। । প্ৰশান্তি । ।
প্ৰশান্তি হেৰুৱা
পথাৰখন উৰ্বৰ কৰা
উৰ্বৰ পথাৰত সোণগুটি সিঁচা
ই তোমাৰ পথাৰত
আঘোণৰ সপোন ৰচিব।
সাৰুৱা পথাৰত ধুলি কনা,
বিষাক্ত কীটে সুচনা কৰে ধ্বংসৰ
যি তোমাৰ অনাকাংখিত।
গৰ্বিত সৈনিকৰ দৰে
অথবা মালিয়ে বাগিচাক
পোহৰা দি ৰখাৰ দৰে
তোমাৰ পথাৰৰ প্ৰহৰী হোৱা৷
.জাক জমক পথাৰখনত
পুৱাৰ এমুঠি সজীৱতা লৈ
প্ৰাত: ভ্ৰমনত যোৱা
খোজে খোজে পাবা
মনি মুকুতাৰ
শ্ৰেষ্ঠ ৰত্ন উপহাৰ ।৷