নেলসন ম্যান্ডেলা আহে স্বাধীনতাৰ সপোন লৈ

 

নেলসন ম্যান্ডেলা আহে স্বাধীনতাৰ সপোন লৈ

--------------------------------------

কাইলৈহেনো স্বাধীনতা দিৱস

আমাৰ গাৱত দেখোন প্ৰতিদিনে স্বাধীনতা দিৱস

ফুলবানুৰ মাকৰ খালী চৰুত

সদায়ে স্বাধীনতাৰ গান বাজে


ফুলবানুৰ মাকে পাকঘৰত গলেই

ল'ৰা ছোৱালীহালে ঘেৰি ধৰি কয়-

মা ভোক লাগিছে

তেতিয়া ফুলবানুৰ মাৰ চকুৰে

স্বাধীনতা  সৰি পৰে


পোনাকেইটাৰ অসহায় মুখলৈ চাই

ভিক্ষাৰ বাবে মোনাটো হাতত লয়

তেতিয়া মোনাটি স্বাধীনতাৰ

পতাকা হৈ উৰে


ফুলবানুৰ মাৰৰ পেটৰ বিষ

ডক্টৰে কৈছে পাত্থৰ হৈছে, অপাৰেশ্যন কৰাব লাগিব

ফুলবানুৰ মাৰ মূৰত আকাশ ভাঙি পৰে

নিজকে শান্তনা দি কয় -

খালী পেট থকাতকৈ পাত্থৰে থাকক

পাত্থৰৰ ওপৰতো লিখা আছে স্বাধীনতাৰ গান ।


স্বাধীনতাৰো নানান ৰূপ

যেনে অফিচাৰৰ ঘূচ লোৱাৰ স্বাধীনতা

প্ৰশাসনে মানুহক হত্যা কৰাৰ স্বাধীনতা

চৰকাৰে দূৰ্নীতি কৰাৰ স্বাধীনতা

বানপানীৰো স্বাধীনতা আছে

যোৱাবাৰ ফুলবানুহঁতৰ ঘৰ ভেটিটোকে লৈ গল


ফুলবানুৰ দেউতাও তিনিটা বছৰে

ডিটেনশ্যোন কেম্পত বন্ধী

উজাগৰি নিশাবোৰ অন্ধকাৰৰ মাজত চিৎকাৰ কৰে

চিৎকাৰ শুনি নেলসন ম্যাণ্ডেলা আহে

ফুলবানুৰ দেউতাক টোপনি নিয়ায় আৰু কয়-

এদিন এই বাটেৰেই স্বধীনতা আহিব।


ফুলবানু ৰাতি বিচনাত উঠি কয়-

জানা মা , কাইলৈ আমাৰ স্কুলত  স্বাধীনতা দিৱস

এম.এল.এ. , মিনিষ্টাৰ আহিব

আমাক চকলেট দিব, ময়ো ফুল লৈ যাম

ময়ো স্বাধীনতাৰ গান গাম


ফুলবানুৰ মাৰ চকু ভৰি আহে

আচঁলেৰে দুচকু মুচি কয় -

আইজনী , স্বাধীনতা দিৱসতো আমাৰ বাবে নহয়

স্বাধীনতা দিৱস হ'ল ধনী মানুহৰ

স্বাধীনতা দিৱস হ'ল এম.এল.এ., মন্ত্ৰী সকলৰ

আমাৰ বাবে অকল  ভোকৰ দিৱস।


তাই অভিমানেৰে সুধে- এই দেশ কি আমাৰ নহয় ?


আইজনী,দেশ আমাৰে

কিন্তু দেশৰ ৰজা , মন্ত্ৰী যে অন্ধ,ধৰ্মান্ধ

মানুহে কয় - দেশৰ ৰজা অন্ধ হলে

দেশত অন্ধকাৰ নামি আহে

আৰু দেশৰ ৰজা ধৰ্মান্ধ হলে

ধ্বংসৰ তাণ্ডৱ বাজে


মা , এইটো মোৰ দেশ , মোৰ অধিকাৰ

কিয় গান নাগাম মই  স্বাধীনতাৰ

অহক ৰজা , অহক মন্ত্ৰী

মই কৰিম এদিন দেশৰ উন্নতি,


ফুলবানুৰ চকুত আকাশৰ তৰা নামি আহে

ফুলবানুৰ মাকৰ চকুৰ পৰা স্বাধীনতা বৈ থাকে ।

@Begum Asma

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)