শেহতীয়া লেখা

অবিভক্ত গোৱালপাৰা জিলা ইতিহাস

 

অবিভক্ত গোৱালপাৰা জিলা ইতিহাস

উজনিৰ আহোম ৰাজ্যত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসন চলি থকাৰ সময়তে ১৭৬৫ চনত অবিভক্ত গোৱালপাৰা ইংৰাজৰ অধীনলৈ যায়৷ তাৰ আগৰ প্ৰায় তিনি বছৰ আহোমৰ অধীনত আৰু এশ বছৰ গোৱালপাৰা মোগলৰ অধীনত আছিল৷ ১৭৭২-৮৫ চনত  গৱৰ্ণৰ জেনেৰেল ৱাৰেণ হেষ্টিংছে জিলা নিৰ্ধাৰণ কৰোতে গোৱালপাৰাক ৰংপুৰ জিলাৰ মেপৰ ভিতৰুৱা কৰে৷ ৰংপুৰ মানে বৰ্তমান বাংলাদেশৰ গুৰুত্বপূৰ্ণ নগৰ৷ পৰৱৰ্তী গৱৰ্ণৰ জেনেৰেল কৰ্ণৱালিছৰ দিনত (১৭৮৬-৯৩) গোৱালপাৰাত থানা প্ৰতিষ্ঠা কৰা হয়৷ সেয়াই আধুনিক নগৰ পট্টনৰ লেখৰ আৰম্ভণি৷ ১৮২২ চনত ধুবুৰীৰপৰা গাৰোপাহাৰলৈকে ধৰি গোৱালপাৰাক এখন সুকীয়া জিলা হিচাপে স্বীকৃতি দিয়া হয়৷  ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পাছত গোৱালপাৰাক অসম প্ৰদেশৰ লগত সংযুক্ত কৰা হয়৷ ১৮৬৪ চনত ইংৰাজে ভূটান দুৱাৰ জয় কৰাৰ পৰৱৰ্তী দুবছৰৰ পাছত গোৱালপাৰাৰ লগত পূব দুৱাৰ সংযুক্ত কৰা হয় আৰু কোচবিহাৰ কমিচনাৰৰ অধীনলৈ নিয়া হয়৷ তাৰ দুবছৰৰ পাছত গোৱালপাৰাৰ আইনী কামকাজ অসম প্ৰদেশলৈ অনা হয়, কিন্তু প্ৰশাসন কোচবিহাৰৰ পৰাই চলি থাকে৷ ১৮৬৯ চনত গাৰোপাহাৰক গোৱালপাৰাৰপৰা আঁতৰাই পৃথক জিলা ঘোষাণা কৰা হয়৷ ১৮৭৪ চনত অসমক বেংগল প্ৰভিন্সৰপৰা পৃথক কৰি সুকীয়া প্ৰদেশ হিচাপে স্বীকৃতি দিয়া হয়৷ তেতিয়া পূব দুৱাৰৰ সৈতে গোৱালপাৰাক অসমৰ জিলা হিচাপে মেপত অন্তৰ্ভুক্ত কৰা হয়৷ ১৮৭৯ চনত  জিলাখনৰ ধুবুৰী আৰু কোকৰাঝাৰক মহকুমা হিচাপে স্বীকৃতি দিয়া হয়৷ ১৯৮৩ চনত ধুবুৰী আৰু কোকৰাঝাৰ মহকুমাক জিলা হিচাপে স্বীকৃতি দিয়া হয়৷ ১৯৮৯ চনত উত্তৰ শালমাৰা মহকুমা আৰু কোকৰাঝাৰৰ কিছু অংশ সামৰি বঙাইগাঁও জিলা গঠন কৰা হয়৷


