শেহতীয়া লেখা

চৰ - চাপৰিত শিক্ষাৰ গুৰুত্ব


অসমৰ শিক্ষাৰ অগ্ৰগতি অতি লেহেমীয়া বাবে অসমৰ আৰ্থিক অগ্ৰগতিত্ত মন্থৰ আৰু সামাজিক ভেটিখনো দুৰ্বল, বিশেষকৈ অসমৰ চৰ চাপৰিত  বসবাস কৰা ইছলাম ধৰ্মাৱলম্বী সমাজত৷ এই ক্ষেত্ৰত নাৰী উল্লেখনীয়ভাৱে অনগ্ৰসৰ৷ অসমত মুঠ জনসংখ্যাৰ ৩৪.২২ শতাংশ ইছলাম ধৰ্মাৱলম্বীৰ মানুহ৷ তাৰে বেছি সংখ্যক মানুহৰে বসতি চৰ - চাপৰিত৷ এইসকলেই অসমৰ কৃষিক্ষেত্ৰৰ মেৰুদণ্ড বুলি ক’লেও ভুল নহ’ব৷ অসমত প্ৰায় ২,২৫১খন চৰ-চাপৰি আছে৷ তাতে প্ৰায় ৫০ লাখ মানুহৰ বসতি৷ কিন্তু এই মানুহখিনিৰ শিক্ষাৰ অভাব আৰু দৰিদ্ৰতাৰ বাবে আন সমাজৰ লগত খাপ খাই চলিব পৰা নাই৷ তেওঁলোক যেন আধুনিক দেশৰ একাষৰীয়া কৈ ৰখা আদিম মানৱ৷ সংগ্ৰহিত তথ্যমতে চৰ-অঞ্চলত ১৯ শতাংশ মানুহ শিক্ষিত৷ তাৰে ৪ শতাংশ নাৰী শিক্ষিতৰ হাৰ৷ ইয়াত শিক্ষিত বুলি ক’লেই উচ্চ শিক্ষিত নহয়; কিছুমান এম ই  বা এল পি স্কুলৰ  দেউনা পাৰ হোৱা, কিছুমান আছে মাথোঁ নিজৰ নাম লিখিব  পাৰা হোৱা৷ এইখিনিতে ক’ব বিচাৰো আমাৰ ভাৰতৰ শিক্ষিতৰ সংজ্ঞাটো দুখজনক তথা নিৰাশাজনক৷ নিজৰ নাম লিখিব বা স্বাক্ষৰ কৰাজনক নিৰক্ষৰৰ তালিকাত ধৰা নহয়৷ গতিকে দেখা যায় চৰ অঞ্চলৰ ১০-৮০ শতাংশ নিৰক্ষৰ৷ তুলনামূলকভাৱে ৯৫ শতাংশ নাৰীয়ে নিৰক্ষৰ৷ তেন্তে চৰ অঞ্চল বা মুছলমান সমাজ ব্যৱস্থা উন্নত কেনেকৈ হ’ব? এখন সমাজৰ সামাজিক, আৰ্থিক, শৈক্ষিক উন্নতিৰ বাবে পুৰুষৰ দৰে নাৰীও শিক্ষিত হোৱা অত্যন্ত দৰকাৰী কাৰণ সমাজ এখনৰ নাৰী যদি উচ্চ শিক্ষিত নাথাকে সেই সমাজ বা জাতি কেতিয়াও উন্নতি কৰিব নোৱাৰে৷ জৱহৰলাল নেহৰুয়ে কৈছিল এজন ল’ৰাক শিক্ষা দিয়া মানে এজন পুৰুষক শিক্ষিত কৰি তোলা, কিন্তু এজনী ছোৱালীক শিক্ষা দিয়া মানে হ’ল এটা পৰিয়ালক শিক্ষিত কৰি তোলা৷ 

