সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল
বিকশিত ৰাষ্ট্ৰ বা সুস্থ জাতি গঢ়ি তুলিবলৈ প্ৰয়োজন সুস্থ, শিক্ষিত নাগৰিক৷ সুস্থ আৰু শিক্ষিত নাগৰিকৰ কথা কলে আমাৰ মনলৈ আহে মাতৃৰ কথা, কাৰণ মাতৃয়েহে পাৰে শিশুক সুস্থ, শিক্ষিত আৰু বিকাশগামী নাগৰিক গঢ়ি তুলিবলৈ৷ গতিকে প্ৰতিগৰাকী মাতৃ শিক্ষিত হলেহে আমি বিকশিত ৰাষ্ট্ৰৰ আশা কৰিব পাৰোঁ৷ প্ৰখ্যাত দাৰ্শনিক নেপোলিয়নে কৈছিল ‘ এটা সুস্থ জাতি পাবলৈ প্ৰয়োজন এজন শিক্ষিত মাতৃ৷ এ. পি.জে. আব্দুল কালামে কৈছিল-‘ নাৰী শক্তিশালী হ’লে সুস্থ সমাজ এখন নিশ্চিত হয়৷’ কিন্তু আমাৰ ভাৰৰতত এতিয়াও প্ৰায়ভাগ নাৰীসকল শিক্ষাৰ পৰা বঞ্চিত, ইয়াৰ প্ৰধান কাৰণ হ’ল বাল্যবিবাহ৷ অনাগত প্ৰজন্ম সুস্থভাৱে বাঢ়ি অহা আৰু সুনাগৰিক হিচাপে গঢ়ি উঠাত বাল্যবিবাহ এক প্ৰাচীৰ হৈ আছে৷ বিবাহ বুলিলে সাধাৰণতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন সমাজত এগৰাকী নাবালিকাক সাধাৰণতে ১৮ বছৰৰ তলৰ এজন প্ৰাপ্তবয়ষ্ক বা অ প্ৰাপ্তবয়ষ্ক পুৰুষলৈ বিয়া দিয়া হয়৷ বৰ্তমান ভাৰতৰ ভিতৰত আমাৰ অসমত বাল্যবিবাহৰ প্ৰচলন বেচি৷ অসমৰ ভিতৰত চাহ বাগান আৰু চ’ৰ চাপৰিত বাল্য বিবাহ বেচিকৈ হোৱা দেখা যায়৷ অসমত ২২৫১ খন চৰ আছে৷ তাতে প্ৰায় ৫০ লাখ মানুহৰ বসতি৷ এই মানুহখিনি দৰিদ্ৰতা আ...
Comments
Post a Comment