প্ৰেম পত্ৰ ৭

২৫
সাগৰৰ উত্তাল ঢৌবোৰৰ
মাজতো আছে নিৰ্জন দ্বীপ
নিৰ্জনতাই প্ৰেমৰ স্বৰলিপি আৱৰায়
নিৰ্জনতাৰ মাজতে বাজি থাকে
অনুভৱৰ বৰ্ণিল আৱাহন৷

২৬
তেজত লাগি থকা দুখৰ চেকালৈ
নিতে খোজ কাঢ়ো সুখৰ চহৰ বিচাৰি
সুখৰ চহৰত মৰিচিকাৰ দাপোন
দাপোনৰ মাজতে দেখো ধূষৰিত চহৰৰ দুৱাৰ৷
২৭
চিনাকী সুবাহৰ আঙুলিত ধৰি
সোমাই যাওঁ তোমাৰ চহৰত
নীল চৰাইৰ মাতত সাৰ পোৱা চহৰৰ
চৌদিশে দেখোন প্ৰেমৰ দিগন্ত
আহানা দিগন্তত ঘৰ এটি সাজো তোমাৰ মোৰ৷
২৮
খিৰকীৰ ফাকেৰেই দেখিলোঁ
এচুকত নীলা ঘা এটি
আকাশে চুমাৰে  সাগৰৰ নীলাবোৰ
চুহি লোৱাৰ দৰে
ময়ো ওঁঠেৰে চুহি লওঁনে নীলাত্ব?
২৯
দুখবোৰকে মোক দিয়া
দুখৰ সতেই উৎযাপন কৰোঁ ৰাতি
দুখৰ দাহনতেই বাঁহী বজাবা
মই স্বপ্নৰ  আলোক জ্বলাও........

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু