শেহতীয়া লেখা

অণ্বেষণ

 




অণ্বেষণ


ঘূৰ্ণীবতাহৰ মাজত ঘূৰি ঘূৰি

আমি আমাক হেৰুৱাই পেলাইছো

নিৰ্ঘূম চহৰৰ কোনো এক ব্যস্ত গলিত


য'ত  চুনামীৰ আঘাতত

সদায় ভাঙি পৰে অট্টালিকাবোৰ

সৰি পৰা নক্ষত্ৰবোৰৰ উচুপনিত

বিমান বন্দৰবোৰো জহি খহি পৰে


আৰু আমি বৃত্ত এটাৰ মাজত

পাকঘূৰনি খাই থাকো

আন্ধকাৰত পৰস্পৰে পৰস্পৰক

বিচৰাৰ ব্যৰ্থ চেষ্টা কৰোঁ


সৌৰজগতত ঈশ্বৰ কণা বিচৰাৰ দৰে

আমিও নিজৰ অণ্বেষণ কৰো বলা

নানা ৰঙী চোলাবোৰ খুলি থৈ

শিশুৰ দৰে নগ্ন  হৈ

খালী ভৰিৰে আগবাঢ়িম আমি


বহু বছৰ আগতে আমি আমাক

য'ত হেৰুৱাই থৈ আহিছো

তাত নৈখন এতিয়াও বৈ আছে


তাত আজিও নৈৰ বুকুত

সংগোপনে নামি আহে জোনাক

নৈয়েও বেপৰোৱা হৈ

জোনাক গুজি লয় বুকুত


যাৰ বাবেই নৈৰ বদনাম এটা আছে

মই নৈ হৈ যাও যদি

তুমি জোন হৈ নামি আহিবানে?

নালাগে দিয়া , তুমি অৰণ্য হ'বা


তোমাৰ আঙুলিবোৰ

পথাৰত মেলি ধৰিবা

আঙুলিবোৰত পোখা মেলিব ,

বৃক্ষ হ'ব , অৰণ্য হ'ব

মই পাহাৰীয়া নৈ এখন হৈ নামি আহিম


এসময়ত আমি আদিম হৈ যাম

উভতি অহাৰ বাটবোৰ শেলুৱৈয়ে ধৰিব

তাৰ পৰাই অৰণ্যৰ শিপা মেলি দিম

তীখাৰ চহৰলৈ

শিপা খামোচি উজাই আহিব উত্তৰ প্ৰজন্ম ।।






.