#ডায়েবেটিছ_আৰু_ইফতাৰ_২(#diabetes and efter)



#ডায়েবেটিছ_আৰু_ইফতাৰ_২
✍️ ডাঃ জাহিদ আহমেদ


মুছলমান সকলৰ অন্যতম পবিত্ৰ মাহ ৰমজান, এই মাহত সম্পূৰ্ণ দিনটো ৰোজা (ছিয়াম) পালন কৰি সন্ধিয়া ইফতাৰৰ সময়ত আমি পৃথিৱীৰ সমস্ত খাদ্য বস্তুৱেই যেনে মূহুৰ্ততে খাই পেলাম এনেকুৱা এটা ভোকাতুৰ মানসিক অৱস্থা হয়গৈ। সেয়ে ধনী দুখীয়া সকলোৱে কমছেকম ইফতাৰৰ সময়ত যথাসম্ভৱ সুস্বাদু খাদ্য বস্তুৰ যোগাৰ কৰিবলৈ কেতিয়াও কৃপনালি নকৰে। কিন্তু ইফতাৰৰ নামত যিকোনো সুস্বাদু আৰু লোভনীয় খাদ্য খাবলৈ যোৱাৰ আগতে নিজৰ স্বাস্থ্যৰ ফালে লক্ষ্য কৰিবলৈ পাহৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্যৱান মানুহ এজনে ইফতাৰৰ সময়ত সুস্বাদু খাদ্য গ্ৰহণ কৰোঁতে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই যদিও ডায়েবেটিজ বেমাৰত ভূগি থকা মানুহৰ কাৰণে ইফতাৰৰ সময়ত বহু চিন্তা কৰিবলগীয়া আছে। মই কোনো ডায়েবেটিজ বেমাৰৰ বিশেষজ্ঞ নহয় তথাপিও এটা কথা সদায় সকলোকে কওঁ যে ডায়েবেটিজ বেমাৰত ভূগি থকা মানুহে ৰোজা ৰাখিবলৈ ইচ্ছা কৰিলে সদায় এজন বিশেষজ্ঞ চিকিৎসকৰ লগত আলোচনা কৰিহে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ৰোজা ৰাখিব। আৰু যদি আপুনি নিয়মিত ইনছুলিন লৈ আছে তেতিয়াহলে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ তো কেতিয়াও ৰোজা নাৰাখিব।

আমি যেতিয়া ৰোজা ৰাখোঁ তেতিয়া দিনৰ শেষৰ ভাগত অৰ্থাৎ আবেলিৰ পৰা আমাৰ শৰীৰৰ তেজত গ্লুকোজৰ পৰিমাণ ভালে পৰিমাণে কমিবলৈ ধৰে। সেয়া ডায়েবেটিছ বেমাৰত ভূগি থকা মানুহৰ ক্ষেত্ৰতো একে। সেয়ে ডায়েবেটিছ বেমাৰত আক্ৰান্ত মানুহে ৰোজা ৰাখিলে লগত ব্যক্তিগত Glucometer এটা ৰাখিবই লাগে যিটোৰে প্ৰতিদিনেই ইফতাৰৰ আগত নিজৰ গ্লুকোজৰ পৰিমাণটো চাই লব পাৰি, এইটোৱে আপোনাক ইফতাৰৰ খাদ্য বাচনি কৰাত সহায় কৰিব। মনত ৰাখিব, ডায়েবেটিছ বেমাৰত ভূগি থকা ৰোজাদাৰে কেতিয়াও ইফতাৰৰ সময়ত খেজুৰ বা পকা কল খাব নালাগে কাৰণ এইবোৰ খাদ্যই আপোনাৰ শৰীৰৰ গ্লুকোজৰ পৰিমাণ খুব সোনকালে (কম সময়ৰ ভিতৰতে) বঢ়াই দিয়ে। সেয়ে সাধাৰণ মানুহে ইফতাৰৰ সময়ত এইবোৰ খাদ্য খালে তৎক্ষণাত নিজকে শক্তিশালী অনুভৱ কৰে। কিন্তু ডায়েবেটিছ বেমাৰত আক্ৰান্ত ৰোগীয়ে ইফতাৰৰ সময়ত আপেল বা আঙুৰ (৮ ৰ পৰা ১০ টা) খাব পাৰে কাৰণ এইবোৰ খাদ্যৰ পৰা আপোনাৰ তেজত গ্লুকোজৰ পৰিমাণ তৎক্ষণাত বাঢ়ি নাযায়। যদি তেওঁ নিয়মিত ঔষধ সেৱনৰ দ্বাৰা নিজৰ ছুগাৰ লেবেল নিয়ন্ত্ৰণত ৰাখিব পাৰিছে তেতিয়াহলে ইফতাৰৰ সময়ত পকা অমিতাও খাব পাৰিব, কিন্তু ছুগাৰ অনিয়ন্ত্ৰিত বা ৩০০ ৰ ওপৰত থাকিলে পকা অমিতা নোখোৱাটোৱে উত্তম। ইফতাৰৰ সময়ত গ্লুকোমিটাৰেৰে চেক কৰি যদি ছুগাৰ লেবেল কম বা নৰ্মেল যেন দেখা পায় তেতিয়াহলে মিঠা বস্তু খুব পৰিমাণেহে লব পাৰিব ( কিন্তু নোখোৱাটোৱে উত্তম)। Cherry, কমলা টেঙা ইত্যাদি খাব পাৰিব। ইফতাৰত ভুলবশতঃ কেতিয়াবা হঠাৎ মিঠা খাদ্য খাই দিলে কিছু সময় পিছত গ্লুকোমিটাৰেৰে পুনৰ এবাৰ ছুগাৰ চেক কৰিব।

শৰীৰৰ তেজত ছুগাৰ লেবেল কমি যোৱাটো (hypoglycemia) ডায়েবেটিজ বেমাৰত আক্ৰান্ত ৰোগীৰ কাৰণে আটাইতকৈ বিপদজনক। সেয়ে ডায়েবেটিছৰ ৰোগীয়ে ৰোজা ৰাখিবলৈ গৈ যাতে কেতিয়াও ছুগাৰ লেবেলটো একেবাৰে কমি নাযায় তাৰ কাৰণে যত্নবান হব লাগে। বুকুৰ ধপধপনি বাঢ়ি অহা, হাত কপা, মাত্ৰাধিক ঘাম নিৰ্গত হোৱা আৰু অচিনাকি কিবা অস্থিৰ অস্থিৰ ভাৱ হোৱা ইত্যাদি তেজত গ্লুকোজৰ পৰিমাণ কমি যোৱা অৰ্থাৎ hypoglycemia ৰ লক্ষণ (তথাপিতো গ্লুকোমিটাৰেৰে চুগাৰ লেবেল নিশ্চিত কৰিব)। যিসকলে নিয়মিত ডায়েবেটিছৰ ঔষধ খাই থাকে সেইসকলে সাধাৰণতে ৰমজান মাহ আৰম্ভ হোৱাৰ কিছুদিন আগৰ পৰাই চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ খোৱাৰ সময়সূচী কিছু পৰিবৰ্তন কৰি লব লাগে যাতে ৰমজান মাহত ঘপককৈ পৰিবৰ্তন কৰিব লগা নহয়।

শেষত আকৌ কৈছোঁ, যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত আৰু ঔষধৰ ওপৰত নিৰ্ভৰশীল, তেতিয়াহলে ৰোজা ৰাখিবলৈ সিদ্ধান্ত লোৱাৰ আগতে এবাৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ নিশ্চয় লব।

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)