ঐতিহ্যমণ্ডিত যোগীঘোপা আৰু পৰ্যটনৰ সম্ভাৱনীয়তা

যোগীঘোপা এখন ঐতিহাসিক প্ৰসিদ্ধ ঠাই৷ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত যোগীঘোপা৷ বঙাইগাঁও চহৰৰ দক্ষিণ সীমান্ত যোগীঘোপা৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ জলধাৰাই পবিত্ৰ কৰা যোগীঘোপাক যোগীপীঠ, পুণ্যতীৰ্থ বুলিও কোৱা হয়৷ যোগীঘোপাত দুগ্ধনাথ পাহাৰতে অজন্তা আৰু ইলোৰা সদৃশ প্ৰচীন কীৰ্তিচিহ্ন পাচঁটাকৈ গুহা বিৰাজমান৷ অৱশ্য ইয়াত ১৮ টা গুহা আছিল বুলি শুনা যায়৷ যদিও বৰ্তমান ৫টা গুহাৰহে অৱস্থিতি পোৱা যায়৷ ভাৰতৰ শৈল খোদিত পৌৰাণিক কলা বা দস্তুৰৰ অন্যতম উদাহৰণ এই পঞ্চগুহা অসমৰ অদ্বিতীয়৷

৬০৫৫-৯০০০ খ্ৰী.ত অৰ্থাৎ ভাস্কৰ বাৰ্মাৰ ৰাজত্ব কালত এই গুহাবোৰ বৌদ্ধ ভিক্ষুসকলে শিলত খোদিত কৰি সজাইছিল ধ্যান কৰিবলৈ৷ পিছৰ পৰ্যায়তো গুহাবোৰত বহু যোগীয়ে যোগ কৰিছিল৷ উল্লেখিত যে উক্ত গুহাবোৰক স্থানীয় ভাষাত ঘোপা বুলি কয়৷ বাবেই সেই ঠাইৰ নাম যোগীঘোপা হৈছে৷ যোগীঘোপাৰ দুগ্ধনাথ পাহাৰত সেই গুহাবোৰ এতিয়াও আছে আৰু অশোকাষ্টমীৰ সময়ত এতিয়াও ইয়ালৈ সাধু সন্যাসী আহে৷ নান্দনিক দৃশ্যৰে ভৰা এই পাহাৰৰ পৰা লুইতৰ আৰু লুইতৰ বালি চাপৰিৰ দৃশ্যও চাবলৈ অতি মনোমোহা৷ এই দুগ্ধনাথ পাহাৰৰ ওচৰতে আছে গংগাৰ দৰে পবিত্ৰ স্থান ত্ৰিবেণী৷ য’ত তিনিটা নদী ক্ৰমে মানাহ, হটী হটী, ব্ৰক্ষ্মপুত্ৰ নদী কেইখন একলগ হৈছে৷ হিন্দু ধৰ্ম মতে এই ঠাইত দিনৰ এটা নিৰ্দিষ্ট সময়ত স্নান কৰিলে গংগাত স্নান কৰাৰ সমান পূণ্য লাভ কৰে৷ ইয়াত স্নান কৰিবলৈ বহুতো মানুহৰ সমাগম ঘটে৷ ইয়াৰ লগত সংগতি ৰাখি ইয়াত বিভিন্ন উৎসৱো পালিত হয়৷ এই যোগীঘোপাতে বহু পীৰ-আউলীয়াৰ কৱৰ, ঐতিহাসিক মছজিদ আছে৷ তাৰে ভিতৰত ‘পুৰণা মছজিদ’ অন্যতম৷ সমন্বয়ৰ তীৰ্থভূমি যোগীঘোপা সকলো ধৰ্মৰ এনে পবিত্ৰ স্থল বাবে যোগীঘোপাক পূণ্যতীৰ্থ যোগীঘোপা বুলিও কয়৷

এই পাহাৰখনত আছে কিছু ধ্বংসস্তূপো৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সেনা-বাহিনীয়ে ইয়াক ব্যৱহাৰ কৰিছিল অথাৎ বৃটিচৰ সেনা চাউনি আছিল তাৰ কতৃত্ব বহন কৰিছে এতিয়াও সমৃদ্ধ এটা বৃহত গেট আৰু বাংকৰ৷ যোগীঘোপা পাহাৰৰ বহুওৱা হৈছিল ‘ৰাডাৰ যন্ত্ৰ’৷ ব্ৰিটিছৰ দিনতেই যোগীঘোপাক ব্যৱসায় বাণিজ্য কৰিবলৈ জাহাজঘাট স্থাপন কৰিছিল, যাৰ অৱশিষ্ট এতিয়াও আছে৷ মানৰ আক্ৰমণৰ সময়ত ভয়তে আহোম ৰাজ্যৰ পৰা পলাই অহা একাংশ পৰিয়ালে কোঁচ ৰাজ্যত আহি যোগীঘোপা পাহাৰৰ দক্ষিণ পশ্চমে ‘অসম নগৰ’ পতা বুলিও শুনা যায়৷

অসমীয়া সমাজখনক একোতাৰ বন্ধোনেৰে বান্ধিবৰ উদ্দ্যেশে এসময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও পাটবাউসী সত্ৰৰ পৰা ভটিয়াই যোগীঘোপাত আশ্ৰয় লৈছিলহি৷ পিছত হৰিপানী নামৰ সুঁতিৰে উজাই আহি কটাশবাৰীত কোঠ পাৰি বিশ্ৰাম লোৱাৰ কণৰা বিলৰ পশ্চিম পাৰত থকা কদমতলা নামৰ বিতোপন প্ৰকৃতিৰ সৌন্দৰ্যৰে ভৰা মন পৰশা স্থানত কীৰ্তন পাঠ কৰিছিল৷ কদমতলাৰ পৰা পুনৰ মাইজনা সুঁতিৰে তামৰাঙা বিলৰ দক্ষিণ পশ্চিম ফালে থকা কেউলীয়া ঠুৰীত আশ্ৰয় লৈছিল৷ ইয়াতেই তেখেতে কেউলীয়া নামেৰে বসতি স্থাপন কৰিছিল৷ তাতেই বৰ্তমান ঘৰশীয়া সত্ৰ৷ ইয়াৰ পূৱ দিশত সৌন্দৰ্যৰে পয়োভৰ চৌদিশে জলৰাশি থকা পূণ্যভূমি বিষ্ণুপুৰত বৰ্তমানৰ সৰ্বজন বিদিত ঐতিহ্যমণ্ডিত বিষ্ণুপুৰ সত্ৰ স্থাপন কৰে৷ তাৰ পিছত চতুৰ্ভূজ ঠাকুৰৰ ওপৰত এই সত্ৰৰ ভাৰ দি গুৰুজনাই কোচবিহাৰলৈ নাও মেলি দিয়ে৷ 

এই যোগীঘোপাতেই আছে ঈশ্বৰৰ অলৌকিক দৃশ্য৷ যোগীঘোপৰা পূৱ-উত্তৰ দিশে দালানী বিলৰ সমীপত তামৰাঙা বিল আৰু হটীহটী সুতিৰ সংলগ্ন এই অলৌকিক দৃশ্য দৃশ্যমান৷ চিনাবাৰী গাঁৱৰ চিনাবাৰী দলঙত থিয় হৈ সেই দৃশ্য উপভোগ কৰিব পাৰি৷ যেনেকৈ আল্লাহ তালাই কোৰাণ শ্বৰীফত কৈছে, ‘মই (আল্লাহ) পানীক একে ঠাইতে দুভাগ কৰি ৰাখিব পাৰোঁ৷’ সেই কথাই প্ৰতিপন্ন হৈছে ইয়াতেই, তামৰঙা বিল আৰু হটীহটী সুঁতিৰ পানী ইয়াত মিলিত হৈছে যদিও পানীভাগ মিলি যোৱা নাই৷ এভাগ পানী নীলা আৰু এভাগ পানী কলা৷ দুয়োভাগ ঠেকা খাই আকৌ উভতি যায়৷ 

যোগীৰঘোপাতেই আছে ঐতিহাসিক অশোক কাগজ কল৷ ১৯৭০ খ্ৰীষ্টাব্দৰ ২ অক্টোবৰত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল৷ কিছু বছৰৰ ভিতৰতে মূৰ দাঙি থিয় হোৱা অশোক কাগজ কল প্ৰতিদিনে ৩০ টন মণ্ড আৰু ৯০ টন কাগজ তৈয়াৰ কৰিব পৰা ক্ষমতা আছিল, অশোক কাগজ কল ১৯৭৬ চনৰ ১ জুলাইত ব্যৱসায়িকভাৱে আৰম্ভ হৈছিল৷ অসমত থকা উৎকৃষ্ট বাঁহৰ ছেলুল’জ, আৰু নতুন কৰ্মচাৰীৰ আন্তৰিকতাপূৰ্ণ কৰ্মত অতি কম সময়ৰ ভিতৰত ইয়াৰ কাগজে ভাৰতৰ বজাৰ দখল কৰিবলৈ সক্ষম হয়। কিন্তু ১৯৮৩ চনৰ মাৰ্চ মাহত কলটো বন্ধ হৈ পৰিল৷ কাৰণ এয়া চৰকাৰৰ ষৰযন্ত্ৰ আৰু বিষয়ববীয়াসকলৰ অনিহাৰ ফল৷ যেতিয়া অশোক কাগজ কল আৰম্ভ কৰিব তেতিয়া বিহাৰৰ ৰামেশ্বৰত এটা কাগজ কল আছিল৷ যাৰ স্বত্বাধিকাৰ আছিল বিহাৰৰ দ্বাৰভাংগাৰ মহাৰাজ আৰু বৈদ্যনাথ আয়ুৰ্বেদিক কোম্পানী৷ এই কলটো ১৯৬৭ চনত বন্ধ হৈছিল৷ তেতিয়া কেন্দ্ৰীয় চৰকাৰে ষড়যন্ত্ৰ কৰি বিহাৰৰ কাগজ কলটোৰ আওপুৰণি সাঁ-সজুলিবোৰ কিনি যোগীঘোপালৈ স্থানান্তৰ কৰে আৰু সেইবোৰ অশোক কাগজ কলত ব্যৱহাৰ কৰে৷ এই কাৰ্যত বিহাৰৰ মানুহে বাধা দিয়াত কাগজ কলটো দুভাগ কৰি এটা যোগীঘোপা আৰু এটা ৰামেশ্বৰত স্থাপন কৰে৷ যোগীঘোপাৰ পৰা প্ৰযোজনীয় মণ্ড তৈয়াৰ কৰি বিহাৰলৈ পঠাবলগীয়া হোৱাত পৰিবহন খৰচ বৃদ্ধি হোৱাত লোকচান ভৰিব লগা হয় আৰু এটা সময়ত ই বন্ধ হৈ পৰে৷ প্ৰায় ২ হাজাৰ বিঘা মাটিত বিয়পি থকা এই কলটোৱে নিৰ্জীৱ হৈ পৰি আছে একমাত্ৰ চৰকাৰৰ অনিহাৰ ফলত৷ কলটোৰ চাৰিওপালে শাৰী শৰীকৈ থকা শাল গছবোৰে এই ঠাইৰ সৌন্দৰ্যক দুগুণে চৰাইছে। যিকোনো পৰ্যটকৰ মন আকৰ্ষণ কৰিব পাৰে এই ঠাইখনে৷

এই পেপাৰমিলৰ পৰা উত্তৰ পশ্চিম দিশত অৱস্থিত নান্দনিক সৌন্দৰ্যৰে ভৰপূৰ ভৈড়ৱচূৰা পাহাৰ৷ বৃহৎ অ়ঞ্চলজুৰি থকা এই পাহাৰত বহু ঐতিহাসিক মূৰ্তি আছে৷ ইয়াতেই অতীতৰে পৰা চলি আহিছে পূজা৷ ব’হাগ মাহত হোৱা এই পূজাৰ লগত সংগতি ৰাখি মেলাও হয় এই পাহাৰত৷ এই পাহাৰতে বিভিন্ন ঠাইত আছে সৰু সৰু জলপ্ৰপাত৷ তাৰ ভিতৰত এটা হ’ল অশোক পেপাৰ মিলৰ পৰা প্ৰায় ৭ কি.মি দূৰত্বত কমলাবাগান (শংকৰঘোলা) নামৰ ঠাইত এটা ধুনীয়া জলপ্ৰপাত৷ এই জলপ্ৰপাতক কেন্দ্ৰ কৰি ইয়াত পিকনিক স্পটো গঢ়ি উঠিছে৷ ডিচেম্বৰ, জানুৱাৰী মাহত ইয়াত বিভিন্ন ঠাইৰ মানুহৰ আগমণ ঘটে৷

