শেহতীয়া লেখা

গ্ৰহণ


                       


চৌদিশৰ পৰা পৃথিৱীক কলা ৰঙে চানি ধৰিছে৷ বেলিৰ পোহৰক কোনো দানৱে গিলি থৈছে যেন লাগিছে৷গুল চাহেৰা আন্ধকাৰ কোঠা এটাত চটফটাই আছে৷সৈনিক পত্নী গুল চাহেৰা,কিন্তু এতিয়া তাইক সৈনিক পত্নী বুলি নকয়৷মানুহে বিধৱা বুলি মাতে৷
গুল চাহেৰাৰ ঘৰ পাহাৰেৰে আৱৰি ৰখা এখন ভিতৰুৱা অঞ্চলত৷ ৰাজআলিৰ পৰা বহুদূৰ কষ্ট কৰি খোজ কাঢ়ি যাব লাগে৷যি সকলৰ নিজা বাহন আছে সেই সকলৰ কথা বেলেগ৷ গাঁওখনৰ পৰা তিনি কিলমিটাৰমান দুৰত এখন বজাৰ আছে৷ অঞ্চলটোৰ প্ৰায়ভাগেই কৃষিজীৱি৷তাৰ মাজতে কিছুমান চাকৰিজীবি যদিও শিক্ষক শিক্ষয়েত্ৰিৰ বাহিৰে প্ৰায়ভাগেই বাহিৰত থাকি চাকৰি কৰে৷ অঞ্চলটোত শিক্ষাৰ প্ৰভাৱ পৰিলেও এতিয়ালৈকে শিক্ষাৰ পোহৰে সকলোৰে মন পোহৰাই তুলিব পৰা নাই৷
কিছুমানে পাহাৰৰ দাতিত সুবিধাজনক ঘৰ সাজি লৈছে৷ কিছুমানে পাহাৰৰ পৰা কিছু দূৰত ঘৰ সাজি পাহাৰৰ দাতিত খেতি কৰিবৰ বাবে ঠিক কৰি লৈছে৷ পাহাৰৰ নামনিত খেতিৰ উপযোগী কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়৷ পাহাৰীয়া ঠাইবোৰ খেতি উপয়োগী কৰিবলৈ দ’কৈ খান্দি ল’বলগীয়া হয়৷ পাহাৰৰ একেবাৰে দাতিত থকা পথাৰবোৰৰ বিশেষ অসুবিধা হ’ল পথাৰৰ শস্য হ’লেই বান্দৰৰ উপদ্ৰৱ৷ পাহাৰৰ গছ বন কটাৰ ফলত আৰু মানুহৰ জনসংখ্যা বৃদ্ধি হোৱাত এতিয়া আগৰ দৰে বান্দৰৰ উপদ্ৰুপ কমি আহিছে৷ বান্দৰবোৰৰ হয়তো মৃত্যু হৈছে নাইবা দুৰলৈ গুচি গৈছে৷ চৰাইবোৰৰ উপদ্ৰৱ আছেই৷পথাৰত শস্য ওলাবলৈ আৰম্ভ কৰিলেই মানুহ এজন পহৰাদাৰ হৈ থাকিব লাগে৷গাঁৱৰ সকলোয়ে মিলি তেল থোৱা পুৰণা টিনৰ মাজত ইটাৰ টুকুৰা এটা বিশেষ প্ৰকাৰে ৰশিৰে বান্ধি লৈছে পথাৰত৷ দূৰৈত বহি সেই ৰচি টানিলেই টং টংকৈ বাজি উঠে৷ সেই শব্দত চৰাইবোৰ উৰা মাৰে৷বান্দৰকেইটা যাব নোখোজে যদিও একেৰাহে বজালে অৱশেষত যাবলৈ বাধ্য হয়৷
