#ছেহৰি(#seheri)_খাদ্য_সম্ভাৰ



#ছেহৰি_খাদ্য_সম্ভাৰ
          ✍️ ডাঃ জাহিদ আহমেদ

      ইছলাম ধৰ্মাৱলম্বী মানুহৰ বাবে পবিত্ৰ ৰমজান মাহত ছেহৰি আৰু ইফতাৰ দুটা অতি গুৰুত্বপূৰ্ণ সময় আৰু এই সময়ত তেওঁলোকে উৎকৃষ্ট মানৰ খাদ্য বস্তু খোৱাৰ হাবিয়াস কৰে। ইয়াৰে সৰহ সংখ্যক মুছলমানে অকল ইফতাৰৰ খাদ্য বস্তুৰ ওপৰত খুব গুৰুত্ব দিয়া পৰিলক্ষিত হয় কিন্তু ছেহৰিত কি খাব লাগে, কি খাব নালাগে, কি খালে দিনটো সুস্থ সবল আৰু সুকলমে পাৰ কৰিব পাৰি সেই বিষয়ে খুব কমেইহে গুৰুত্ব প্ৰদান কৰে যাৰ কাৰণে গৰমৰ দিনৰ দীঘলীয়া ৰোজা পালন কৰোতে বহুতেই স্বাস্থ্যজনিত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। ৰমজান মাহেই হওক বা অন্য মাহ, খাদ্য বস্তু সদায় নিজৰ স্বাস্থ্য আৰু ঋতুৰ লগত সংগতি ৰাখি নিৰ্বাচন কৰিব লাগে যদিও আমি ইয়াত সাধাৰণীকৰণ কৰি ছেহৰিৰ খাদ্য তালিকাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম।
        ছেহৰি বাবে খাদ্য নিৰ্বাচন কৰোতে এটা গুৰুত্বপূৰ্ণ কথা মন কৰিব লগীয়া যে এই সময়ত খুব গুৰু খাদ্য (heavy meal) খাব নালাগে কাৰণ গুৰু আহাৰ খালে পাকস্থলীত হজম হওঁতে যথেষ্ট চাপ পৰে, ঠিকমতে হজম নহয়, পাকস্থলী গৰম হৈ উঠে, বদহজম, গেছ, টেঙা উগাৰ, বমিৰ ভাৱ আদি সমস্যাৰ সৃষ্টি হয় আৰু সেই কাৰণে যিবিলাক খাদ্য প্ৰচুৰ শক্তিদায়ক, আৰামত হজম হয় সেইবিলাক খাদ্য খোৱাৰ চেষ্টা কৰিব লাগে কাৰণ আপুনি যেতিয়া টোপনিৰপৰা সাৰ পাইয়েই কোনো আহাৰ গ্ৰহণ কৰিব, তৎমুহূৰ্ততে আপোনাৰ পাচন তন্ত্ৰ (digestive system) সক্ৰিয় হৈ নুঠে। ছেহৰিৰ বাবে অতি উৎকৃষ্ট খাদ্য বস্তুৰ তালিকা তলত দিয়া হল....
1. ভাত আৰু আলু... এইবিলাক আহাৰ অতি লাহে লাহে বহু সময়লৈ পাচন তন্ত্ৰৰ কোনো অতিৰিক্ত কষ্ট নোহোৱাকৈ হজম হৈ গৈ থাকে আৰু যত প্ৰচুৰ পৰিমানে কাৰ্বহাইড্ৰেট পোৱা যায়।
2. আপেল আৰু কল.... এইবিলাক আহাৰৰ পৰা আপুনি যথেষ্ট পৰিমাণে শক্তিৰ যোগান পাব লগতে কোষ্ঠকাঠিন্য নহব।
3. 250 ml মান কুহুমীয়া গৰম গাখীৰ আৰু অলপ মধু (ঠান্ডা গাখীৰ খালেও অসুবিধা নাই)
4. সামান্য বাদাম আৰু ফলৰ ৰস যেনে পকা আম, আঙুৰ, কমলা আৰু ডালিম
5. সৰু মাছৰ জোল
6. নাৰিকলৰ পানী
7. ৫-৬ টা মান খেজুৰ
8. ভাত কেৰেলা, পানী লাউ, ভোল, অমিতা ইত্যাদি
             ইয়াৰ উপৰিও আপুনি ছেহৰি খাবলৈ বহাৰ কমেও ২০ মিনিট আগত টোপনিৰ পৰা উঠি মানসিক ভাৱে নিজকে ছেহৰি খোৱাৰ বাবে প্ৰস্তুত কৰিব লাগে যিটোৱে খাদ্য বস্তু হজম হোৱাত সহায় কৰে , ছেহৰি খোৱাৰ শেষত তৎক্ষণাৎ যথেষ্ট পৰিমাণে পানী একেলগে খাব নালাগে কাৰণ একেলগে খোৱা অত্যাধিক পানীয়ে পাকস্থলীৰ আহাৰ হজম কৰা ৰস বা এচিড neutralize কৰি দিয়ে ফলত বদহজম, বুকুৰ জ্বলা পোৰা, বমিৰ ভাৱ ইত্যাদি হোৱাৰ সম্ভাৱনা থাকে। গতিকে পানী অলপ অলপকৈ খাব লাগে। ছেহৰি খোৱাৰ পিছত সোনকালে শুবলৈ যাব নালাগে কাৰণ সেয়া কৰিলে খোৱা খাদ্য পাকস্থলীৰ পৰা উলটি মুখলৈ (GERD .. Gastro Esophageal Reflex Disease ) অহাৰ সম্ভাৱনা থাকে। ছেহৰিত কেতিয়াও চাহ বা কফি খাব নালাগে কাৰণ চাহ কফি খালে ইয়াত থকা caffeine নামৰ এবিধ পদাৰ্থৰ কাৰণে মানুহৰ প্ৰচাব বেছি হয় আৰু তেতিয়া শৰীৰৰ পৰা অত্যাধিক পানী উলাই গৈ Dehydration হোৱাৰ আশংকা বৃদ্ধি পায়, ফলত দিনৰ ভাগত অত্যাধিক পিয়াহ লাগে। ইয়াৰ উপৰিও কিছুমান খাদ্য বস্তু ছেহৰিত নোখোৱাটো ভাল , যেনে....
* ভেন্ডি(ladies finger),
* তিতা কেৰেলা (bitter gaurd),
* চকলেট,
* ডাঙৰ মাছ যেনে ৰৌ, বৰালি, গ্ৰাছ কাৰ্ফ ইত্যাদি (এইবিলাক ইফতাৰত খাব পাৰিব )
* গৰু বা ছাগলীৰ মাংস (ইফতাৰত খাব পাৰিব )
* মচুৰ দালি (ইফতাৰত খাব পাৰিব )
* তিয়হ, টমেটো
* যিকোনো আচাৰ ইত্যাদি।
        মন কৰিব লগীয়া যে ছেহৰিত সঠিক খাদ্য নিৰ্বাচনে অতি দুৰ্বল মানুহৰ কাৰণেও ৰোজা পালন কৰাত বহু সহায়ক হয় আৰু জধে মধে যিকোনো খাদ্য খালে স্বাস্থ্যবান মানুহেও বহু অনাকাংক্ষিত সমস্যাৰ সন্মুখীন হৈ ৰোজা নষ্ট কৰিবলগীয়া হয়।

Displaying image.png.

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)