চৰকাৰৰ অনিহাৰ ফলত এই সকলোবোৰ সৌন্দৰ্যৰ ভাণ্ডাৰ সকলোৰে দৃষ্টিৰ আঁৰ হৈ থাকিল৷ পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চৰকাৰে ব্যৱস্থা নকৰিলেও ঈশ্বৰপ্ৰদত্ত প্ৰকৃতিক সৌন্দৰ্যৰাশিৰে ভৰপুৰ এই ঠাইখন৷ সৌন্দৰ্যৰ দিশত যোগীঘোপাই হৈছে অসমৰ দ্বিতীয় কন্যাকুমাৰী৷ ইয়াত একে সময়তে সূৰ্যাস্তৰ হেঙুলীয়া কিৰণ, বেঙুনীয়া আভা আৰু স্নিগ্ধ জোনাকৰ ৰূপোৱালী শোভা বিলাব পৰা বিৰল ক্ষণৰ সাক্ষী যোগীঘোপা৷ এই যোগীঘোপাতে আছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা তৃতীয়খন দলং নৰনাৰায়ণ সেতু৷ বঙাইগাঁও আৰু গোৱালপাৰা জিলাক সংযোগ কৰিছে নৰনাৰায়ণ সেতুৱে৷ পঞ্চৰত্ন আৰু যোগীঘোপা সংযোগী এই দলংখন ১৬ শ শতিকাৰ কোঁচ ৰজা নৰনাৰায়ণৰ নামত নামাঙ্কিত কৰা হৈছে৷ ২.২৮৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সেতু ১৯৯৮ চনৰ ১৫ এপ্ৰিলত উদ্ঘাটন কৰা হৈছিল৷

প্ৰায় প্ৰতিটো পূৰ্ণিমাতে যোগীঘোপাত ব্ৰহ্মপুত্ৰৰ ওপৰত থকা নৰনাৰায়ণ সেতুৱে পান কৰি আহিছে প্ৰকৃতিলৈ চন্দ্ৰ আৰু সূৰুযে বিলাই দিয়া নয়নাভিৰাম সৌন্দৰ্য৷ পূৰ্ণিমাত নৰনাৰায়ণ সেতুৰ দুফালে গধূলিৰ প্ৰাক মুহূৰ্তৰ পৰা সন্ধিয়ালৈ সূৰ্যাস্ত আৰু চন্দ্ৰদোয়ৰ মনোমোহা দৃশ্য প্ৰায় একে সময়তে উপভোগ কৰিব পাৰি৷ এই দৃশ্য বিশেষকৈ লক্ষ্মীপূৰ্ণিমা, ৰাসপূৰ্ণিমা আৰু দৌলপূৰ্ণিমাত অধিক সুন্দৰ হয়৷ অৱশ্যে ইয়াৰ বাবে বতৰ ফৰকাল থাকিব লাগিব৷ বিশেষকৈ পূৱ আৰু পশ্চিম দিশে মেঘ নাথাকিলে ভাল৷ তদুপৰি পূৰ্ণিমা তিথি লগাৰ সময় বিয়লিৰ পৰা গধূলিৰ ভিতৰত হ’লে সোণত সুৱগা চৰে৷ নৰনাৰায়ণ সেতুৰ পৰা পুৱা সূৰ্যোদয়ৰ দৃশ্যও চাব পাৰি৷ অৰ্থাৎ তামিলনাডুৰ কন্যাকুমাৰীৰ সাগৰতীৰত এপ্ৰিল মাহৰ ’চিত্ৰ পূৰ্ণমী’ৰ দৰে অপৰূপ দৃশ্য দেখা যায় যোগীঘোপাতো৷ উল্লেখযোগ্য যে কন্যাকুমাৰীক ভাৰতৰ একক স্থানৰূপে গণ্য কৰা হয়, য’ত পূৰ্ণিমাৰ দিনা একেলগে সূৰ্যাস্ত, চন্দ্ৰদোয় আৰু পিছদিনা পুৱা সূৰ্যোদয়ৰ অনুপম দৃশ্য প্ৰত্যক্ষ কৰিব পাৰি৷ বিশেষকৈ এপ্ৰিল মাহত এই দৃশ্য চাবলৈ পৰ্যটকৰ ভিৰ হয়৷ কন্যাকুমাৰীৰ উক্ত বিশেষ দিনটোক চিত্ৰ পূৰ্ণমী বুলি কোৱা হয়৷ উল্লিখিত পূৰ্ণিমাত সন্ধিয়া নৰনাৰায়ণ সেতুৰ পূৱ পিনে দূৰ আকাশত এখন ডাঙৰ কাঁহীৰ দৰে জোনটোৱে ভূমুকি মৰাৰ প্ৰাকমুহূৰ্তৰ পৰা সেতুখনৰ পশ্চিম ফালে দিগন্তত ব্ৰহ্মপুত্ৰৰ মাজত সূৰ্যটোৱে পৃথিৱীৰ আনটো ফাল পোহৰাবলৈ আমাৰ মাজৰ পৰা কেইটামান ঘণ্টাৰ বাবে বিদায় মাগিবলৈ আৰম্ভ কৰে৷ যিমানেই বেলিটো অস্তগামী হয়, সিমানেই আগুৱাই অহা জোনটো স্পষ্ট হৈ পৰে৷ বেলিটো মাৰ যোৱাৰ পিচত হেঙুলীয়া বৰণেৰে ৰঙচুৱা হৈ পৰে পশ্চিম আকাশ৷ এইখিনি সময়ত সূৰ্যৰ এই আভাই যেন জোনটোকো স্পৰ্শ কৰে৷ লাহে লাহে জোনাকৰ স্নিগ্ধ পোহৰ অধিক স্পষ্ট হৈ পৰে৷ ইয়াৰ বিপৰীতে পশ্চিমত সেন্দূৰীয়াই দিগন্তত ব্ৰহ্মপুত্ৰৰ পানী আৰু আকাশ স্পৰ্শ কৰে৷ এনে দৃশ্য দেখিলে এনেকুৱা লাগে দিগন্তত যেন কোনোবাই সেন্দূৰীয়া দলিচাহে পাৰি দিছে৷

নৰনাৰায়ণ সেতুৰ পূৱ দিশে দুগ্ধনাথ বা যোগীঘোপা পাহাৰ আৰু পঞ্চৰত্ন পাহাৰ তথা পশ্চিমফালে আছে পাগলাৰটেক আৰু চক্ৰশিলা পাহাৰ৷ কেতিয়াবা পূৰ্ণিমাৰ জোন দুগ্ধনাথ বা যোগীঘোপা পাহাৰৰ আঁৰৰ পৰা অহা যেনো লাগে৷ সেইদৰে গোৱালপাৰাৰ দিশৰ পৰা আহি থাকিলে অস্তগামী সূৰ্যটো পাগলাৰটেক পাহাৰৰ পৰা নামি আহি ব্ৰহ্মপুত্ৰত বুৰ যোৱা যেনো লাগে৷ ইমান ধুনীয়া ঠাই অসমত থাকোতে আমি বিদেশলৈ যাওঁ সৌন্দৰ্যৰ সুধা পান কৰিবলৈ৷ পৰ্যাটকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা অপূৰ্ব সৌন্দৰ্য এই যোগীঘোপাক চৰকাৰে গুৰুত্ব দিলে এই ঠায়ো হৈ পৰিব অসমৰ এখন অন্যতম পৰ্যটন স্থল৷

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)