আপুনি জানেনে সফল জীৱনৰ মূল চাবিকাঠি কি? p-1



 সফল জীৱনৰ মূল চাবি কাঠিয়েই হ’ল- আত্মবিশ্লেষণ#self analysis৷

আজিৰ মানৱ সমাজত ইমান বিশৃংখলাৰে ভৰি পৰিছে যে সমাজৰ ভাৰ সাম্যতা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে। মানুহ সমাজ প্ৰিয় জীৱ। যাৰ বাবেই মানুহে সমাজ পাতি বাস কৰে। সমাজৰ প্ৰতিজন মানুহে যদি মানসিক, বৈদ্ধিক ভাবে উদ্ধুদ্ধ হয় তেন্তে আমাৰ সমাজ সুস্থ আৰু প্ৰগতিশীল হ'ব, সেয়েহে আমি প্ৰত্যেকেই নিজৰ তথা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ মনৰ জেউতি বঢ়াব লাগিব। প্ৰথমতে নিজৰ মনক আলোকিত কৰাৰ প্ৰয়োজন। আমাৰ মনক আমি আলোকিত কৰিবলৈ আত্মবিশ্লেষণ , আত্ম উপলব্ধি, আত্ম সন্মান, আত্মবিশ্বাস ৰ প্ৰয়োজন।

মানুহে নিজৰ বুদ্ধিৰে সন্মুখৰ শত্ৰুক কেনেকৈ পৰাস্ত কৰিব তাৰ উপায় উলিয়াই শত্ৰুক পৰাস্থ কৰে কিন্তু নিজৰ ডাঙৰ শত্ৰুৰ কথা কেতিয়াও নাভাবে। আমি কেতিয়াও ভাবিয়ে নাপাও আমি নিজেই নিজৰ শত্ৰু। বদ অভ্যাস আৰু বেয়া ব্যৱহাৰ আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু। এই দুটাক আমি প্ৰশ্ৰয় দিয়া মানে নিজকে নিজৰ বিৰুদ্ধে থিয় কৰোৱা। যেতিয়ালৈকে আমি এই বেয়া গুণবোৰক হৰুৱাব নোৱাৰো তেতিয়ালৈকে আমি নিজেই নিজৰ শত্ৰু। নিজেই নিজক ৰক্ষা কৰিব নোৱাৰিলে কোনেও আমাক ৰক্ষা কৰিব নোৱাৰে , গতিকে নিজকে এজন পৰাক্ৰমী সৈণিক হিচিপে গঢ়ি তুলিব লাগিব। ডাঙৰ শত্ৰুজনক হৰুৱাবলৈ সকলো সময় নিজৰ অস্ত্ৰ-সস্ত্ৰ সু সজ্জিত কৰি ৰাখিব লাগিব।

মন হ'ল শক্তিশালী তৰোৱাল। শত্ৰুক দমন কৰিবলৈ এই তৰোৱালে যথেষ্ট । লোৰ তৰৱাল যেনেকৈ পেলাই থলে মামৰে ধৰে তেনেকৈ মনৰ কচৰৎ নকৰিলে মন কৰ্মহীনহৈ পৰে। লোৰ তৰোৱাল চোকা কৰিবলৈ শান দিয়া হয় ঠিক তেনেকৈ মনকো শক্তিশালী আৰু চকা কৰা প্ৰয়োজন । তাৰ বাবে প্ৰথমে মনক নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন। নিয়ন্ত্ৰিত মনহে সফল জীৱনৰ আধাৰ । সফল জীৱনৰ বাবে আত্মবিশ্লেষণৰ প্ৰয়োজন।


আপুনি আত্মবিশ্লেষণ কৰক,আত্মবিশ্লেষণ কৰিলে বিবেক বুদ্ধি বাঢ়ে। বিবেকে চৰিত্ৰ গঢ়ে। ভাল চৰিত্ৰই মানুহক সমাজত উচ্চ স্থান দিয়ে৷ সেয়েহ ভাল বেয়া বিচাৰ কৰা জীৱনৰ মূল্যৱান কাম, ভাল বেয়া বিচাৰ কৰিব পৰাটোও এটা কলা (Art) ৷

নিজৰ ভাল বেয়া বিচাৰ কৰি বিশেষত্ব পৰীক্ষা কৰাই আত্মবিশ্লেষণ। নিজৰ ভাল বেয়া বিচাৰ কৰিবলৈ মনক আয়না হিচাপে লৈ, সন্মুখত থিয় হৈ নিজৰ দুৰ্বলতা আৰু সফলতা খিনি বিচাৰি উলিওৱা দৰকাৰ। নিজৰ দুৰ্বলতা আৰু সফলতা বিচাৰি উলিওৱাই আত্মবিশ্লেষণ। নিজৰ দূৰ্বলতা খিনি বিচাৰি উলিয়াই সেইখিনিৰ সমাধান কৰিব পাৰিলেই জীৱন সফলতাৰ দিশে আগবাঢ়ি যাব পাৰিব। তাৰ বাবে প্ৰথমে নিজৰ বাবে কিছু নিসংগ সময় উলিয়াব লাগিব । নিসংগ মুহূৰ্ত নিজৰ সন্মুখত নিজক থিয় কৰাই আপুনি কোন বা আপুনি কি কৰিছে, আপুনি ভুল কৰি আছেনে - শুদ্ধ কৰি আছে, সেয়া বিচাৰ বা বিশ্লেষণ কৰাই আত্মবিশ্লেষণ। এইখিনি সঠিক মতে বিশ্লষণ কৰিব পৰাটোৱে মহৎ আৰু শক্তিশালী কাম। এইখিনি কৰিব পাৰিলে কোনেও আপোনাক পৰাস্ত কৰিব নোৱাৰে । লগতে জীৱন বাটত আগবাঢ়ি যোৱাত কোনেও বাধা দিব নোৱাৰে ।

আম্তবিশ্লেষণ কৰিলে হতাশাও দূৰ হয় , উদাহৰণস্বৰূপে আপুনি কিবা এটা সপোন দেখিছিল , কিন্তু সেই সপোনটো আপোনাৰ চকুৰ সন্মুখতে ভাঙি গ'ল , তাৰ বাবে আপুনি দুখী , হতাশ হৈ বহি আছে , কিন্তু তাকে নকৰি নিজকে যদি প্ৰশ্ন কৰে 'মোৰ দোষ কিমান ?' ' মই কি ভুল কৰিলোঁ?' মই কি কৰিব লাগিছিল আৰু মই কি কৰি আছিলোঁ ? ' মোৰ জীৱনৰ লক্ষ্য কি?’ আদি প্ৰশ্ন কৰিলে তাৰ সমাধান আহি পৰিব , লগতে আত্ম বিশ্বাসো বাঢ়িব। আত্মবিশ্লেষণে আত্মবিশ্বাস বৃদ্ধি কৰে আৰু আত্মবিশ্বাসে মানুহৰ কৰ্মস্পীহা যোগাই তোলাৰ লগতে হতাশা দূৰ কৰে।

আন এটা উদাহৰণ দিও - বৰ্তমান প্ৰায়ে দেখা যায় স্কুল কলেজৰ প্ৰায়ভাগ ল'ৰা ছোৱালীৰ মাজত প্ৰেম হয় ( প্ৰেম বুলি কলে ভুল হ’ব যেন পাওঁ , সেইবোৰ প্ৰেমৰ নামত যৌন উশৃঙ্খলতা)। কিছুমানে এই কম বয়সতে বিয়া বাৰু কৰি অসফল জীৱন লৈ ল'ৰা ছোৱালী দুয়োজনে গোটেই জীৱন কষ্ট কৰি থাকে , কাৰণ প্ৰেমৰ নামত বিয়াটোৱে জীৱনৰ সফলতা বুলি ভাবে। কিন্তু সেয়া যে সিহঁতৰ ভুল ধাৰণা সেইখিনি উপলব্ধিয়েই কৰিব নোৱাৰে । আনহাতে কিছুক্ষেত্ৰত দেখা যায় ল’ৰাজন অযোগ্য হোৱা বাবে ছোৱালীক মাক দেউতাকে আনৰ লগত বিয়া দি দিয়ে ,ল'ৰাজন সেই শোকত চিগাৰেট , মদ আদি খাই উদাসীন হৈ পৰে । তাৰ পৰিৱৰ্তে যদি ল'ৰাজনে প্ৰথমে ভাবিলেহেঁতেন ' এই সময়খিনি মোৰ কি কৰা উচিত? ' মই কি ভুল কৰিব ওলাইছো ?' ' মা দেউতাই মোক কিয় স্কুললৈ পঠিয়াইছে ?' আদিবোৰ প্ৰশ্ন কৰিলে এই পৰিস্থিতিৰ সন্মিখীন নহলহেঁতেন। সম্পৰ্কটো ভাঙি যোৱাৰ পিছতো যদি উদাশ হৈ নাথাকি নিজকে প্ৰশ্ন কৰে ' মোৰ জীৱনটোৰ লক্ষ্য কি?' ' মই বাৰু তাইৰ যোগ্য আছিলোঁনে ?' ' কি কাৰণে মই অযোগ্য ?' ' মোৰ যোগ্যতাৰ বাবে মোৰ কি কৰা উচিত?' ' মই এজন সফল ব্যক্তি কেনেকৈ হ'ম?’ আদিবোৰ প্ৰশ্ন কৰা উচিত। তেতিয়া উত্তৰ নিজে নিজে ওলাই পঢ়িব আৰু সফলতাৰ দিশে আগবাঢ়ি যোৱাত সুবিধা হ'ব। এখন সুস্থ সমাজো গঢ়ি উঠাত সহায়ক হ'ব।

আমাৰ সমাজখনৰ কথাকে কওঁ , আমাৰ সমাজত প্ৰায়ে দেখা যায় দুজন মানুহ লগ হ'লে আন এজনৰ বদনাম কৰা । অমুক বেয়া ,তমুক বেয়া ,কিন্তু নিজক নিজে কেতিয়াও প্ৰশ্ন নকৰে 'মই কেনেকুৱা?' ' মই কি কাম কৰি আছোঁ ?' ' পৃথিৱীত মোৰ কিয় জন্ম হৈছে ?'

আমি প্ৰতি মুহূৰ্তে অকল নিজক লৈয়ে ব্যস্ত থাকোঁ৷ মোৰ বাবে এইটো লাগে , মোৰ বাবে সেইটো লাগে৷ কিন্তু কেতিয়াও আন দহজনৰ কথা চিন্তা নকৰো৷ আমি পাহৰি থাকো এই পৃথিৱীত মোৰ বুলি একো নাই৷ এই শৰীৰ এই , এই মন সকলো সৃষ্টিকৰ্তাৰ৷ সেই সৃষ্টিকৰ্তাই আমাক পৃথিৱীত পঠিয়াইছে মানুহক ভাল পাবৰ বাবে,মানুহক সেৱা কৰিবৰ বাবে ,ভাল কৰ্ম কৰিবৰ বাবে৷ কিন্তু আমি ওলোটা কামহে কৰো ৷ আমাক সৃষ্টিৰ মূল উদ্দেশ্য অনুধাৱন কৰিব পৰিলেহে আমাৰ ৰূহ( আত্মা)ই শান্তি পাব৷ বৰ্তমান আমি ইমান যান্ত্ৰিক হৈ পৰিছো যে আত্মাৰ চিঞৰ শুনিবলৈ নাপাওঁ৷ আত্মাৰ চিঞৰ শুনিবলৈ আৰু আত্মাক শান্তি দিবলৈ আমি আত্মবিশ্লেষণ কৰিবই লাগিব৷ মানৱ সেৱা কৰক , আনে কি দিছে নিদিছে সেয়া নাভাবিব৷ আনৰ পৰা আশাও নকৰিব৷ আমি প্ৰায়ে আনৰ সমালোচনা কৰি ফুৰো, আনৰ পৰা কিবা আশা কৰাৰ আগতে আমি কেতিয়াও নিজকে প্ৰশ্ন নকৰো ' মই কিমান দিছোঁ বা দিব পাৰিম ?'