১৮২৬ ৰ ইয়াণ্ডাবু সন্ধিৰ পাছত অসমক বেঙ্গল প্ৰেচিডেন্সীৰ অন্তৰ্ভূক্ত কৰা হয় । অসম বৃটিছ ইণ্ডিয়াৰ অন্তৰ্ভূক্ত হোৱাৰ পিছতে ১৮৩৪ চনৰ পৰাই ইংৰাজে এফালে যেনেকৈ উজনিত চাহ খেতি কৰিবৰ বাবে সুদূৰ চেন্ট্ৰল প্ৰভিন্সিৰ পৰা হিন্দু আদিবাসী শ্ৰমিকক অসমলৈ আনিছে । ঠিক তেনেদৰেই নামনি অসমৰ নৈ পৰীয়া অঞ্চলতো মৰাপাট খেতি কৰিবলৈ ইষ্টবেঙ্গলৰ ঘাইকৈ মৈমনসিং জিলাৰ পৰা মুছলমান শ্ৰমিকক অসমলৈ আনি পুন সংস্থাপন দিছিল । ১৮৩৭ চনত অসমৰ চাহৰ সফল উৎপাদন হোৱাত ১৮৩৭ চনত অসম কোম্পানী স্থাপন হয় । ১৮৩৮ চনৰ ৱেষ্টলেষ্ট নিয়ম অনুসৰি স্থানীয় লোকৰ বাবে চাহ খেতি কৰাটো দুৰূহ আছিল । যাৰ বাবে চীনৰ চীনা খেতিয়ক সকলক আনিবলৈ আৰম্ভ কৰে । ১৮৫৪ চনত ৱেষ্টলেণ্ড নিয়ম কিছু শিথিল হোৱাৰ লগে লগে পৰিস্থিতিৰ সলনি হয় । ১৮৪৩ চনত অসম এৰি যায় চীনা খেতিয়ক সকল । তাৰ ঠাইত স্থানীয় লোক আৰু মধ্য ভাৰতৰ পৰা চাহ খেতিয়ক আনি মৰকল কৰা হয় । এই সময়ত অসমত কানিৰ অবাধ প্ৰচলনৰ বাবে স্থানীয় খেতিয়ক সকল এক প্ৰকাৰ পঙ্গু হৈ পৰে যাৰ ফলত অসমত খাদ্যৰ নাটনি হ'বলৈ ধৰে । উপায়হীন হৈ আকৌ  ইষ্টবেঙ্গলৰ পৰা মুচলমান খেতিয়ক সকল আনি সংস্থাপন দিছিল । ইহঁতৰ অৰ্থনৈতিক অৱস্থা অতিকৈ শোচনীয় আছিল ।

১৮৭৩ চনত অসমীয়া ভাষাই চৰকাৰী ভাষাৰ স্থান লাভ কৰাৰ পাছতো গোৱালপাৰা জিলাত বাঙালী ভাষাই চৰকাৰী ভাষা হৈ থাকি গৈছিল৷ ১৯১৪ চন পৰ্যন্ত গোৱালপাৰাৰ স্কুল-আদালতৰ ভাষা আছিল বাঙালী৷ তাৰ কাৰণ হ’ল-ঐতিহাসিকভাৱে গোৱালপাৰা দীৰ্ঘদিন বঙ্গৰ লগত সংযুক্ত হৈ থকাৰ বাবে তাত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ প্ৰসঙ্গটোও দেৰিকৈহে উত্থাপিত হৈছিল৷ কুৰি শতিকাৰ প্ৰথম দশকতহে  সেই সম্পৰ্কীয় চিন্তা চৰ্চা আৰম্ভ হৈছিল৷ বিশেষকৈ তাৰ অসমীয়াভাষী অধিবাসীসকল,  তাৰপৰা অসমীয়া ভাষাত পঢ়া-শুনা ছাত্ৰসকল, চৰকাৰী কাম কৰা ব্যক্তিসকলৰ স্বাৰ্থত৷

