ৰ'দৰ ফুল বুকুত বান্ধি জমি থকা ছাই বৰ্ণ অম্বু বৰফাবৃত হিমালয় কিমান উদ্ভাসিত কৰিবা ভাগ্যচক্ৰ হে বগা মৃগযূত উঠি উশাহ লোৱা। অপৰিমেয় বিলাপৰ বোজা সাগৰত দলিয়াই দি চক্ষুপল্লৱত আৰিয়া বান্ধি শৃংগমালা বগাই হাঁকোটিৰে পাৰি আনা অমানিশাৰ দিব্য দিনমণি ।