৰ জীৱনত কি হ’ব সেয়াই আলোচনাৰ গতি ললে৷
 হঠাৎ ৰিয়াজে কথা গতি সলালে-‘ জিয়া তোমাৰ জীৱনত কেনে ধৰণ জীৱনসংগী বিছৰা?’‘ সেইবোৰ ভাবিবলৈ সন্মুখত বহুত সময় আছে৷’
‘ তথাপিও সকলো ছোৱালীৰে কিবা নহয় কিবা এটা কল্পনা থাকে, তোমাৰো আছে ১০০%৷ plz কোৱানা৷ বন্ধু হিছাপে জনাৰ মোৰো অধিকাৰ আছে৷ তুমি ক’লে ময়ো ক’ম৷’
‘ ঠিক আছে, ঠিক আছে কৈ আছোঁ ৰ’বা৷’তাই কিছুসময় চকু বন্ধ কৰি ৰাখিলে৷ জিয়াৰ মন ৰমান্টিক হৈ পৰিল৷ জিয়াৰ মনৰ ছাপ মুখতো পৰিছে৷ বগা গাল দুখন গোলাপৰ আভা এই মাত্ৰ কোনোবাই চটিয়াই গ’ল৷ ৰিয়াজ মাথো অপলোক চাই ৰ’ল জিয়ালৈ৷ কিছুসময় পিছতে তাই চকু খুলি দূৰ আকাশলৈ এবাৰ চালে৷ ৰিয়াজ অনুভৱ কৰিলে জিয়াৰ মন অবোধ শিশু এটিৰ দৰে ফৰকাল হৈ পৰিছে ৷
 তাই দূৰ আকাশলৈ চায়েই কলে ‘ প্ৰথমে মোৰ জীৱনসংগীজন হ’ব লাগিব বন্ধুত্বসুলভ, বিশ্বাসী, লাভিং, কেয়াৰিঙ,নাৰীক সন্মান জনাব পৰা ইত্যাদি ইত্যাদি৷  কোৱাৰ পিছতে ক্ষন্তেকতে জিয়াই মন মাৰি ডাঙৰকৈ হুমুনিয়াহ এটা এৰিলে৷
‘ কি হ’ল এনেকৈ হুমুনিয়াহ এৰিলা যে?’
‘ এইবোৰ কল্পনা বাস্তৱ হ’ব জানো? এই যুগত এনেকুৱা জীৱনসংগী পোৱাটো বৰ ভাগ্যৰ কথা ৷ মোৰ ইমান ভাগ্য ক’ত?
’‘ কোনে কৈছে তোমাৰ ভাগ্য বেয়া, চাবা তুমি বিছৰা ধৰণে জীৱনসংগী পাবা৷’
‘ হ’ব হ’ব, বাদ দিয়া এইবোৰ৷ ব’লা ওলপ খোজ কাঢ়ো৷’কৈ জীয়াই উঠি অকলে আগবাঢ়ি গ’ল৷
 ৰিয়াজে জিয়ালৈ চাই ৰ’ল৷ জিয়াৰ খুলি থোৱা দীঘল চুলিবোৰ বতাহত নাচি আছে৷ কেচা হালধীয়া ৰায়ন কূৰ্তী আৰু গুলপীয়া ওৰনীৰে মনোমোহা কৰি তুলিছে৷ তাতে বতাহত ওৰণি উৰি থকা বাবে পাখি থকা পৰিৰ দৰে তুলি ধৰিলে ৰিয়াজৰ দৃষ্টিত জিয়াক৷ জিয়াই ঘূৰি চাই হাঁহিলে৷ সি নযোৱা চাই তাক মাতিলে৷ ৰিয়াজ বাধ্য ছাত্ৰৰ দৰে উঠি গ’ল৷ গছৰ ছাঁবোৰ গছকি জিয়া আপোনমনে গৈ থাকিল৷ হঠাৎ ৰিয়াজ পিছৰ পৰা গৈ জিয়াৰ হাত এখন ধৰিলে৷ জিয়া অলপ আচৰিত হ’ল৷
 চকুৰ পলকতে ৰিয়াজে জিয়াৰ হাত নিজৰ হাতত লৈ খোজ কাঢ়ি গৈ থাকোতেই কলে-
‘ মই তোমাৰ সপোনৰ পুৰুষজন হ’ব নোৱাৰোনে?’
‘ কি ধেমালিখন কৰিছা, এয়া কোনো খেল নহয়৷’
জিয়াই নিজৰ হাতখন এৰুৱাই কথাষাৰ কৈ ৰিয়াজৰ পৰা কিছু আতৰি গ’ল৷ ৰিয়াজ আগবাঢ়ি গৈ একেথাপে জিয়াৰ কান্ধত ধৰি কাষতে থকা কৃষ্ণচূড়াৰ গছৰ লগত হেচি ধৰাৰ দৰেই ধৰিলে৷ ৰোমান্টিক পৰিৱেশ এটা গঢ়ি উঠিল৷ পৰস্পৰৰ বুকুৰ স্পন্দন পৰস্পৰে শুনিবলৈ পালে৷ পৰস্পৰৰ চকুত চকু পৰিল৷
‘ মোৰ কথা তোমাৰ ধেমালি লাগিল হা? মোৰ চকুলৈ চোৱা, তুমি বুজবা৷’ ৰিয়াজ কথাষাৰ ওলপ উচ্চস্বৰতে কলে৷ জিয়াই নিজকে এৰাবলৈ চেষ্টা কৰিলে৷ ৰিয়াজ হাৰি যোৱাৰ দৰে বাহুত যোৰকৈ ধৰি থকা হাতখন এৰুৱাই আনিলে৷ ক্ষন্তেক মৌন হৈ ৰ’ল৷
 পিছ মূহুৰ্ততে ৰিয়াজ আবেগিক হৈ জিয়াৰ গালত ধৰি আকৌ কবলৈ ধৰিলে-‘ আই ৰিয়েলি লাভ ইউ জিয়া৷ প্লিচ মোক বুজিবলৈ চেষ্টা কৰা মোৰ সোণ, তোমাক এৰি মোৰ জীৱন কল্পনা কৰিব নোৱাৰো৷ আই লাভ ইউ ৷’
কপি থকা দুটি ওঁঠ লৈ জিয়াই নিৰ্বাক হৈ থিয় হৈ ৰ’ল৷ হয়তো জিয়াই অনুভৱ কৰিবলৈ যত্ন কৰিলে ৰিয়াজ তাইক সচাঁকৈয়ে ভাল পায়নে? বিশ্বাস অবিশ্বাসৰ আলিদোমজাত কি ক’ব নকব তাই স্থিৰ কৰিব নোৱাৰিলে৷ কিন্তু জিয়াৰ হৃদস্পন্দ বাঢ়ি গৈ থাকিল৷ পাতল আকাশী ৰঙৰ সাৰ্টৰ মাজেৰে পৰিস্ফুটিত হৈ থকা ৰিয়াজৰ বহল বুকুত মূৰ গুজি আকাশৰ দিগন্ত চুবলৈ জীয়াৰো মন গ’ল কিন্তু জিয়াৰ বিবেকে বাধা দিলে৷ ৰিয়াজ অধৈৰ্য্য হৈ পৰিল তাইৰ উত্তৰ বিচাৰি৷ ৰিয়াজ তাৰ ওঁঠ জিয়াৰ কপি থকা ওঁঠত গুজি দিলে৷ জিয়াৰ সাহস নহ’ল ৰিয়াজক ঠেলি দূৰত দিবলৈ ৷ মনৰ আগত বিবেক হাৰ মানিলে৷ জিয়াই দুহাতেৰে ৰিয়াজক আকোঁৱালি ললে৷
: জিয়া, জিয়া .., আহা ভাত খোৱাৰ সময় হৈছে৷’ – ৱাৰ্ডেন খুৰীৰ মাতত জিয়া অতীতৰ পৰা বাস্তৱত আহি পৰিল৷ ইমান সময়ে পাহৰি থকা বিষটোয়ে আকৌ যাতনা দিবলৈ ধৰিলে৷ উঠিবলৈ শক্তিকন নাই যদিও সাহস গোটাই উঠি দুৱাৰ খুলিলে৷ সন্মুখত খুৰী থিয় হৈ আছে৷ আনদিনা এনেকৈ নাহে , জিয়াহঁতে নিজে যায় খাবলৈ৷ আজি তাই সময়মতে যোৱা নাই বাবে খুৰীয়ে নিজে আহিছে খৱৰ লবলৈ৷
: আজি ভাত খাবলৈ যোৱা নাই কিয়? গা বেয়া নেকি ?
: নহয় খুৰী, আজি বান্ধৱীহঁতৰ লগত আবেলি বহুত কিবাকিবি খাইছো সেয়েহ ভাল লগা নাই , তাতে আকৌ আজি টোপোনিয়ে লগ এৰা নাই৷ মোৰ বৰ টোপনি লাগিছে, ভাত নাখাও৷ খুঢ়ি আপোনালোকে খাই লওঁক৷
: ঠিক আছে বাৰু শুই থাকা, অসুবিধা হ’লে মাত দিবা৷
: হ’ব খুৰী, চিন্তা কৰিব নালাগে৷গুড নাইট৷
: গুড নাইট৷ – কৈ ৱাৰ্ডেৱ খুৰী গুচি গ’ল৷ খুৰীৰ সন্মুখত নিজৰ অৱস্থা লুকুৱাবলৈ মুখত এমুঠি হাঁহি বুলাই পোনহৈ দুৱাৰত ধৰি থিয় দি আছিল৷ খুৰী যোৱাৰ লগে লগে দুৱাৰ জপাই বিষত চকু জপালে৷ এতিয়া আৰু বেচি বিষ অনুভৱ কৰিলে৷ জিয়াই কোনোমতে চচৰাই গৈ ডক্টৰে দিয়া বিষৰ টেবলেট এটা উলিয়াই মুখত দিব ধৰতেই কাৰবাৰ মাত শুনি উচপ খাই উঠিল৷ জিয়াই কান উনাই দিলে৷
 আকৌ সেই একেই মাত- মা , মা , মা….. ৷ ৰুমৰ চৌদিশৰ পৰাই সেই মাত আহি জিয়াৰ কানত ঠেকা খালে৷ জিয়াই দুহাতেৰে কান জপাই ধৰিলে৷ কিছুসময়ৰ বাবে শব্দ তৰংগ বন্ধ হ’ল৷ জিয়াই চৌদিশে ঘূৰি চালে৷ নাই নাই ,এয়া তাইৰ মনৰ ভ্ৰম৷ নিজকে শান্তনা দি আকৌ টেবলেট খাবলৈ লওতেই কাৰবাৰ কোমল কন্ঠ শুনিবলৈ পালে জিয়াই৷
: মা, মোৰো বিষাই আছে ৷ ডাচবিনৰ জাৱৰৰ আচোৰত মোৰ গাত তেজ ওলাই দুখ পাই আছো মা৷ তুমি মোক কেনেকৈ পেলাই দিলা মা, মই দেখোন তোমাৰে অংশ৷ চোৱা মা চাৰিওফালে কুকুৰবোৰেও ভুকভুকাই আছে৷ কেতিয়া আহি চোকা দাতেৰে কামুৰি দিব কোনে জানে৷ মা মোক লৈ যোৱা ৷ কুকুৰবোৰৰ জোঙা দাতবোৰ চাই মোৰ বৰ ভয় লাগিছে মা৷
: মই আহি আছোঁ , মই আহি আছোঁ৷ – কৈ প্ৰতিবিম্বলৈ চাই আগবাঢ়ি যাবলৈ ধৰতেই বিচনাৰ লগত ঠেকা খাই বিচনাত পৰি গ’ল৷ লগে লগে সকলো প্ৰতিবিম্ব আতৰি গ’ল৷ জিয়াৰ সন্মুখত ৰিয়াজক দেখিলে৷ হয় এইখিনিতে পৰস্পৰে পৰস্পৰৰ মাজত শিপাই গৈছিল৷ জিয়াৰ সন্মুখত সেই পুৱাৰ ঘটনা স্পষ্ট হৈ পৰিল৷
‘ মিলে হো তুম হমকো বৰে নচিবোছে….’ জিয়াৰ মবাইল ৰিংটন বাজি উঠিল৷ ৰিয়াজৰ কল চাইয়ে জিয়াৰ ওঁঠত আনন্দৰ হাঁহি বিৰিঙি উঠিল৷
: গুড ইভিনিং৷
: গুড ইভিনিং ডিয়াৰ, পিছে কি প্লেনিঙ সন্ধিয়াৰ?