গতিকে আনৰ দোষ গাই ফুৰাতকৈ নিজৰ মনৰ পৰা কু- প্ৰবৃত্তিবোৰ আতৰাই লওক। নিজৰ মনৰ পৰা কু- প্ৰবৃত্তিবোৰ আতৰাই মানৱ কল্যানৰ হকে নিজক নিয়োগ কৰিব, তেতিয়াহে নিজৰ লগতে আনৰো কল্যান হ'ব। 

বৰ্তমান সমাজত সম্পৰ্কবোৰ ঠুনুকা কাচৰ দৰে ,প্ৰায়ে আমি শুনা পাওঁ সম্পৰ্কবোৰ ভঙাৰ শব্দ। এই সম্পৰ্কবোৰ বেছিভাগ নষ্ট হয় পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰাৰ ফলত , কাৰণ প্ৰত্যেকেই আত্মবিশ্লষণৰ প্ৰতি উদাশ থাকে।

আনহাতে মই যি সঠিক বুলি ভাবো সেয়া আনৰ বাবে সঠিক নহবও পাৰে। সেয়েহ আমি সম্পৰ্কবোৰ ঠিক ৰখাৰ বাবে আত্মসমালোচনা কৰা দৰকাৰ। আত্ম সমালোচনা কৰিলে মনোজগত উন্নত হয় । উন্নত মনোজগতেহে উন্নত পৰিয়াল আৰু উন্নত সমাজ গঢ়ি তোলাত সহায় কৰে।

আপুনি আপোনাৰ জীৱনত কি কি কৰিলে , সেয়া ভাল কৰিলা নে বেয়া কৰিলে , নিজৰ দক্ষতা কিমান আছে,কি কৰিব পাৰিব ? কি কৰিব নোৱাৰিব ? এই সকলোবোৰ বিচাৰ বিশ্লেষণ কৰক , এই সকলোবোৰ নিজে বিচাৰ কৰিব পাৰিলেহে সফলতাৰ দিশে অৰ্থাৎ পোহৰৰ দিশে আগবাঢ়ি যাব পাৰিব। বিশ্বৰ যিমানবোৰ সফল ব্যক্তি আছে , তেওঁলোকে এনেই সফলতা পোৱা নাই , সফলতাৰ দিশে আগবাঢ়িবলৈ প্ৰথমে আত্মবিশ্লেষণ কৰিহে আগবাঢ়িছে যাৰ বাবে সফল স'ব পাৰিছে।

নিজৰ কামৰ ক্ষেত্ৰতো নিজেই বিচাৰ বিশ্লেষণ কৰিব পৰা ক্ষমতা থাকিব লাগিব। কামখিনি সমাজৰ ভালৰ বাবে হৈ আছে নে ধ্বংসৰ বাবে হৈ আছে সেইবোৰ ভাবি চাওঁক , লগতে আপোনাৰ সকলো কামৰ কিমানখিনি নিজৰ নিয়ন্ত্ৰণত আছে, জুকিৱাই চাওঁক, আপুনি কি কাম কৰি সময়বোৰ পাৰ কৰি আছে, এই সকলোবোৰ জুকিয়াই চোৱাই আত্মবিশ্লেষণ।

শ্ৰেনভিন ক্লিছাৰে কৈছিল," আপুনি নিজকে বিশ্লেষণ কৰিবই লাগিব, যাক কোৱা হয় আত্মবিশ্লেষণ। প্ৰথমতে আপুনি নিজৰ বিশেষত্ব পৰীক্ষা কৰি লওক , ভাল- বেয়া বিচাৰ কৰক, অভ্যাসবোৰলৈ লক্ষ্য ৰাখি সেইবোৰক আপুনি কিমানখিনি নিয়ন্ত্ৰণ কৰিব পাৰে, চাওঁক, অৱসৰ সময় কেনেকৈ কটাইছে তাকো চাওঁক। কাম- কাজৰ দক্ষতাও চাওঁক। আচলতে নিজৰ সম্পৰ্কে সকলোখিনি ভালদৰে জানি লওক।"

নিজক বিশ্লেষণ কৰিলেহে নিজৰ দোষবোৰ বিচাৰি পাব। সেইবোৰ শুদ্ধ কৰি সঠিক পথত আগবাঢ়ি যোৱাৰ সুবিধা পাব।যেনেকৈ আমি যদি এটা কিতাপ পঢ়ো , কিতাপ খন পঢ়ি উঠি কিতাপখনৰ ভাল বেয়া আঙুলিয়াই দিব পাৰি বা অনুধাৱন কৰিব পাৰি। ঠিক তেনেদৰে নিজৰ জীৱন কিতাপৰ দৰে পঢ়ক। কিতাপৰ দৰে পঢ়ি কি ভাল, কি বেয়া বিচাৰ কৰক।

কিতাপৰ দৰে নিজকে পুংখানুপুংখ ভাৱে পঢ়াই হল আত্ম বিশ্লেষণ।

আনহাতে গোটেই দিনটো আপুনি কি কৰিলে, সেয়া ভাবি চাওঁক, কোনটো কাম আপোনাৰ অৱবতে সময় নষ্ট কৰিলে, কোনটো কামে আপোনাৰ আগবঢ়াত সহায় কৰে, সেয়া আত্ম বিশ্লেষণ কৰি অবাবত নষ্ট হোৱা সময় খিনি ভাল কামত ব্যৱহাৰ কৰক, কোনটো কাম ভুল কৰিলে সেয়া শুধৰাই ভাল কাম কৰাৰ চেষ্টা কৰক। চাব আপোনাৰ জীৱন সুখ- সমৃদ্ধিৰে ভৰি পৰিব। উদাহৰণস্বৰূপে ধৰি লওক আপুনি দিনটো মোবাইল খুচৰি বহি থাকে ,এনেকৈয়ে সময়বোৰ নষ্ট হয় । এই নষ্ট হোৱা সময়খিনিত আপুনি কিবা এটা হাতৰ কাম, লিখা , বাগিচা পৰিচৰ্চা , গছ পুলি ৰোপন আদি কৰিব পাৰে ,এইবোৰে আপোনাৰ জীৱনৰ মৌলিক অৱদান হ’ব , আপোনাৰ অস্তিত্বৰ ধ্বজা উৰুৱাই ৰাখিব । আপোনাৰ মৃত্যুৰ পিছতো যিবোৰে সমাজত আপোনাৰ ছাঁ এৰি থৈ যাব। উদাহৰণ হিচাপে‘ আৰণ্য মানৱ’ খ্যাত যাদৱ পায়েঙৰ কথাই ভাৱক নিজৰ জীৱন প্ৰতি মুহূৰ্তত গছপুলি লগোৱাত লগাই দিছে নিস্বাৰ্থভাৱে ,যাৰ বাবেই আজি তেওঁ সমগ্ৰ বিশ্বৰ মাজত পৰিচিত ব্যক্তি৷ নিজৰ অস্তিত্ব পৃথিৱীৰ আগত তুলি ধৰাৰ লগে লগে এই জীৱ জগতৰ কিমান উপকৃত কৰিলে সেয়া সৰ্বজন জ্ঞাত৷ গতিকে এতিয়াৰ পৰাই বিশ্লেষণ কৰক আপোনাৰ জীৱনৰ প্ৰতিটো সময় কিমান মূল্যৱান? সেই সময়খিনি অযথা নষ্ট নকৰি কিবা এটা ভাল কাম কৰিলে নিশ্চয় সফলতাৰ দিশে এখোজ দিয়া হ’ব। সেয়েহে কোৱা হয় আত্মবিশ্লেষণ সফলতাৰো চাবিকাঠি। কিয়নো আত্মবিশ্লেষণে প্ৰতিটো কাম পুংখানপুংখভাৱে বিশ্লেষণ কৰিবলৈ শিকায়। গতিকে সময় থাকোতে আত্মবিশ্লষণ কৰক আৰু পোহৰৰ দিশে আগবাঢ়ি যাওঁক।

       @Begum Asma

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)