আত্মসন্মান#self Respect

আপুনি জানেনে সফল জীৱনৰ মূল চাবিকাঠি কি?  p-3

 আত্মসন্মান


নিজ সন্মানৰ প্ৰতি সন্মানবোধ থকাটোৱেই আত্মসন্মান । আত্মসন্মানে বিশ্বাসক দৃঢ় কৰে, আশাবাদী মনোভাৱ গঢ়ি তোলে, দায়িত্ববোধ থাকে , কঠিন পৰীক্ষাৰ সন্মুখীন হোৱাৰ বাবে প্ৰস্তুত কৰি ৰাখে।

নিজৰ সম্পৰ্কে বিশ্বাস আৰু দৃষ্টিভংগী , আপুনি কেনে ধৰণৰ ব্যক্তি, নিজৰ ইতিবাচক দিশ আৰু ভৱিষ্যতৰ বাবে নিজৰ কি পৰিকল্পনা - সেইবোৰ সম্পৰ্কে ধাৰণা থকাই আত্মসন্মান । কেতিয়াবা দেখা যায় নিজৰ প্রতি আনৰ দৃষ্টিভংঙ্গী ভুল থাকে বাবে আত্মসন্মান লাঘৱ হয় আৰু হতাশ হ'ব লগা হয়।

নিজৰ আত্মসন্মান দৃঢ় হলে আমি সেই দৃষ্টিভঙ্গীৰ বিৰুদ্ধে যুঁজ দিব পাৰি, কিন্তু আত্মসন্মান দৃঢ় নহলে আমি তাৰ দৃষ্টি ভঙ্গীৰ মতে মিলি যাওঁ বা তাৰ প্ৰলোভনত ভোল যাওঁ।

আত্মসন্মান বৃদ্ধি কৰিবলৈ আত্ম বিশ্লেষণ কৰিবলৈ শিকক। আপোনাৰ শক্তিশালী দিশবোৰ ভাবক, যিবোৰৰ দ্বাৰা আপুনি সমাজ জীৱনত প্ৰশংসিত হ'ব বা হৈছে, নাইবা মানুহে আপোনাক কি ধৰনে ব্যৱহাৰ কৰিব বা মনত ৰাখিব সেই বিষয়ে ভাৱক। সেইবোৰ ভাবনাই আপোনাৰ আত্মসন্মান দৃঢ় কৰিব।

নিজৰ অৱস্থান, যোগ্যতা আৰু মৰ্য্যাদা অনুসাৰে নিজৰ সন্মান বজাই ৰখাই আত্মসন্মান। নিজৰ সন্মান বজাই ৰাখিবলৈ ইতিবাচক চিন্তা কৰক, ইয়ে আপোনাক মূল্যবান কৰি তুলিব। সমাজৰ বহু মানুহৰ ভিতৰত আপোনাৰ জ্যোতি প্ৰকাশিত হ'ব। আপুনি আৰ্থিক ভাবে ধনী নহ'বও পাৰে কিন্তু আপোনাক এজন ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিব। তেতিয়া মানুহে আপোনাক অন্তৰৰ পৰা শ্ৰদ্ধা কৰিব। দুৰ্নীতিগ্ৰস্থ মানুহে আপোনাক ভয় কৰিব। কিন্তু আপুনি যদি নীতিবাচক চিন্তা কৰে তেন্তে আপুনি আপোনাক প্ৰতিষ্ঠা কৰিব নোৱাৰিব।' মই নোৱাৰিম,' ' মোক কোনেও ভাল নাপায়,' ' দুৰ্নীতি নকৰিলে মানুহ ডাঙৰ হব নোৱাৰে' - ইত্যাদি নীতিবাচক চিন্তাই আপোনাক গ্ৰাস কৰিব। এইবোৰ মনৰ পৰা বাহিৰ কৰি দিয়ক। তাৰ পৰিৱৰ্তে,' মই পাৰিম,' ' মোৰ নিজৰ যোগ্যতা আছে', ' ভুল কামক প্ৰশ্ৰয় নিদিওঁ,' কাৰো প্ৰলোভনত নিজকে বিক্ৰী নকৰোঁ,' ' মোৰ নিজৰ সন্মানক বিক্ৰী নকৰোঁ," মোৰ নিজৰ সন্মানক আঘাত কৰাৰ কাৰো অধিকাৰ নাই।' ইত্যাদি ইতিবাচক চিন্তা কৰক ।

