#কৰোণা(#covid-19) আৰু কিছু ইতিবাচক চিন্তা


red and white flower petals
বৰ্তমান সমগ্ৰ বিশ্বই কোভিদ-১৯ মহামাৰীৰ সতে যুঁজি আছে।মৃত্যুৰ সংহাৰত বিশ্বই চকুলো টুকিছে।সকলোৱে মানৱ সভ্যতাক ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থণাৰত। কোনেও কাৰো বিৰুদ্ধে মাত মতা নাই।এনেকি আমেৰিকাৰ দৰে শক্তিশালী দেশে চিৰবৈৰী চীনৰ সৈতে মত বিনিময় কৰিছে।যদিও গোটেই বিশ্বত বিয়পি পৰিছে -চীনে এই ভাইৰাচবিধ আবিষ্কাৰ কৰিছিল ৰাসায়নিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ। তথাপিও এই সময়ত বিশ্বৰ বিভিন্ন দেশে ঐক্যবদ্ধভাবে কোভিদ-১৯ সৈতে যুঁজ দিছে। ডক্টৰবোৰেও নিজৰ জীৱন সংকটত ৰাখি চিকিৎসা কৰি আছে।সিহঁতে বিচাৰ কৰা নাই ক'ৰ পৰা বেমাৰী আহিল,কোন জাতিৰ,কোন ধৰ্মৰ।সিহঁতে মানৱীয় ধৰ্ম পালন কৰি আছে। নিৰাপত্তা বাহিনীয়েও একে কাম কৰি আছে, অথচ আমি ঘৰত বহি বহি সাম্প্ৰদায়িকতা বিয়পাই আছোঁ‌।
কৰোণা পজিটিভ ওলোৱা ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি আছিল কনিকা কাপুৰ।বহুতেই দুখ প্ৰকাশ কৰিছে,সমবেদনা প্ৰ্কাশ কৰিছে,লগতে সংবাদ মতে তাইৰ পাৰ্টিত থকা পাঁ‌চ শ লোকৰ যাতে এই ভাইৰাছ বিয়পি নাযায় তাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ‌ সকলোৱে।
উত্তৰ পূৱৰ এজনীও ধৰা পৰাতেও দুখ প্ৰ্কাশ কৰিছোঁ‌।
এয়াই আমাৰ মানৱতা।সকলো ঠিকে চলিল।ভাইৰাচ অহাৰ পিছতে ইমানদিনে চলি থকা সাম্প্ৰদায়িকতাৰ কিছু শাম কাটিল।
দুখৰ মাজতে আশাৰ বতৰা।ভাবিলো মানুহে অন্তত এতিয়াৰ পৰা পোহৰৰ দিশে খোজ দিব। স্বাধীনতা সংগ্ৰামৰ দৰে এইবেলিও মানুহে ঐক্যবদ্ধহৈ খোজ আগবঢ়াব,পিছে নিজামুদ্দিন মাৰ্কাছৰ ঘটনাই ভাবিবলৈ বাধ্য কৰালে যে আমি শিক্ষাৰে শিক্ষিত হৈছোঁ‌ ঠিকে কিন্তু শিক্ষা পোহৰে আমাৰ জ্ঞানক পোহৰাই তুলিব পৰা নাই।এনে লাগি আছে আমি উওৰ আধুনিক যুগলৈ খোজ দিছোঁ‌ নে আদিম যুগলৈ খোজ দিছোঁ‌?
মই কোৱা নাই মাৰ্কাজৰ কামটো ঠিক হৈছে। এশ শতাংশই দোষী তেওঁলোক ,তেওঁলোকৰ শাস্তি হ'ব লাগে,কিন্তু যিসকলে তেওঁলোককলৈ ঘৃণাৰ বজাৰ খুলি বহিছে সিহঁতসকলেও সমানেই দায়ী নহয় জানোঁ‌?
