নেতা

 



1



নিৰ্বাচন আহিলেই নেতা ওলায়

পিন্ধনত বগা পাঞ্জাৱী- পায়জামা

মূৰত গান্ধী টুপি

টুপিটো পিন্ধিয়েই একো একোজন

মহাত্মা গান্ধী হৈ পৰে

টুপিৰে ঢাকে মাজৰাতিৰ অন্ধকাৰ ।

2

পূৰ্বপুৰুষৰ হাড়েৰে বনোৱা

হাৱামিঠাই বিলাই দিয়ে সভাবোৰত

হাতে হাতে হাৱামিঠাই পাই

আমি আদিম যুগৰ কেচুৱা হৈ পৰোঁ।

3

নিশাগ্ৰস্থ হৈ থকা আমাৰ বদ অভ্যাস

নিশাৰ বাবেই বিবেক বন্ধকত থৈ দিও

আমাৰ মগজুৰোৰ বাকচত ভৰাই

চিল মোহৰ মাৰি থোৱা হয় ।

4

ন্যায়ৰ দেৱীৰ দৰে

চকুত কলা কাপোৰ বান্ধি

আমি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰোঁ

আৰু নেতাবোৰে সত্যৰ আচ্ছাদন খুলি থৈ

ৰাইজৰ সেৱক হোৱাৰ শপতগ্ৰহণ কৰে ।

5

দিনটো অধিশ্বৰৰ অভিনয় কৰি

যেতিয়া নেতাই ঘৰলৈ ওভতে

তেতিয়া নিজৰ সতে সাক্ষাৎ কৰি

নিজৰে সমীক্ষা পাতে নে কেতিয়াবা

নে টক শ্বৰ দৰে চিঞৰে নিজৰ সতে?

6

দেউতা , দেউতা বুলি

ল'ৰা -ছোৱালীহাল কাষলৈ আহিলে

সিহঁতক অৰণ্য এখন

উপহাৰ দিয়াৰ কথা ভাবেনে বাৰু

নে মৰুভূমিত উট দিয়াৰ পৰিকল্পনা কৰে ?

7

নেতাই ভাত এগৰাহ মুখত দিওতে

জনতাৰ ভোকবোৰ ওলমি থকা দেখি

পেটৰ ভোকবোৰ গুচি যায়নে ?

নে মৃত্যুমুখি চিঞৰবোৰক

হাড় চোবোৱাৰ দৰে চোবাই গিলি দিয়ে ?

8

ঘৈণিয়েকে ৰুটিখন দিওতে

যেতিয়া ভাৰতৰ মেপখন স্পষ্ট হৈ উঠে

তেতিয়া কি ভাবে বাৰু নেতাই?

কৃষকৰ কান্ধৰ নাঙলখনৰ কথা ভাবে নে

ভাৰতৰ মেপখনকে মুচৰি গিলি থোৱাৰ কথা ভাবে?

9

গুপ্তহত্যাত মাতাল হোৱা ৰাতিবোৰত

নেতাবোৰে টোপনি আহেনে বাৰু

নে জাগি জাগি

নিজৰ নামত দেশ এখন উইল কৰি

লোৱাৰ পৰিকল্পনা কৰে ?


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)