কেতিয়াবা দেখা যায় আত্মসন্মানত আঘাত হলে মানুহ হীনমন্যতাত ভোগে। সেয়া ভুল, তেওঁ লোকৰ আত্মবিশ্বাস নাই। হীনমন্যতাত নুভুগিব, নিজৰ আত্মবিশ্বাস দৃঢ় কৰক আৰু ধৈৰ্য্য ধৰি আগবাঢ়ি যাওঁক, এটা সময়ত চাব যিয়ে আপোনাৰ আত্মসন্মানত আঘাত কৰিছে, সিয়ে আপোনাক সন্মান কৰিব।

কেতিয়াবা দেখা যায় আত্মসন্মান বৃদ্ধি হোৱাৰ ফলত মানুহ অহংকাৰী হৈ পৰিছে, অহংকাৰী হৈ যোৱাটো আপোনাৰ নৈতিক পতন , গতিকে নিজকে অহংকাৰী কৰি গঢ়ি নুতুলিব। আত্মসন্মান মানে অহংকাৰ নহয় । অহংকাৰ আৰু আত্মসন্মান এটাই আনটোৰ পৰা পৃথক ।

এটা কাহিনীৰ জড়িয়তে বুজো আহক।

মুচকান এজনী দুখীয়া ঘৰৰ ছোৱালী । বহু কষ্টেৰে তাই বি এ লৈকে পঢ়ি চাকৰি এটাৰ সন্ধানত নামিছে। এদিন পেপাৰত পদ খালীৰ বিজ্ঞাপন চাই সেই ঠিকনা মতে অফিচত গৈ উপস্থিত হ'ল । অফিচৰ ভিতৰত সোমাইয়ে তাই অলপ বিৰক্তি অনুভৱ কৰিলে অফিচাৰজনৰ বিৰক্তিকৰ চাওঁনিৰ বাবে । তাই নিজকে সংযত কৰি নিজৰ হাতত থকা চাৰ্টিফিকেটবোৰ আগবঢ়াই দিলে । অফিচাৰজনে চাৰ্টিফিকেটৰ ফাইলটো লোৱাৰ সুযগতে তাই হাত চুলে । তাৰ পিছত চাৰ্টিফিকেটবোৰ ভালকৈ নচোৱাকৈয়ে অফিচাৰজনে কলে - তোমাৰ চাকৰি হৈ গল বুলি ধৰা কিন্তু বিনিময় অবিহনে আজিকালি চাকৰি ক'ত পাবা ?'

টকাৰ কথা কৈ আছে বুলি ভাবি মুচকানে কলে - চাৰ , মই বৰ দুখীয়া ঘৰৰ , টকা দিয়াৰ সমৰ্থ মোৰ নাই , কিন্তু চাকৰিটো মোৰ খুব দৰকাৰ ।'

' মই টকাৰ কথা কোৱা নাই , টকা নাথাকিলে কি হ'ব ,তোমাৰ ৰূপ আছে ......।'

তাই কথাখিনি শুনাৰ লগে লগে উচাট মাৰি উঠি কলে - আপুনি ইমান সাহস ক'ত পালে মোক এনেকৈ ক'বলৈ ? মোৰ গুণৰ জঢ়িয়তে চাকৰি বিচাৰি আহিছিলোঁ। ৰূপ দেখুৱাই চাকৰি কৰাৰ দৰকাৰ মোৰ নাই , আৰু শুনক আপোনাৰ দৰে নীচ মানুহৰ ইয়াত মোৰ চাকৰি এনে দিলেও নালাগে । মানুহজনৰ মুখ কলা পৰি গল । মুচকান চাকৰিটো নাপালেও গৌৰৱৰ সৈতে ওলাই আহিল । এয়া তাইৰ অহংকাৰ নহয় , আত্মসন্মান । তাই আত্মসন্মান থকা ছোৱালী । তাই অভাৱত দিন পাৰ কৰিবলৈ প্ৰস্তুত , তথাপিও আত্মসন্মান আৰু নিজৰ অস্তিত্ব বিক্ৰী কৰিবলৈ প্ৰস্তুত নহয় ।

বৰ্তমান আমাৰ সমাজত এনে মুচকানৰ অভাৱ । কিবা এটা প্ৰলোভন দিলেই নিজৰ আত্মসন্মান জলাঞ্জলি দিবলৈ প্ৰস্তুত হয়। পুৰুষৰ ক্ষেত্ৰতো একেই । ঘুচ লোৱাটোও নিজৰ আত্মসন্মান বিক্ৰী কৰি লোৱা টকা । নিজৰ আত্মসন্মান বিক্ৰী কৰি উপাৰ্জন কৰা প্ৰতিজন মানুহেই একো একোজন সমাজৰ বেশ্যা ।