এই সকলোৰ ভিতৰত অকল সধাৰণ অশিক্ষিত মানুহ থাকিলে বেলেগ কথা আছিল ইয়াৰ মাজত দেখিছোঁ‌ উচ্চ শিক্ষিত, লিখক,শিক্ষক আদিয়েও সাম্প্ৰদায়িক মন্তব্যৰ লগতে  অশ্ৰাব্য গালি গালাজ আৰম্ভ কৰিছে।কিছুসংখ্যক ধৰ্মান্ধৰ বাবে অসমলৈ ভাইৰাচ আহিছে সচাঁ‌,কিন্তু বেচিভাগেই মুচলমানৰ বিৰুদ্ধে ঘৃণাৰ বজাৰ খুলিছে। শিক্ষিত চামে অন্তত বুজিব লাগিছিল আমি ধৰ্মান্ধৰ বিৰুদ্ধে মাত মাতিব লাগে ধৰ্মৰ বিৰুদ্ধে নহয়। সকলৱেই জানে ১৩-১৫ তাৰিখলৈ চলিছে তবলিক,১৬ তাৰিখলৈকে সিন্ধি বিনাক মন্দিৰত পুজা ,১৭ তাৰিখ্লৈ সাই বাব মন্দিৰ খোলা আছিল,১৮ তাৰিখলৈ বৈষ্ণৱ দেৱী মন্দিৰত পুজা হৈছিল,২০ তাৰিখলৈ কাশীত ভীৰহৈ আছিল ,২৩ তাৰিখলৈ সংসদ অধিৱেশন চলিছিল,২৩ তাৰিখে শপতগ্ৰহণ কাৰ্যসূচী চলিছিল। তেন্তে অকল সেইসকল আৰু  ইছলাম ধৰ্মাৱলৱী সকলোক কিয় গালি দিয়া হৈ আছে?তাৰোপৰিও ইছলাম ধৰ্মৰ বহুতে তবলিগ জামাত বিৰোধ কৰে।
মই সিহঁ‌তৰ পক্ষত কথা কোৱা নাই।সিহঁত দোষ কৰিছে।কিন্তু চৰকাৰো ইয়াৰ জগৰীয়া নহয় জানোঁ‌? সিহঁতক পৰিক্ষা নিৰিক্ষা নকৰাকৈ কিয় ঘৰলৈ যাব দিয়া হল? তাৰোপৰি এয়াৰপোৰ্ট,বাছস্থানত কিয় পৰীক্ষা কৰা নহল?কিয় ১৩ মাৰ্চত স্বাস্থ্য মন্তাৰলয়ে ঘোষণা কৰিলে "কৰোণা মহামাৰী নহয়(coronavirus not health emergency),তাৰ পিছত ১৫ মাৰ্চত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন ভিডিও কনফাৰেন্সত কৈছে,জানুৱাৰীৰ মাজভাগৰ পৰা বিদেশৰ পৰা অহা লোকৰ দেশৰ প্ৰতিখন এয়াৰপোৰ্টত স্কেনিঙৰ ব্যৱস্থা কৰিছে,তেনেহ'লে বিভিন্ন দেশৰ পৰা অহা লোকৰ লগত ৰোগ কেনেকৈ প্ৰৱেশ কৰিল। সংবাদমতে আন্দামান নিকোবৰৰ পৰা অহা মানুহৰ পৰা বিয়পিছে আদি বহুত কথা।তথাপিও এইবোৰ বৰ্তমান বিচাৰ্য বিষয় নহয়। এতিয়া আমি এজনে আনজনৰ ওপৰত দোষ জাপি দি ঘৃণা সৃষ্টি কৰাতকৈ ভাইৰাচৰ সতে কেনেকৈ যুদ্ধ কৰিব লাগিব তাৰ চিন্তা কৰিব লাগিব।বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ ইটালীৰ এজন বেমাৰীয়ে চাৰ্চত দুবাৰকৈ যোৱা বাবে ভাইৰাচৰ ভয়াবহতা বাঢ়ি গৈছে।সেইবুলি সেই ৰোগীক অশ্ৰৱ্য গালি বা গুলিয়াই মৰাৰ কথা কোৱা নাই।কোনো ধৰণৰ সাম্প্ৰদায়িকতাও সৃষ্টি হোৱা নাই। শিক্ষিত সভ্যতাৰ দৰেই তাৰ চিকিৎসা চলি আছে,তাৰ সংস্পৰ্শলৈ অহা সকলোক বিচাৰি উলিয়াইছে।
ধৰ্ম নেদেখি মানুহ হিচাপে মানুহৰ দুখত সমবেদনা জনাব লাগে।যিসকল এতিয়া বেমাৰী সিহঁতেও মৃত্যুৰ সতে যুঁজি আছে। কোনেও জানি বুজি বেমাৰ গাত পাতি নলয়।ভাইৰাচেও কোনো ধৰ্মক বিচাৰ কৰি নাযায়। গতিকে আমি ঐক্যবদ্ধ হৈ মানসিক শক্তি গটোৱাৰ বাবে যুঁজ দিব লাগিব।মানসিকভাৱে শক্তিশালী নহলে কোনো কামতেই আগবাঢ়িব নোৱাৰি। যিকোনো যুদ্ধত জয়ী হ'বলৈ মানসিক শক্তিৰ প্ৰয়োজন।নিজ নিজ মানসিকতা, ধৰ্মক সেও প্ৰতিপন্ন কৰাত উঠিপৰি লাগাতকৈ আহক আমি এজনে আনজনৰ মানসিক শক্তি যোগোও। ইতিবাচক আলোচনা কৰোঁ‌। যোগাত্মক ভাবধাৰা গঢ়ি তোলো। ঘৰতে থাকি সৃষ্টিশীল কাম কৰোঁ‌। বিপদৰ সময়ত মানৱীয়তা দেখুওৱাহে আচল ধৰ্ম। মানুহ নৈৰ দৰে হ'ব লাগে। আমি সকলোৱে দেহত কিবা হ'লে দেহৰ চিকিৎসা কৰোঁ‌ কিন্তু আমি আত্মাৰ চিকিৎসা নকৰোঁ‌। এই সময়ত দেহৰ চিকিৎসাৰ লগতে আত্মাৰো চিকিৎসা কৰা প্ৰয়োজন। আত্মা সুস্থ হ'লেই ভেদ ভাৱ চিন্তাধাৰা মনলৈ নাহিব।গতিকে আহক আমি ধৰ্মৰ খেলখন বাদ দি জাতি ধৰ্ম নিৰ্বিশেষে স্বাধীনতা সংগ্ৰামৰ দৰেই মহামাৰীৰ সতে সংগ্ৰাম কৰোঁ‌। এই সংগ্ৰামত আমাৰ জয় হ'বই। ভয় নাখাব,ভয় নিবিয়পাব।সাবধান থাকক,সুস্থ থাকক।
-------------------------------------------------------------------------
                     

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু