মই মোক হত্যা কৰিলোঁ

 

মই মোক হত্যা কৰিলোঁ

--------------------------------

মই মোৰ বিৰুদ্ধে যুদ্ধ কৰিলো

তয়াময়া যুদ্ধ হ'ল আমাৰ

মই মোক যুদ্ধত হৰুৱাই

অৱশেষত হত্যা কৰিলোঁ

মোৰ ভিতৰৰ আন্ধাৰবোৰ

খেপিয়াই চাবলৈ

নিজৰ শৱদেহ কান্ধত লৈ

শৱ কটা ঘৰটোত

নিৰ্ভয়ে সোমাই পৰিলোঁ

কোঠাটোত এখন টেবুল

তাৰ ওপৰতে ৰাখিলোঁ

মোৰ সম্পূৰ্ণ  নগ্ন দেহ

মই লক্ষ্য কৰিলোঁ

মোৰ চাৰিওফালে

বুকুত হেঁচা মৰা নিৰৱতা

নিৰৱতা ফালি

চোকা অস্ত্ৰৰে নিৰ্দয়ভাৱে

মোক কাটি পেলালোঁ

হাতদুখন তেজেৰে স্নান কৰিলে

ঠিক ছগলী কটা কচাইৰ দৰে

তেজবোৰ অসম্ভৱ কলা হৈ পৰিছে

তেজবোৰ তুলাৰে মুচি মুচি

ক্ৰমাত ভিতৰলৈ সোমাই পৰিল মোৰ হাত

হাতত শগুনৰ ঠোঁটৰ দৰে বেঁকা অস্ত্ৰ

চকুত বিবৰ্ধন গ্লাচ

শগুনৰ ঠোটৰ দৰে অস্ত্ৰটিয়ে

খুচুৰি খুচুৰি মোৰ কলিজা পালে

নীলা ৰঙে কলিজা ঢাকি ধৰিছে

মই নীলাখিনি মুচি মুচি

ৰঙা কলিজাটো উলিয়ালো

কলিজাৰ কাষতে দেখিলোঁ

আন্ধাৰ বৃত্ত এটা

ভিতৰত আন্ধাৰৰ তীব্ৰতাত

মই কোঠাটোৰ খিৰিকী খুলি দিলো

খিৰিকীৰে বেলিৰ পোহৰ সোমাই আহিল

দেখা পালোঁ বৃত্তটোৰ মাজত

অৱৰুদ্ধ এটা শুভ্ৰ পাৰ চৰাই

আৰু এজাক পখিলা

মই অন্ধকাৰখিনি আতৰাই

বৃত্তটো ভাঙিলো

মোৰ চাৰিওফালে উৰিবলৈ ধৰিলে

শুভ্ৰ পাৰ চৰাইটি

আৰু ৰঙীন পখিলাজাক

মই ক্ৰমাত  মূৰৰ পিনে গলো

হাতুৰীৰে কোবাই খোলাটো ভাঙিলো

ভিতৰত আন্ধাৰৰ মাজত

কিছু পোহৰৰ বিকৰণ

মগজুৰ ভিতৰত সৰু ছোৱালী এজনী

হাতত ৰঙা বেলুন

নৈ পাৰত ঝুলনাখনত বহি

ঈদৰ জোন চাই আছে

ওঁঠত নিষ্পাপ হাঁহি

মই তাইক হত্যা কৰিব নোৱাৰিলোঁ

মাত্ৰ আন্ধাৰবোৰ মুচি 

খোলাটো আকৌ লগাই দি

মোৰ শৱটো চিয়াই থৈ

শৱ কটা ঘৰৰ পৰা ওলাই আহিলোঁ

দোভাগ ৰাতি শুনা পালোঁ

 নবজাতকৰ চিঞৰ ....।

             @Begum Asma

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)