আত্মসন্মান থকা ব্যক্তিয়ে নিজৰ লগতে পৰিয়ালৰ কাৰো সন্মানত দাগ লাগিব নিদিয়ে । লাগিলে লঘনে থাকিব তথাপিও নিজক বা পৰিয়ালক কলঙ্কিত হ'বলৈ নিদিয়ে , তেওঁ নিজৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যক সমাজৰ আগত মূৰ দাঙি জীয়াই থাকিবলৈ শিকায়।

উন্নত আত্মসন্মানবোধ থকা মানুহ বিশ্বাসযোগ্য আৰু দায়িত্ববান হয় । আত্মসন্মানবোধ নথকা মানুহ নীষ্ঠাবান নহয় । তেওঁলোক নিজৰ চৰিত্ৰৰ ক্ষেত্ৰতো উদাসীন ।মানুহে কু কৰ্ম যিমানেই অন্তৰালত নাৰাখক কিয় , সেয়া কেতিয়াও অন্তৰাল হৈ নাথাকে , এদিন নহয় এদিন সেই কু কৰ্মই তাৰ মুখ তথা চৰিত্ৰত কালিমা সানিবই ।

গতিকে আপুনি সদায় নিজৰ চৰিত্ৰ ভাল ৰাখিবলৈ যত্ন কৰিব লাগিব। এয়াও লক্ষ্য ৰাখিব লাগিব আনেও যাতে আপোনাৰ চৰিত্ৰত দাগ লগাবলৈ সুযোগ নাপায় । যেতিয়া আপোনাৰ আত্মা পবিত্ৰ থাকিব তেতিয়াই এয়া সম্ভৱ হ'ব।আত্মাৰ পবিত্ৰতাই আত্মসন্মানবোধ যোগাই তোলে। আত্মসন্মানে চৰিত্ৰৰ সুপ্ৰকাশ ঘটায় আৰু জীৱনকো সাফল্যৰ দিশে আগবঢ়াই দিয়ে ।

আপুনি প্ৰথমে নিজক সন্মান কৰক , তেতিয়াহে আনে আপোনাক সন্মান কৰিব। যিমানে ঘাত প্ৰতিঘাত সন্মুখত নাথাকক কিয় , নিজৰ আত্মসন্মান নেহেৰুৱাব। নিজৰ নজৰত নিজে ডাঙৰ হওঁক, নিজকে ইউনিক বুলি ভাবক , ( নিজক ডাঙৰ বা ইউনিক বুলি ভবাটো অহংকাৰী নহয় ,এয়া একমাত্ৰ নিজৰ বাবে । নিজকে আনতকৈ শ্ৰেষ্ঠ বা মইবৰ ভবাটোহে বেয়া, এয়া অহংকাৰ ।) তাৰ পিছত ভাৱক আপুনি জীৱনৰ বাটৰ সকলো অসাধ্যকে সাধ্য কৰিব পাৰিব ।এতিয়া আপুনি ডাঙৰ ডাঙৰ সপোন ৰচি লওঁক। তাৰ পিছত আপোনাৰ লক্ষ্য ঠিক কৰক ।

"কোনোবাই যদি নিজৰ লক্ষ্য স্থিৰ কৰি থাকে তেন্তে তেওঁ অৱশ্যই বিজয়ী হ'বই।"- নেলসন ম্যান্ডেলা ।

জীৱনৰ লক্ষ্য উদ্দেশ্য ঠিক কৰি নিজৰ মাজত আত্মবিশ্বাস ভৰি লওঁক। এতিয়া আপুনি আপোনাৰ জীৱন কেনেকৈ গঢ়িব সেয়া আপোনাৰ হাতত।কমাৰে লো এটুকুৰা জুইত সেকি সেকি হাতুৰীৰে কোবাই কোবাই বিভিন্ন বস্তু আকাৰ দিয়াৰ দৰে আপুনি দুখবোৰক শক্তি হিচাপে লৈ নিজৰ জীৱনক সময় আৰু পৰিশ্ৰমৰ হাতুৰীৰে কোবাই ভালকৈ গঢ়ক ।

জীৱনৰ প্ৰতিটো ক্ষেত্ৰত বা কৰ্মক্ষেত্ৰতে হওঁক হীনমন্যতাত নুভুগিব । সদায় নিজকে যোগ্য বুলি ভাবিব , কাৰণ আপুনি যদি নিজকে হীন বুলি ভাবি থাকে , তেন্তে আপোনাৰ কৰ্মকাৰ্য্যত সেয়া প্ৰকাশ পাব , লাগিলে আপুনি যিমানে নিজকে আত্মগোপন নকৰক কিয় । এটা কথা সদায় মনত ৰাখিব যি সকলে নিজকে যোগ্যহীন বা গুৰুত্বহীন বুলি ভাবি থাকে সিহঁতে কেতিয়াও গুৰুত্বপূৰ্ণ হৈ উঠিব নোৱাৰে , তাৰ লগতে হীনমন্যতাত ভুগিলে মানসিক কষ্টও ভুগিব লগা হয় । যেতিয়া আপুনি মানসিক কষ্টত ভুগিব তেতিয়া আপোনাৰ চিন্তাধাৰা নেতিবাচক হৈ পৰিব। আপোনাৰ কৰ্মৰ বাবে মানুহে আপোনাক সন্মান নিদিব কিন্তু আপুনি নিজৰ চিন্তাধাৰা উন্নত কৰাতকৈ আনক দোষাৰোপ কৰি থাকিব । ই আপোনাৰ আত্মসন্মানত চৰম আঘাত । সেয়েহ সদায় নিজক যোগ্য বুলি ভাৱক আৰু নিজৰ যোগ্যতা প্ৰকাশ কৰাৰ বাবে ভাল কৰ্ম কৰক। যেতিয়া কোনোবাই নিজকে যোগ্যতাপূৰ্ণ বুলি ভাৱে তেতিয়া তেওঁ নিজৰ যোগ্যতা বহাল ৰাখিবলৈ ভাল কামবোৰ কৰি থাকে , যিয়ে এটা সময়ত তেওঁক সমাজত উচ্চ স্থান দিয়ে । এটা পৰিয়ালৰ ক্ষেত্ৰতো একেই । ধৰি লওঁক এটা পৰিয়ালৰ ডাঙৰ ল'ৰা ৰাকিব । পঢ়া শুনা কৰিব নিবিচাৰে বাবে সদায় গালি খাব লাগে , বাকীবোৰে পঢ়াশুনা কৰিব পাৰে বাবে গালি নাখায় । যাব বাবে সি নিজকে একাষৰীয়া কৰিলে ,কাৰণ সি হীনমন্যতাৰ স্বীকাৰ হ'ল কিন্তু তাকে নকৰি যদি নিজৰ চিন্তাচৰ্চা ইতিবাচক কৰিলেহেঁতেন অৰ্থাৎ যদি ভাবিলেহেঁতেন ময়ো যোগ্য , ময়ো পাৰিম তেন্তে তাৰ চিন্তা শক্তি উৎকৰ্ষ হোৱাৰ লগতে কৰ্মও সেই মতে আগবাঢ়িলহেঁতেন আৰু মগজুয়ো সেই মতেই কাম কৰিলেহেঁতেন । কিন্তু সেয় নহৈ নেতিবাচক চিন্তা চৰ্চা কৰি নিজকে পৰিয়ালৰ পৰা আতৰাই ৰখাৰ লগতে নিজৰ সৰু ভাই ভনীৰ প্ৰতি আৰু মা দেউতাৰ প্ৰতিও নিজৰ কৰ্তব্য পালন নকৰিলে । সৰু ভাই ভনীৰ প্ৰতি কোনো কৰ্তব্য পালন নকৰিলে , সিহঁতক মৰম নকৰিলে সিহঁতে জানো তেওঁ উচিত মৰ্যাদা দিব ? নিশ্চয় নিদিব আৰু দিলেও সেয়া চকুত নপঢ়িব । তেতিয়া তেওঁৰ মূৰত সেইটোও ঘূৰি থাকিব - মই ঘৰৰ সকলোতকৈ ডাঙৰ , মোক কিয় ডাঙৰৰ দৰে সন্মান নকৰে , মোক হিংসা কৰে আদি নেতিবাচক চিন্তাধাৰাৰে ভৰি পৰিব , তেতিয়া তাৰ কথা , কৰ্ম , ব্যৱহাৰত তাৰ প্ৰতিফলন ঘটিব। যিটোয়ে তাৰ সন্মান আৰু লাঘব হ'ব। সেয়েহ সদায় উচ্চ ধাৰণা ৰাখক । নিজৰ প্ৰতি নিজে উচ্চ ধাৰণা কৰিলে আপোনাৰ চিন্তা শক্তি , আপোনাৰ ব্যৱহাৰ , আপোনাৰ কৰ্মও উচ্চ মানৰ হ'ব , তেতিয়া মানুহেও আপোনাৰ প্ৰতি ভাল ভাৱধাৰা বহন কৰিব । এতিয়া ধৰক আপুনি সদায় দোকানৰ সন্মুখত বহি আড্ডা মাৰে , ১৫ -২০ টকাৰ চিগাৰেট পান খায় , তেতিয়া ৯৯% মানুহেই আপোনাৰ প্ৰতি বেয়া ভাৱধাৰা বহন কৰিব । তাৰ পৰিৱৰ্তে আপুনি যদি তাকে নকৰি সেই সময়খিনি কিতাপ পাঢ়ি , আনক পঢ়াই , ঘৰুৱা কাম কৰি বা পৰিয়ালক সময় দি আদি গঠণমূলক কাম কৰে আৰু সেই ১৫-২০টকা কিবা ভাল কামত ব্যৱহাৰ কৰে বা দান কৰে তেন্তে বেয়া মানুহ এজনেও আপোনাৰ প্ৰতি ভাল মনোভাৱ ৰাখিব । অৱশ্যে অসৎ পথত উপাৰ্জন দান কৰিলেও আপোনাৰ আত্মমৰ্যদা নাবাঢ়ে , ঘটিবহে । আজিকালি বহুতেই কোৱা দেখা যায় টকা থাকিলেহে সন্মান বাঢ়ে , যাৰ যিমান টকা আছে তাৰ সিমান সন্মান । সমাজত তেনে ঘটনা নঘটাও নহয় কিন্তু আপুনি যেতিয়া প্ৰকৃত সত্যটো জানিব তেতিয়া বুজি পাব তেওঁক সন্মুখত পালে ( কৃত্ৰিম) ভাবেহে সন্মন দেখুৱায় । এতিয়া ধৰক আপোনাৰ গাৱত অসৎ পথত উপাৰ্জন কৰা ধনী মানুহ এজন আছে । গাৱৰ ল'ৰাবোৰে বিহু ফাংচন পাতিব তাৰ বাবে টকাৰ প্ৰয়োজন । ল'ৰাবোৰে মানুহজনক নিমন্ত্ৰণ কৰিব টকাৰ উদ্দেশ্যে , বিহুত গামোচা এখনো ডিঙিত পিন্ধাই দিব কিন্তু সিহঁতক পিছফালে লৈ গৈ সেই মানুহজনৰ প্ৰতি সিহঁতৰ মনত কেনে সন্মান সুধিলেই গম পাই যাব । দেখা পাব বিহু ফাংচনত থকা টকা নথকা ভাল মানুহ এজনৰ বাবেহে বেছি সন্মান । বাধ্যত পৰি সন্মান দিয়াটো আৰু মনৰ ভিতৰৰ পৰা সন্মান ওলাই অহাটো আকাশ পাতাল পাৰ্থক্য । গতিকে আপুনিও চেষ্টা কৰিব মানুহে আপোনাক মনৰ পৰা সন্মান দিয়ক । মনত ৰাখিব আপোনাৰ ব্যৱহাৰ আৰু আপোনাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ প্ৰতি মানুহৰ দৃষ্টিভঙ্গী।

আনক সন্মান কৰিলেহে আপুনিও সন্মান পাব । সদায় ডাঙৰক সন্মান কৰিব । সকলো মানুহৰ লগত ভাল ব্যৱহাৰ কৰিব । কেতিয়াও মানুহৰ লগত বেয়া ব্যৱহাৰ নকৰিব , কথা কওতে বেয়া ভাষা ব্যৱহাৰ নকৰিব , অতিৰিক্ত কথা নকব , আনৰ ঠাট্টাও নকৰিব- ই আপোনাৰ আত্মসন্মান লাঘব কৰিব । এনেকি চলাকী কথাৰে আনক সৰু বুলি নেদেখুৱাব , সদায় সজ সৰল আৰু ভাবি চিন্তি কথা ক'ব । মৰো এইটো ভুল , মই ভাবি চিন্তি কথা ক'ব নোৱাৰোঁ , মনত যি আহে তাকে কৈ পেলাও । মনৰ কথা কোৱাটোৱে ভাল কিন্তু কেতিয়াবা অলপ ভাবি চিন্তি ক'ব লাগে , কাৰ সন্মুখত আৰু কোন পৰিস্থিতিত কৈ আছে । মোৰ সজাই পৰাই কোৱাৰ অভ্যাস নাই বাবেই বহু সময়ত লাজ পাব লগা পৰিস্থিতি সৃষ্টি হৈছে , লগতে আত্মগ্লানিতো ভুগিব লগা হৈছে । যেনে ধৰক মোৰ লগত বয়সত ডাঙৰ চাৰিজন পাঁচজন মানুহ আছে , কথা পাতি থাকোতে চিগাৰেটৰ কথা উঠিল । মোৰ মনত আছেই ' চিগাৰেট খোৱা মানুহ মই ইমানে বেয়া পাওঁ যে সিহঁতক ধৰি পিটিব মন যায় । ' মনত উদয় হোৱাৰ লগে লগে কৈ দিলোঁ । মোৰ লগত থকা তিনিজন যে চিগাৰেট খায় বা সিহঁত যে অপমানবোধ কৰিব পাৰে সেয়া সেই সময়ত মূৰতে নাহে , পিছলৈ যেতিয়া মনত পঢ়ে তেতিয়া আত্মগ্লানি ভুগিব লগা হয় । এতিয়া অৱশ্য নিজকে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত আছে । এইবোৰ কাৰণতে এতিয়া মই কথা খুব কমকৈ কওঁ । কোনোবাই চলাকী কথাৰে মোক উদ্দেশ্য কৰি কলেও ধৰিব নোৱাৰো মোকেই কৈ আছে ,যাৰ বাবে উপযুক্ত উত্তৰ দিয়া নহয় । পিছতহে কথাবোৰ পাগুলি থাকোতে হে ধৰিব পাৰোঁ কিয় কলে বা কাক কলে । যাৰ বাবেই কেতিয়াবা মই নিজৰ ওপৰতে আচৰিত হওঁ। কাৰণ নিজে নিজেই ভাবো - মোৰ বাকপটুতা নথকা সত্যেও লিখতে ইমান সজাই পৰাই কেনেকৈ লিখো ? তেতিয়া উপলব্ধি কৰোঁ এয়া আচলতে ঈশ্বৰৰ শক্তি , যি শক্তিৰ দ্বাৰা মই লিখিব পাৰোঁ ।

যিয়েই নহওক মূল কথালৈ আহোঁ ,কথাই প্ৰতি আনৰ পৰা টকা খুজি নাথাকিব বা আনৰ বস্তুৰ প্ৰতি লোভ নকৰিব। সদায় নিজে কষ্ট কৰি উপাৰ্জনৰ চেষ্টা কৰক আৰু এনেকুৱা মনোভাৱ ৰাখক যে - মই যাতে কাৰো ওচৰত হাত পাতিব নালাগে , কিন্তু মই যাতে আনক দিব পাৰোঁ। লোৱাৰ মনোভাৱ ৰাখিলে আপোনাৰ আত্মসন্মান লাঘব হ'ব , আনহাতে দিয়াৰ মনোভাৱে আপোনাৰ আত্মসন্মান বৃদ্ধি কৰিব । কাৰণ মানুহৰ চিন্তাশক্তি বা মনোভাৱ যেনেকুৱা হয় , মানুহৰ কৰ্মও তেনেকুৱা হয় । চিন্তাশক্তিৰ ওপৰত ভিত্তি কৰি অভ্যাস গঢ় লয় । আপুনি যদি কাৰো ওচৰত হাত পাতিছে বা কষ্ট নকৰাকৈ আনৰ টকা হাত পাতি লৈছে , সেয়া আপোনাৰ অভ্যাসত পৰিণত হ'ব । বাৰ বাৰ ললেও আপোনাৰ বিবেকে বাধা নিদিব । আনহাতে যদি আপুনি কোনো দুখীয়াক এদিন দহ টকা দিলে বা তৃপ্তিৰে এসাজ খুৱাই দিলে , তাৰ সন্তুষ্টিৰ হাঁহি চাই আপোনাৰ মনেও সুখী হ'ব লগতে আৰু এনেকুৱা ভাল কাম কৰিবলৈ ইচ্ছাশক্তি প্ৰৱল হ'ব । ই এটা সময়ত আপোনাৰ অভ্যাসত পৰিণত হ'ব । এই অভ্যাসে এদিন আপোনাৰ আত্মসন্মান বঢ়োৱাৰ লগতে আপোনাক সাফলতাৰ উচ্চ শিখৰলৈ লৈ যাব।

@Begum Asma

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)