শিক্ষাৰ অনগ্ৰসৰতাই সমাজখনক বাৰুকৈয়ে জুৰুলা কৰি ৰাখিছে৷ ব্ৰিটিছ শাসন কালৰে পৰা মুছলমান সমাজখনক মাথোঁ  কৃষি বা আন কামৰ বাবে ব্যৱহাৰ কৰিছিল৷ বৰ্তমানো সেই অৱস্থাৰ পৰা উঠি আহিব পৰা নাই৷ কৃষি আৰু শ্ৰমিকৰ পৰিসীমাৰ বাহিৰে একো ভাবিৱ নোৱাৰে, সেয়েহ হেজাৰ হেজাৰ যুৱক চহৰমূখী হৈছে যদিও, এওঁলোকৰ কান্ধত ভৰি থৈ ধনি শ্ৰেণীয়ে বিলাসীতাৰ অট্টালিকা গঢ়ে আকৌ সিহঁতকেই ঘৃনাৰ দৃষ্টিত চাই, বিদেশী অপবাদ এটা জাপি দি ভাল পায়৷ এইবোৰৰ প্ৰধান কাৰণ হ’ল অনক্ষৰতা। শিক্ষাৰ অগ্ৰসৰতাই এই সমস্যা সমাধান কৰিব পাৰিব৷ মুছলমান সমাজত স্কুলীয়া শিক্ষাৰ পৰিৱৰ্ত্তে ধৰ্মীয় শিক্ষা অৰ্থাৎ মাদ্ৰছা শিক্ষাৰ প্ৰতিহে আগ্ৰহ দেখা যায়,আৰু মাদ্ৰাচাবোৰে ধৰ্মীয় শিক্ষাৰ বাহিৰে বিভিন্ন কাৰণত আধুনিক শিক্ষা দিয়াত সফল হব পৰা নাই। যাৰ ফলত অকল ধৰ্মীয় শিক্ষাৰ মাজতে সীমাবদ্ধ থাকে আৰু সমাজখনৰ অনুন্নত হৈয়ে থাকি যায়,সময়ৰ লগত খোজ মিলাই চলিৱ নোৱাৰে৷ এই সুযোগ লৈ বহুতেই চৰ অঞ্চলৰ মানুখিনিক অৰ্থাৎ মুছলমান মানুহখিনিক  বিদেশী বাংলাদেশী নামেৰে যন্ত্ৰনাদায়ক নামাকৰণ কৰে৷

এই ক্ষেত্ৰত নাৰী শিক্ষা আৰু নাৰী সৱলীকৰন বিষয়টো উল্লেখনীয়৷ নাৰী সমাজ শিক্ষিত আৰু সৱল হ’লে মুছলমান সমাজখনে বিভিন্ন অপবাদ মূৰ পাতি লৱ নালাগিলেহেঁতেন৷ চৰ- চাপৰিত  বহুতো নাৰী আছে যিয়ে বিদেশী-স্বদেশী, ৰাজনীতি কি বুজিয়ে নাপায়৷ তেওঁলোকে মাথোঁ বুজে কাম৷ তেওঁলোকৰ মাথোঁ কাম কৰিব লাগে জীয়াই থাকিৱৰ বাবে ল’ৰা-ছোৱালী জন্ম দিব লাগে, লালন পালন কৰিৱ লাগে এয়াই জীৱনৰ সংজ্ঞা৷ শিক্ষাতো বাদেই ভোৰন-পোষনো দিৱ নোৱাৰে নিজৰ সন্তানক৷ কাৰণ অশিক্ষিত হোৱা বাৱে বহুতো ল’ৰা-ছোৱালী জন্ম দিয়ে৷সেয়েহে দৰিদ্ৰতাৰ মাজতে গোটেই জীৱন পাৰ কৰিৱ লগা হয়, কোনো উন্নতি কৰিব নোৱাৰে৷ তেনেক্ষেত্ৰত কেনেকৈ সমাজৰ উন্নতি আৰু প্ৰগতি সম্ভৱপৰ হৱ? পূৰ্বৰে পৰা অসমৰ চৰ-অঞ্চলত শিক্ষাৰ প্ৰয়োজনীয়তা মানুহৰ আৰ্থিক স্বছলতা বা অভাৱৰ বাৱেই অনুভৱ নহৈছিল৷ চৰ-অঞ্চলত বা ভিতৰুৱা গাওঁত এতিয়াও ৬৮শতাংশ লোক দৰিদ্ৰতাৰ সীমা ৰেখাৰ তলত বা মাজত আৰু ২০ শতাংশ লোক চৰম দৰিদ্ৰ, এওঁলোকৰ জনমূৰি আয় মাত্ৰ ২০ টকা৷ যাৰ বাৱে দুবেলা দুমুঠি ভাতৰ বাহিৰে আন কথা চিন্তা কৰিবই নোৱাৰে৷

চৰ-অঞ্চলৰ অভিভাৱকৰ মতে ল’ৰা কৃষিকৰ্মৰ বাবে আৰু ছোৱালী ঘৰৰ কাম আৰু সংসাৰ চলোৱাৰ বাৱে৷ তেওঁলোকে ছোৱালী ঘৰৰ চাৰিবেৰৰ মাজতে থাকিটোহে বিচাৰে আৰু ঘৰৰ কাম-কাজ নিপুনকৈ কৰাটোহে ভাল বুলি ভাৱে৷ দুই এজনে স্কুলত  যায় যদিও প্ৰাথমিক স্কুলৰ  ডেওনা পাৰ  নহওতেই বিয়া দি দিয়ে ভবিষ্যতৰ কথা চিন্তা নকৰে৷ বৰ্ত্তমান সময়ৰ লগাত খোজ মিলাই চলিৱলৈ আৰু জ্ঞান বুদ্ধিৰে সংসাৰখন চলাৱলৈ যে শিক্ষাৰ প্ৰয়োজন সেইখিনি অনুভৱ কৰাৰ ক্ষমতা নাই৷ শিক্ষিত নাৰী যেনেকৈ সমাজত বৰদানস্বৰূপ তেনেকৈ অশিক্ষিত হোৱাটো  সমাজৰ অভিসাপ৷ তথাপিতো এজনী ছোৱালী কুমলীয়া অৱস্থাতে বিয়া দিয়ে৷ দুখ আৰু দুৰ্ভাগ্যজনক কথা যে চৰ-অঞ্চলত প্ৰায় ছোৱালী ১২-১৪ বছৰৰ হোৱাৰ লগে লগে বিয়া দিয়া দেখা যায়, আৰু প্ৰাপ্ত বয়স্ক হোৱালৈ অৰ্থাৎ  ২০-২১ বছৰ মানত তিনি-চাৰিটা সন্তানৰ মাতৃ হৈ পৰে৷ সিহতঁৰ কৰুন, ৰুগীয়া মুখলৈ চালে দুখ লাগে৷ কম বয়সতে সংসাৰৰ বোজা, লৰা-ছোৱলী লালন-পালন, ঘৰৰ কাম, কৃষি কাম আদি কৰি ৰুগীয়া হৈ পৰে, উপযুক্ত চিকিৎসাৰ অভাৱত অকালতে বাধ্যক্যতা স্বীকাৰ কৰে আৰু যন্ত্ৰনাৰ মাজেৰেই এসময়ত মৃত্যুক আকোঁৱালী লয়৷ এওঁলোকৰ বাবে বিলাসী জীৱনৰ হাঁহি সুখ কপ্লনাৰ অতীত৷ চৰ-অঞ্চলত বানপানী, গৰাখনীয়া আদিৰ বাৱেও শিক্ষাৰ কথা ভাবিৱ নোৱাৰে, ভাঙা গঢ়াৰ মাজতেই নাৰীসকলৰ দুৰ্বিসহ জীৱনৰ পাৰ কৰিবলগা হয়৷ 

তাৰোপৰি মুছলমান সমাজত নাৰীসকল ন্যায্য অধিকাৰৰ পৰা বঞ্চিত৷ তেওঁলোকক বিয়াৰ পিছত নিজা দাসী বা সম্পত্তি হিচাপে ব্যৱহাৰ কৰে৷ ইয়াৰ একমাত্ৰ কাৰণ হ’ল পুৰুষতন্ত্ৰ সমাজৰ দ্বাৰা ইছলাম ধৰ্মৰ নীতিসমূহ বিকৃত ৰূপ দিয়া, যেনে- মহিলা ঘৰৰ চাৰিবেৰৰ মাজত থাকিব লাগে, অকলে কতো যাব নোৱাৰে, পুৰুষৰ পদধূলিত থাকিব লাগে, সামাজিক বা ৰাজহুৱা বিষয়ত চিন্তা চৰ্চা থাকিব নালাগে৷ প্ৰকৃততে ইছলাম ধৰ্মই নাৰীক পুৰুষৰ সমান মৰ্যদা দিছিল৷ এনেকে হজৰত মহদ(ছাঃ) মৃত্যুৰ কিছুদিন পূৰ্বে আৰাফাতৰ উচ্চ শিখৰত উঠি বিশ্ববাসী উদ্দেশ্যে কিছুকথা কৈছিল, তাৰ ভিতৰত নাৰী বিষয়েও কৈছিল  হে জনগণ স্ত্ৰীৰ উপৰত তোমালোকৰ অধিকাৰ আছে আৰু তোমালোকৰ ওপৰতো স্ত্ৰীসকলৰ অধিকাৰ আছে৷ পত্নীসকলৰ প্ৰতি সদায় সদ ব্যৱহাৰ কৰিবা....৷ ইয়ে নাৰী পুৰুষৰ সম অধিকাৰৰ কথা সূচোৱা নাই জানো? এনেকি বহুত যুদ্ধত নাৰী-পৰুষ উভয়ে যুদ্ধত অংশ লোৱা তথ্য পোৱা যায়৷ মহদ (ছাঃ)মে শিকোৱা অতি গুৰুত্ব দিছিল সেয়েহে কৈছিল তৰুৱালৰ তীক্ষতাতকৈ কলমৰ তীক্ষতা বেছি৷ গতিকে এই বিকৃত নীতিসমূহ দূৰ কৰি নাৰীসকলক শিক্ষাৰ প্ৰতি ধাবিত কৰাৰ অতি প্ৰয়োজনীয়তা আহি পৰিছে৷ 

এজন মানুহৰ মনত অসংযত আৰু বিবেকহীন হলে তেওঁ অধঃপতন লৈ আগবাঢ়ে আৰু অধঃপতনৰ পৰা ৰক্ষা কৰিবলৈ শিক্ষাই মূল ভেটি, শিক্ষাই মানুহক সংযত আৰু বিবেকী হ’বলৈ শিকায়৷ সেয়েহে প্লেটোৱে কৈছিল, ‘‘Education is the capacity to feel pleasure and pain at the right moven. It develops in the body and in the soul of the pupil at the beauty and all the  perfaction which he is capable of.”

চৰ-অঞ্চলৰ যাতায়ত ব্যৱস্থা অতি দুখলগা, ভঙা ছিঙা প্ৰাথমিক,মাধ্যমিক স্কুলৰ  বাহিৰে উচ্চ শিক্ষাৰ ব্যৱস্থা নাই৷ উচ্চ শিক্ষাৰ বাবে ১০-২০ কিলোমিটাৰ অতিক্রমি যাব লাগে, তাতো আকৌ পানীৰ সমস্যা, পানী পাৰ হ’বলৈ সৰু সুৰা নাও সেৱাৰ বাহিৰে একো নাই৷ এইবোৰ ঝামেলা নকৰি অভিভাৱকে প্ৰাথমিক শিক্ষাৰ পিছতে বিয়া দিয়া ভাল ভাৱে৷ পশ্চিমীয়া সংস্কৃতি  বাবেও ছোৱালীক বাহিৰত পঠাবলৈও ভয় কৰে, তেনে ক্ষেত্ৰত পঢ়া খ্যান্ত কৰি বিয়া দিয়ে৷ গতিকে চৰ অঞ্চত উপযুক্ত সুবিধাৰ উপৰিও নাৰী শিক্ষাৰ প্ৰতি সজাগতাৰ প্ৰয়োজন৷ কিন্তু কোনে দিব দৃষ্টি? চৰকাৰৰ দায়িত্ব থাকিলেও অকল ভোটৰ দিনবোৰত হে দেখা দিয়ে, গাদীত বহি পাহৰি যায়৷ তাতকৈ ডাঙৰ বিষয়টো হ’ল চৰ অঞ্চলৰ মানুহ শিক্ষিত হ’লে ‘ বিদেশী বাংলাদেশী’ বিষয়টো লৈ ৰাজনীতি কেনেকৈ কৰিব? সেয়েহে আমি সকলোৱে মিলি কৃষিৰ মেৰুদণ্ডস্বৰূপ চৰ অঞ্চলৰ প্ৰত্যেককে শিক্ষাৰ প্ৰতি সজাগতা, বিষেশকৈ নাৰী শিক্ষাৰ প্ৰতি সজাগতা গঢ়ি তুলাটো দৰকাৰ৷

চন্দ্ৰ কুমাৰ আগৰৱালাদেৱে কৈছিল অসমীয়া জাতীৰ প্ৰতিভা ভাগ্যৰ জাপৰ তলত সোমাই আছে, সুযোগ আৰু সুবিধা পালেই সি এদিন ভমকাই উঠিব৷