শাওন মাহত পাহাৰতলীয়া পথাৰবোৰ বৰ দষ্টিনন্দন৷বৰষুণৰ পানীত তিতা পথাৰবোৰ হাল বাই বোকাময় কৰা হয়৷ বোকাময় পথাৰৰ সুবাস অন্তৰ চুই যায়৷ বোকাময় পথাৰত দীঘল ভৰীৰে বগাকৈ বগলীৰ জাক৷কিছুমান বগলী পথাৰৰ আলীবোৰত ৰৈ থাকে৷ কিছুমান পথাৰৰ মাজত বোকা গছকি গছকি মাছ, পোক বিচাৰি ফুৰে৷মাছ পালেই সাপৰ দৰে গিলি দিয়ে৷শাওণ মাহত তিৰোতাবোৰে দিনৰ দিনটো পথাৰতেই কটাবলগীয়া হয়৷ কিছুমানৰ স্বামী,ল’ৰা-ছোৱালী সকলোৱে মিলি পথাৰত কাম কৰে৷কিছুমান পুৰুষে পথাৰবোৰ মৈ দি সমান কৰি যায়৷পথাৰবোৰত মাছ থাকিলে ল’ৰা ছোৱালীবোৰে সেইবোৰ ধৰিবলৈ মৈৰ পিছে পিছে দৈৰি ফুৰে৷ এয়া শৈশৱৰ এক পাহৰিব নোৱাৰা আনন্দ৷পথাৰত জাবৰ থাকিলে পুৰুষবোৰে হাতেৰে গুচায়, আলিবোৰ ঠিক কৰে আকৌ কঠিয়াৰ মুঠিবোৰ হাতৰ কাষতে পোৱাকৈ নিৰ্দিষ্ট দুৰত্বত দি যায় আৰু তিৰোতাবোৰে কঠিয়া ৰুই যায়৷এনেকৈ পথাৰবোৰক সেউজীয়া পোচাক পিন্ধাই দিয়া হয়৷
গুল চাহেৰাহঁতৰো আজি কঠিয়া ৰোৱাৰ প্ৰথম দিন৷ গাঁৱৰ মহিলা কিছুমানক হাজিৰা কামলা দিবলৈ কৈ থৈছে৷তাই এইবোৰ এতিয়া অকলে চম্ভালিব লগা হৈছে৷ঘৰৰ দায়িত্ব ল’ব পৰা এজনো নাই৷এজনী ছোৱালীৰে সৈতে বয়সীয়াল শাহু-শহুৰ৷ তাইৰ স্বামী আছিল ঘৰখনৰ একমাত্ৰ পুত্ৰ৷ তাইৰ স্বামী সৈনিক আছিল৷ উগ্ৰপন্থিৰ গুলিত শ্বহীদ হৈছে৷ ভনী দুজনী বিয়া হৈ গৈছে৷ ঘৰখনত বৃদ্ধ পিতৃ মাতৃৰ বাহিৰে ভাই ককায়েক কোনো নাই৷ বয়সৰ ভৰত ৰাজহাড় বেকা হৈ পৰা শহুৰজনৰ লগত মিলিয়েই খেতিবাতিৰ কামবোৰ কৰিবলৈ সাহস গোটাইছে তাই৷শহুৰৰ কষ্ট হয় যদিও কিছু কাম কৰে আৰু তাইক পৰামৰ্শ দিয়ে কেতিয়া কি কৰিব লাগিব৷খেতি বাতিৰ ক্ষেত্ৰত আগৰ একো অভিজ্ঞতা নাছিল৷ এতিয়া তাই সকলো জানিব লাগিব,শিকিব লাগিব৷ এই ক্ষেত্ৰত শহুৰে তাইৰ একমাত্ৰ ভৰষা৷খেতি বাতি কৰিয়েই সংসাৰখন চলাব লাগিব৷ স্বামীৰ মৃত্যুত এককালীন কিছু টকা পাইছে কিন্তু সেই টকাৰে বহি বহি সংসাৰখন চলালে সোনকালেই শেষ হ’ব৷ এইফালে ছোৱালাজনীও ডাঙৰ হৈ আছে৷ আনহাতে গুল চাহেৰাও চাৰিমাহৰ অন্তসত্বা৷
স্বামী জীবিত থকাহেঁতেন এইবোৰ লৈ তাইৰ কোনো চিন্তা নহলহেঁতেন৷ সি দূৰৈত থাকিলেও সকলো দায়িত্ব পালন কৰিলেহেঁতেন৷ কেতিয়া ছোৱালীৰ স্কুলৰ ফীজ দিব লাগে,কেতিয়া কাপোৰ কানি কিনিব লাগিব,কেতিয়া মা দেইতাকক ডক্টৰক দেখুৱাব লাগিব,ঔষধ-পাতি কিনিব লাগিব আদি সকলো তেওঁ নিজে দায়িত্ব পালন কৰিলেহেঁতেন৷ পথাৰৰ কামবোৰ সিয়ে চম্ভালি নিচিল ফোনযোগে৷ ফোন কৰিয়ে কামৰ বাবে মানুহ মাতিছিল,কি কাম কৰিব লাগিব বুজাই দিছিল,কাম কিমানদূৰ হ’ল নহ’ল ফোনৰ জৰিয়তেই বুজ লৈছিল৷ তাইৰ কাম হ’ল মাথোঁ একাউন্টত পঠোৱা টকাকেইটা তুলি সিহঁতক মূল্য অনুসৰি ভগাই দিয়া,কিন্তু এতিয়া তাই অকলসৰীয়া৷ চহৰ হ’লে তাই কিবা এটা চাকৰিৰ কথা ভাবিব পাৰিলেহেঁতেন কিন্তু গাঁৱত সেই আশাকনো নাই,সেয়েহ এতিয়া তাইৰ সেই পথাৰখনেই সম্বল৷
সাহসেৰে দিনটো আৰাম্ভ কৰে কিন্তু ছোৱালীজনীয়ে কয় ‘‘ মা দেউতা আমাক এৰি কিয় গুচি গ’ল? ঈশ্বৰক কোৱানা দেউতাক ঘূৰাই দিবলৈ৷ মই সদায় কও ঈশ্বৰক দেউতাক ঘূৰাই দিবলৈ,মোৰ কথা ঈশ্বৰে নুশুনে কিয়,ঈশ্বৰে মোক বেয়া পায় নেকি?’’ ইত্যদি নানা প্ৰশ্ন আৰু কাতৰ চকুলৈ চাই মাজে মাজে তাইক হতাশাই আৱৰি ধৰে,কিন্তু পিছ মূহুৰ্ততে আত্মবলেৰে সেই আৱৰণ ভাঙি ওলাই আহে৷স্বামী হেৰুৱা এমাহেই হ’ল৷এই এমাহে তাই নিজকে সম্পূৰ্ণ পৰিবৰ্তন কৰিছে৷ অতি কথাচহকী আৰু কৌতুকপ্ৰিয় ফুৰ্তিবাজ মানুহজনীক গাম্ভিৰ্যপূৰ্ণ হ’বলৈ শিকাইছে সময়ে৷ এতিয়া তাই প্ৰতিটো কথাই ভাবি চিন্তি কয়৷
আগতে প্ৰায়ে টি.ভিটোৰ সন্মুখত বহি সময় পাৰ কৰিছিল,এতিয়া দিনৰ ভাগত টি.ভি ছোৱাৰ সময়কনে নাপায়৷ দিনটো ইটো সিটো কামত নিজকে ব্যস্ত কৰি ৰাখে৷ সন্ধিয়া হ’লে অলপ সময় টি.ভিটো অন কৰি দেশ দুনিয়াৰ বাতৰিবোৰ চায় আৰু এটাই প্ৰাৰ্থনা কৰে –তাইৰ দৰে যাতে আৰু কোনেও বৈধব্যৰ সাজ পিন্ধিব নালাগে,কোনো সন্তানে যাতে পিতৃহাৰা নহয়৷ কালি সন্ধিয়া টি ভি চাই থাকোতেই বাতৰি এটাই হুলুস্থুল  লগালে৷ বাতৰিটো দেখিয়েই শাহুআয়ে চকু ডাঙৰকৈ মেলি কলে-‘‘ বোৱাৰী,কাইলৈ সেই সময়খিনিত তুমি একো নকৰিবা,একো নাখাবা,বাহিৰলৈ নোলাবা৷’’
শাহু আইৰ কথা শেষ নোহওতেই শহুৰে কলে-‘‘ কাইলৈ পথাৰত কঠিয়া ৰুব নালাগে,পৰহিৰ পৰা আৰম্ভ কৰিম৷’’
সিদ্ধান্তটো জনাই দি শহুৰে টৰ্চ লাইট এটা হাতত লৈ ৰুমৰ পৰা ওলাই গ’ল বাহিৰলৈ৷ হয়তো হাজিৰা ঠিক কৰা মহিলাসকলোক জনাবলৈ৷ টিভিত তেতিয়াও বাৰাম্বাৰ কৈ আছে-‘‘অহাকালি পুৱা আঠ বজাৰ পৰা দহটা তিৰিশলৈকে থাকিব সূৰ্য গ্ৰহণ,চন্দ্ৰই সম্পৰ্ণৰূপে গিলিব সূৰ্যক………৷’’এনেই গ্ৰহণক লৈ মানুহ আতঙ্ক তাতে এনেকৈ বাতৰিবোৰ কোৱা হয় যেন প্ৰলঙ্ককাৰী কিবা আহি আছে৷ গুল চাহেৰা শিক্ষিত,এইবোৰ অন্ধবিশ্বাস বিষয়ে আগতে কেতিয়াও মানি চলা নাই৷ তাই শাহু আইৰ উদ্দেশ্যি কলে-‘‘ এইবোৰচোন মই আগতে মনা নাই,কতা মোৰ দেখোন একো হোৱা নাই৷’’
‘‘আগতে হোৱা নাই বুলিয়েই কেতিয়াও যে নহব তাৰতো কথা নাই৷তাতে অন্ত:সত্বা৷ অন্ত:সত্বা মহিলাই গ্ৰহণ কালত একো বস্তু কাটিলে নাক,কান আদি কটা সন্তান জন্ম হয়,পোণ হৈ থিয় হৈ নাথাকিলে সন্তান বেকা হয়,গ্ৰহণ কালত কোনো বস্তু খালে বা বাহিৰলৈ ওলালে সন্তান নষ্ট হয় নাইবা বেমাৰ লৈ জন্ম হয়৷ গতিকে ৰাতিপুৱা সোণকালে উঠি ৰন্ধাবাঢ়া কৰি লবা৷’’
গুলে কথাবোৰ অমান্য কৰিবলৈ সাহস নকৰিলে৷ এই সংসাৰৰ আৰু তাইৰ স্বামীৰ শেষ চিহ্নৰ সুৰক্ষাৰ দায়িত্ব তাইৰ৷ সেই বাবেই তাই খোৱা বোৱা বন্ধ কৰি অন্ধকাৰ কোঠাত এঘন্টা ধৰি থিয় হৈ আছে৷ইফালে ছোৱালীজনীৰো স্কুলৰ সময় হৈছে,এনেকৈ কোঠাত বন্ধী হৈ থাকিলে নহব,তাই ওলাব লাগিব,কথাবোৰ ভাবি থাকোতেই আকৌ শাহু আইৰ কথাবোৰ মনত পৰি তাইৰ মন খেলিমেলি হৈ গ’ল৷ হঠাৎ তাইৰ স্কুলত পঢ়া এটা পাঠলৈ মনত পৰিল, তাত লিখা আছিল ‘‘সূৰ্য,পৃথিৱী আৰু চন্দ্ৰ নিজ কক্ষপথত আৱৰ্তন কৰি থাকোতে যেতিয়া চন্দ্ৰ পৰিভ্ৰমণৰ অৱস্থাত কিছু সময়ৰ বাবে পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান কৰে,তেতিয়া পৃথিৱীৰ দৰ্শকৰ বাবে সূৰ্য আংশিক বা সম্পৰ্ণ অদৃশ্য হৈ পৰে, সেয়াই সূৰ্য গ্ৰহণ৷’’ কথাখিনি মনত পৰাৰ পিছৰ পৰাই গুলে বেলিটোৰ কথাকেই ভাবিব ধৰিলে৷ বেলিটিয়ে হ’ল পৃথিৱীৰ সকলো শক্তিৰ উৎস৷ এদিনৰ বাবে বেলিৰ পোহৰ পৃথিৱীত নপৰিলে পৃথিৱী যেন নিৰ্জীৱ হৈ পৰে৷ নিৰৱচ্ছিন্ন শীতলতাই পৃথিৱীক গ্ৰাস কৰে৷ পৃথিৱীৰ সকলো শক্তি যেন হেৰাই যাব ধৰে৷ ৰাতিটোয়েই তাৰ উদাহৰণ ,সকলো গছ পাতে ওৰেৰাতি নিৰবে বেলিটি উদয় হোৱাৰ প্ৰাৰ্থনা কৰি থাকে৷ হৃদয়েৰে অনুভৱ কৰিলেই শুনা যায় সেই প্ৰাৰ্থনাৰ মন্ত্ৰ৷
জাৰৰ দিনত নিজেই অনুভৱ কৰা যায় বেলিৰ পোহৰৰ কিমান মূল্য৷ গুলহঁতৰ ঘৰত জাৰকালি বেলিৰ পোহৰ কোনোমতে হে ছুই যায়৷ পাহাৰৰ দাতিৰ পথাৰবোৰতো প্ৰায় ৰ’দ নাপায় বুলিবই পাৰি যাৰ বাবে পথাৰবোৰ কিছু নিৰ্জীৱ হয়৷ তেতিয়া সকলোৱে বসন্তলৈ অধিৰ আগ্ৰহেৰে বাট চাই থাকে৷ বসন্ত কালত বেলি পথাৰৰ বঁকিয়াইদি খোজকাঢ়ি আহে৷ ঘৰৰ চালত বহে৷ বেলিৰ পোহৰত সকলো সতেজ,সজীব হৈ পৰে৷ বেলিয়ে কাৰো লগত ভেদ ভাৱ নৰাখে,কাৰো লগত বিশ্বাসঘাতকতা নকৰে৷ সকলোকে সমান পোহৰ দিয়ে৷ সেয়েহ বেলিটি সকলোৰে বন্ধু৷ বেলিটি হাবি বননি,নৈ,পথাৰ আদিৰ প্ৰিয় বন্ধুৰ দৰে তাইৰো বন্ধু৷ সেই বন্ধুৱে অন্ধাৰৰ সতে যুজি আছে আৰু এটা সময়ত জয়ী হৈ ৰাজকীয় ৰূপত ওলাই আহিব৷ গতিকে তাইৰ পৰম শক্তিশালী বন্ধুজনে যদি জীৱন যাত্ৰাত যুদ্ধ কৰিব পাৰে৷ তাই কিয় এনেকৈ বহি থাকিব? কথাবোৰ তাই যিমানেই ভাবি থাকিল তাৰ সমিধানবোৰ স্পষ্ট হ’বলৈ ধৰিলে৷ শহু আইয়ে কোৱা কথাবোৰো ভাবি নিজকে প্ৰশ্ন কৰিলে-‘‘প্ৰিয় বন্ধু এজননো যুদ্ধৰ সময়ত নিজৰ বন্ধুক হানি কৰিবনে?’’ নাই নাই সেই কথা ভাবিবই নোৱাৰে৷ গতিকে এনেকৈ লুকাই থকাৰ কোনো প্ৰশ্নই নাহে৷ বৰঞ্চ তাৰ লগত সহযোগিতা কৰি কৰ্ম কৰি গ’লে সুখি হ’ব৷ মানুহে কোৱা কথাবোৰ সমাজত প্ৰচলিত কুপ্ৰথাহে৷ এইবোৰৰ বৈজ্ঞানিক ভাৱেও কোনো ভিত্তি নাই গতিকে প্ৰচলিত প্ৰথাবোৰ অন্ধ ভাৱে মানি যোৱাটো কিমান যুক্তি সংগত? কথাবোৰ তাই গভীৰ ভাৱে ভাবি ভাবি শেষত চূৰান্ত সিদ্ধান্ত ললে৷
তাই দুৱাৰখন খুলি বাহিৰলৈ ওলাল৷ ইতিমধ্যে সূৰ্যৰ অৰ্ধগ্ৰাস হৈছে৷ আকাশখন গাঢ় ছাই বৰণীয়া হৈ উঠিছে৷ সমগ্ৰ পৃথিৱীত এটা ডাঠ আৱৰণৰ সৃষ্টি হৈছে৷গছ পাতেও যেন মৌন প্ৰাৰ্থনাত বহিছে৷ চৰাই চিৰকতিবোৰেও নিজ নিজ বাঁহলৈ উৰি গৈছে৷ পৰিৱেশ কিছু জয়াল হ’লেও তাই আত্মবিশ্বাসেৰে বাহিৰলৈ ওলাই অজু কৰি প্ৰিয় বন্ধুৰ বাবে আল্লাৰ ওচৰত দোৱা কৰি দুৰাকাত নামাজ পঢ়ি ললে৷তাৰ পিছত শাহু শহুৰক বুজাই ছোৱালীজনীক স্কুলৰ বাবে ৰেডি কৰিলে,ইতিমধ্যে বাহিৰত নিয়মিত স্কুলৰ বাবে ঠিক কৰি থোৱা টেম্পখন আহি পাইছে৷ ছোৱালীজনীক টেম্পখনত তুলি দি ৰোৱনী মহিলাহঁতক মাতি লগত লৈ পথাৰলৈ গ’ল৷ ৰোৱনী মহিলাবোৰেও তাইৰ সিদ্ধান্তত চকু ডাঙৰ কৰিছিল৷ কিন্তু তাইৰ আত্মবিশ্বাসী কথাবোৰ বিশ্বাস কৰিবলৈ বাধ্য হৈছিল৷ পথাৰ গৈ পাওঁতে বেলিটি ওলাই আহিছিল অতি উজ্বল হৈ৷ তাইৰ এনে লাগিল গোটেই বছৰতকৈ আজি যেন বেলিটো বেছি উজ্বল হৈ দেখা দিছে৷ বেলিটোৰ পোহৰ তেওঁলোকৰ শৰীৰত তিৰবিৰাই উঠিল৷ বেলিটি যেন পথাৰতো বহলকৈ বহিলে৷ গুলেও বেলিৰ পৰা নতুন শক্তি পালে৷ তাই চিঞৰি উঠিল ‘‘ ছোৱা ছোৱা আজি বেলি পোহৰ কিমান উজ্বল, আন্ধাৰক হৰুৱাই আৰু উজ্বল হৈ পৰিছে, গতিকে তাৰ জয়ত আমি সুখী হ’ব লাগে আৰু বেলিৰ দৰেই নিজৰ কৰ্ম কৰি যাব লাগে৷’’ তাইৰ কথাত সকলোয়ে মিচিকিয়া হাঁহিৰে সন্মতি জনাই কামত লাগিল৷
তাই নিজৰ পেটত হাত থৈ মনে মনে কলে ‘‘ বেলিয়ে হ’ল শক্তিৰ উৎস আৰু সকলোৰে প্ৰকৃত বন্ধু ৷ এই বেলিৰ পোহৰ পৰি তই শক্তিশালি হ,বেলিৰ দৰে উজ্বল হবি মোৰ সোণ৷ বেলিৰ কিৰণে আমাৰ বেদনাৰ বোজা লাঘৱ কৰি জীৱনটো আনন্দৰে পৰিপূৰ্ণ কৰি তুলিব৷’’ কৈ সন্তোষৰ হাঁহি এটি মাৰি কঠিয়াবোৰ তুলিবলৈ বহিল৷