১৯০৯ চন মানৰপৰা হেমচন্দ্ৰ গোস্বামীকে মুখ্য কৰি দুৰ্গাধৰ বৰকটকী, ৰাধানাথ ফুকন আদি ব্যক্তিয়ে তাত অসমীয়া প্ৰচলনৰ বাবে বিভিন্ন ধৰণে চেষ্টা আৰম্ভ কৰে৷  হেমচন্দ্ৰ গোস্বামীয়ে নিজে ধন যোগাৰ কৰি অসমীয়া ভাষা পঢ়ি মজলীয়া স্কুল উত্তীৰ্ণ হোৱা ছাত্ৰৰ বাবে স্ক’লাৰশ্বিপ ঘোষণা কৰিছিল; যাতে অসমীয়া পঢ়া ছাত্ৰৰ সংখ্যা বাঢ়ে৷ কাৰণ চৰকাৰী সমীক্ষাত অসমীয়া পঢ়া ছাত্ৰৰ সংখ্য অধিক হ’লেহে ভাষাক প্ৰতিষ্ঠা কৰিব পৰা যাব৷ সমান্তৰালভাৱে বাঙালীসকলেও নিজৰ ভাষা নিগাজী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল৷ অৱশেষত অসমীয়া ভাষাৰ জয় হ’ল৷ ১৯১৪ চনৰপৰা গোৱালপাৰাৰ চৰকাৰী ভাষা হিচাপে অসমীয়াই স্বীকৃতি লাভ কৰে৷ এই গোটেই প্ৰচেষ্টাটো সফল হোৱাৰ নেপথ্যত থকা মূল চৰকাৰী ব্যক্তিগৰাকী আছিল ফিলিপ ৰিচাৰ্ড গৰ্ডন৷ গৰ্ডন তেতিয়া অসম উপত্যকাৰ কমিছনাৰ আছিল৷ অৱশ্যেই আমি অসমীয়াই গৰ্ডনক তেতিয়াতে পাহৰি এৰি আহিছোঁ৷


গোৱালপাৰাত অসমীয়া ভাষাৰ ভেটি সুদৃঢ় কৰিবৰ বাবেই অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশন (১৯১৮) তাত অনুষ্ঠিত কৰা হৈছিল৷ প্ৰধান সম্পাদক পদ্মনাথ গোহাঞিবৰুৱা, প্ৰাক্তন প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি জমিদাৰ যতীন্দ্ৰনাৰায়ণ চৌধুৰীয়ে এইক্ষেত্ৰত বিশেষ উদ্যোগ লৈছিল৷ সেই অধিৱেশনৰ সভাপতি মনোনীত হৈছিল তাত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ অন্যতম সংগ্ৰামী হেমচন্দ্ৰ গোস্বামী৷ কিন্তু এক আকস্মিক দুৰ্ঘটনাৰ বাবে তেওঁ গোৱালপাৰালৈ যাবলৈ অপাৰগ হোৱাত চন্দ্ৰধৰ বৰুৱাক সভাপতি বৰণ কৰা হয়৷ সভাপতিৰ ভাষণত চন্দ্ৰধৰ বৰুৱাই কৈছিল– ‘গোৱালপৰীয়া ভাইসকল,  আপোনালোকৰ ধৰ্ম অসমীয়া, ভাষা অসমীয়া, ভাব অসমীয়া, ৰীতি-নীতি অসমীয়া, সমাজ অসমীয়া, আচাৰ-ব্যৱহাৰ অসমীয়া আৰু সকলোৰে ওপৰত, তেজ অসমীয়া আৰু মঙহ অসমীয়া৷ আপোনালোকক আঁতৰাই নিবলৈ আমি বাকীবিলাক অসমীয়াই কোনোমতেই এৰি দিব নোৱাৰোঁ আৰু নেৰো৷’ 

যাৰ বাবে গোৱালপাৰাত অসমীয়া ভাষাৰ ভেটি সুদৃঢ় হ’বলৈ ধৰে যদিও 1954 চনত ভাষাভিত্তিক ৰাজ্যবোৰ পুনৰ গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিল-ভাষাভিত্তিক ৰাজ্যিক পুৰ্নগঠন আয়োগ।পশ্চিম বংগৰ তদানীন্তন চৰকাৰ আৰু কেতবোৰ সামাজিক সংস্থাই ভাষাৰ ভিত্তিত ৰাজ্য পুৰ্নগঠনৰ সুযোগ লৈ অবিভক্ত গোৱালপাৰা জিলাখন  পশ্চিম বংগৰ লগত চামিল কৰাৰ বাবে ষড়যন্ত্ৰ ৰচে।

পশ্চিমবংগ কংগ্ৰেছৰ সভাপতি অতুল্য ঘোষ ,সদৌ অসম বাংলা পৰিষদৰ সভাপতি ৰমনীবসু আদি লোকে যুক্তি দৰ্শায় যে গোৱালপাৰা জিলাৰ চৰ-চাপৰিবাসীকে আদি কৰি সংখ্যাগৰিষ্ঠ লোকসকলৰ ভাষা অসমীয়া নহয়,বাংলাহে।সেয়ে গোৱালপাৰা জিলাত বাংলা ভাষা প্ৰচলন কৰিব লাগে আৰু গোৱালপাৰাখন পশ্চিমবংগৰ লগত চামিল কৰিব লাগে।অসমৰ অংগচ্ছেদ কৰিব বিচৰা এনে কাৰ্যৰ বিপক্ষে শৰৎ চন্দ্ৰ সিংহৰ নেতৃত্বত গঠিত হয়-ব্ৰহ্মপুত্ৰ উপত্যকা পমুৱা সন্থা।

এই সন্থাৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি আছিল বজলুল বাছিত চাহাব।সম্পাদক আছিল-এইগৰাকী আব্দুল কৰিম চাহাব।

1954 চনত অসমীয়া ভাষাৰ মান ৰক্ষাৰ্থে নামনি অসমৰ চৰ-চাপৰি সমন্বিতে সকলো অঞ্চলতে গঢ়ি উঠে তীব্ৰ আন্দোলন।এই বছৰৰ মে মাহৰ প্ৰথম সপ্তাহত বঙাইগাঁওৰ পৰা ধুবুৰীলৈকে এক বিশাল শোভাযাত্ৰা ।শোভাযাত্ৰাকাৰী হাজাৰ হাজাৰ ৰাইজ সমবেত হয়-গৌৰীপুৰ ময়দানত।তাত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত অসমীয়া ভাষাৰ মান ৰক্ষাৰ্থে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

1954 চনৰ 19 মে তাৰিখে ভাষাভিত্তিক ৰাজ্য পুৰ্নগঠন আয়োগৰ সদস্যদ্বয়-কে এম পানিকৰ আৰু এইচ এন কুঞ্জৰুৰ আগত গোৱালপাৰা জিলা  পমুৱা সন্থাৰ হৈ সভাপতি বজলুল বাছিত,সম্পাদক আব্দুল কৰিম আৰু হাজী আবুল হোছেইনে সাক্ষ্য প্ৰদান কৰি কয় যে- গোৱালপাৰা জিলাৰ চৰ-চাপৰিবাসীয়ে ঘৰুৱা দোৱানত কথা পাতিলেও তেওঁ লোকে কোন কাহানিবাই অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে-গতিকে তেওঁলোকক অসমীয়া হিচাপেই গ্ৰহণ কৰিব লাগে।এচাম বাংলা ভাষী লোকৰ বিৰোধিতা সত্ত্বেও আয়োগে এওঁলোকৰ যুক্তি মানি লয় আৰু গোৱালপাৰাখন পশ্চিমবংগৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা পৰাৰ লগতে ভাষা জননীৰ মানো ৰক্ষা পৰে।