আমৰ গুণ আৰু বিগুণ

 



ভাৰতবৰ্ষত আম গছ কম বেছি পৰিমানে সকলো ঠাইতে পোৱা যায়৷ ভাৰত বৰ্ষত আম গছ চিৰ পৰিচিত৷ ইয়াৰ পাত আৰু ফল বিভিন্ন মাংগলিক কামত ব্যৱবাৰ কৰা দেখা যায়৷ বিশেষকৈ হিন্দু ধৰ্মৰ বিভিন্ন মাংগলিক কামত ব্যৱহাৰ হৈ আহিছে৷ আম সকলোৰে বাবে এটা সুস্বাদু ফল। আমক ফলৰ ৰজা বুলি কোৱা হয়। ভাৰতৰ বিভিন্ন ঠাইত আমক বিভিন্ন নামেৰে জনা যায়৷ যেনে- মহাৰাষ্ট্ৰত- আম্বাফল,কৰ্ণটকত - মাবিন ফল, তেলেগুত - মাবিড়ি, গুজৰাটত- আনৰো, হিন্দিত - আম, ইংৰাজীত - mango, শাস্ত্ৰীয় নাম- আম্ৰ, মধুদুত, ৰসাল ,মাকন্দ আদি নামেৰে জনাজাত৷ ভাৰতত প্ৰায়  ১০০০ প্ৰজাতিৰ আম পোৱা যায় ৷ ১০০ গ্ৰাম পকা আমত পোৱা খাদ্য উপাদানবোৰ হ’ল -


কাৰ্বোহাইড্ৰেট- ৮৬.১%,


কেৰটিন- ৪৮০০ ইউনিট,


আঁহজাতীয় পদাৰ্থ- ১১%,


খাদ্যপ্ৰাণ ‘গ’- ৪০ মিলিগ্ৰাম।.


আমৰ ঔষধীয় আৰু অন্যান্য গুণবোৰ হ’ল-


পকা আম আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। পকা আম বীৰ্যবৰ্ধক, বায়ুনাশক, বলকাৰক, পুষ্টিকাৰক, ত

১) আমৰ পাত চাহৰ দৰে বনাই নাইবা ৰ'দত শুকোৱাই গুৰি  কৰি পানীৰ লগত খালে বহুমূত্ৰ ৰোগভাল হয়। কুমলীয়া পাত চবাই ও খাব পাৰে৷

২) পকা পূৰঠ আমে হৃদযন্ত্ৰ সবল কৰে আৰু বীৰ্যবৰ্ধন কৰে। এটা পকা আমৰ ৰস ১৫০ গ্ৰাম গৰুৰ গাখীৰৰ লগত মিহলাই দিনটোত এবাৰকৈ খালে হৃদযন্ত্ৰ সবল হয়৷

৩) কুকুৰীকণা বা চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰিবলৈ হ'লে নিতৌ পকা আমৰ ৰস 200 গ্ৰামকৈ খোৱা ভাল ।

৪) শিশুৰ পঁয়া লগা ৰোগ দূৰ কৰিবৰ  কাৰণে পকা আমৰ ৰস 100 গ্ৰাম দিনে দুবাৰকৈ শিশুক খুৱাব লাগে ।

৫) আহাৰ গ্ৰহণ কৰাৰ পাছত পকা আম খালে আহাৰ হজম হোৱাত সহায় হয়।

৬) গাৰ ছাল নিমজ কৰিবৰ কাৰণে ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে পকা আমৰ ৰস খাব লাগে ।

৭)বাতপিত্ত নাশ কৰাত পকা আমে সহায় কৰে। পকা আম এৰাতি পানীত তিয়াই থৈ খালে বহুমূত্ৰ ৰোগ নিৰাময় হয়। এইদৰে ১০-১৫ দিন খাব লাগে। বাত পিত্ত ৰোগো নিৰাময় হয়।

৮)বায়ু ৰোগ নাশ কৰিবলৈ দিনে অন্ততঃ দুটা পকা আম খাব লাগে।

৯) আমে স্মৃতি শক্তি সবল কৰে৷ স্মৃতিশক্তি সবল কৰিবলৈ দিনে পকা আমৰ ৰসৰ লগত(একাপ) এচামুচ আদাৰ ৰস মিহলাই খাব লাগে। দিনে এবাৰ এমাহ ধৰি খাব লাগে।

১০)অৰ্শ(Piles) বা কেঁচুমূৰীয়া ৰোগ আৰোগ্যৰ বাবে একাপ পকা আমৰ ৰসৰ লগত আধা কাপ দৈ মিহলাই দিনটোত এবাৰকৈ এসপ্তাহ খাব লাগে।

১১)যক্ষ্মা ৰোগত ভোগা লোকে পকা আমৰ ৰস তিনি চামুচত এচামুচ মৌ মিহলাই খাব লাগে। দিনে এবাৰকৈ দহ দিন খাব লাগে।

১২)কৃমি নাশ কৰিবলৈ আমৰ গুটিৰ চূৰ্ণ দুচামুচৰ লগত অলপ গৰম পানী মিহলাই ৰাতি শোৱাৰ আগত খাবলৈ দিলে সকলো ধৰণৰ কৃমি নাশ হয়। তিনি দিন খুৱাব লাগে।

১৩)বমি হ’লে আমৰ কুঁহিপাতৰ ৰস এচামুচ পৰিমাণে দিনে দুবাৰকৈ খুৱালে এদিনতে ভাল হয়।

১৪)পেটচলা বা ডায়েৰীয়া খ’লে আম গছৰ ছালৰ ৰস খুৱাব লাগে। দুচামুচকৈ দিনে দুবাৰকৈ দুদিন খুৱাব।

১৫) শৰীৰত বল পাবলৈ হ'লে পকা আমৰ ৰস খোৱাৰ পাছত একাপ গাখীৰ খাব লাগে ।

১৬) সমান সমান পৰিমাণৰ কেঁচা আম বা আমৰ পাতৰ ৰস আৰু ক'লা জামুৰ ৰস 200 গ্ৰামকৈ মিহলি কৰি খালে বহুমূত্ৰ ৰোগ আৰোগ্য হয়।

১৭) যক্ষ্মা ৰোগত একাপ আমৰ ৰসত 100গ্ৰাম মৌ-জোল মিহলি কৰি দিনে দুবাৰকৈ একেৰাহে 15/20 দিন খালে যথেষ্ট উপকাৰ পোৱা যায়।অৱশ্যে এই ঔষধ খোৱাৰ পাছত গৰুৰ গাখীৰ খাব নালাগে ।

১৮) কুকুৰীকণা বা চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰিবলৈ হ'লে নিতৌ পকা আমৰ ৰস 200 গ্ৰামকৈ খোৱা ভাল ।

১৯)নাকেৰে তেজ ওলালে আমৰ মাজৰ শুকান শাহটো জুইত পুৰি তাৰ ধোঁৱা নাকেৰে শুঙিলে তেজ ওলোৱা বন্ধ হয়। এঁৱা ভগা ভাল হয়।

২০)উচ্চ ৰক্তচাপত পকা আমৰ ৰস দিনে একাপ এসপ্তাহ খালে উচ্চ ৰক্তচাপ নিয়মীয়া হয়।

২১) আমঠুৰ শাহে আমাৰ দেহত তেজ বৃদ্ধি আৰু তেজ পৰিস্কাৰ কৰাত সহায় কৰে ।

২২) ক্ৰিমি নাশ কৰিবলৈ হ'লে আমৰ গুটি চূৰ্ণ কৰি 2 চামুচৰ লগত অলপ গৰম পানী মিহলি কৰি তাত অলপ দৈ দি ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে খাব লাগে ।

২৩) গ্ৰহণী ৰোগত আমৰ কেঁচা আৰু কোমলীয়া পাতৰ ৰস 5 গ্ৰামত 10 গ্ৰাম ছাগলীৰ গাখীৰ আৰু 2 চামুচ মৌ-জোল মিহলি কৰি দিনে 2/3 বাৰকৈ খালে ৰোগ ভাল  হয়।

২৪) অধিক মছলা খাই অজীৰ্ণ হ'লে কেঁচা আম খালে ভাল হয়।

২৫) চান ষ্ট্ৰোকত কেঁচা আম এগিলাচ পানীত সিদ্ধ কৰি এটিপা(আন্দাজমতে )নিমখ আৰু এচামুচ চেনী মিহলি কৰি খালে আচৰিত ধৰনে সুফল পোৱা যায়।

(23) একাপ পকা আমৰ ৰসৰ লগত চাৰি ভাগৰ এভাগ গাখীৰ এক চামুচ আদাৰ ৰসৰ লগত মিহলি কৰি তাত সামান্য চেনী দি দিনে এবাৰকৈ খালে তেজ পৰিস্কাৰ হয়।

(24) উচ্চ ৰক্তচাপত পকা আমৰ ৰস একাপকৈ খালে যথেষ্ট উপকাৰ পোৱা যায় ।

(25) চুলি সৰা ৰোগত আমৰ বীজ দুটা পিহি এৰাতি গাখীৰত তিয়াই ৰাখি পিছদিনা মূৰ ধুব লাগে ।

(26) ৰক্তচাপ ৰোগ সম্পূৰ্ণ আৰোগ্য কৰিবলৈ আমৰ গুটি এটা আৰু কেঁচা ভীম কলৰ বাকলি এটা ভালদৰে খুন্দি তাৰ ৰসত 250 গ্ৰাম গাখীৰ মিহলাই দুচামুচ চেনী দি ৰাতিপুৱা শুদা পেটত একেৰাহে 4/5 দিন খাব লাগে ।

ওপৰক্ত গুণ সমূহ থাকিলেও আমৰ কিছু ছাইড এফেক্টো আছে৷ সেইবোৰ হ’ল- 

১) আমত বহু পৰিমানে প্ৰাকৃতিক চেনি আছে , গতিকে ডাইবেটিচ ৰোগীয়ে বেচিকৈ খালে ক্ষতি হয়৷

২) বেচি পৰিমানে ফাইবাৰ আছে বাবে বেচিকৈ আম খালে ডাইৰীয়াও হ’ব পাৰে৷

৩) কেচা আম বেচি পৰিমানে খালে বদহজম হ’ব পাৰে৷

৪)আমত urushiol নামৰ এবিধ পদাৰ্থ থাকে , যাব বাবে যি সকলোৰ চেনচেটিভ স্কিন সিহঁতে বেচিকৈ আম খালে স্কিন খুজুৱাব পাৰে বা ফুলি যাব পাৰে৷

৫) abdominal pain থাকিলে আম কিছুদিন নখোৱাই ভাল৷

৬) হাই কেলৰি থকা বাবে দেহৰ ওজন বৃদ্ধি হয়৷







Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)