খোজ (foodprint)
খোজ
@Begum Asma
ভৰিৰ খোজবোৰ ভৰিৰ পৰা ক্ৰমাত
হেৰাই গৈ থাকে
মাটি খামোচি থকা শিপাৰ দৰে
ভৰি দুখনে খোজবোৰ ধৰি থাকিব বিচাৰে
ভৰি দুখনৰো মমতা আছে
মৃত্যু পৃথিৱী শ্ৰষ্ঠ উপহাৰ হলেও
মৃত্যুক কোনেও আকোৱালী ল'ব নিবিচাৰে
কিন্তু খোজবোৰৰ মৃত্যুলৈ ভয় নাই
মৃত্যুমুখি খোজৰ সন্তানবোৰে
হয়তো মৌন প্ৰৰ্থনা কৰে
পৃথাৱীৰ শিল্প গৃহত
খোজবোৰ ভাস্কৰ্য্য হৈ উঠক
সূৰ্যৰ দৰে উজ্বল ভাস্কৰ্য হ'ব বিচৰা
খোজবোৰ সূৰ্যৰ দৰেই গতি কৰে
দৌৰি দৌৰি ভাগৰি পৰে ভৰি দুখন
শতিকাৰ ভোকবোৰে টানি ধৰে ভৰিদুখনক
ভোক আৰু তৃষ্ণা ভৰিত মেৰিয়াই
খোজবোৰে অবিৰত গতি কৰে
আকাঙ্খা খোজে প্ৰতি বাঢ়ি গৈ থাকে
নতুন দিনৰ মৃত্যুঘন্টা বাজি থাকে
পথৰ দাতিত চিতাগ্নিত জ্বলি থাকে
সমাজ , সংস্কৃতি, দেশ
আকাশত ভাহি থাকে চিতাভষ্ম ছাই
ধোৱাময় পৃথিৱীৰ পথত খোজকাঢ়ি থাকোতেই
শোকশোভাত ভাগ লয় খোজবোৰে
অথচ দুৱাৰত ৰৈ থাকে নিলাজ সভ্যতা
খোজৰ ভৰত বিবৰ্তনমুখী পথবোৰৰ
কিমান উপপথ সৃষ্টি হ'ল
উপপথবোৰৰো উপপথ সৃষ্টি হ'ল
কিন্তু খোজবোৰ আদিম হৈয়ে ৰ'ল
বনঘোৰাৰ চেকুৰত
পথবোৰোৰ চকু গজিল
অথচ খোজবোৰ আজিও অন্ধ
সভ্যতাৰ বিবৰ্তনত আজিও
পশ্চাৎমূখী যাত্ৰা......৷