: একো প্লেনিং নাই ও, জানায় দেখোন ৱাৰ্ডেন খুৰীৰ হাচবেন্ড ঢুকাইছে ৰাতিপুৱা৷ খুৰীৰ ঘৰ ওচৰতে যদিও দুদিন নাহে, মোৰ ওপৰত দায়িত্ব দি গৈছে৷ দুদিন কলেজ বন্ধ বাবে বেচিভাগে ঘৰলৈ গৈছে, গতিকে আজি একো প্লেনিঙ নাই৷ মই বাহিৰত ওলাব নোৱাৰোঁ৷
: নো প্ৰব্লেম৷ তুমি ওলাব নোৱাৰা কিন্তু মইতো যাব পাৰিম৷
: নোৱাৰা, ল’ৰা মানুহক ভিতৰত সোমাব নিদিয়ে৷ৰিয়াজ একো নকৈ সিফালৰ পৰা ফোন কাটি দিলে৷ ৰিয়াজে খং কৰা ভাবি জিয়াৰ ওলপ বেয়া লাগিল৷ জিয়াই আকৌ ক’ল কৰিলে যদিও ৰিয়াজ ফোন কাটি দিলে৷ আকৌ ক’ল কৰাত চুইচ অফ দেখুৱালে৷ জিয়াই চুপ চাপ মন মাৰি শুই থাকিল৷১০ -১৫ মিনিট পিছত দুৱাৰত কাৰোবাৰ হাতৰ টোকৰ পৰিল৷ জিয়াই উঠি গৈ দুৱাৰ খুলি সন্মুখত ৰিয়াজক চাই আচৰিত হ’ল৷
: তুমি. .?
: অ মই: কেনেকৈ আহিলা৷
: মনৰ ইচ্ছা থাকিলে কোনেও বাধা দিব নোৱাৰে তোমাৰ ৰিয়াজক৷ মোক চাই তোমাৰ ভাল লগা নাই?
: অফকচ ভাল লাগি আছে, পিছে কেনেকৈ আহিলা সেয়া ভাবি আচৰিত৷ হ’ব বাৰু প্ৰথমে ভিতৰত আহা নহলে কোনোবাই চাব৷
: চাওক তাতে কি হ’ল৷ আমি কাৰোবাৰ কিবা চোৰ কৰিছোঁ নেকি?
: কাৰোবাৰতো মন চুৰি কৰিছা৷জিয়াই ধেমালি কৰি কলে৷
: সেয়াতো হয়, মোৰ জানুৰ মন চুৰি কৰিছোঁ৷ – কৈ ৰিয়াজ জিয়াক দুবাহুত আকোঁৱালি ললে৷ দুই প্ৰেমিক প্ৰেমিকাৰ উষ্ম আলিঙ্গনত গোটেই কোঠাতেই ৰমাঞ্চকৰ পৰিৱেশ বিৰাজ কৰিলে৷এটা সময়ত চৰম সীমা গৈ পালে৷ জিয়াই ৰিয়াজক বাধা দিয়াত ৰিয়াজে জিয়াক বুজালে‘ আমাৰ প্ৰেমৰ প্ৰায় এবছৰ হৈ গ’ল এতিয়াও মোৰ ওপৰত তোমাৰ বিশ্বাস নাই জানোঁ? মই তোমাক ৱাইফ হিচাপে মানি লৈছো৷ তুমি লব পৰা নাই হবলা৷’
‘ নহয় ও সেই কথা নহয়, ময়ো তোমাক মোতকৈয়ো বেচি ভাল পাওঁ৷’
‘ তেন্তে চকু বন্ধ কৰা আৰু আমাৰ প্ৰেমক সৰ্বোচ্চ শিখৰ পাৰ কৰিব দিয়া৷ এই জীৱনত কোনেও আমাক ভাগ কৰিব নোৱাৰে৷ তুমি মোৰ ,মই তোমাৰ মাথোঁ এয়াই বাস্তৱ৷ৰিয়াজৰ কথা সচাঁকৈয়ে জীয়াই চকু বন্ধ কৰি ৰিয়াজৰ বহল বহুকুত নিজকে এৰি দিলে৷ জোনাকৰ পোহৰে সেৱালিৰ সুবাস লৈ জীয়াৰ কোঠাত মহনীয় পৰিৱেশ কৰি তুলিলে৷ সেৱালিৰ শিপাই দুয়োৰে মাজত শিপাই গ’ল৷
জিয়াৰ সন্মুখত দেৰমাহ আগতে ঠিক সেই দিনাৰ দৰে আজিও সিহঁত দুয়ো প্ৰেমত মজগুল হৈ থকা ছবি ভিডিওৰ দৰে চলিবলৈ ধৰিলে৷ জিয়া সহ্য কৰিব নোৱাৰি বিচনাৰ চাদৰ গাৰু দলিয়াই মজিয়াত পেলাই দিলে৷তাই উচ্চস্বৰে চিঞৰিব খুজিও নিশব্ধ দৰেই শৰীৰৰ সমস্ত শক্তিৰে বুকু ফালি চিঞৰিলে৷ তাইৰ চিঞৰ কোঠাৰ চাৰিআলিত ঘূৰিবলৈ ধৰিলে৷ জিয়াই মজিয়াত বহি পৰিল৷ জিয়াই নিজে নিজে আবেগিক হৈ পৰিল৷ নিজে নিজে ৰিয়াজৰ ওপৰত অভিযোগবোৰ আৱৰাই থাকিল৷ ‘ তুমি কৈছিলা তুমি মোৰ লগত সদায় থাকিবা কোনেও আমাৰ প্ৰেমক বাধা দিব নোৱাৰে, আৰু আজি কি হ’ল সমাজৰ ভয়ত তুমি আতৰি যাব বিচৰা৷ সমাজৰ ভয়ত মোক পৃথিৱীৰ নিকৃষ্ট , পাপী মাতৃ সজালা৷ আমাৰ কলিজাৰ টুকুৰাটোয়েতো পাপ কৰা নাই. তাক কিয় হত্যা কৰিলা৷পাপী মই ৷ মোক হত্যা কৰা ৷ পাপী মই মোৰ উশাহ লোৱাৰ অধিকাৰ নাই৷ জিয়াই ৰাতি অন্ধকাৰৰ মাজত আবোল তাবোল বকি থাকিল৷ আৰু এটা সময়ত তাই কোঠা নিশব্দ হৈ পৰিল৷ য’ত এমুঠি উশাহ আছিল কুণ্ডলি পকাই আকাশলৈ উৰি গ’ল৷ নিশব্দ হৈ পৰি ৰ’ল কিছু ইতিহাস৷                   

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)