প্ৰেম পত্ৰ ৫



১৭
লিহিৰি কোমল আঙুলিবোৰ
ভায়লিনৰ এটি এটি তাৰ
তাৰবোৰ টৌ তুলে চুলিৰ ভাজত
স্তব্ধ হৈ ৰয় সময়
মৃদু ৰাগ এটিয়ে হৃদয় জুৰায়৷
১৮
হৃদয়ৰো আছে এটি মন
সেউজ ঘৰ এটি বিচাৰে নিতান্তৰ
নিজে জ্বলিও আনক পোহৰ দিয়া
কাঁইটৰ আচোৰত তেজ নিগৰাই
হাঁহিত ৰং বুলোৱা হৃদয়ৰো বদ অভ্যাস৷
১৯
কমলা ৰঙী আবেলিৰ বেলিটি
নেমুজোপাৰ ডালত বহিছে
তাতেও তোমাৰ আবেশ
আৱৰন খুলি বুকুত সামৰিলোঁ
সন্ধ্যাৰাগিৰ্ নেমুফুলৰ সুবাস৷
২০
সময় চৰাইৰ ডেউকাত বহিল
হাতত হাত থৈ
চকুত চকু থৈ
জামুনৰঙী আমাৰ প্ৰেমালাপ
এতিয়াও আধৰুৱা হৈ ৰ’ল.....

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)