মৃত্যু(mirtyu)
আদিমতাৰ পৰা উত্তৰ আধুনিকতা লৈ
বান্ধি থোৱা সুতাডালৰ নামেই ভাইৰাচ
এক নাবিকৰ দৰেই সূৰ্য তাৰ সাক্ষী হৈ গুচি যায়
বিজাণুবোৰ উৰি আহি পৰে আমাৰ চকু মুখ আত্মাত
ভাইৰাচে আমাক সেইদিনাই গ্ৰাস কৰিছিল
যিদিনা আত্মাক অন্ধকাৰ পোতশালত
কোনোবাই বান্ধি থোৱা আৰম্ভ কৰিছিল
অথচ আমি সকলোৱে
দেহৰ অস্ত্ৰপ্ৰচাৰ কৰি ফুৰিলো
আমাৰ তেতিয়াই মৃত্যু হৈছিল
যি মুহূৰ্তত আমাৰ সন্মুখত
অনাহাৰী শিশু এটিয়ে শেষ নিশ্বাস এৰিছিল
অথচ আমি মানৱতাৰ গীত গাই আছিলো
'মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে
কোনেনো ভাবিব কোৱা . . . . .।
পৃথিৱীৰ তেতিয়াই মৃত্যু হৈছিল
যেতিয়া প্ৰৱল ভূমিকম্পত
পৃথিৱী জহি খহি যোৱা আৰম্ভ কৰিছিল
অথচ আমি মিলনত ব্যস্থ হৈ থাকিলোঁ
মানুহবোৰে মানৱতা তেতিয়াই হেৰুৱাছিল
যিদিনা প্ৰথম মাতৃএগৰাকীয়ে বৃদ্ধাশ্ৰমত ভৰি দিছিল
অথচ ঘৰে ঘৰে শুই নিচুকনি গীত গাই থাকিলোঁ
'আমাৰে মইনা শুব এ
বাৰীতে বগৰী ৰুব এ'
ধৰ্ম তেতিয়াই ধ্বংস হৈছিল
যিদিনাই ধৰ্মৰ নামত প্ৰথমটো হত্যা হৈছিল
অথচ আমি মন্দিৰ,মছজিদ,গিৰ্জা ঘৰবোৰত
উচ্চ স্বৰত প্ৰাৰ্থনা গীত গাই থাকিলোঁ
কবিবোৰৰ তেতিয়াই মৃত্যু হৈছিল
যিদিনা প্ৰথমজন কবিয়ে
চিৎকাৰ কৰি মানুহক গালি দিছিল'চাল্লা কুকুৰহঁত . .'
অথচ আমি নৈ পাৰত বহি
সোণালী মাছবোৰৰ মৈথুন চাই ৰলোঁ
কবিতাবোৰ তেতিয়াই আত্মহত্যা কৰিছিল
যিদিনা নাৰীৰ যন্ত্ৰণাকাতৰ চিঞৰ ভাহি আহিছিল
অথচ আমি বাৰাণ্ডাত বহি
প্ৰেমৰ কবিতা লিখি থাকিলোঁ
'তুমি গভীৰ সমুদ্ৰৰ উজ্বল জলধি
তোমাৰ উত্তাল তৰঙ্গই বাট দেখুৱায়
ৰ'দত উজ্বলি উঠা সুখময় উপকূললৈ . . ..।'