নিজকে সুস্থ আৰু স্বাস্থ্যবান কেনেকৈ ৰাখিব?

 


নিজকে সুস্থ আৰু স্বাস্থ্যবান  ৰাখিবলৈ আমি  healthy lifstyle গঢ়ি তুলিব লাগিব৷তাৰ বাবে আমি প্ৰথমে নিজক পৰিপাটি আৰু ধুনীয়া কৈ ৰাখিব লাগিব৷নিজক ধুনীয়া ( ধুনিয়া বুলি অকল বগা বা সুগঢ়ি বুজোৱা নাই , এই পৃথিৱীৰ সকলোৱে ধুনীয়া৷) কৰি ৰাখিবলৈ প্ৰথমে আমি নিজকে ভাল পাবলৈ শিকিব লাগিব । নিজক ভাল পালেহে নিজৰ প্ৰতি ন্যায় কৰা হ'ব। নিজক ভাল পাব নাজানিলে আপুনি সু স্বাস্থ্যৰ (healthy health) গৰাকী হ'ব নোৱাৰে । নিজক ভাল পাব জানিলেহে আনকো ভাল পাব পাৰিব।

বৰ্তমান প্ৰতিযোগীতাৰ বজাৰত আমি নিজক যন্ত্ৰ কৰিহে ৰাখো, নিজৰ বাবে অকনমান সময় উলিয়াব নোৱাৰোঁ। অৱশ্য নিজক কামৰ মাজত ব্যস্ত ৰাখিব পৰাটো ভাল অভ্যাস তথাপিও নিজক ভাল পাবলৈ হলে প্ৰথমে নিজৰ বাবে অকনমান সময় উলিয়াই লওক। নিজৰ লগত কথা পাতক, নিজক প্ৰফুল্ল কৰি ৰাখিবলৈ গান শুনক,কিতাপ পঢ়ক। তাৰ পিছত ভাৱক মোৰ এনে কি গুণ আছে যিটো মোৰ অস্তিত্ব গঢ়াত সহায় কৰিব , লগতে সমাজৰো উপকাৰ কৰিব ।মই মানুহৰ বাবে, সমাজৰ বাবে কিবা কৰিম৷মই এই ক্ষেত্ৰত এদিন সফল হমেই৷ যেতিয়া এনেবোৰ চিন্তা চৰ্চা কৰিব তেতিয়া আপোনাৰ মন ভাল লাগিব। যেনেকৈ সুস্থ শৰীৰতহে সুস্থ্য মন থাকে তেনেকৈ শৰীৰ সুস্থ্ ৰাখিবলৈ সুস্থ্ মনৰ প্ৰয়োজন। সেয়েহ প্ৰথমে মনক সুস্থ কৰক। অতিৰিক্ত উদ্বিগ্নতা আৰু উশৃঙ্খলতাই মন আৰু শৰীৰ দুয়োৰে ক্ষতি কৰে।  মনক সুস্থ ৰাখিবলৈ কিতাপ পঢ়ক, গান শুনক , ধ্যান কৰক, ধৰ্মীয় গ্ৰন্থ পঢ়ক , যোগ আসন বা নামাজ পঢ়ক ।তাৰ পিছত শৰীৰ চৰ্চা , সৌন্ধৰ্য চৰ্চা আৰু নিয়মীয়া ব্যায়াম কৰিব।আজি মই শৰীৰ চৰ্চাৰ বিষয়ে দু আষাৰ লিখিম৷

নিজকে সুস্থ সৱল (healthy)  কৰি ৰাখিবলৈ কিছুমান  উপায়-

১/খাদ্য তালিকাৰ পৰা মুখৰোচক, মনৰ পছন্দৰ বহু খোৱাবস্তু বাদ দিব লাগিব।যেনে--ভজা বস্তু, তেল,মাখন, আলু, মিঠাই, মিঠা দিয়া যিকোনো বস্তু।এইবোৰ মাজে মধ্যে খালেও সেই হিচাপে ব্যায়াম কৰিব৷  ভাত কমলৈ খাবলৈ চেষ্টা কৰিব।ৰাতি ৰুটি (আটাৰ) খাব।

২/প্ৰটিন জাতীয় খাদ্য বেছিকৈ খাব। যেনে - গাখীৰ, দৈ , বিন জাতীয় সকলো খাদ্য ,ৰঙালাওৰ গুটি, তিল, মাছ , মাংস আদি ৷ এই এটা কথা লক্ষ্য ৰাখিব তেলতীয়া মাছ আৰু অতিৰক্ত মাংস খোৱাও বেয়া৷ শৰীৰৰ ওজন হিচাপে খাব৷ খাব লাগে বাবে সদায় খাই থকা ভাল নহয়৷ তেলতীয়া মাছ আৰু মাংস পৰিহাৰ কৰিব৷ কেতিয়াবা খালে ফেট বাৰ্ণ কৰিবলৈ ব্যায়াম কৰিব৷

৩/ফাইবাৰ( আহ জাতীয়) খাদ্য বেছিকৈ খাব৷ যেনে- ওটত,ৰঙালাওৰ গুটি, মিঠা আলু,আলমণ্ড,স্উজীয়া পাচলি,ব্ৰাউন ৰাইজ, তিচি গুটি,শুকান গুটি, কমলা,আপেল,গাজৰ,বিন আদি খাব খাব লাগিব৷

৪/ পাৰিলে দিনত দুটাৰ পৰা চাৰিটাকৈ খেজুৰ খাব, খেজুৰত সকলো ধৰণৰ ভিটামিন থাকে৷

৫/ আপুনি শকত হলে প্ৰতিদিনে পুৱা খালি পেটতে এগিলাচ কুহুমীয়া পানীত এফাল নেমুৰ ৰস আৰু এক চামুচ মৌ মিহলাই খাব।

৬/ শৰীৰত বিষ বেদনা থাকিলে ৰাতিপুৱা খালী পেটতে এগিলাচ কুহুমীয়া পানীত এচামুচ মৌ মিলাই লৈ নিয়মীয়াকৈ এচামুচ কালাজিৰা বা মেথিৰে খাব৷ 

৭/পুৱা প্ৰাতঃ আহাৰত খোৱা চাহ বা কফি কাপত চেনি  নিদিয়াকৈ মৌজল দি খাওক।লগত মাখন বা জেলী নলগোৱা এটুকুৰা লোফ, সিজোৱা কণী খাব পাৰে নাইবা ফাইবাৰ যুক্ত খাদ্য খাব পাৰে ৷ আদা , তুলসী পাত,লং,দালচেনি,তেজপাত, কালিমিৰ্চ আদিৰে চাহ খাব পাৰিলে বেমাৰ আজাৰৰ পৰা সুৰক্ষা পাব৷  চাহত নেমু দিয়া চাহ খাব পাৰে ই হজম শক্তি বঢ়াই লগতে মেদবা চৰ্বি কমোৱাত সহায় কৰে।গাখীৰ খালেও সৰবিহীন গাখীৰ খাব।

৮/কিছুমানৰ পুৱা চাহ--জলপান খোৱাৰ সময়ত ফলমূলহে খোৱাৰ অভ্যাস আছে।তেওঁলোকে বতৰত ওলোৱা যিকোনো সজীৱ  ফল খাব1,যেনে--কমলা, আপেল, ৰবাবটেঙা, পকা অমিতা, মধুৰী, আনাৰস, আটলচ,আঙুৰ আদি।আম খালে কমাকৈ খাব , ই মেদ বঢ়ায়।

৯/দুপৰীয়াৰ আহাৰত ভাতৰ লগত পাতলকৈ ৰন্ধা মাছ বা মাংসৰ আঞ্জা (তেল,মচলা কমকৈ দিয়া , )অলপ সিজোৱা পাচলি, দুচামুচমান দাইল খাব ৷ প্ৰতিদিনে কিছু সেউজীয়া আৰু কেঁচা শাক--পাচলি চালাড কৰি যেনে--বিলাহী, তিয়ঁহ, পালেং, গাজৰ, লেটুচ আদি খোৱা উচিত। দৈ খোৱা অভ্যাস থাকিলে খাব৷

১০/দুপৰীয়া খোৱা -বোৱা কৰি বহুতৰে শোৱা অভ্যাস আছে।এই অভ্যাস এৰা ভাল।আহাৰ খোৱাৰ পাছত দহ মিনিট মান জিৰাই লোৱা ভাল।কিন্তু সেই বুলি কেইবাঘণ্টাও শুই থকা মানে চৰ্বিৰ সৃষ্টি কৰা।

১১/আবেলি গ্ৰীন টি নাইবা চেনি নোহোৱাকৈ একাপ চাহ বা কফি খাব পাৰে।গৰম দিনত ডাবৰ পানী, ভীমকলৰ চৰ্বত,নেমু বা বেলৰ চৰ্বত,বুট তিওৱা পানী ,টেঙা দৈৰ ঘোল খাব পাৰে।গজালি ওলোৱা মগু-বুট, তিয়ঁহ, মধুৰী, মালভোগ কল, কমলা ইত্যাদি দিনে যিকোনো এবিধ খাব।

১২/ৰাতিৰ আহাৰত এবাটি ভাত নাইবা আটাৰ ৰুটি এখন বা দুখন, লগত প্ৰচুৰ পৰিমাণে চালাড, সিজোৱা শাক-পাচলি, মাছ-বা মাংসৰ(তেল মচলা কম দিয়া)আঞ্জা খাব।


১৩/দিনে দুইমাইল মান খোজ কাঢ়িব পাৰিলে ভাল ।ওপৰ আৰু তলৰ বস্তু উঠোৱা-নমোৱা কৰাৰ দৰে পৰিশ্ৰম কৰিলে ভাল ফল পাব।নাইবা অন্ততঃ দিনে পোন্ধৰবাৰ মান একে ঠাইতে উঠা -বহা কৰক ,মেদ বা চৰ্বি কমি যাব।

১৪/এইবোৰৰ উপৰিও আপোনাৰ অতি দৰকাৰী কথা হব, নিয়মিত কায়িক পৰিশ্ৰম আৰু নিয়মিত ব্যায়াম অভ্যাস কৰা।দৈনিক অন্ততঃ আধা ঘণ্টা পুৱা আৰু গধূলি খৰকৈ খোজ কঢ়া অভ্যাস কৰক খৰকৈ খোজ কঢ়াটো চৰ্বি কমোৱাৰ মহৌষধ।

১৫/মেদ বা চৰ্বি কমোৱাৰ বিভিন্ন ধৰণৰ ব্যায়াম আছে যেনে--পেটৰ চৰ্বি কমোৱা, পিঠিৰ চৰ্বি কমোৱা, মুখৰ চৰ্বি কমোৱা আদি ব্যায়াম কৰিব৷

                                                                                                  আগলৈ..........

@Begum Asma

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)