মৌন স্বাধীনতা

 মৌন স্বাধীনতা 

@বেগম আছমা  


মৌন ব্ৰতৰ ট্ৰেণ্ড চলিছে 

আপুনি মই জনতা সকলোৱে মৌন 

দেশত মৌনতাৰে লুণ্ঠণ চলে

জনতা মৌন হৈ দৰ্শকৰ শাৰীত বহে  ।


জনতাৰ  কন্ঠত শব্দ নাই 

ৰাষ্ট্ৰ নেতাৰ মন কি বাত 

জনতাই চুপচাপ শুনে

আৱাজ দিলেই ৰাষ্ট্ৰনেতা মৌন ।


পেটৰ ভোকৰ বাবে 

চাউল -ডালি , তেল-নিমখ

কিমান কি প্ৰয়োজন

অথচ বজাৰ যুদ্ধক্ষেত্ৰ 

মোনাত বুলেট এটা ভৰাই

পিতৃ মৌন হৈ পৰে ।

 

দেশ বিক্ৰী হয় , ভেটি মাটি বিক্ৰী হয়,

এই দেশত কি বিক্ৰী হোৱা নাই ? 

স্বাধীনতাৰ নামত 

দেশৰ স্বভিমান তিৰঙ্গাও বিক্ৰী হয় 

অথচ জনতা মৌন।


ন্যায় বিচাৰি ক'ত যাব ?

অফিচ, আদালত, চৰকাৰ সকলোতে ভ্ৰষ্টাচাৰ 

সঁচাক মিছা সজাই  

মিছাক সঁচা সজাই

বিক্ৰী কৰা হয় 

আমি সকলো জানোঁ 

সকলো বুজোঁ 

অথচ আমি মৌন ।


উগ্ৰবাদে, সাম্প্ৰদায়িকতাবাদে  মিছিল পাতে

হত্যা, সন্ত্ৰাস আৰু বৰ্ণবাদে 

ৰাজপথ দখল কৰে

গায়ক ,লেখক,  সুৰকাৰ

সকলোৱে মৌন । 


সাম্যবাদ , সমাজবাদ ,জাতীয়তাবাদ

সমন্বয় আৰু সহাৱস্থানক তলাবদ্ধ কৰি

প্ৰশাসন আৰু প্ৰশাসকে 

তেজ ৰঙা পতাকাবোৰ জ্বলাই দিয়ে 

 অথচ স্বাধীনতা মৌন ।


 বুকুৰ তেজে লিখা দেশপ্ৰেমৰ 

 মান্যতা নাই 

দেশপ্ৰেমৰ বাবে চাৰ্টিফিকেট লাগে

চেল্ফি লাগে  

দেশদ্ৰোহীয়ে চিঞৰি দেশপ্ৰেমৰ গান গায়

দেশপ্ৰেমিবোৰ মৌন।


দেশ দেশৰ মাজত ভাগ হৈ গ'ল 

জাতি জাতিৰ মাজত ভাগ হৈ গ'ল 

মানুহ মানুহৰ মাজত ভাগ হৈ গ'ল 

সেউজীয়া-গেৰুৱাৰ মাজত ভাগ হৈ গ'ল

কবিৰ কবিতা মৌন 

দেশৰ স্বাধীনতা মৌন ।।



Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু