শেহতীয়া লেখা

ঠিকনা

 


 




ঠিকনা

-----

এই যে চহৰখনত সু উচ্চ অট্টালিকা

সুবিশাল আকাশ

চহৰখনক জগাই ৰাখিবলৈ

শাৰী শাৰী ষ্টীট লাইট

তথাপি চহৰখন যেন কফিনৰ ফেক্টৰী


চহৰখন কবিৰ বাবে অচিনাকি

কবিজনক বিচাৰি নাহিব চহৰখনলৈ

ইয়াত কবি  নাথাকে


অতীতৰ শিপা খামোচা

নৈ পৰীয়া চতিয়না জোপাৰ তলত

কবিৰ ঠিকনা

জোনাক নিশা ভাল পোৱা কবিয়ে

জোনাকি আন্ধাৰকে বুকুত সাবটি  বহি থাকে


নৈ খনৰ দৰেই অবিৰত ভাৱে

হৃদয়ত বৈ থাকে  স্মৃতিবোৰ

স্মৃতিবোৰে কথা নাপাতিলেও

প্ৰিয়জনৰ চকুৰ ভাষাবোৰ

নুপুৰৰ ৰুণঝুণ হৈ বাজে

সেইবাবেই চাগে নুপুৰ কবিৰ প্ৰিয়


ক্ৰমে বাটৰ দূৰত্ব বাঢ়ি গলেও

আশাৰ চাকিগচি হাতত লৈ

আজিও ৰৈ থাকে কবিয়ে

প্ৰিয় চকুযুৰিৰ প্ৰথম চাৱনিলৈ

যি চাৱনিত ডুবি গৈ ক্ৰমশ

শৱদেহৰ পৰা  কবি হৈ জন্মিছিল


বৰষুণ আহিলেই চঞ্চল চকুযোৰে হাঁহে

যি চকুযোৰে প্ৰথম চাৱনিতেই

বিনা চৰ্ততে ধৰা দিছিলহি প্ৰিয়জন হৈ


প্ৰেমত চৰ্ত ক'ত থাকে

চৰ্তহীনভাৱেই তৰোৱালৰ আঘাত

বুকুত ধাৰণ কৰি নি:শব্দভাৱে

যন্ত্ৰণা বহন কৰাই জানো প্ৰেম নহয়?


কবিও নীৰৱে বহন কৰে প্ৰেমৰ নীলা নৈখন

আৰু পাগুলিয়াই থাকে ৰুমিৰ প্ৰেমৰ কবিতা


সন্ধিয়াৰ আকাশখনে গুনগুনালে

কবিয়ে পুৰণি পোচাকযোৰে পিন্ধি ৰৈ থাকে

একেলগে কিছুসময় খোজ কাঢ়ি যোৱাৰ  আশাৰে .. ।

@Begum Asma