চ’ৰ চাপৰিৰ মিঞা জনগোষ্ঠীৰ খাদ্য সম্ভাৰ


অসমৰ আন আন জনগোষ্ঠীৰ দৰে চ’ৰ চাপৰিৰ অসমীয়া মিঞা জনগোষ্ঠীৰো নিজা খাদ্য সম্ভাৰ আছে৷ কৃষিক্ষেত্ৰত জড়িত মিঞা জনগোষ্ঠীৰ বেচিভাগ মানুহে কৃষিকৰ্মৰ লগত সংগতি ৰাখি খাদ্য সম্ভাৰ প্ৰস্তুত কৰে৷ অথাৎ ঋতু অনুযায়ি শাক পাচলিৰ খেতি ভিন্ন ভিন্ন হয় আৰু তাৰ লগে লগে খাদ্য সম্ভাৰ পৰিবৰ্তন হৈ থাকে৷

চ’ৰ চাপৰিৰ খাদ্যৰ তালিকাত বিভিন্ন ধৰনৰ শাক পাচলি অন্তৰ্ভূক্ত৷ তাৰ ভিতৰত শাক অন্যতম৷ সেইবোৰ হ’ল-  ঢেঁকিয়া শাক,কচু শাক, হেলেঞ্চি শাক, কলমৌ শাক, জাতি লাউৰ শাক, ৰঙা লাওৰ শাক, লফা শাক, মূলা শাক, লাই শাক, সৰিয়হ শাক, বথুৱা শাক, খুতুৰা শাক, চেঙেচি টেঙা, লাইজাবৰি শাক, মধুসালেং শাক, মৰাপাট শাক, ধেমচি শাক,খেচাৰি শাক, আলুৰ শাক , পুৰৈ শাক, পালেং শাক আদি অন্যতম৷

আজি মই চ’ৰ চাপৰিৰ জনপ্ৰিয় শাক ঢেঁকিয়াৰ বিষয়ে আলোচনা কৰিম৷ঢেঁকীয়া এবিধ শাক জাতীয় বনৰীয়া উদ্ভিদ, ইয়াৰ ইংৰাজী নাম -  ফিডেলহেড ফাৰ্নচ্‌ (Fiddlehead ferns)

ব'টানিকেল নাম -  ডিপ্লাজিয়াম এছকুলেন্টিয়াম (Diplazium escullentum)৷

বিজ্ঞানী সকলৰ মতে পৃথিৱীত প্ৰায় দহহাজাৰ ঢেঁকীয়াবৰ্গৰ প্ৰজাতি আছে। ভাৰতবৰ্ষৰ বিভিন্ন জনগোষ্ঠীয়ে ইয়াৰে প্ৰায় ২১ বিধ ঢেঁকীয়া প্ৰজাতিক খাদ্য হিচাপে ব্যৱহাৰ কৰে। ঢেঁকীয়াৰ পাতবোৰ দেখিবলৈ বিহলঙনীৰ দৰেই, কিন্তু ঢেঁকীয়াৰ পাতবোৰ শুং নথকা আৰু মিহি ৷ মাজ ভাগৰ পৰা এডাল দীঘল থোৰ ওলায় আৰু আগটো কেকুৰা ৷ প্ৰজাতিভেদে পাতৰ আকৃতি আৰু প্ৰকৃতিত তাৰতম্য দেখা যায় ৷ ঢেকীয়া এপ্ৰিল মাহৰ পৰা অক্টোৱৰ মাহলৈকে পৰ্য্যাপ্ত পৰিমাণে পোৱা যায় ৷ চ’ত মাহৰ প্ৰথম বৰষুণ কেইজাক পোৱাৰ পিছৰে পৰা ঢেঁকীয়াৰ কোমল কুঁহি পাত ওলাবলৈ আৰম্ভ কৰে আৰু গোটেই বাৰিষা কাল  ইয়াৰ গছত একেৰাহে ঠোৰ ওলাই থাকে। এজোপা গছৰ পৰা প্ৰতি তিনি-চাৰি দিনৰ মূৰে মূৰে নতুন কোমল ঠুৰি ছিঙিব পৰা হয়।

ঢেঁকীয়াজাতীয় উদ্ভিদ প্ৰজাতিসমূহ হ'ল নিম্নবৰ্গৰ অপুস্পৰ্ক উদ্ভিদ ৷ ঢেঁকীয়া গছত সাধাৰণতে ফুল নুফুলে ৷

এইবিধ শাক নদীৰ পাৰত, পথৰ দাঁতিত আৰু বাৰীৰ আশে পাশে ওখ জিপাল মাটিত লহপহকৈ নিজে নিজে গজি উঠা দেখা যায় ৷

গতিকে ঢেকীয়া শাক সদায় সকলো ধৰণৰ ৰাসায়নিক সাৰৰ প্ৰভাৱৰ পৰা  মুক্ত৷ গতিকে এই শাক খোৱা সকলোৰে বাবে উপযোগী৷

চ’ৰ চাপৰিৰ মানুহে দামি দামি পাচলি, মাছ, মাংস, ফল মূলৰ পৰা দূৰত থাকিলেও এই শাক পাচলিয়েই হৈছে চ’ৰ চাপৰিৰ মানুহৰ স্বাস্থ্য মূল মন্ত্ৰ৷ 

আমাৰ শৰীৰৰ স্বাস্থ্য ৰক্ষা কৰিবলৈ খাদ্যৰ প্ৰযোজন৷ খাদ্যৰ জৰিয়তেই আমাৰ শৰীৰত প্ৰয়োজনীয় উপাদানবোৰ পোৱা যায়৷এই উপাদানবোৰ হ’ল- ১) প্ৰটিন (আমিষ)২)(শৰ্কৰা কাৰ্বোহাইড্ৰেট,৩)ফ্যাট বা চৰ্বি ,৪) নিমখ জাতীয়,৫) ভিটামিন(খাদ্যপ্ৰাণ) ;৬) পানী৷

ইয়াৰ সকলো উপাদান সমানে প্ৰয়োজনীয়৷

ইয়াৰ ওপৰিও ক্যালসিয়াম, আইৰণ, সডিয়াম,পটাচিয়াম আদিৰ প্ৰয়োজন৷

ঢেঁকিয়া শাকত পটাচিয়াম, ভিটামিন এ,ভিটামিন চি, আইৰন থকাৰ উপৰিও প্ৰচুৰ পৰিমানে প্ৰটিন থাকে৷

এক তথ্য অনুসৰি আামাৰ চিনাকি ঢেঁকীয়াত ৩৩.৩৭ শতাংশ প্ৰটিন থাকে৷

তুলনামূলকভাবে মুৰ্গীৰ মাংসত প্ৰটিন থাকে ২৫.৯ শতাংশ, মাছত থাকে-১৫-২০ শতাংশ৷ গতিকে বিনামুল্যে বা সুলভ মূল্যত এই শাক খোৱাই ভাল৷

কিন্তু বেচিভাগ চ’ৰ চাপৰিৰ পাক ঘৰত ৰন্ধন প্ৰণালীৰ তাৰতম্যৰ ফলত শাকত থকা প্ৰটিন , ভিটামিনৰ মাত্ৰা কমি যায়৷ প্ৰায়ে দেখা যায় শাক ৰান্ধোতে বয়েল বা ভাপ দি পানীখিনি পেলাই দিয়াৰ অভ্যাস, যাৰ ফলত ইয়াৰ গুণগত মাত্ৰা কমি যায়৷ তাৰ ফলত প্ৰচুৰ পৰিমানে শাক খালেও শৰীৰে প্ৰয়োজনীয় উপাদান নাপায়৷

ঢেঁকিয়াৰ বিষয়ে বহুতৰে ভিন্ন ধাৰণাও আছে৷

কিছুমান লোকৰ মতে ঢেঁকীয়া শাক খালে পুৰণি ৰোগ উক দিয়ে, হজম নহয়, হৃদৰোগ আৰু ব্লাডপ্ৰেচাৰ বাঢ়ে আদি ৷

প্ৰকৃততে এইবোৰ ধাৰণা ভুল৷ এই শাক খালে তেনে কোনো সমস্যা নহয়৷ ঢেঁকিয়া শাক স্বাস্থ্যৰ বাবে উপকাৰী৷

উদাহৰণ-

১) ঢেকিয়া শাকত প্ৰচুৰ পৰিমানে প্ৰটিন থকা বাবে শৰীৰ গঠন কৰে আৰু শৰীৰৰ কটা চিঙা ভাল হোৱাত সহায় কৰে৷
২) ভিটামিন এ থকা বাবে ই আমাৰ চকুৰ জ্যোতি বঢ়োৱাৰ লগতে চামৰাৰ উজ্বলতা ঠিক ৰাখে৷

৩) ভিটামিন চি য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ লগতে দাতৰ কেভেটি দূৰ কৰাত সহায় কৰে৷

৪) ঢেঁকিয়া শাকত পটাছিয়াম থকাৰ বাবে উচ্চ আৰু নিম্ন ৰক্তচাপ কমায়৷

৫)  ঢেঁকিয়া শাকে শ্বাসতন্ত্ৰ সতেজ ৰাখে আৰু কাহ ভাল হোৱাত সহায় কৰে৷

৬) ঢেঁকিয়া শাকে লিভাৰ ইনফেক্সন হোৱাৰ পৰা ৰক্ষা কৰে , লগতে এই শাক ডায়েবেটিচ ৰোগীৰ বাবে উপকাৰী৷

প্ৰকৃতিক ভাবে গজা ইমান গুণযুক্ত ঢেঁকীয়া শাকে বৰ্তমান  বজাৰত কিছু ঠাই দখল কৰিবলৈ সক্ষম হৈছে৷

পৰিশ্ৰম কম, ৰাসায়নিক সাৰ বিনে   ব্যৱসায়িকভাবে ইয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰিলে কৃষকসকলে লাভাম্বিত হ’ব পাৰিব৷

                                           আগলৈ............................................

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)