ৰাতিৰ বুকুত নিস্তব্ধ চহৰ


দিনৰ পোহৰ হৰণ কৰা
ৰাতিৰ বুকুত নিস্তব্ধ চহৰ,
বাটবোৰ কবৰৰ মাজত
বিধবাৰ বগা সাজ৷

মৃত্যুশয্যা কাষত জ্বলা চাকি
ষ্টিটলাইটবোৰ,
লাইটবোৰৰ বকুত বহু ৰহস্য
অথচ বোবা!

আকাশৰ বুকুত
উজাগৰী নক্ষত্ৰপুঞ্জ
কিছু খহি পৰে
হয়তো যন্ত্ৰনাত।

চহৰৰ মাজে মাজে
জাবৰৰ দমৰ কাষত
চৰ্মসাৰ কুকুৰবোৰৰ উজ্বল দুচকু
আৰু কৰুণ ভূক ভূকনি।

চহৰৰ মাজমজিয়াৰ বজাৰখন কিছু ভিন্ন
আপুনি ,মই কিনিবলৈ ইয়াত একো নাই,
ইয়াত বজাৰ বহে
হিংসা ,সন্ত্ৰাস অমানৱীয়তাৰ,
অভিসন্ধিবোৰ লহপহকৈ বাঢ়ে।

আন্ধাৰত শিয়াললেখিয়া দাতবোৰ জ্বলি উঠে ,
নিলাম হয় ৰক্ত-মাংসৰ দেহ
নিলাম হয় ভোকবোৰ।

ক্ৰমাত বাঢ়ি অাহা
 যমডাকিনীৰ চিঞৰত
থৰ থৰকৈ কপে চহৰ৷

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু