শেহতীয়া লেখা

ৰানী অভায়েশ্বৰীৰ বিষয়ে নজনা কিছু কথা



ৰানী অভায়েশ্বৰী  অসমৰ প্ৰতিপত্তি থকা মহিয়সী নাৰী আছিল৷ ৰানী অভায়েশ্বৰীয়েই অভায়াপুৰী বিজনীৰ ৰাজধানী পাতিছিল আৰু ইয়াৰ পৰাই শাসনভাৰ চলাই নিছিল  ৷ ৰাণী অভয়েশ্বৰীয়ে সম্পূৰ্ণ একুৰি চৈধ্য বছৰ কাল বিজনীত ৰাজত্ব কৰিছিল ৷সাধাৰণ এগৰাকী ছোৱালীৰ পৰা কেনেকৈ ৰাণী অভায়েশ্বৰী নাম পালে আৰু ৰাণীৰ পদত অধিষ্ঠিত হ’ল সেই বিষয়ে জানো আহক৷ 

আনুমানিক ১৭ শতিকাৰ শেষভাগত বিজনী ৰাজ্যৰ ৰজা আছিল কুমুদ নাৰায়ণ ভূপ বাহাদুৰ, যাৰ ৰাজধানী আছিল ডুমুৰীয়া ৷ তেওঁৰ ৰাণী আছিল সিদ্ধেশ্বৰী দেৱী ৷ অপুত্ৰক হোৱাৰ কাৰণে ৰজাই ৰাজকাৰ্য্যত ভালকৈ মনোনিবেশ কৰিব পৰা নাছিল আৰু প্ৰায়ে চিকাৰলৈ গুচি গৈছিল ৷ আৰু এনেকৈয়ে এদিন চিকাৰলৈ যাওঁতে হাচডুবা নামৰ বিল খনত জাকৈ বাই থকা অৱস্থাত অত্যন্ত ৰূপৱতী কিশোৰীগৰাকীৰ ওপৰত ৰজা কুমুদ নাৰায়ণৰ চকু পৰিল ৷ ৰজাই তৎক্ষণাৎ তাইৰ প্ৰাণিপ্ৰাৰ্থী হোৱাৰ সিদ্ধান্ত ল’লে৷ বৰ মহিষী সিদ্ধেশ্বৰী দেৱীৰ হেজাৰ বাধাক নেওচি কোনোবা এটা দিনত ৰজা কুমুদ নাৰায়ণে কিশোৰীগৰাকীক বিয়া পাতে ৷ এই বিয়া আছিল অদ্ভুত আৰু বিতৰ্কিত ৷ হিন্দু ধৰ্মৰ প্ৰথা অনুসৰি পৱিত্ৰ অগ্নিৰ সন্মুখত ৰাজ-পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ সময়ত কিশোৰীগৰাকীৰ লগত ৰজা কুমুদ নাৰায়ণ স্বয়ং বহা নাছিল, তেওঁক প্ৰতিনিধিত্ব কৰিছিল প্ৰকাণ্ড এখন তৰোৱালে ৷ অতি কম সময়ৰ ভিতৰত স্বাভাৱিকতেই তাই বুজি উঠিছিল ৰজা কুমুদ নাৰায়ণৰ স’তে তাইৰ সম্পৰ্ক’ৰ কথা ৷ ৰজাকুলৰ অধিষ্ঠাত্ৰী অভয়াদেৱীৰ নামেৰেই সদ্য বিবাহিতা সুন্দৰী মহিষীৰ নাম ৰজাই দিলে অভয়েশ্বৰী ৷আধুনিক শিক্ষাৰে শিক্ষিত, সুন্দৰী আৰু স্বভাৱতেই গৰ্বিতা বৰ মহিষী সিদ্ধেশ্বৰীৰ বিপৰীতে সৰু মহিষী আছিল অশিক্ষিত আৰু সৰ’লমনা স্বভাৱৰ ৷ অভয়েশ্বৰীক সম্পুৰ্ণৰূপে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তোলাৰ ভাৰ ৰজাই অৰ্পণ কৰিলে বৰৰাণী সিদ্ধেশ্বৰীৰ ওপৰত ৷ এফালে হিংসাৰ জুইত দহিত হোৱা সিদ্ধেশ্বৰীৰ জৰ্জৰিত অৱস্থা, আনফালে ৰজাৰ কঠোৰ নিৰ্দেশ ৷ হিংসাৰ ফলস্বৰূপে ৰাজ অন্তেষপুৰত কাজিয়াৰ সূত্ৰপাত হ’ল ৷দুই ৰাণীৰ কাজিয়াৰ ফলত ৰজা কুমুদ নাৰায়ণৰ জীৱন বিষময় হৈ পৰিল ৷ বিয়াৰ কেইমাহমান পিছতেই ৰাণী অভয়েশ্বৰীয়ে এটা চকু হেৰুৱাবলগা হ’ল ৷ জনশ্ৰুতিয়ে ৰিঙিয়াই যে পঢ়ুৱাই থাকোতে সিদ্ধেশ্বৰীয়ে অভয়েশ্বৰীক পাখি কলমেৰে আঘাত কৰাৰ ফলতে এনে হৈছিল ৷

ৰজা কুমুদ নাৰায়ণে আশা কৰিছিল এটি পুত্ৰ সন্তানৰ, কিন্তু ৰজাৰ সেই আশা পূৰণ নহ’ল ৷ ফলত ৰজা উদাস হৈ থাকিবলৈ ল’লে ৷ ইমানতে বৰ ৰাণী সিদ্ধেশ্বৰীয়ে চন্দ্ৰনাৰায়ণ দত্তক পুত্ৰ হিচাপে ল’লে ৷ তেওঁৰ সম্পূৰ্ণ নাম আছিল-চন্দ্ৰনাৰায়ণ চুবা(চুবাদাৰ) ৷ কিন্তু হঠাতে এদিন চন্দ্ৰনাৰায়ণ ৰাজকাৰেঙৰ পৰা উধাও হ’ল ৷ ৰাজবাৰীৰ পৰিবেশৰ লগত খাপ খাব নোৱাৰি তেওঁ নিজ জন্মগাঁও বৰিগাঁওলৈ উভতি গৈছিল ৷ ইফালে দুই ৰাণীৰ মনোমালিন্যই ৰজা কুমুদ নাৰায়ণৰ জীৱনটো দুৰ্বিসহ কৰি তুলিলে ৷ ৰাজকাৰ্য্যৰ প্ৰতি তেওঁ একেবাৰে উদাসীন হ’ল ৷ বিষময় হৈ পৰা সংসাৰখনৰ পৰা আঁতৰি থাকিবলৈ ৰাজ্যৰ দেৱান জীৱনৰাম ফুকনৰ হাতত ৰাজ্যভাৰ দি কেতিয়াবা শ্বিলঙলৈ, কেতিয়াবা ধুবুৰীলৈ, কেতিয়াবা কলিকতাৰ ছাউথ চাৰ্কুলাৰ ৰোডৰ ৰংমহ’ললৈ গুচি গৈছিল ৷

এদিন কোনো এক বিশেষ কামত ৰজাই দুই ৰাণীৰ স’তে কলিকতালৈ গ’ল ৷ লগত গ’ল দেৱান জীৱনৰাম ফুকন ৷ জনশ্ৰুতি অনুসৰি এই সময়ছোৱাতেই দেৱান জীৱনৰাম ফুকনক লৈ বৰ ৰাণী সিদ্ধেশ্বৰীৰ চৰিত্ৰৰ প্ৰতি ৰজাই সন্দেহৰ আঙুলি টোঁৱায় আৰু এই ঘটনাটোত তীব্ৰ অপমানবোধ কৰে ৷ আত্মসন্মানত তীব্ৰ আঘাত লগা যেন অনুভৱ কৰা ৰজাই ইংৰাজী ১৮৮৩ চনৰ ৯ মাৰ্চত চোকা অস্ত্ৰৰে ডিঙি ৰেপি স্নানাগাৰতেই আত্মহননৰ পথ বাছি লয় ৷ মতান্তৰ অনুসৰি ৰজাৰ মৃত্যু ষড়যন্ত্ৰৰ ফলত ক্ষৌৰকৰ্মত নিয়োজিত নাপিতৰ দ্বাৰা হয় ৷ এই ঘটনাটি কলিকতাতেই সংঘটিত হৈছিল ৷

ৰজাৰ মৃত্যুৰ পিছত দুই ৰাণী কলিকতাৰ পৰা উভতি আহি গোৱালপাৰাত আশ্ৰয় লয় ৷ নিজ ৰাজ্যত প্ৰৱেশ কৰা লগে লগে ৰাজ কৰ্মচাৰী, আমোলা আৰু প্ৰধান প্ৰজাসকল ইচ্ছা অনুসৰি দুই দলত বিভক্ত হয় আৰু দুই ৰাণীৰ পক্ষ লয় ৷ দেৱান জীৱনৰাম ফুকনে বৰ ৰাণী সিদ্ধেশ্বৰীৰ পক্ষ লোৱাত সেই পক্ষ বেছিকৈ শক্তিশালী হয় আৰু সৰু ৰাণী অভয়েশ্বৰীক নজৰবন্দী কৰি ৰাজ্য চলাবলৈ আৰম্ভ কৰিলে ৷ বৰ ৰাণীয়ে সৰু ৰাণীক নজৰবন্দী কৰি ৰাখিয়েই ক্ষান্ত নাথাকিল, তেওঁ সময়ে সময়ে সৰু ৰাণীক হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হ’ল ৷ এই ষড়যন্ত্ৰ তীব্ৰতৰ হৈ উঠাৰ উমান পাই উপায়ান্তৰ হৈ ৰাণী অভয়েশ্বৰীয়ে এদিন সকলোৰে অলক্ষিতে ৰাজগৃহ ত্যাগ কৰে আৰু দুৰ্গম হাবিৰ মাজেৰে উদ্দেশ্যহীনভাৱে আগুৱাই গৈ থাকে ৷ দুপৰ নিশা ৰাণীয়ে গোৱালপাৰাৰ ’লালুকান্দা’ নামৰ পাহাৰত উপস্থিত হ’ল ৷ এই অটব্য অৰণ্যখনিত দিনতেই সূৰ্য্যৰ পোহৰ নেদেখি ৷ তথাপি ৰাণীয়ে হতাশ নহৈ ক্ষত বিক্ষত শৰীৰেৰে অৰণ্যৰ মাজেৰে আগুৱাই গৈ কৈলাস চন্দ্ৰ সেন কিছুমানৰ মতে কেশৱ চন্দ্ৰ সেনৰ পৰিয়ালত উপস্থিত হয় ৷ তেৱেঁই অকালত বৈধব্য জীৱনত খোজ পেলোৱা পৰম ধৰ্মপৰায়ণা দেৱীস্বৰূপা ৰাণীৰ দুৰ্দশা দেখি সসন্মানে আদৰ-যত্ন কৰি নিজৰ ঘৰত ৰাখিলে আৰু অনতিপলমে মহকুমাধিপতিক খবৰ দিয়ে ৷ নিশ্ছিদ্ৰ নিৰাপত্তাৰ মাজেৰ লুইতৰ বুকুৱেদি ৰাণীক ধুবুৰীলৈ পঠিয়াই দিয়া হ’ল ৷ ৰাণী অভয়েশ্বৰীৰ ভাতৃ ভৱানী প্ৰসাদ ৰাভাই সেই সময়ৰ মেছপাৰা (লক্ষীপুৰ) ইষ্টেটৰ অৱসৰপ্ৰাপ্ত দেৱান বৰদা নাথ হালদাৰৰ পূৰ্ণ সহযোগিতাত ১৮৮৭ চনত গোৱালপাৰাৰ ছাব জজ আদালতত গোচৰ তৰে ৷ সৰু ৰাণীৰ হৈ ওকালতি কৰিছিল কামাখ্যা প্ৰসাদ সেনে ৷ গোচৰ চলি থকা সময়ত ৰাজ্যত বিভিন্ন বিশৃংখলতা আৰু অৰাজকতাই দেখা দিয়ে ৷

দেৱানী মোকৰ্দমাৰ বিচাৰত সৰু ৰাণীৰ দাবী মঞ্জুৰ হয় আৰু দুয়ো ৰাণীয়ে যৌথভাৱে ৰাজ্যৰ দখল পোৱা সাব্যস্ত হয় ৷ বিচাৰক’ৰ উক্ত বিচাৰত সন্তুস্ত নহৈ বৰ ৰাণী সিদ্ধেশ্বৰীয়ে পালক নাৰায়ণক তোলনীয়া পুত্ৰ হিচাপে গ্ৰহণ কৰি দুয়ো ৰাণীৰ যৌথ দখল পোৱাৰ বিৰুদ্ধে পালক নাৰায়ণৰ দ্বাৰা আদালতৰ দাৰস্থ হয় আৰু আবেদন জনায় ৷ কিন্তু এই আপীলৰ শেষ বিচাৰ হ’বলৈ নৌপাওঁতেই ১৮৯১ চনত ৰাণী সিদ্ধেশ্বৰী পৰলোকগামী হয় আৰু ৰাণী অভয়েশ্বৰী সম্পূৰ্ণভাৱে ৰাজ্যৰ অধিকাৰী হয় ৷ ৰাণী অভয়েশ্বৰীয়ে বিজনী ৰাজ্যৰ শাসনৰ বাঘজৰী হাতত তুলি ল’লে ৷ ৰাণীৰ শিষ্টাচাৰ আৰু মৰম-চেনেহত মুদ্ধ হৈ সকলোৱে ৰাজ্যৰ ক্ৰমোন্নতিৰ বাবে উঠি-পৰি লাগিল ৷ ইমানতে ৰাজ্যত অৰ্থসংকট দেখা দিলে ৷ ৰাজ কৰ্মচাৰীসকলক দৰমহা দি চলোৱা টান হৈ পৰিল ৷ ইয়াৰ উপৰি ইষ্টেটৰ ৬ লাখ টকা ধাৰ আছিল ৷ এই সময়ত ৰাণীৰ গুণমুগ্ধ প্ৰজাসকল অৰ্ধ খাজনা দি ঋণ পৰিশোধ কৰাৰ উপৰি ৰাজভঁৰাল টনকিয়াল কৰিছিল ৷ ৰাজ্যৰ মংগ’লকামী দূৰদৰ্শী ৰাণীয়ে যোগেন্দ্ৰ নাৰায়ণক তোলনীয়া পুত্ৰ হিচাপে গ্ৰহণ কৰি ৰাজ্যৰ উত্তৰাধিকাৰী পাতে আৰু তেওঁক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰাৰ কাৰণে কাশীলৈ পঠিয়াই দিয়ে ৷

মাত্ৰ কুৰি বছৰ বয়সতে পূৰ্ণবয়স্ক যৌৱন অৱস্থাতে ৰাণী অভয়েশ্বৰী দেৱী বিধৱা হয় ৷ তেতিয়াৰ পৰাই তেওঁ আমৰণ গেৰুৱা বসন পিন্ধি সাত্ত্বিকভাৱে ব্ৰতচাৰিণী বিধৱাৰ দৰে দিন কটাইছিল ৷ অতি নিয়মত ভাবে চলা ৰাণীয়ে ৰাজকাৰ্য্য পৰিচালনা কৰিবৰ সময়ত মৃত স্বামীৰ পাদুকাযোৰ ৰাজ সিংহাসনত ৰাখিহে নিজে ৰাজসভাত বহিছিল ৷

১৮৯৭ চনৰ জুন মাহৰ বাৰ তাৰিখে গোটেই অসমজুৰি এক বিধ্বংসী ভূমিকম্প হয় আৰু ইয়াৰ ফলত ৰাজধানী ডুমুৰীয়া ধ্বংস হৈ যায় ৷ ততালিকে ৰাজধানী স্থানান্তৰ কৰি অস্থায়ীভাৱে যোগীঘোপাত ৰাজধানীৰ কাম কাজ আৰম্ভ কৰে  ৷ ৰাজ বিষয়াসকল ৰাজ্যৰ নতুন ৰাজধানীখন যোগীঘোপাতে স্থায়ীভাৱে পাতিবলৈ পৰামৰ্শ দিয়ে ৷ কিন্তু প্ৰজাবৎসল ৰাণীয়ে এই পৰামৰ্শত সন্মতি প্ৰদান নকৰিলে ৷ কাৰণ তাত ৰাজধানী পাতি কৰি অস্থায়ীভাৱে যোগীঘোপাত ৰাজধানীৰ কাম কাজ আৰম্ভ কৰে  ৷ ৰাজ বিষয়াসকল ৰাজ্যৰ নতুন ৰাজধানীখন যোগীঘোপাতে স্থায়ীভাৱে পাতিবলৈ পৰামৰ্শ দিয়ে ৷ কিন্তু প্ৰজাবৎসল ৰাণীয়ে এই পৰামৰ্শত সন্মতি প্ৰদান নকৰিলে ৷ কাৰণ তাত ৰাজধানী পাতিলে অনেক প্ৰজাক উচ্ছেদ কৰিবলগীয়া হ’ব ৷ লগতে বহু গছ কাটি ধ্বংস কৰিব লাগিব বাবে মুকুলি ঠাই বিচৰা হ’ল৷ যদিও ঠাইখন জঙ্গলেৰে অটৱ্য অৰণ্যৰ দৰে আছিল৷ হাবি ভাঙি বিজনী ৰাজ্যৰ নতুন ৰাজধানী পতা হ’ল ৷ ৰাজধানীখনৰ নাম ৰাণী অভয়েশ্বৰীৰ নামেৰেই ৰখা হ’ল আৰু সেইমৰ্মেই বৰ্তমানৰ দেৱদাৰু নগৰী অভয়াপুৰী ৷ ১৯০৮ চনত ৰাণীয়ে প্ৰতিষ্ঠা কৰিলে অভয়েশ্বৰী মেম’ৰিয়্ল হাইস্কুল ৷ য’ত বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছিল আৰু সেইখনেই পিছলৈ উন্নীত হ’ল অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৷

ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি প্ৰথম মহাসমৰ আৰম্ভ হ’ল ৷ এই মহাসমৰৰ প্ৰভাৱ ইংৰাজ উপনিবেশ ভাৰতবৰ্ষতো পৰিল ৷ এই সময়তে ৰাণীয়ে ইংৰাজলৈ তিনিখন বাষ্পচালিত নাও, নগদ এক লাখ টকা আৰু এম্বুলেন্স এখন আগবঢ়ায় ৷ প্ৰথম মহাসমৰৰ সামৰণি পৰাৰ পাচত উক্ত সহায়ৰ বাবে ইংৰাজে তেওঁলৈ ’কাইজাৰ-ই-হিন্দ’ নামৰ এটি সোণৰ পদক আগবঢ়ায় ৷ সেই সময়ত অসমৰ শাসনকৰ্তা আছিল আৰ্চডেল চাহাব ৷ তেওঁ পত্নীৰ স’তে অভয়াপুৰীলৈ আহি এখন বিৰাট ৰাজদৰবাৰ পাতে আৰু উক্ত দৰবাৰতে ৰাণীক সন্মানিত কৰা হয় ৷

নিজ হাতে অতি পৰিকল্পিতভাৱে গঢ়ি তোলা ৰাজ্যখনৰ ভৱিষ্যতৰ কথা ভাবি তেওঁ বিমৰ্ষ হৈ পৰিছিল ৷ ৰাজসিংহাসনখন যাতে নিজৰ বংশৰ হাতৰ দি যাব পাৰে সেয়ে নিজ ভাতৃ ভৱানীপ্ৰসাদ বৰুৱাৰ কন্যাক বিবাহ কৰিবলৈ তেওঁ তোলনীয়া পুত্ৰ যোগেন্দ্ৰ নাৰায়ণক আদেশ দিলে ৷ কিন্তু যোগেন্দ্ৰ নাৰায়ণে এই আদেশ প্ৰত্যাখ্যান কৰিলে ৷

এই কথাত ৰাণীয়ে তীব্ৰ অপমানবোধ কৰে আৰু যোগেন্দ্ৰ নাৰায়ণক পোতাশালত বন্দী কৰায় ৷পোতাশালত থকা অৱস্থাতে যোগেন্দ্ৰ নাৰায়ণে সম্পূৰ্ণভাৱে মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু বলিয়া হয় ৷ ৰাজ্যৰ উত্তৰাধিকাৰী আৰু তোলনীয়া পোৰ চিন্তাই ৰাণীক দিনে-নিশাই খুলি খুলি খাবলৈ ধৰিলে ৷ নানা সমস্যাৰে ভাৰাক্ৰান্ত হৈ ১৯১৮ চনত এইগৰাকী ৰাণীৰ পৰলোকপ্ৰাপ্তি ঘটে ৷